অন্যযুগ/


একেখন নাৱৰে যাত্ৰী

অংগনা চৌধুৰী

তেতিয়া মই দিল্লীৰ পাহাৰগঞ্জ এলেকাত। হ’টেলৰ বেলকনিৰ পৰা যদি তললৈ চাওঁ এখন ৰঙীন জলছবিৰ দৰে লাগে পাহাৰগঞ্জখন নিতৌ ইয়াত কত কাহিনীৰ উন্মেষ ঘটে, মাৰ যায় কত সপোন, উত্থাপন হয়— কত সৰুৰ পৰা ডাঙৰলৈকে নানা ব্যৱসায়ৰ পতনো ঘটে তেনেদৰে বিশ্বাসৰ অথবা চৰিত্ৰৰ! ধোঁৱাবৰণীয়া আকাশৰ তলত হৈ-হুলস্থূল, হাঁহি-খিকিন্দালি, বজাৰৰ দৰ-দাম, বেচা-কিনাত মচগুল এই পাহাৰগঞ্জ।

মই কোঠাত সিঁচৰতি হৈ থকা বস্তুবোৰ সামৰাত ব্যস্ত আছিলোঁ। স্বামী ব্যস্ত আছিল ম’বাইলত কথা পতাত আৰু পুত্ৰই টিভিত  কাৰ্টুন চোৱাত। অলপ পাছতে জয়পুৰলৈ আমি ৰাওনা হোৱাৰ কথা। সহায়কাৰী ল’ৰাজনে আমাৰ বাবে টেক্সি মাতিব লাগিব নেকি সুধিবলৈ সোমাই আহিল। ল’ৰাজনৰ নাম আনন্দ। অসমৰে ল’ৰা। তেজপুৰৰ দাঁতি-কাষৰীয়া অঞ্চলত ঘৰ। এই দুদিন আমি অসমৰ বুলি জানি বিশেষভাৱে খা-খবৰ লৈ আছে। এতিয়া যামগৈ বুলি জানি নমস্কাৰ এটা দি দুৱাৰচুকত চুচুক-চামাককৈ ৰৈ থাকিল। টিপ্‌ছ লাগে বুলি ভাবি স্বামীয়ে নিজৰ পকেটত হাত ভৰাব খোজোঁতেই সি ছটফটাই উঠিল— ‘‘নাই নাই ছাৰ, মোক একো নালাগে। আপোনালোকৰ মাতকেইষাৰ শুনিলে ঘৰত থকা যেন লাগে বাবেহে এইকেইদিন এইটো ফ্ল’ৰৰ ডিউটি একেৰাহে কৰিছোঁ।’’
এইবাৰ সি এখোজ-দুখোজকৈ মোৰ স্বামীৰ ওচৰ চাপি আহিল আৰু তলমূৰকৈ ক’লে— ‘‘ছাৰ, আপুনি কিবা ক’ম্পেনিত চাকৰি কৰে বুলি সিদিনা মেডামে কৈছিল। এই কাগজডোখৰ ৰাখকচোন, ইয়াতে মোৰ ফ’ন নাম্বাৰ লিখা আছে। আপোনাৰ ক’ম্পেনিত কিবা সৰু-সুৰা চাকৰি ওলালে মোকো সুমুৱাই দিব। মোৰ ল’ৰাটোও আপোনালোকৰ বাবুৰ সমান। মানুহজনীয়ে কৈ থাকে, হয় আমাক তোৰ লগত লৈ যা, নহয় তই ঘৰলৈ ঘূৰি আহ। কি কৰোঁ কওকচোন। তাতে