অন্যযুগ/


এজাৰবৰণীয়া কবি


ৰশ্মিৰেখা ভূঞা
আজি মই আপোনালোকক যিটো গল্প কবলৈ ওলাইছোঁ তাৰ নায়কজন এজন কবি।  শব্দৰ লগত খেলা কৰাই যাৰ নিচা যাৰ তেজত শব্দই ঘৰ সাজে। কবি বে-পৰোৱা। কবিৰ বিষয়ে কোনে কি ভাবে, তাক লৈ তেওঁৰ কোনো গুৰুত্ব নাই। নিজৰ কামত সদায় সচেতন কবিৰ পৰিয়াল বুলিবলৈ আছে বাৰীৰ কেইজোপামান সৰু-ডাঙৰ গছ, আগফালৰ চোতালখনৰ দুইফালে দুজোপামান বাৰমহীয়া স্থানীয় ফুলৰ লগতে গোঁজ মাৰি থোৱা বেঙেনা-জলকীয়া আৰু আন দুই-এবিধ পাচলি, কেইটামান অঘাইতং কেৰ্কেটুৱা, গুঁই-তেজপিয়াৰ দৰে দুই-এটা সৰীসৃপ আৰু কেইটামান বাটৰ কুকুৰ, যিকেইটাৰ দৃষ্টিত কবিয়ে বিশ্বাসৰ লগতে প্ৰতি মুহূৰ্ততে তেওঁৰ প্ৰতি মৰম দেখা পায়। সুখী হয় কবি। সাৰমেয়ৰ কৃতজ্ঞতাপূৰ্ণ চাৱনিত নহয়, সিহঁতৰ বুভুক্ষা পূৰণ কৰিব পৰাৰ আনন্দত।
জীৱনৰ প্ৰতিটো ঘটনা-পৰিঘটনা আনতকৈ বেলেগ ধৰণেৰে চাবলৈ ভাল পোৱা কবিয়ে নিজৰ বিষয়ে কবলৈ হলে নিজক এজন এজাৰবৰণীয়া মানুহ বুলিয়েই কয়। বাটৰ কাষত এজাৰ পুলি ৰুই ভাল পোৱা কবিক দেখিলে এনে লাগে— এজাৰৰ লগত কবিৰ যেন গভীৰ সম্পৰ্ক।
এমূৰ কেঁকোৰা চুলিৰে বে-পৰোৱা ভংগীত চিগাৰেট হুঁপি থকা শীৰ্ণকায় কবি যেন এই জাগতিক পৃথিৱীৰ পৰা বহু আঁতৰত। প্ৰেম-ভালপোৱাৰ দৰে অনুভৱবোৰে কবিক চুব নোৱাৰে নে কবি নিজেই আঁতৰি থাকে, সেই কথা আনে বুজিব নোৱাৰে নিৰ্লিপ্ত অথচ উজ্জ্বল দুচকুৰে কবিক প্ৰায়েই দাৰ্শনিক যেন লাগে। জীৱন, মৃত্যু, সকলোতে উদাসীন কবিৰ এটাই চখ, আত্মগোপন। এই আত্মগোপন অতি আকস্মিক। হয়তো কবিয়ে নিজেও নাজানে— কেতিয়া তেওঁ এই সমাজৰ পৰা আত্মগোপন কৰে। কবি হেৰাই যায় দিনৰ পাছত দিন। কেতিয়াবা মাহ পৰ্যন্ত। সৰু চহৰখনত খবৰটো বতাহ হৈ পৰে।
‘‘কবি হেৰাল।’’
‘‘কবি আকৌ হেৰাল!
‘‘কবি ঘৰত নাই’’
বতাহত উৰি ফুৰা খবৰটোৱে এটা আকৃতি লয়। সেই আকৃতিটোক অত্যুৎসাহী কোনোবাই অলপ ৰং ছটিয়াই দিয়ে। ৰংবোৰে আকৃতিটোক এলেঙপৰীয়া দুপৰীয়াবোৰৰ বিয়নী-মেললৈ লৈ যায়। বিয়নী-মেলত কথাটোৰ পাগ উঠে।
‘‘কবিৰ চাগে আৰু এখন ঘৰ আছে! কোনে জানে তাত তেওঁৰ পত্নী আৰু সন্তানো থাকিব পাৰে!’’
