অন্যযুগ/


লৰ্কা : ১২৫ বছৰীয়া তৰা এটা


        ১৮৯৮ চনৰ ৫ জুনত দক্ষিণ স্পেইনৰ গ্ৰানাডাৰ  পশ্চিমে থকা এখন সৰু চহৰত জন্মগ্ৰহণ কৰিছিল ফেডেৰিক’ গাৰ্চিয়া (গাৰ্থিয়া) লৰ্কাই৷ মাটিৰ মালিক আৰু কৃষিপাম এখনৰ মালিক পিতৃৰ চহৰৰ মাজমজিয়াত আছিল এটা আৰামদায়ক বাসগৃহ৷  পিতৃ-মাতৃৰ চাৰিটা সন্তানৰ ভিতৰত জ্যেষ্ঠ লৰ্কা আন্দালুছিয়াৰ গ্ৰাম্য অঞ্চলত ডাঙৰ-দীঘল হৈছিল৷ তেওঁৰ কৰ্মজীৱনত আন্দালুছিয়াৰ গ্ৰাম্যজীৱন আৰু সামাজিক পৰিস্থিতিয়ে আজীৱন প্ৰভাৱ পেলোৱা দেখা যায়৷ 

        সময়ত লৰ্কাই গ্ৰেনাডা বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিছিল৷ অৱশ্যে পিয়ানোবাদনত নিজৰ অসাধাৰণ প্ৰতিভাৰ বাবে বেছিকৈ চৰ্চিত লৰ্কা বিদ্যায়তনিকভাৱে আছিল এজন ব্যৰ্থ ছাত্ৰ৷ কাৰণ স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিবলৈ তেওঁক ৯ বছৰ সময় লাগিছিল৷ সংগীতজ্ঞ আৰু সুৰকাৰ হোৱাৰ পৰিকল্পনা সত্তেও তেওঁ কৈশোৰৰ শেষৰ ফালে সাহিত্যৰ ফালেহে ধাৱমান হয়৷ গদ্য, কবিতা আৰু নাটকৰ ক্ষেত্ৰত তেওঁৰ প্ৰথম পৰীক্ষাসমূহে শ্বেক্সপীয়েৰ, গ্যেটে, স্পেনিছ কবি এণ্টনিঅ’ মাচাডো আৰু ৰোমাণ্টিকতাৰ পলমীয়া তথা অৱক্ষীয়মাণ অৱস্থাৰ প্ৰতীকস্বৰূপ হিস্পানিক মডাৰ্নিজমৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰে আৰু সেই সময়ৰেপৰা এক  প্ৰকাৰ যৌন অসুস্থতাৰ বলি হ’বলৈও আৰম্ভ কৰে৷

        ১৯২০ চনৰ আৰম্ভণিতে লৰ্কাই স্পেনিছ লোকগীত, জাপানী হাইকু আৰু সমসাময়িক আভাঁ গাৰ্ড আন্দোলনৰ কাব্যিক আদৰ্শৰদ্বাৰা অনুপ্ৰাণিত হৈ চুটি, বৃত্তধৰ্মী পদ্যৰূপৰ পৰীক্ষা-নিৰীক্ষা কৰিবলৈ আৰম্ভ কৰে৷ তেওঁ চমু কবিতাৰ এক অসাধাৰণ শৃংখলা লিখিছিল, যিবোৰ তেওঁৰ মৃত্যুৰ বহু বছৰৰ পাছত ১৯৮৩ চনত ছুইটছ নামেৰে প্ৰকাশ পাইছিল৷ 

        লৰ্কাৰ কবিতা অতিশয় কৌশলী, ইয়াৰ মাজত কেতিয়াবা আপাত অৰ্থহীনতাও উদ্দীপ্ত হোৱা দেখা যায়৷ তেওঁৰ কবিতাক এফালে প্ৰেৰিত কৰিছে নিজৰ মাটিত পোত খাই থকা মাত-কথাৰ ঐতিহ্যই আৰু আনফালে ভাষিক কুশলতাই। সেয়ে তেওঁৰ কবিতাবোৰ চহাজীৱনৰ সৈতে সম্পৰ্কিত চিত্ৰকল্পৰে সমৃদ্ধ হোৱাৰ ফলত সুখপাঠ্য আৰু প্ৰাঞ্জল৷ আৱেগ আৰু অভিজ্ঞতাবোৰ পোনে পোনে প্ৰকাশ কৰাতকৈ বিভিন্ন কৌশলেৰে প্ৰচ্ছন্ন কৰি ৰাখি কাব্যৰূপলৈ ৰূপান্তৰিত কৰাত লৰ্কা অনন্য৷ 