সংসাৰ চলাব পৰাৰ জোখাৰে ভাল দৰমহাও নাপাওঁ। ইয়াতে অসমতকৈ দৰমহা বেছি পাওঁ, ল’ৰাটোক ভাল স্কুলত পঢ়ুৱাবলৈ টকা পঠিয়াব পাৰোঁ। কিন্তু সিহঁতক যে লগ নাপাওঁ! এবছৰ হ’ল, ঘৰলৈ  যাবই পৰা নাই। ইয়াতে হ’টেলত কাম কৰা কেইবাটাও ল’ৰাই এটা কোঠাতে থেলা-হেঁচাকৈ থাকোঁ। ভাড়া দিব নালাগে, হ’টেলৰ মালিকে দিয়ে। কিন্তু পৰিয়াল আনিলে ৰাখিম ক’ত? আকৌ ভাড়া ঘৰ ল’ব লাগিব, পইচা-পাতি একো বচাব নোৱাৰিম। কথা গৈ থৈ একে হ’বগৈ। অসমলৈ গৈ মোৰ কথা মনত ৰাখিব ছাৰ, আপুনি ক’ৰবাত সুমুৱাই দিলে মই বহুত সকাহ পাম।’’
মোৰ স্বামী অলপ সময় তভক মাৰি ৰ’ল। তাৰ পাছত থিয় হৈ তাৰ কান্ধত হাত থৈ ক’লে— ‘‘ভাই, আমি আচলতে একেখন নাৱৰে যাত্ৰী। মোৰো তোমাৰ দৰেই বেচৰকাৰী চাকৰি, তাকো অস্থায়ী।’’ এটা ক’ম্পেনিৰ প্ৰজেক্ট শেষ হ’লে আকৌ আন ক’ম্পেনিৰ নতুন প্ৰজেক্ট বিচাৰি দৌৰ মাৰিব লাগে। ইয়ালৈ অহাৰ আগতেও ইণ্টাৰভিউ এটা দি থৈ আহিছোঁ। ল’ৰা আৰু মানুহজনীক এসপ্তাহ-দুসপ্তাহৰ মূৰত বা দূৰৰ ঠাইত প্ৰজেক্ট চলিলে এমাহৰ মূৰত লগ পাওঁ। তোমাৰ কথা বাৰু মই মনত ৰাখিম। অসমৰ ফালে কিবা তুমি কৰিব পৰা ধৰণৰ কাম ওলালে নিশ্চয় জনাম।’’
আগদিনাখন সৰোজিনী মাৰ্কেটত কিবাকিবি কিনিছিলোঁ। মোৰ ল’ৰাটোৱে তাৰ ভাগৰ ড’ৰেমন বেগ এটা আনন্দৰ হাতত দি ক’লে— ‘‘এইটো ঘৰলৈ গ’লে তোমালোকৰ বাবুটোক দিবা। মোৰ সমান বুলি কৈছিলা ন?’’
আনন্দই আনন্দ মনেৰে হাত পাতি ল’লে আৰু কোঠাৰ পৰা ওলাই গ’ল। সংসাৰ এখন চলাই থকাৰ আঁৰত কতৰ যে কত কষ্ট লুকাই থাকে! মই হুমুনিয়াহ এটি কাঢ়ি কেতিয়াও নেদেখা আনন্দৰ ঘৈণীয়েকৰ বিৰহত চালনী হোৱা বুকুৰ ভাষা এবাৰ পঢ়ি চাইছিলোঁ। কাৰণ তাইৰ আৰু মোৰ মাজতো ক’ৰবাত নহয় ক’ৰবাত মিলি যোৱা আঁত এডাল আছে।