‘‘কবিৰ প্ৰেমিকা আছে চাগে। কবি আচলতে মাজে মাজে প্ৰেমিকাৰ ওচৰলৈ যায়।’’
‘‘কথাটো আমি ভবাই নাই ইয়াততো কবিৰ কোনো প্ৰেমিকা নাই। আৰু ইমান চফল ডেকা এজনৰ প্ৰেমিকা নাথাকিব! মানি লব নোৱাৰি।’’
সৰু চহৰখন কবিৰ প্ৰেমিকাক লৈ ব্যস্ত হৈ পৰে এগৰাকী সুন্দৰী যুৱতীক কবিৰ প্ৰেমিকাৰ ৰূপত কল্পনা কৰি চহৰখন বিলাসভানাত ডুব যায়। অথচ কবিয়ে একো গমকে নাপায়।
কল্পনাৰ চৰম সীমাত সৃষ্টি হোৱা কবিৰ প্ৰেমিকাগৰাকীক লৈ চহৰখন সুখী হয় নে নহয় বুজিব পৰাকৈ চহৰখনৰ বতাহজাক সুস্থিৰ নহয়। বতাহজাক স্থিৰ নহলেও সন্ধ্যাৰ আড্ডাটো কিন্তু ঠিকেই গৰম হৈ উঠে। চাহৰ লগত গৰম পকৰী নোহোৱাকৈয়েই জমি উঠে কনকদাৰ দোকানৰ নৈমিত্তিক আড্ডা। দোকানৰ গেছৰ ষ্টভত চাহৰ কাৰণে পানী তপতাই থকা কনকদাৰ কাণত উতনুৱা ডেকাৰ চিঞৰবোৰ হাঁতুৰীৰ কোব হৈ পৰে। কবিৰ প্ৰতি থকা মৰমৰ বাবে কিবা এটা কব খুজিও কনকদা ৰৈ যায়।
‘‘আজিকালিৰ লৰা ইহঁতক জোকাই লব নোৱাৰি যিহে গুৰু-গোসাঁই নামানে, পাছত যদি হিতে বিপৰীত হয়? তাতকৈ মনে মনে থকাই ভাল’’
কবি বিষয়ক গুজবৰ মাজত চহৰখনে পাহৰি যায় মুদ্ৰাস্ফীতি, গ্লৱেল ৱাৰ্মিং, অৰ্থনৈতিক মন্দাৱস্থা, দৰিদ্ৰতাৰ দৰে শব্দবোৰ।  ক্ৰমান্বয়ে উর্ধ্বমুখী হোৱা নিত্য-ব্যৱহাৰ্য বস্তুৰ দাম, অৰ্থনৈতিক পৰিস্থিতি, দেশ-বিদেশৰ সাহিত্য-সংস্কৃতিৰ বিষয়ে আলোচনা কৰাতকৈ পৰচৰ্চা কৰাই ভাল। অন্ততঃ আলোচনাত বহাৰ আগতে সেইটো বিষয়ৰ পঢ়া-শুনা কৰিব নালাগে। ইমান টান বিষয়বোৰ পঢ়িবলৈ ধৈৰ্য আৰু আগ্ৰহো লাগিব। আজিকালিনো কোনে টকা খৰচ কৰি কাকত-আলোচনী কিনে? কেতিয়াবা টিভিত বাতৰি চাবলৈ নাপালেও হাতৰ মবাইলটোত তৰ্জনী আঙুলিৰে টিপা এটা মাৰিলেই হল। সমস্ত পৃথিৱীখনেই চকুৰ সন্মুখলৈ আহি যায়। তেনেহলে কাকত-আলোচনী কিনাৰ প্ৰয়োজন কি? সেই পইচাৰে নেট্ পেক্ এটাকে ভৰাব পৰা যায়। নেট্ পেক্‌টো নাথাকিলে ৱাটছ্আপ্, ফেইট্‌বুক কেনেকৈ চলাব? আৰু ৱাটছ্আপ্, ফেইচ্‌বুক