    ১৯২৫ চনৰ পৰা ১৯২৮ চনলৈকে লৰ্কাই ছালভাড'ৰ ডালি  আৰু লুইছ বুনুৱেলৰ সৈতে আৱেগিকভাৱে জড়িত হৈ আছিল৷ তেওঁলোকৰ সম্পৰ্কৰ তীব্ৰতাৰ ফলত লৰ্কাই নিজৰ সমকামিতাক সম্পূৰ্ণৰূপে গ্ৰহণ নকৰিলেও স্বীকাৰ কৰিবলৈ বাধ্য হৈছিল৷ ডালিৰ আহ্বানত লৰ্কাই শিল্পজগতৰ আভাঁ গাৰ্ড প্ৰৱাহত বিশেষভাৱে অধিবাস্তৱবাদৰ সৈতে অধিক সাহসেৰে পৰীক্ষা-নিৰীক্ষা কৰিবলৈ আৰম্ভ কৰিলে যদিও তেওঁ কোনো শিল্প আন্দোলনৰ সৈতে নিজকে সম্পূৰ্ণৰূপে সম্পৃক্ত কৰা নাছিল৷ মন কৰিব লাগিব, সেই সময়ৰ ডালি-বুনুৱেলকে ধৰি শিল্পীসকলক সামূহিকভাৱে “জেনেৰেশ্যন অৱ ’২৭” নামেৰে জনাজাত এই গোটটোৱে লৰ্কাক অধিবাস্তৱবাদৰ সৈতে পৰিচয় কৰাই দিছিল, যিটো আন্দোলনে তেওঁৰ লেখাত বহুখিনি প্ৰভাৱ পেলাইছিল৷ এইখিনি সময়ত তেওঁ অজস্ৰ ড্ৰয়িং আৰু স্কেট্‌ছ অঙ্কন কৰিছিল৷ ১৯২৮ চনত ডালিৰ উৎসাহত লৰ্কাই তেওঁৰ অংকনসমূহ ৰাজহুৱাভাৱে প্ৰদৰ্শন কৰে৷ আচৰিত ধৰণৰ দৃশ্য কল্পনাৰ অধিকাৰী লৰ্কাই জীৱনকালত শ শ স্কেট্‌ছ প্ৰস্তুত কৰিছিল৷ কবিতাৰ বিমূৰ্ততাক লৰ্কাৰ স্কেট্‌ছসমূহৰ মাজত মূৰ্ত-বিমূৰ্ত উভয় ৰূপতে উপলব্ধি কৰিব পাৰি৷ কিন্তু সেইবোৰ ডালিৰ সংৰচনাৰ দৰে উগ্ৰ অধিবাস্তৱবাদী অথবা অভিব্যক্তিবাদী নাছিল৷ তেওঁৰ অঙ্কনত নিজা এক মসৃণ বিশেষত্ব আছিল৷ লৰ্কাই ৰাজহুৱা বক্তৃতাতো নিজৰ মাজত বিকশিত নান্দনিকতাক প্ৰকাশ কৰিবলৈ যত্ন কৰিছিল৷

        লৰ্কাই তেওঁৰ কবিতাৰ প্ৰথম প্ৰকাশৰ সময়ত বৌদ্ধিকভাৱে আগশাৰীৰ পঢ়ুৱৈৰ মনোযোগ আৰু আদৰ লাভ কৰা নাছিল কিন্তু সবৰ্সাধাৰণ মানুহৰ মুখে মুখে তেওঁৰ কবিতাই গান হৈ বাজিবলৈ ধৰিছিল৷ পাছলৈ তেওঁ নিউয়ৰ্কলৈ গৈ স্পেনিছ গভীৰ গীত আৰু হাৰ্লেমত শুনা আফ্ৰিকান আমেৰিকান আধ্যাত্মিক গীতৰ মাজত এক সংযোগ বিচাৰি পায়৷ স্পেইনলৈ উভতি অহাৰ সময়ত তেওঁ লা বাৰাকা নামৰ এটা ভ্ৰমণকাৰী থিয়েটাৰ কোম্পানী প্ৰতিষ্ঠা কৰিছিল যিয়ে স্পেনিছ ক্লাছিক আৰু লৰ্কাৰ মূল নাটক দুয়োটাকে প্ৰদৰ্শন কৰিছিল। লাহে লাহে তেওঁৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তা নেশ্যনেলিষ্টসকলৰ বাবে মূৰৰ কামোৰণি হৈ উঠিছিল৷  নিজৰ দেশত ক্ৰমাৎ বৃদ্ধি পোৱা ফেচিষ্ট নেশ্যনেলিষ্টসকলৰপৰা ভাবুকি আহিলেও লৰ্কাই লেখক হিচাপে নিজৰ উত্তৰণ অব্যাহত ৰাখি নিজৰ বাওঁপন্থী ৰাজনৈতিক মতামত বা সমকামিতাক লুকুৱাব খোজা নাছিল৷