মিলিজুলি

যোৱা বছৰৰ কথা, মই তেতিয়া ছুইজাৰলেণ্ডৰ পৰা পেৰিছলৈ বাছত গৈ আছোঁ। শৰৎ কালৰ আগভাগ, চৌদিশ ৰমক-জমক। বতাহত হালি-জালি থকা ফুলবোৰেই চাম নে বৰণ  সলোৱা গছৰ পাতবোৰেই চাম! কেলেণ্ডাৰত যে ধুনীয়া ধুনীয়া দৃশ্যৰ ফট’বোৰ থাকে, একেবাৰে যেন সেইবোৰৰ মাজেদিহে গৈ আছোঁ। এটা সময়ত দুপৰীয়াৰ আহাৰ খাবলৈ ৰেষ্ট্যুৰেণ্ট এখনত আমাৰ বাছখন ৰ’ল। ৰেষ্ট্যুৰেণ্টৰ বাহিৰতো গছৰ তলত বৰ ধুনীয়কৈ চকী-মেজ পৰা আছিল। বৃহৎ আকাৰত হটডগ আৰু ক’ফি একাপ লৈ  মই খাবলৈ বহি পৰিলোঁ। ওচৰতে আৰু এটি পৰিয়াল। স্বামী-স্ত্ৰী এহাল আৰু তেওঁলোকৰ তেনেই অকণমানি কেঁচুৱা এটি। সোধোঁতে গম পালোঁ যে কেঁচুৱাটিৰ বয়স মাত্ৰ এমাহহে হৈছে। সোণোৱালী দীঘল চুলিৰ কেঁচুৱাৰ মাকক আৰামেৰে লাঞ্চ কৰিবলৈ দি কেঁচুৱাৰ দেউতাকজনে অকণমানিটোক নিচুকাই নিচুকাই ইফালে-সিফালে লৈ ফুৰালে। মাজতে বেবি বেগৰ পৰা ৰুমাল উলিয়াই লেলাউটিবোৰ মচিও দিলে। তেওঁৰ মুখত কোনো বিৰক্তিৰ চিন নাই। সময়খিনি তেওঁ যেন সুন্দৰকৈ উপভোগ কৰিছে। অলপ পাছত মই যেতিয়া ৱাশ্ব্‌ৰুমলৈ যাওঁ, তেতিয়া তেওঁ পাছে পাছে আহিল। দেখিলোঁ যে ৱাশ্ব্‌ৰুমৰ বাহিৰত কেঁচুৱাৰ ডায়পাৰ সলোৱা ওখ সৰু বিছনাৰ দৰে ব্যৱস্থা এটি আছে। তাতে এমহীয়া কেঁচুৱাটিক শুৱাই তেওঁ পাকৈত হাতেৰে পায়খানা কৰা ডায়পাৰটো সলাবলৈ ধৰিলে। এবাৰো মাকগৰাকী খোৱা এৰি দৌৰি আহিবলগীয়া হোৱা নাই।
আচলতে তেনেকৈ মিলিজুলিয়েইতো সংসাৰখন আগবঢ়াই নিয়া উচিত। তেওঁলোকক দেখি চাঁত্‌ কৰে মোৰ বহু দিনৰ আগৰ ঘটনা এটি মনত পৰি গ’ল। এবাৰ চিনাকি বাইদেউ এগৰাকীৰ তালৈ ফুৰিবলৈ গৈছিলোঁ। বাইদেউ-ভিনদেউ দুয়ো চাকৰি-বাকৰি