নকৰাকৈ থাকিব পাৰি জানো? ৰাতি দেখোন টোপনিয়েই নাহিব। মুঠতে সাতে-সোতৰই মিলি কিতাপ-আলোচনী কিনা টকাকেইটা ৰাহি কৰিব লাগে। বাহিৰা কিতাপৰ জ্ঞানৰনো কি প্ৰয়োজন! যিমানখিনি ডিগ্ৰী থাকিলে এজন মানুহক শিক্ষিত বুলি কব পাৰি, সেই শিক্ষা দেখোন স্কুল-কলেজে প্ৰদান কৰেই, তেনে স্থলত বাহিৰা কিতাপ পঢ়াৰ প্ৰয়োজনীয়তা ক? তাতকৈ কবিয়ে কত আত্মগোপন কৰে, সেই কথা জনাহে বেছি প্ৰয়োজনীয়।
তামোলৰ চোবা চোবোৱাৰ দৰে চোবাই থকা কথাটো এদিন তল পৰে। ঠিক তামোলৰ চোবাটোৰ ৰস শেষ হোৱাৰ পাছত থু মাৰি দূৰলৈ পেলাই দিয়াৰ দৰেই। চহৰখন নিজক লৈ ব্যস্ত হৈ পৰে। সকলো গতানুগতিক হোৱাৰ সময়তেই এমুখ দীঘল দাড়িৰে কবি উভতি আহে। চহৰখনত পুনৰ গুজব উঠে। কবিক লৈ পুনৰ ব্যস্ত হৈ পৰে সকলো।
‘‘কবিৰ কি হ?’’
‘‘ইমান পাৰিপাটী অছিল, কিয় হঠাকবিৰ এই ৰূপান্তৰ?’’
‘‘কবিৰ লগত নহবলগীয়া কিবা হোৱা নাইতো! প্ৰেয়সীৰ লগত বিচ্ছেদ…’’
‘‘কবিক কোনোবাই ঠগিলে বে।’’— কনকদাৰ চাহৰ দোকানৰ সন্মুখত ৰজনীগন্ধা এপালি মুখত পেলাই ফুকলীয়া বয়সতে অবাটে যোৱা লৰাটোৱে সকলো জল্পনা-কল্পনাৰ ওৰ পেলাই নিজৰ মত ঘোষণা কৰে। লগে লগে যেন সকলো প্ৰশ্নৰ উত্তৰ জল্‌ল্‌-পট্‌ট্ হৈ পৰে।
‘‘এৰা এই কথাটোকে কিয় মনলৈ অহা নাছিল। কবিক ঠগিলে।’’
‘‘ঠগিবইতো। কোন ছোৱালীয়েনো কবিতা শুনি কবিৰ লগত থাকিব? তাতকৈ কবি খেতি কৰা খেতিয়ক এটাৰ লগত বিয়া হবলৈহে ভাল পাব চাগে। অন্ততঃ সাৰ নিদিয়া বন্ধাকবি, ফুলকবি খাব পাৰিব।’’
অট্টহাস্যত সন্ধিয়াটো চক্ খাই উঠে। চক্ খাই উঠে কনকদা। ক্ৰমাৎ গৰম হৈ উঠা তেওঁৰ কাণ দুখন ঠাণ্ডা কৰাৰ উদ্দেশ্যে মনৰ ভিতৰতে ঘোষা এফাকি গুণগুণায়।
‘‘ঐ কবি চাগে আজিকালি মদিৰাৰো ভক্ত। বপুৰাই চাগে এতিয়া পেগত নহয় বটলতহে হিচাপ কৰে।’’
‘‘অকল মদেই নে! কবি চাগে এতিয়া ভাং-জুৱাৰ মাজতেই ডুবি থাকে। কবিলৈ বেয়াই লাগে। বেচেৰাটো।’’