        লৰ্কা এনে এজন প্ৰভাৱশালী স্পেনিছ কবি আৰু নাট্যকাৰ যিয়ে মাত্ৰ ১৯ বছৰীয়া কৰ্মজীৱনত স্পেনিছ কবিতা আৰু থিয়েটাৰৰ আটাইতকৈ মৌলিক ৰূপ (Genre)-সমূহৰ পুনৰুত্থান ঘটাইছিল আৰু নতুনত্বৰে উজ্জীৱিত কৰি তুলিছিল৷ তেওঁ মূলতঃ আন্দালুছিয়ান ৰচনাৰ বাবে পৰিচিত৷ ১৯৩০ চনৰ আৰম্ভণিতে লৰ্কাই স্পেনিছ থিয়েটাৰৰ দ্বিতীয়টো সোণালী যুগ উদ্বোধন কৰাত সহায় কৰিছিল৷  

        ১৯৩৬ চনৰ আগষ্ট মাহত স্পেইনৰ গৃহযুদ্ধৰ প্ৰথম মাহতে লৰ্কাক গ্ৰেনাডাত নেশ্যনেলিষ্ট নেতা ফ্ৰাঞ্চিস্কো ফ্ৰাংকোৰ সৈন্যই গ্ৰেপ্তাৰ কৰে৷ কোৱা হয় যে ১৯৩৬ চনৰ ১৯ আগষ্টত লৰ্কাক স্পেনিছ উগ্ৰ জাতীয়তাবাদী মিলিচিয়াই গুলীয়াই হত্যা কৰে অথবা ফাঁচী দিয়ে৷ ইয়ান গিবছনে তেওঁৰ গ্ৰন্থ দ্য এছেছিনেশ্যন অৱ গাৰ্চিয়া লৰ্কাত যুক্তি দিছে যে তেওঁক আন তিনিজন ‘জোৱাকিন আৰ্কোলাছ কেবেজাছ, ফ্ৰাঞ্চিস্কো গালাডি মেলগাৰ আৰু ডিঅ’স্কোৰো গালিণ্ডো গঞ্জালেজ’ৰ সৈতে গুলীয়াই হত্যা কৰা হৈছিল৷ ২০১৫ চনৰ এপ্ৰিল মাহত ৰেডিঅ’ ষ্টেচন কেডেনা এছ ই আৰয়ে প্ৰকাশ কৰা আৰক্ষীৰ প্ৰতিবেদনত প্ৰকাশ হৈছিল যে লৰ্কাক ফেচিষ্ট বাহিনীয়ে মৃত্যুদণ্ড দিছিল৷ ১৯৬৫ চনৰ ৯ জুলাইৰ ফ্ৰাংকো যুগৰ প্ৰতিবেদনত লেখকজনক ‘সমাজবাদী’ আৰু ‘আলহামব্ৰা লজৰ অন্তৰ্গত ফ্ৰীমেছন’ বুলি বৰ্ণনা কৰা হৈছে, যি ‘সমকামী আৰু অস্বাভাৱিক প্ৰথা’ত লিপ্ত আছিল৷