কৰে, ঘৰৰ অৱস্থা-পাতিও গজ্‌গজীয়া৷ তেওঁলোকৰ ডাঙৰজনী ছোৱালী, সৰুটো ল’ৰা। মোৰ সৈতে কথা পাতি থাকোঁতে ল’ৰাটোৱে বাইদেউক ভীষণ দিগদাৰি কৰি আছিলহি। যিহেতু ছোৱালীজনীকো ভিতৰত টিউশ্বনৰ শিক্ষকে পঢ়ুৱাই আছিল, গতিকে বাইদেৱে  সিটো কোঠাত টিভি চাই থকা ভিনদেউকে অনুৰোধ কৰিবলগীয়া হ’ল— ‘‘হেৰা, ইয়াক অলপ চম্ভালি দিবা নেকি? এই ইমান বছৰৰ মূৰত আহিছে, ভালকৈ কথা এষাৰকে পাতিব পৰা নাই।’’
সিফালৰ পৰা লগে লগে ভিনদেউৰ ভেকাহি এটা উফৰি আহিল— ‘‘এইবোৰ মাইকী মানুহৰ কাম মোক কৰিবলৈ কৈ নাথাকিবা দেই।’’
মই থত্‌মত্‌ খালোঁ। বাইদেউগৰাকীয়েও সেমেনা-সেমেনি কৰিলে। বিদেশত যিমান দিন থাকিলোঁ, ঘূৰিলোঁ স্বামী-স্ত্ৰীসকলক সকলো কাম মিলিজুলিয়েই কৰা দেখিলোঁ। বিশেষকৈ সৰু ল’ৰা-ছোৱালী লগত লৈ ফুৰিবলৈ অহা দম্পতীবোৰক। আমাৰ ইয়াতো কৰে, কিন্তু সংখ্যা তাকৰ। মনত পৰিল, এবাৰ মোৰ কিবা এক গা অসুখত স্বামীয়ে গে’ট টুগেডাৰ এটাত যাব নোৱাৰিলে। ল’ৰাটো তেতিয়া সৰু আছিল৷ সেয়ে তেওঁ তাক চম্ভালি মোক জিৰণি ল’বলৈ ক’লে। ৰাতি তেওঁৰ বহিঃৰাজ্যৰ পৰা অহা সহকৰ্মী এজনে ফ’ন কৰি  সুধিলে যে তেওঁ কিয় নাহিল। স্বামীয়ে কাৰণটো কোৱাত মানুহজনে ইতিকিঙৰ সুৰত ক’লে— ‘‘বাচ্চা চম্ভলনাতো লেডিজ লোগো কা ডিপাৰ্টমেণ্ট হেঁ। আপকো ইচ্ছে ক্যা লেনা-দেনা?’’
এয়াই হৈছে আমাৰ দেশৰ বেছিভাগ লোকৰে মানসিকতা। মই বাছত উঠিবলৈ লৈ দেখিছিলোঁ, কেঁচুৱাটোক কোলাত লৈ এইবাৰ মাকগৰাকীয়ে তহল দি ফুৰিছে আৰু দেউতাকজনে গান শুনি শুনি আৰামত লাঞ্চ কৰিছে। অচিনাকি দম্পতিটোৰ সংসাৰখন সুখৰ হোৱাৰ কামনা কৰি মই আৱেগজড়িত মন এটা লৈ পেৰিছ অভিমুখে ৰাওনা হৈছিলোঁ৷ 