মদাহী কবিৰ ছবি এখন কল্পনা কৰি আন কেইটামান মদাহীৰ অন্তৰত দুখ এসোঁতা উথলি উঠে। মদিৰাৰ ৰঙত ৰঙীহৈ বাটে বাটে কবিতাৰ পংক্তি আওৰাই ফুৰা এক শীৰ্ণ কায়া তেওঁলোকৰ চকুৰ আগেদি অহা-যোৱা কৰে। মাজে সেই কায়াটো গাঁৱৰ গড়কাপ্টানি পথৰ দাঁতিত থকা ড্ৰেইনত বেহুঁচ হৈ পৰি থাকে। কেতিয়াবা অসম আৰ্হিৰ বিশাল ঘৰটোত এসোপা বমিৰ মাজত লেটি লৈ পৰি থাকে কবি। কল্পনাৰ ডেউকাত উঠি বিপথে যোৱা ফুকলীয়াকেইটাই কবিৰ এই আত্মধ্বংস দেখি ইস-আস কৰে। কনকদাই নীৰৱে সকলো লক্ষ্য কৰি থাকে। সহ্যৰ সীমা পাৰ হোৱা যেন লাগিলেই তেওঁ সৰু ঘুমটিখন সেই দিনালৈ বন্ধ কৰাৰ উদ্দেশ্যে দুৱাৰৰ দাং খোলে।  ৰঙচুৱা চকুৰে ডেকাকেইটাই কনকদালৈ চাই থাকে। কিবা সুধিবলৈ কনকদাই সিহঁতক কোনোদিন সাহস দিয়া নাই।
গুজব উঠে কবিৰ সন্যাসীৰ দৰে দীঘল দাঢ়িখিনিক লৈ। ক্লীন শ্বেভ্ কৰা কবিৰ এই ৰূপান্তৰ অকল্পনীয়। খবৰতো পাই উচাপ খাই উঠে কবিয়ে দাঢ়ি-চুলি কটাবলৈ যোৱা চেলুনখনৰ নাপিতজন। উচাপ খাই উঠে শ্যেম্পু কিনিবলৈ দোকানলৈ যোৱা কবিক জোৰকৈ ফেয়াৰ-এণ্ড-হেণ্ড্‌ছাম দি পঠোৱা সেই বিশেষ দোকানখনৰ ধুনীয়া ছোৱালীজনী। এজন ভাল গ্ৰাহক হেৰুওৱাৰ দুখত নাপিতজনৰ মুখখনত এন্ধাৰে বাহ সাজে। তথাপি এটা ক্ষীণ আশা, কবি যি ঠাইলৈ গৈছিল তাত চাগে বিশেষ কাৰণত চুলি-দাঢ়ি কটাব পৰা নাছিল। দোকানী ছোৱালীজনীৰ আশা, দাঢ়ি  ৰাখিলেও প্ৰসাধনৰ প্ৰতি অনীহা থকা কবিক কিবাকৈ ফেয়াৰ-এণ্ড্‌-হেণ্ডছাম দিবই লাগিব লগত এইবাৰৰ পৰা এটা ফেচ ৱাশ্ব্ নহলে কবিৰ সযত্নপালিত দাঢ়িখিনিক দেখোন চাবোনে ৰুক্ষ কৰি তুলিব কিন্তু দাঢ়িত জানো ফেইচ ৱাশ্ব্ ঘঁহে? চুলিত শ্যেম্পু ঘঁহে যেতিয়া দাঢ়িতো শ্যেম্পুৱেই দিব চাগে। কিন্তু দাঢ়ি যে গালত থাকে! অলপ সময়লৈ বিক্ৰেতা ছোৱালীজনী নিজেই খেলিমেলিৰ মাজত সোমাই যায়। নতুন প্ৰেমিকজনৰ ক্লীন শ্বেইভ্‌ড মুখখন তাইৰ চকুৰ আগত ভাহি উঠে।  নীলা নেইলপলিচ লগোৱা সোঁহাতৰ তৰ্জনী আঙুলিটোৰে ক্ষিপ্ৰতাৰে ভিভনটোৰ ষ্ক্ৰীন্‌খনৰ পেটাৰ্ন ক্‌টো খুলি নিৰ্দিষ্ট নাম্বাৰটো ডায়েল কৰি প্ৰিয়জনৰ মাতষাৰ শুনিবলৈ উৎকণ্ঠিত হৈ ৰয়। তাৰ মাজতে তাই কবিক ফেচ ৱাশ্ব্ দিয়াৰ সিদ্ধান্তও লয়। নিজৰ সিদ্ধান্তত সন্তুষ্ট হৈ  ছোৱালীজনীয়ে এটা ব্যৱসায়িক হাঁহি মাৰে।