        গাৰ্চিয়া লৰ্কাৰ হত্যাৰ উদ্দেশ্য আৰু সবিশেষক লৈ সুদীৰ্ঘদিন যথেষ্ট বিতৰ্ক চলি আহিছে৷ তেওঁৰ হত্যাকাণ্ডক লৈ বিভিন্ন ধৰণৰ ব্যক্তিগত, অৰাজনৈতিক মতামত প্ৰকাশ কৰা হৈছে৷ লৰ্কাৰ জীৱনীকাৰ ষ্টেইণ্টনে কৈছে যে তেওঁৰ হত্যাকাৰীসকলে তেওঁৰ যৌন আচৰণৰ বিষয়ে কথা পাতিছিল, যাৰ পৰা অনুমান কৰিব পাৰি যে তেওঁৰ মৃত্যুত সেই বিষয়ৰ ভূমিকা আছিল৷ এনে যুক্তিও দিয়া হয় যে লৰ্কা অৰাজনৈতিক আছিল আৰু ৰিপাব্লিকান আৰু নেশ্যনেলিষ্ট দুয়োটা শিবিৰতে তেওঁৰ বহু বন্ধু আছিল৷ ইয়ান গিবছনে ১৯৭৮ চনত লৰ্কাৰ মৃত্যু সম্পৰ্কে লিখা গ্ৰন্থখনত মুণ্ডো অব্ৰেৰোৱে প্ৰকাশ কৰা ইস্তাহাৰখনৰ উদাহৰণ দিছে, য’ত লৰ্কাই পাছলৈ লৰ্কাই স্বাক্ষৰ কৰিছিল৷ ১৯৩৬ চনৰ ৯ ফেব্ৰুৱাৰীত সহকবি ৰাফেল আলবাৰ্টিৰ সন্মানাৰ্থে অনুষ্ঠিত কৰা ভোজমেলত লৰ্কাই সেই ইস্তাহাৰখন পাঠ কৰিছিল৷ গিবছনে অভিযোগ উত্থাপন কৰিছে যে লৰ্কা জনপ্ৰিয় ফ্ৰণ্টৰ সক্ৰিয় সমৰ্থক আছিল৷ গিবছনে এইটোও কৈছে যে সোঁপন্থী আৰু ফেচিষ্টসকলৰ মাজত প্ৰতিদ্বন্দ্বিতা লৰ্কাৰ মৃত্যুৰ এটা প্ৰধান কাৰক আছিল৷ তেওঁৰ মতে লৰ্কাৰ হত্যাকাণ্ড বাওঁপন্থী জনপ্ৰিয় ফ্ৰণ্টৰ সমৰ্থকসকলক নিৰ্মূল কৰাৰ উদ্দেশ্যে গণহত্যাৰ অভিযানৰ অংশ আছিল৷  অৱশ্যে স্পেইনৰ বহুতো কমিউনিষ্ট বিৰোধী লোক লৰ্কাৰ প্ৰতি সহানুভূতিশীল আছিল বা তেওঁক সহায় কৰিছিল৷   

        লৰ্কাৰ হত্যাকাণ্ডৰ বিশ্লেষণৰ উদ্দেশ্যে জিন-লুই শ্বনবাৰ্গে ‘সমকামী ঈৰ্ষা’ তত্ত্ব’ও আগবঢ়াইছিল৷ ১৯৩৬ চনত ফ্ৰাংকোৰ অনুৰোধত সংকলিত আৰু গিবছন আৰু আনসকলে দেখা নোপোৱাকৈয়ে উল্লেখ কৰা এই হত্যাকাণ্ডৰ ড’ছিয়াৰ এতিয়াও ৰাজহুৱা হোৱা নাই৷ গাৰ্চিয়া লৰ্কাৰ সমাধিস্থল নিৰ্ণয়ৰ প্ৰচেষ্টাৰ প্ৰথম প্ৰকাশিত বিৱৰণ ১৯৪৯ চনত ব্ৰিটিছ হিস্পানিষ্ট জেৰাল্ড ব্ৰেনানৰ গ্ৰন্থ দ্য ফেচ অৱ স্পেইনত পোৱা যায়৷ অৱশ্যে লৰ্কাৰ কবৰটো এতিয়াও আৱিষ্কাৰ হোৱা নাই৷

        জন্মৰ ১২৫ বছৰৰ পাছতো, আজিও বিশ্বৰ কাব্যৰসিকে দাবী কৰে যে লৰ্কাৰ কবিসত্তাৰ কদাপি মৃত্যু নহয়।


অন্যযুগ প্ৰসঙ্গ :

        ২০২৩ চনৰ বছৰটো লৰ্কাৰ ১২৫ তম জয়ন্তী বৰ্ষ৷ সমগ্ৰ পৃথিৱীৰে আধুনিক কবিসকলৰ ভিতৰত অন্যতম শ্ৰেষ্ঠ এই কবিজনৰ সম্পৰ্কে অসমত বিশেষ চৰ্চা হোৱাৰ খবৰ পোৱা নাই৷ কেৱল উচ্চ শিক্ষানুষ্ঠানৰ সাহিত্যৰ শ্ৰেণীকোঠাত দুই-এটা কবিতাৰ বিশ্লেষণ কৰাৰ বাহিৰে অসমীয়া পঢ়ুৱৈ সমাজত লৰ্কা এতিয়াও অচিনাকি৷ কবিৰত্ন নীলমণি ফুকনে অনুবাদ কৰা গাৰ্থিয়া লৰ্কাৰ কবিতা  অসমীয়া ভাষাত আজি পৰ্যন্ত লৰ্কা আৰু তেওঁৰ কবিতা সম্পৰ্কীয় পৰিপূৰ্ণ গ্ৰন্থ৷ অসমৰ বিশ্ববিদ্যালয়, জাতীয় সাহিত্যৰ সংস্থা-সংগঠন আদিয়ে লৰ্কাৰ বিষয়ে চৰ্চা কৰা বুলি আমি শুনা নাই (যিদৰে বিগত বছৰটো দুখনকৈ বিশ্ববিখ্যাত গ্ৰন্থ ক্ৰমে দ ৱে’ষ্টলেণ্ড আৰু য়ুলিছিছৰ শতবৰ্ষ হৈ গ’ল যদিও সেই সম্পৰ্কে অসমত আলোচনীকেইখনক বাদ দি কোনেও একো চৰ্চা অথবা উদযাপন নকৰিলে)৷ 

