অন্যযুগ/


সম্পাদকীয়


()
   ‘অন্যযুগআলোচনীখনে তৃতীয় বৰ্ষত ভৰি দিলে৷ তৃতীয় বৰ্ষৰ ৩য় সংখ্যাটো বিহু সংখ্যাৰূপে প্ৰকাশৰ ব্যৱস্থা কৰা হৈছিল৷ ২৩ মাৰ্চ ২০২০ তাৰিখে ছপাশালত দিবলৈ সাজু কৰা হৈছিল যদিও তলাবদ্ধ (Lockdown)-ৰ বাবে আমি থমকি ৰবলগীয়া হল৷ তেনেকৈ মেআৰু জুন মাহৰো সম্পূৰ্ণ সাজু হৈ উঠিল৷ কিন্তু পৰিস্থিতিয়ে সৃষ্টি কৰা সমস্যাক আমি অতিক্ৰম কৰিব নোৱাৰিলোঁ৷ সমস্যা অতিক্ৰম কৰিব পৰাটোৱেই জীৱন৷ সেয়ে ষ্টেনলি আৰ্নল্ডৰ এটা কথালৈ মনত পৰিল৷ আৰ্নল্ডে কৈছিল প্ৰতিটো সমস্যাৰ মাজতেই তাৰ সমাধানৰ বীজটো হেনো ওৰণি লৈ থাকে৷ সেয়ে অন্যযুগ’-ৰ প্ৰকাশনৰ উদ্‌গাতাসকলৰ লগত পৰামৰ্শ কৰাৰ লগতে আমাৰ সহৃদয় হৃদয়-সংবাদী পাঠকসকলৰ লগত আলোচনা কৰি অনলাইন সংস্কৰণ প্ৰকাশৰ সিদ্ধান্ত কৰা হল৷ সেয়ে এপ্ৰিল, মেআৰু জুন মাহৰ তিনিওটা সংখ্যা একেলগে প্ৰকাশ কৰা হৈছে৷ বিজ্ঞান আৰু প্ৰযুক্তিয়ে সমগ্ৰ বিশ্বৰ ব্যৱহাৰিক জীৱনক একেআাগী ৰূপ দ্ৰুততাৰে দান কৰিছে৷ ইয়াৰ ফলত মানৱ জাতিৰ মানসিকতাও প্ৰায় একাকাৰ হৈ পৰিছে৷ এনে এক পৰিস্থিতিয়ে বিজ্ঞান, প্ৰযুক্তি আৰু ঐতিহ্যৰ সংমিশ্ৰণৰ পটভূমিত এক নতুন যুগৰ আৰম্ভণি‍ ঘটাইছে৷ নতুন যুগে কঢ়িয়াই অনা বৌদ্ধিক আৰু ব্যৱহাৰিক সম্পদ গ্ৰহণ কৰিও অন্যযু’-এ ঐতিহ্যৰ লগত সম্পৰ্ক বিচ্ছিন্ন নকৰে৷ আধুনিক জীৱনৰ সকলো সমল লৈও বিজ্ঞানমনষ্কতাৰে ঐতিহ্যৰ মৌলিক শক্তিক চিনি পাব পৰা মানসিকতাৰে আধুনিক জীৱন যাপন কৰিবলৈ আধুনিক জীৱন এটা আমাক লাগে৷ অন্যযুগ’-ৰ লেখাৰ মাজত নতুন যুগৰ প্ৰতিফলন ঘটিব চিন্তা, কৰ্ম, সাহিত্য, ভাষাৰ মাজত৷ গতিকে অন্যযুগযুগৰ প্ৰতিনিধি হব খোজে৷ সময়ে লৈ অহা সকলো সমস্যাৰ সমাধান আৰু সময়ে লৈ অহা সকলো প্ৰশ্নৰ উত্তৰ দিব খোজে৷ আমি সম্পূৰ্ণ আধুনিক হৈও যাতে শুদ্ধ পথেৰে ভাবী কালৰ সাধকসকলক আগবঢ়াই নিব পাৰোঁ, তাৰ বাবেই এই নতুন সুযোগ আমি গ্ৰহণ কৰিছোঁ৷ যোৰহাটৰ অনুকূল বৌদ্ধিক পৰিৱেশেও আমাক উৎসাহিত কৰিছে৷

   অনলাইন সংস্কৰণসমূহ www.anyayug.com-ত পঢ়িবলৈ পাব৷ Google Play Store-ৰ পৰা অন্যযুগ এপ্‌টি ডাউনল’ড কৰিও পঢ়ুৱৈসকলে‍ আলোচনীখন পঢ়িব পাৰিব৷

()
   কৰনা মহামাৰীয়ে অসমীয়া ভাষাৰ অন্দৰমহলত সোমাই বৰপীৰাত বহা কেইটামান শব্দ লিখোঁতে বহুতে বেলেগ বেলেগ বানান ব্যৱহাৰ কৰে৷ অন্যযুগ’-এ বিজ্ঞানসন্মত বিচাৰেৰে তলত দিয়াৰ দৰে শব্দ ব্যৱহাৰ কৰিব
ৰনা,
অন্তৰীণ— Quarentine (কোৱাৰেণ্টিন্‌)
থাৰ্মটেষ্ট (তাপ বা তাপীয় পৰীক্ষা)
ৰেপিড্‌টেষ্ট (দ্ৰুত পৰীক্ষা)
চিয়েল ডিষ্টেঞ্চ— (Social distance) সামাজিক আৰু শাৰীৰিক দূৰত্ব৷
লকডাউনতলাবদ্ধ
প্লাজমা (পদাৰ্থ বিজ্ঞানত পদাৰ্থৰ চতুৰ্থ অৱস্থা, জীৱবিজ্ঞানত তেজৰ প্ৰায় হালধীয়া তৰল ভাগ, ৰক্তৰস বা প্লাৱিকা)

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