দোকানী ছোৱালীজনী সন্তুষ্ট হলেও চহৰখন কিন্তু কবিৰ এই আকস্মিক পৰিৱৰ্তনত সন্তুষ্ট হব নোৱাৰিলে। ইয়াৰ অন্তৰালৰ কাৰণ বিচাৰি চহৰখনে আনকি খোৱা-শোৱাও পাহৰি গল। দিনে-ৰাতিয়ে চহৰখনৰ পথ-উপপথবোৰ কবিৰ এই পৰিৱৰ্তনক লৈ ব্যস্ত হৈ পৰিল।
কবিয়ে কিন্তু সেইবোৰৰ কোনো উমঘামেই নাপায়। নিজৰ অজানিতে তেওঁ যে ইতিমধ্যে সৰু চহৰখনৰ কাৰণে চিন্তাৰ খোৰাক হৈ পৰিছে, সেই কথা তেওঁৰ অবিদিত।
বন্ধ কোঠাত ঘণ্টাৰ পাছত ঘণ্টা পাৰ কৰা কবিৰ হাতৰ তুলিকাৰ কথা যিদিনা বতাহ হৈছিল, সেইদিনা চহৰখনত এটা সৰু-সুৰা ভূমিকম্পই হৈছিল।
‘‘কবিয়ে হেনো ছবিও আঁকে!’’
‘‘ছবি অঁকাৰ কাৰণে কবিয়ে কিবা ডাঙৰ পুৰস্কাৰ পাইছে হেনো।’’
‘‘কি আচৰিত, কবিয়ে ছবি আঁকে!’’
‘‘কবিৰ ছবিখন টিভিত দেখিছিলোঁ। একো নাই দেখোন। এসোপা ৰং মাথোন। তাৰ মাজত কিবা এটা অৱয়ব। ডিঙিৰ ওপৰছোৱা জন্তুৰ আৰু ডিঙিৰ পৰা তললৈ মানুহৰ নিচিনা।’’
‘‘ছবিবোৰ তেনেকুৱাই নেকি অ। মুংখ্ নে মোখ নামৰ এজনৰ ছবি এখন দেখিছিলোঁ। মুখ মেলি থকা লাওখোলা এটাৰ নিচিনা কিবা এটা সেইখন হেনো পৃথিৱীৰ বিখ্যাত ছবি আৰু কোনোবা এজনৰ যে বেলি ফুলৰ ছবিখন!’’
‘‘বেলি ফুলৰ ছবিখন ময়ো দেখিছোঁ প্ৰান্তিক নামৰ আলোচনীখনত দিছিল। সেইবোৰ ছবি নেকি কিবা? তেনেকুৱা ছবি ময়েই গণ্ডাই গণ্ডাই আঁকিব পাৰোঁ।’’
‘‘নাজানো আৰু দেই। এইবোৰ ডাঙৰ মানুহৰ কথা। আমিনো কি বুজি পাম?’’
‘‘তাকেহে আঁচ কেইডালমান টানি দিলেও ছবি। আমি আকৌ স্কুলত আমটো আঁকিবলৈকে কিমান কষ্ট কৰিছিলোঁ। তাৰ পাছতো ছাৰ-বাইদেউহঁতে তিনি-চাৰিতকৈ বেছি নম্বৰেই নিদিয়ে।’’
‘‘পিছে আমাৰ বন্ধাকবিয়েই নে ফুলকবিৰ খবৰটোহে আচৰিত?’’