        অৱশ্যে যোৱা শতিকাৰ শেষ দশকত বৰ্তমানৰ শোণিতপুৰ জিলাৰ চতিয়াত লৰ্কাৰ শততম জয়ন্তী উদ্‌যাপন কৰা হৈছিল৷ পিছে সেই উদ্‌যাপন কোনো জাতীয় সংগঠন, বিদ্যায়তনিক প্ৰতিষ্ঠান আদিয়ে কৰা নাছিল৷ কৰিছিল সদ্য যৌৱনপ্ৰাপ্ত কেইজনমান কলেজীয়া ছাত্ৰই৷ 

অন্যযুগৰ এই সংখ্যাত লৰ্কাৰ বিষয়ে যথাসাধ্য চৰ্চা কৰিবলৈ যত্ন কৰা হৈছে৷


বিদায় কুন্দেৰা :

        বিশ্বসাহিত্যৰ আধুনিকতাবাদী গদ্যৰচনাৰ প্ৰতিভূস্বৰূপ লেখক, য়ুৰোপীয় সাহিত্যৰ এক উজ্জ্বল নক্ষত্ৰ মিলান কুন্দেৰাই যোৱা ১১ জুলাইত ৯৪ বছৰ বয়সত ফ্ৰাঞ্চৰ ৰাজধানী পেৰিছত শেষ নিশ্বাস ত্যাগ কৰে৷ ১৯২৯ চনত চেক'শ্ল'ভাকিয়াৰ (বৰ্তমান  চ্চেক্‌ গণৰাজ্য) পুৰ্কিন’ভাত জন্ম গ্ৰহণ কৰা ঔপন্যাসিক, চুটিগল্পকাৰ, কবি, সমালোচক আৰু নাট্যকাৰ মিলান কুন্দেৰা আছিল বিংশ আৰু একবিংশ শতিকাৰ বিশ্বসাহিত্যৰ এক বিস্ময়কৰ প্ৰতিভা৷ 

        ১৯২৯ চনৰ ১ এপ্ৰিলত তেতিয়াৰ চেক'শ্ল'ভাকিয়াত জন্ম গ্ৰহণ কৰা কুন্দেৰাৰ লিখনিত পূব য়ুৰোপৰ কমিউনিষ্ট শাসনৰ অধীনত থকা অভিজ্ঞতাৰ প্ৰভাৱ বিৰাজমান৷ তেওঁৰ ৰচনাসমূহত মানুহৰ অবস্থা আৰু ব্যক্তিগত স্বাধীনতাৰ সপক্ষে দৃষ্টিভংগী দেখা পোৱা যায়৷ কুন্দেৰাই তেওঁৰ চ্ছেক্ তথা ফৰাচী ভাষাত লিখা উপন্যাস আৰু (সংখ্যাত কম হ’লেও)গল্পসমূহত মানুহৰ সামাজিক তথা মনস্তাত্ত্বিক প্ৰকৃতি আৰু ব্যক্তিগত তথা সামাজিক পৰিচয়, মানুহৰ স্মৃতিকাতৰতা আৰু প্ৰেমৰ জটিলতাৰ বিষয়ে গভীৰভাৱে অন্বেষণ কৰিছে৷ 