শিকিব নোখোজা মানুহবোৰ

তেতিয়া মই জাৰ্মানিৰ ফ্লেক্‌ফৰেষ্টৰ আহল-বহল বাটত খোজ কাঢ়ি আছোঁ। বাটবোৰ ইমানেই চিকুণ যে ফু মাৰি ভাত খাব পাৰি। অলপ দূৰে দূৰে একো একোখন ফুলনি আৰু লগতে একো একোখন বেঞ্চ। তাতে বহি ঘণ্টাৰ পাছত ঘণ্টা প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি থাকিব পাৰি। দোকান, ৰেষ্ট্যুৰেণ্ট আদিৰ সমুখভাগত পুৰণি চাইকেল, টায়াৰ, বাস্কেট, গাম্‌লা আদিক ৰং কৰি তাতে ফুল-জালিৰ টাব সজাই আটকধুনীয়া এক পৰিৱেশৰ সৃষ্টি কৰা হৈছে। মই বেঞ্চ এখনতে বহি জিৰণি ল’লোঁ। নাতিদূৰত এক ভাৰতীয়  দম্পতীয়ে তহল দিছিল। দেখাত বেচ ভব্য-গব্য, লগত তেওঁলোকৰ সুদৰ্শন ডেকা পুত্ৰ। মই দুপৰীয়া আহাৰ খোৱা ৰেষ্ট্যুৰেণ্টখনত তেওঁলোককো খাই থকা দেখিছিলোঁ। তেনেতে দেখিলোঁ বাপেক-পুতেক দুয়ো কোটৰ পকেটৰ পৰা কিবা পেকেট উলিয়াই খুব খাবলৈ ধৰিছে। মাককো দিছে। কিবা মুখ শুদ্ধি জাতীয় বস্তু চাগে। কিন্তু তাৰ পাছত ভদ্ৰলোক দুজনে এটা নকৰিবলগীয়া কাণ্ড কৰিলে। ইফালে-সিফালে চাই পেকেট দুটা মনে মনে ফুলি থকা ফুল গছজোপাৰ গুৰিলৈ দলিয়াই দিলে  আৰু তাৰ পৰা লগে লগে আঁতৰ হ’ল। দৃশ্যটো দেখি মোৰ মনটো বিতৃষ্ণাত ভৰি পৰিল। বিদেশলৈ ফুৰিবলৈ আহি তেন্তে তেওঁলোকে এই সামান্য ভদ্ৰতাকণো নিশিকিলে। অথচ দুখোজ আঁতৰতে থোৱা আছো প্ৰকাণ্ড ডাষ্ট্বিন এটা।
কেইদিনমানৰ পাছত পেৰিছৰ এখন ডিপাৰ্টমেণ্টেল ষ্ট’ৰত কিবাকিবি বস্তু কিনিবলৈ সোমাইছিলোঁ। দোকানখনৰ বাহিৰৰ বাৰণ্ডাতো বহি খোৱাৰ সুব্যৱস্থা আছে। ছেল্‌ফ ছার্ভিচ বুলি তাতে ফলক এখনো আঁৰি থোৱা আছে। বস্তু কিনি হোৱাত মোৰ কিবা এটা খাবলৈ মন গ’ল। সেয়ে বইল কৰা মূৰ্গীৰ ঠেং আৰু বান এটা লৈ গৈ মাইক্ৰ’ৱেভৰ ওচৰত থিয় দি থকা ল’ৰাজনৰ হাতত দিলোঁ আৰু তৎক্ষণাৎ তেওঁ গৰম কৰি দিলে। বাহিৰৰ মেজত মোৰ দৰেই ফুৰিবলৈ অহা ভাৰতীয় ডেকা  এজনে একে খাদ্যই খাই আছিল। খোৱা-বোৱা হোৱাত কাষতে ডাষ্ট্‌বিন নেদেখি মই কাগজৰ থাল-বাটিযোৰ ক’ত পেলাম সেই ডেকাজনকে সুধিলোঁ। মোক আচৰিত কৰি তেওঁ তৎক্ষণাৎ ক’লে— ‘‘ছোৰ কে যায়ীয়ে টেবুল কে উপৰ। দুকান কা লোগ চাফ কৰেগা। থোৰী না খুদ কা দুকান? ৱ’ লোগ গণ্ডা কৰকে ৰখেগা।’’
অৰ্থাৎ টেবুলতে এৰি থৈ যাওক। দোকানৰ মানুহে চাফা কৰিব। এওঁলোকেনো আৰু নিজৰ দোকানখন লেতেৰাকৈ ৰাখিবনে।
কথা শুনি মনটো তিতা লাগি গ’ল। তেনেতে যেনিবা বাৰাণ্ডাখনৰ সিটো পাৰে ডাষ্ট্‌বিনটো চকুত পৰাত মই তাত পেলাবলৈ গ’লোঁ। আহি দে‍খোঁ— ডেকাজনে সঁচাকৈয়ে নিজৰ থাল-বাটিযোৰ তেনেকৈয়ে পেলাই থৈ গুচি গৈছে। আগ-পিছ নুগুণি ময়ে টিছ্যু পেপাৰ এখনেৰে বস্তুকেইটা দাঙি নি ডাষ্ট্‌বিনটোত পেলাই থৈ আহিলোঁগৈ। অন্ততঃ বিদেশী দোকান-মালিকজনৰ দৃষ্টিত ভাৰতীয় লোকসকল হেয় নহওক।
ন ন কথা শিকিবৰ বাবেহে আমি ভ্ৰমণ কৰোঁ। সংকীৰ্ণতাৰ পৰা মানুহে নিজকে নিজে মুকলি কৰিব নোৱাৰিলে অইনে টানি উলিয়াব নোৱাৰে। অথচ এইবোৰ কথা মানুহে বুজিবনে কেতিয়াবা? কেতিয়া বুজিব?