অট্টহাস্যত সকলো বাগৰি পৰে
ৰাজ্যিক-ৰাষ্ট্ৰীয় কাকত-আলোচনীত ডাঙৰ ডাঙৰ হৰফেৰে কবিৰ প্ৰতিভাৰ কথা আলোচনা হয়। বিভিন্ন দল-সংগঠনে তেওঁক এই কীৰ্তিৰ কাৰণে সম্বৰ্ধনা জনায়। দেশ-বিদেশলৈ কবি নিমন্ত্ৰিত হয়। গৌৰৱত উফন্দি উঠে সৰু চহৰখন। কবিৰ নামৰ লগত চহৰখনৰ নামটোও জড়িত হৈ পৰে। চহৰখনে পাহৰি যায় কবিৰ গোপন প্ৰেমিকাৰ ৰহস্য উদ্ঘাটন কৰিবলৈ ব্যস্ত হৈ পৰা দিনবোৰৰ কথা, পাহৰি যায় কবিৰ অবৰ্তমানত কবিক লৈ ব্যস্ত হোৱা বিয়নী-মেলৰ কথা, পাহৰি যায় কবিক দিয়া উপনামবোৰ। চহৰখন নতুন হয়। কবি গোলাপী ৰসত বুৰ যোৱাৰ কথা চহৰখনৰ কাৰণে সাধাৰণ কথাত পৰিণত হয়। কবিৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰা চহৰখনে অপৰিচিতজনক কবিৰ চিনাকি দিবলৈ প্ৰতি ক্ষণ উন্মুখ হৈ থাকে। কবি চহৰখনৰ পৰিচয়লৈ ৰূপান্তৰিত হয়। কবিৰ পৰিচয়েৰে চহৰখনে নিজকে সকলোৰে আগত সজাই তুলিবলৈ বিচাৰে। আৰম্ভ হয় সম্বৰ্ধনা পৰ্ব। চহৰখন বিভিন্ন ভাগত বিভক্ত হয় মহিলা সমিতি, নাৰী সুৰক্ষা সমিতি, নতুন পুৰুষ... এৰাতিতে গঢ় লৈ উঠা বিভিন্ন সংগঠন আনকি মদৰ নিচাত কবি ড্ৰেইনত পৰি থকা কথা কল্পনা কৰি অট্টহাস্যত ফাটি পৰাকেইজনৰো সংগঠন।
এখনৰ পাছত এখন সভাত গামোচা পিন্ধি পিন্ধি কবি ভাগৰি পৰে। অথচ আমন্ত্ৰণ আহিয়েই থাকে। চহৰখনে কবিক হীৰাৰ লগত তুলনা কৰে। কবি হীৰাত পৰিণত হয়। চহৰখনৰ হীৰা। ৰাতিটোৰ ভিতৰতে কবিৰ প্ৰতি চহৰখনৰ ধাৰণা সলনি হয়। অথচ কবি একেই থাকে। ৰং উৰি যোৱা নীলা জিন্‌ছ, এযোৰ পুৰণি হাৱাই চেণ্ডেল আৰু ৰঙা টি ছাৰ্ট পিন্ধি এমুখ দাঢ়ি আৰু জপৰা চুলিৰে কনকদাৰ দোকানৰ আগৰ বেঞ্চখনত বহি কবিয়ে ষ্টিলৰ গিলাত দিয়া ৰঙা চাহত সোহা মাৰে। হাতত চাহৰ গিলাচ এটা লৈ কবিৰ কাষত বহি কনকদাই কাণ উনাই ৰয়। কনকদাই ভালদৰেই জানে, দেশ-বিদেশৰ সাহিত্য-সংস্কৃতি, ইতিহাস, ৰাজনীতি আৰু আৰ্থ-সামাজিক কথাবোৰ চহৰখনত কবিৰ বাহিৰে আনৰ মুখত কেতিয়াও শুনিবলৈ পোৱা নাযায়
বহি থাকোঁতেই কনকদাই এটা সপোন দেখে সপোনত তেওঁ কবিক দেখা পায়। এক সোণোৱালী সোপানেৰে কবি লাহে লাহে ওপৰলৈ উঠি যায়। ইমান ওপৰলৈ যত তেওঁক কোনো তিৰস্কাৰ বা পুৰস্কাৰে ঢুকি নাপায়। যি উচ্চতাৰ পৰা কবিয়ে সকলোকে একেই দেখে। সেই খটখটীৰে কবি গৈ থাকে গৈয়েই থাকে। এটা খুটা ঘুণে খোৱা বেঞ্চখনত বহি কনকদাই কবিৰ এই উত্তৰণ চাই থাকে
গল্পটোৰ শ্ৰব্য ৰূপ


ঠিকনা: বাৰভূঞা গাঁও

চতিয়া— ৭৮৪১৭৫
জিলা— বিশ্বনাথ
ভ্ৰাম্যভাষ: ৬৯০০৯২৫৮৭৭

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