          কুন্দেৰাৰ সাহিত্যৰ্ই আৰম্ভণিতে নিজৰ দেশত যথেষ্ট সমাদৰ লাভ কৰিছিল, কিন্ত পাছত কমিউনিষ্ট শাসনকালত ‘কমিউনিষ্ট বিৰোধী কাৰ্যকলাপ’ৰ ১৯৮৯ চনৰ ভেলভেট বিপ্লৱৰ সময়ত ক্ষমতাধিষ্ঠিত কমিউনিষ্ট পাৰ্টিয়ে তেওঁৰ গ্ৰন্থ নিষিদ্ধ ঘোষণা কৰিছি'ল৷ কুণ্ডেৰাৰ প্ৰাৰম্ভিক উপন্যাসসমূহে সৰ্বাত্মকতাবাদৰ কৰুণ আৰু হাস্যকৰ দিশবোৰ অন্বেষণ কৰিছিল যদিও তেওঁ নিজৰ ৰচনাবোৰক অৱশ্যে ৰাজনৈতিক ধাৰাৱাহিক বুলি নাভাবিছিল৷ সৰ্বহাৰাবাদৰ নিন্দা উপন্যাসৰ যোগ্য নহয় বুলিও তেওঁ কয়৷ তথাপি ১৯৭৫ চনত কুন্দেৰাক কমিউনিষ্ট পাৰ্টিৰ পৰা বহিষ্কাৰ কৰা হয় আৰু কৰ্তৃপক্ষই তেওঁৰ ওপৰত নিৰীক্ষণ আৰম্ভ কৰে৷ অৱশেষত তেওঁ নিৰ্বাসিত হৈ ১৯৭৫ চনত নিজ দেশ এৰি ফ্ৰাঞ্চলৈ যায় আৰু ১৯৮১ চনত ফ্ৰাঞ্চৰ নাগৰিকত্ব গ্ৰহণ কৰি ফ্ৰাঞ্চতে স্থায়ীভাৱে থাকিলৈ লয়৷ নিৰ্বাসনৰ পাছতো কুণ্ডেৰাৰ সাহিত্যই বিশ্বজুৰি পাঠকৰ মাজত জনপ্ৰিয়তা অক্ষুণ্ণ ৰাখিছে, মানুহক চিন্তাৰ খোৰাক দিছে আৰু সমসাময়িক সাহিত্যত স্থায়ী প্ৰভাৱ পেলাইছে৷

        কুণ্ডেৰাই তেওঁৰ উপন্যাসসমূহৰ ঘটনাৱলী কল্পনা কৰিছিল তেওঁৰ ৰচনাৰ সামগ্ৰিকতাৰ সন্দৰ্ভত৷ তেওঁ তেওঁৰ ধাৰণাসমূহক এটা সময়ত মাত্ৰ এখন উপন্যাসৰ পৰিসৰত সীমাৱদ্ধ কৰি ৰখাতকৈ, তেওঁৰ বিষয়বস্তু আৰু মেটা-থিমসমূহে তেওঁৰ সমগ্ৰতাক অতিক্ৰম কৰিছিল৷ প্ৰতিখন নতুন গ্ৰন্থই তেওঁৰ ব্যক্তিগত দৰ্শনৰ শেহতীয়া পৰ্যায়টো প্ৰকাশ কৰে৷ এই মেটা-থিমৰ কিছুমানৰ ভিতৰত আছে নিৰ্বাসন, পৰিচয়, সীমাৰ সিপাৰৰ জীৱন (প্ৰেমৰ বাহিৰত, শিল্পৰ বাহিৰত, গুৰুত্বৰ বাহিৰত), নিৰন্তৰ উভতি অহাৰ দৰে ইতিহাস আৰু কম ‘গুৰুত্বপূৰ্ণ’ জীৱনৰ আনন্দ৷

        কুণ্ডেৰাৰ উপন্যাসৰ বহু চৰিত্ৰই যেন নিজৰ সম্পূৰ্ণ মানৱতাৰ মূল্যত উপৰিউক্ত বিষয়বোৰৰ একোটা হিচাপেই বিকাশ লাভ কৰে৷ তেওঁৰ চৰিত্ৰৰ ক্ষেত্ৰত পঢ়ুৱৈৰ মনৰ নিশ্চিতি যথেষ্ট অস্পষ্ট হৈ থাকে৷ তেওঁৰ উপন্যাসত প্ৰায়েই এটাতকৈ অধিক চৰিত্ৰক প্ৰধানৰূপে দাঙি ধৰা হয়। দৰকাৰত কুণ্ডেৰাই একোটা চৰিত্ৰৰ বিকাশৰ পথ সম্পূৰ্ণৰূপে ৰুদ্ধ কৰি দিয়ে আৰু নতুন কোনোবা এটা চৰিত্ৰৰ যোগেদি কাহিনীভাগ পুনৰ আৰম্ভ কৰি দিয়ে৷ এটা সাক্ষাৎ প্ৰসঙ্গত তেওঁ কৈছিল, ‘অন্তৰংগ জীৱনক হয়তো মানুহৰ ব্যক্তিগত গোপনীয়তা হিচাপে বুজা যায়; মূল্যৱান, অলংঘনীয় কিবা এটা, নিজৰ মৌলিকতাৰ ভিত্তি হিচাপেও’৷