ভগৱানৰ ঘৰ

বাৰাণসীৰ অলিয়ে গলিয়ে বিনা উদ্দেশ্যে ঘূৰি ফুৰাৰ এক বেলেগ মাদকতা আছে। ভোক আৰু পিয়াহ লাগিলে ক’ৰবাত দহী-কচুৰি, ক’ৰবাত জেলেপী, ক’ৰবাত নেমুপানী খাই বেঞ্চত বহি জিৰণি লোৱা আৰু পুনৰ ওলোৱা অৰঙে-দৰঙে।
ঘাটলৈ যোৱা প্ৰতিটো গলিয়েই ইতিমধ্যে মোৰ চিনাকি হৈ উঠিছিল। সেয়ে ৰিক্সা নলৈ খোজ কাঢ়ি কাঢ়ি যাওঁ। গধূলিৰ গংগা আৰতিৰ সময়ত ঘাটলৈ যাবলৈ মন ব্যাকুল হৈ পৰে। নাৱত বহি আৰতি চাই থাকোঁতে এক অলীক জগতত যেন বিচৰণ কৰি ফুৰোঁ মই। ভক্তিত গদ্গদ্ হৈ চকুৰে চকুলো বয়। সেইদিনা ঘাটত বাৰাণসীলৈ আহি প্ৰথম দিনাই লগ পোৱা শকত-আৱত চেহেৰাৰ পাণ্ডাজনক পুনৰ লগ পালোঁ। তেওঁৰ হয়তো মোৰ ওপৰত তেতিয়াও খং উঠিয়েই আছিল। সেয়ে বক্ৰদৃষ্টি দি মোক নিম্নস্বৰত ক’লে— ‘মেডামজী, উচ দিন আপনে ঠিক নেহী কিয়া, আপকো কভী ভী সুখ-শান্তি নেহী মিলেগী। পুণ্য নেহী হোগী।’’
আচলতে প্ৰথম দিনা মই মণিকৰ্ণিকা ঘাটত পূজা কৰি থাকোঁতে তেওঁ মোক দান-দক্ষিণা দিয়াৰ পৰত গাই গৰু এজনীৰ দাম খুজিছিল। মই দিব নোৱাৰোঁ বোলাত তেওঁ কৈছিল যে হাতত নাথাকিলেও বেংকততো আছে। তেওঁৰ নামত ঘৰলৈ উভতি গৈ বেংকৰ যোগেদি বাকীখিনি পঠিয়ালেও হ’ব, কিন্তু এতিয়া এড্‌ভাঞ্চটো দি থৈ যাব লাগিব। মোৰ খং উঠিল। ক’লোঁ ভগৱানৰ নামত এইবোৰ কি বেহা চলাইছে? তেৱোঁ দপ্‌দপাই উঠিল। ক’লে বোলে ভগৱানৰ ঘৰত বহি পাণ্ডাক ধমকি দিয়াতো ভাল কথা হোৱা নাই। পাপত ডুব যাব লাগিব।
মই মা গংগাক সেৱা এটি কৰি তেওঁক উপযুক্ত মাননিটো দি নমস্কাৰ কৰি ক’লোঁ যে মই ইমানহে দিব পাৰিম, গাইগৰুৰ দাম দিব নোৱাৰোঁ। আৰু বাকী থাকিল ভগৱানৰ ঘৰৰ কথা। মোৰ মতে ভক্তি আৰু বিশ্বাসৰ মাজতেই থাকে ভগৱানৰ ঘৰ।
তেওঁ মোক পোন্দোৱাকৈ চাই আছিল আৰু মই উভতি নাচাই গুচি আহিছিলোঁ।
বোলো... গংগা মা কী জয়।
বোলো... গংগা মা কী জয়।
বাৰাণসীৰ গধূলিৰ আকাশ-বতাহ তেতিয়া এই মংগলময় ধ্বনিৰে মুখৰিত। গংগাৰ বুকু তেতিয়া শ শ ‘মন্নত কী দিয়া’-ৰে জলমল। ঘাটলৈ নামি যোৱা চিৰিৰ কাষত অজস্ৰ ভিক্ষাৰী। তাৰ মাজতে দুটি শিশুৱে চাকি আৰু ফুল বিক্ৰী কৰি আছে—
‘‘লে লো,  মন্নত কি দিয়া।
লে লো, মন্নত কি দিয়া।’’
মই সিহঁতৰ পৰাই চাকি আৰু ফুল কিনিলোঁ। দেখিলোঁ মই দিয়া টকাটোৰে  ডাঙৰটোৱে সৰুটোক জিলাপী আনিবলৈ পঠিয়াইছে। হয়তো ভোক লাগিছিল। সিহঁতৰ চকুৱে-মুখে উজলি উঠা হাঁহিটোৱেই মোৰ বাবে পুণ্য। মই গংগাৰ তীৰলৈ নামি গৈছিলোঁ। আৰতি আৰম্ভ হৈছিল আৰু মই জ্বলোৱা চাকিগছি টুলুং-ভুটুংকৈ ভাহি গৈ আছিল, গৈ আছিল।

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