(সাম্প্ৰতিক বানত মৃত্যুমুখত পৰা শিৱসাগৰ-চৰাইদেউ-যোৰহাট জিলাৰ চিনাক্ত হোৱা আৰু নোহোৱা তথা নিৰুদ্দিষ্ট হৈ থকা প্ৰতিজন লোকৰ নামত ‘অন্যযুগ’ৰ এই সংখ্যাটো শ্ৰদ্ধাৰে উৎসৰ্গা কৰিলোঁ৷)
অতিসম্প্ৰতি
শিৱসাগৰ-চৰাইদেউৰ পৰিৱেশ-পৰিস্থিতি সাধাৰণ বান-পৰিস্থিতি নহয়৷ ই আছিল বানৰ নামত
ৰাক্ষস৷ ইমান দিনে বানপানীৰ অভিজ্ঞতা যিসকলৰ আছিল সেইসকলৰ অভিজ্ঞতাতকৈও এই বানৰ
অভিজ্ঞতা বৰ্ণনাতীতভাৱে শোচনীয়৷ কাৰণ এই বন্যাক্ৰান্তসকলৰ বানৰ সৈতে খেলাৰ
অভিজ্ঞতা নাছিল, নাছিল প্ৰস্তুতিও৷ তাতোকৈ ডাঙৰ কথা, এই
বান লাহে লাহে নদীৰ বুকুৰ পৰা বাঢ়ি অহা বান নাছিল৷ ই আছিল পাহাৰৰ পৰা
ধ্বংসাত্মকভাৱে বাগৰি অহা বান৷
এতিয়া ৰাইজক
সহযোগ কৰাৰ সময়৷ তুচ্ছ ৰাজনীতি কৰাৰ সময় এয়া নহয়৷ এয়া ব্যৱসায় কৰাৰ সময়ো নহয়৷ এয়া
মানুহ হৈ দেখুউৱাৰ সময়৷
একে সময়তে এয়া
বিশ্বাসৰ পৰিৱেশ এটা ৰচনা কৰাৰ সময়ো৷ বান সাহায্যৰ নামত বিভিন্ন মঞ্চই ৰাইজৰ ধন
সংগ্ৰহ কৰিছে৷ সকলো ধনৰ সদ ব্যৱহাৰ নিশ্চিত কৰাৰ সময় এয়া৷
বিশেষকৈ
ছাত্ৰ-ছাত্ৰীসকলৰ অধ্যয়ন যাতে বাধাগ্ৰস্ত নহয় তালৈ যেন সংশ্লিষ্ট বিভাগৰ
কৰ্তৃপক্ষই চকু দিয়ে৷
পানী শুকোৱাৰ
লগে লগে মানুহৰ বিভিন্ন শাৰীৰিক সমস্যাৰ সৃষ্টি হয়৷ ইতিমধ্যে চাউল-দাইল, কাপোৰ-কানিৰ
লগতে পৰিৱেশ তথা শাৰীৰিক স্বাস্থ্যৰ পৰিচ্ছন্নতাৰ বাবে দৰকাৰী সামগ্ৰীও ৰাইজক
যোগান ধৰা উচিত৷ একে সময়তে বিপন্ন ৰাইজৰ মানসিক স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি
তেওঁলোকৰ অভাৱ-অনুভূতিক লৈ কোনো তুচ্ছ-তাচ্ছিল্যজাতীয় ব্যক্তিগত বা ৰাজনৈতিক
স্বাৰ্থজড়িত কথা-কাণ্ড নঘটাটো আটায়ে আশা কৰে৷
আমি সামান্য
মানুহ৷ বহুত কিবাকিবি দিবলৈ মন থাকিলেও দিব নোৱাৰোঁ৷ কিন্তু এটা কথা ভাবি নিজকে
আনন্দিত কৰি ৰাখোঁ যে বদৰুদ্দিন আজমল ডাঙৰীয়াই যি দিছে বা মহবুবুল হক
ডাঙৰীয়াই যিখিনি কৰিছে সিমানখিনিয়ে আমিও কৰিছোঁ৷ কাৰণ তেখেতলোকেও নিজে পৰাখিনি
কৰিছে, ময়ো নিজে বলে পৰাখিনি কৰিছোঁ৷ আটায়ে এনেকৈ ভাবক আৰু ৰাইজক সহায় কৰক৷
মন কৰিব, বন্যাক্ৰান্তৰ সহায়ৰ বাবে আগ বঢ়োৱা আপোনাৰ দহ টকাটোৰ মূল্য
ধনকুবেৰবোৰে সাঁচি থোৱা হাজাৰ হাজাৰ কোটি টকাতকৈ অধিক৷
আনহাতে ৰাজ্য
চৰকাৰে এই দুৰ্যোগত ক্ষতিগ্ৰস্তসকলক লৈ যিমান মানৱীয়তা প্ৰদৰ্শন কৰিব লাগিছিল
সিমান কৰা দেখা নগ’ল৷ আনহে নালাগে বিধান সভাৰ অধিৱেশনতো বিষয়টোৱে গুৰুত্ব লাভ
নকৰিলে৷ ইফালে সকলো সময়তে অসমৰ প্ৰতি মৰমৰ ধল বোৱাই ৰখা কেন্দ্ৰীয় চৰকাৰখনে আজি
পৰ্যন্ত বানত ক্ষতিগ্ৰস্তসকলক লৈ কোনো ৰাষ্ট্ৰীয় সাহায্য ঘোষণা
নকৰাটো লক্ষ্যণীয় দিশ৷
সাধাৰণ লোকৰ ক্ষতিক আজিকালি ক্ষতি বুলি ধৰা নহয়৷ যদিহে জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী বা বৰঝাৰৰ বিমান বন্দৰ বানৰ তাণ্ডৱত ক্ষতিগ্ৰস্ত হ’লহেঁতেন তেন্তে নিশ্চয় ৰাষ্ট্ৰীয় চৰকাৰৰ লগতে ডাঙৰ ডাঙৰ পুঁজিপতিসকলেও অসমৰ বানক গুৰুত্ব প্ৰদান কৰিলেহেঁতেন৷
কিন্তু পাঞ্জাব, দিল্লী, মুম্বাই, অন্ধ্ৰপ্ৰদেশ আদিৰ পৰা অসমৰ বন্যাক্ৰান্ত লোকসকলৰ সহায়ৰ উদ্দেশ্যে এখিনি মানৱীয় আৱেগ-অনুভূতিসম্পন্ন লোক আহি প্ৰমাণ কৰিছেহি যে পৃথিৱীত এতিয়াও মানুহ আছে৷