        ১৯৫০ চনত কুন্দেৰাৰ সাহিত্যিক যাত্ৰাৰ আৰম্ভণি হৈছিল কেইবাখনো কবিতাৰ সংকলন প্ৰকাশ আৰু নাটক লিখাৰ যোগেদি৷ একে সময়তে তেওঁ চিনেমাৰ কাৰণেও চিত্ৰনাট্য লিখিছিল৷ অৱশ্যে উপন্যাসেহে তেওঁলৈ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি তথা প্ৰশংসা আনিছিল আৰু আধুনিক সাহিত্যৰ এজন পুৰোধা লেখক হিচাপে তেওঁৰ নাম দৃঢ় কৰিছিল৷ ১৯৬৭ চনত প্ৰকাশ পোৱা The Joke আছিল কুন্দেৰাৰ প্ৰথমখন উপন্যাস৷ ১৯৮৪ চনত প্ৰকাশ হোৱা The Unbearable Lightness of Being নামৰ উপন্যাসখন কুন্দেৰাৰ অন্যতম এখন উপন্যাস৷ উপন্যাসখনে ব্যক্তিগত আখ্যানক দাৰ্শনিক প্ৰতিফলনৰ সৈতে জড়িত কৰি মানৱ অস্তিত্বৰ প্ৰকৃতিৰ ওপৰত গভীৰ ধ্যান আগবঢ়াইছে৷ আন এখন উপন্যাস হল The Book of Laughter and Forgetting৷ কুণ্ডেৰাই ঐতিহাসিক পৰিঘটনা আৰু ব্যক্তিগত আখ্যানসমূহ নিপুণভাৱে সংযোগ কৰি কমিউনিষ্ট শাসনৰ অধীনত চেক’শ্ল’ভাকিয়াৰ ৰাজনৈতিক অৱস্থাৰ ওপৰত মন্তব্য আগবঢ়ায়৷ তেওঁৰ সক্ষ্ম চৰিত্ৰৰ চিত্ৰণ আৰু তেওঁলোকৰ স্মৃতি আৰু পৰিচয়ৰ সৈতে হোৱা সংগ্ৰামেই এই উপন্যাসখনক চিন্তা-উদ্দীপক আৰু আৱেগিকভাৱে সুখপাঠ্য কৰি তুলিছে৷ ১৯৮৬ চনত প্ৰকাশ পোৱা তেওঁৰ অ-কল্পকাহিনীমূলক উল্লেখযোগ্য ৰচনা সংকলন হল The Art of the Novel. এই গ্ৰন্থখনে তেওঁৰ সাহিত্য দৰ্শনৰ বিষয়ে অন্তৰ্দৃষ্টি আৰু সমসাময়িক সমাজত ঔপন্যাসিকসকলৰ ভূমিকা সম্পৰ্কে চিন্তা-চৰ্চা প্ৰদান কৰিছে৷ কুণ্ডেৰাই নিজকে বক্তব্যহীন লেখক বুলি গণ্য কৰিছিল৷ দ্য আৰ্ট অৱ দ্য নভেলৰ এটা অধ্যায় ‘ছিক্সটি-থ্ৰী ৱৰ্ডছ’ত কুণ্ডেৰাই এজন স্কাণ্ডিনেভিয়ান প্ৰকাশকৰ কথা কৈছে যি দ্য ফেয়াৰৱেল পাৰ্টি প্ৰকাশ কৰিবলৈ দ্বিধাবোধ কৰিছিল কাৰণ তাত গৰ্ভপাত বিৰোধী বাৰ্তা আছিল৷ এনে বাৰ্তাৰ অস্তিত্বৰ বিষয়ে প্ৰকাশকে ভুল কৰাই নহয়, কুণ্ডেৰাই বুজাই দিলে, ‘ভুল বুজাবুজিত মই আনন্দিত হৈছিলোঁ৷ মই এজন ঔপন্যাসিক হিচাপে সফল হৈছিলোঁ৷ পৰিস্থিতিৰ নৈতিক অস্পষ্টতা বজাই ৰখাত মই সফল হৈছিলোঁ৷ মই উপন্যাসখনৰ সাৰমৰ্মক কলা হিচাপে লৈ বিশ্বাস ৰাখিছিলোঁ – বিদ্ৰূপ৷ আৰু বিদ্ৰূপে বাৰ্তাক অকণো গুৰুত্ব নিদিয়ে!’

       তেওঁৰ লেখাসমূহ  বিভিন্ন ভাষালৈ অনূদিত হোৱাৰ লগতে তেওঁ আন্তৰ্জাতিক স্বীকৃতিও লাভ কৰিছে৷ কুন্দেৰাই ১৯৭৩ চনত  তেওঁৰ সাহিত্য কৰ্মৰ বাবে ফ্ৰেঞ্চ প্ৰি মেডিচি সন্মান, ১৯৭৯ চনত মণ্ডেল’ প্ৰাইজ আৰু  ১৯৮৫ চনত সন্মানীয় জেৰুজালেম বঁটা আৰু ১৯৮৭ চনত অষ্ট্ৰিয়াৰ ৰাষ্ট্ৰীয় বঁটা  লাভ কৰিছিল৷ ২০০০ চনত তেওঁ আন্তঃৰাষ্ট্ৰীয় হাৰ্ডাৰ প্ৰাইজ আৰু ২০০৭ চনত চ্চেক্‌ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে৷ ২০০৯ চনত তেওঁক প্ৰি মণ্ডিয়াল চিন’ ডেল ডুকা  প্ৰদান কৰা হয়৷ 

        কুন্দেৰাৰ কাব্যিক তথা বৃত্তধৰ্মী গদ্য, দাৰ্শনিক চিন্তাৰ কলাত্মাক প্ৰকাশ আৰু আখ্যানমূলক কথকতাৰ অনন্য মিশ্ৰণে পাঠকক মুগ্ধ কৰি ৰাখিছে আৰু মানৱ অভিজ্ঞতাৰ গভীৰ বুজাবুজিৰ প্ৰেৰণা যোগাইছে৷  কুন্দেৰাৰ শেষ উপন্যাস The Festival of Insignificance ২০১৫ চনত প্ৰকাশি পায়৷

        ২০১৯ চনত চ্চেক্‌ গণৰাজ্যৰ প্ৰধানমন্ত্ৰী আন্দ্ৰে বাবিছে সম্পূৰ্ণ ৪০ বছৰৰ পাছত কুন্দেৰাক চ্চেক্‌ গণৰাজ্যৰ নাগৰিকত্ব পুনৰ প্ৰদান কৰে৷ তাৰ এবছৰৰ পাছত ফ্ৰাঞ্চত থকা চ্চেক্‌ গণৰাজ্যৰ ৰাষ্ট্ৰদূতে কুণ্ডেৰাৰ নাগৰিকত্বৰ নথি প্ৰমাণ পত্ৰ প্ৰদান কৰি ইয়াক ‘এটা অতি গুৰুত্বপূৰ্ণ প্ৰতীকী ইংগিত, চ্চেক্‌ গণৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ লেখকৰ প্ৰতীকী প্ৰত্যাৱৰ্তন’ বুলি অভিহিত কৰে৷ নাগৰিকত্ব ঘূৰাই পোৱাৰ পাছত কুন্দেৰাক তেওঁৰ স্বদেশৰ সৰ্বোচ্ছ সাহিত্য বঁটাৰ বাবেও মনোনীত কৰা হয় আৰু চ্চেক্‌ সমাজ-সংস্কৃতিলৈ আগবঢ়োৱা অসাধাৰণ অৱদানৰ বাবে কুণ্ডেৰাক ফ্ৰাঁৎজ কাফ্কা বঁটাৰে সন্মানিত কৰা হৈছিল৷ ২০২১ চনত তেওঁক শ্লভেনিয়াৰ ৰাষ্ট্ৰপতিয়ে গল্ডেন অৰ্ডাৰ অৱ মেৰিট প্ৰদান কৰে।   

        ফ্ৰাঁৎজ্‌ কাফ্‌কাৰ আজীৱন প্ৰশংসক আছিল কুন্দেৰা৷ মেক্সিকান ঔপন্যাসিক কাৰ্লোছ ফুয়েণ্টেছে কৈছিল, ‘তেওঁ (কুন্দেৰা) যিটো আকৰ্ষণীয় বুলি বিৱেচনা কৰে সেয়া হৈছে সৰ্বাত্মকতাবাদ আৰু এক সুষম সমাজৰ আড়ম্বৰহীন আৰু আকৰ্ষণীয় সপোনৰ মাজৰ সাদৃশ্য য’ত ব্যক্তিগত জীৱন আৰু ৰাজহুৱা জীৱন গঢ় লৈ উঠে কিন্তু এক ঐক্য আৰু সকলো লোক একেটা ইচ্ছা আৰু একে বিশ্বাসৰ ওচৰত মিলিত হয়’৷ এই ক্ষেত্ৰত কুণ্ডেৰাক ফ্ৰাঁৎজ্‌ কাফ্‌কাৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত হোৱা যেন লাগে৷

         অতিশয় আশ্চৰ্যৰ বিষয় এয়ে যে অত্যন্ত প্ৰভাৱশালী এই বৰেণ্য লেখকজনে জীৱনকালত সাহিত্যৰ নোবেল বঁটা লাভ নকৰিলে৷ অৱশ্যে বঁটাই কাহানিও সাহিত্যৰ মূল্য নিৰূপণ কৰিব পৰা নাই। বিশ্বৰ সাহিত্য জগতৰ এগৰাকী এগৰাকী উজ্জ্বল নক্ষত্ৰ আৰু শ্ৰদ্ধাৰ ব্যক্তি হিচাপে তেওঁ সাহিত্যপ্ৰেমীৰ মাজত চিৰকাল অমৰ হৈ থাকিব৷

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