অন্যযুগ/


চিন্তাবৃত্তিৰ উৎকৰ্ষ, জাতীয় স্বাভিমান আদিৰ প্ৰসঙ্গত


          মানুহৰ চিন্তাবৃত্তিৰ ক্ৰমশঃ উৎকৰ্ষৰ প্ৰমাণ আমি আমাৰ ইতিহাসৰ আদিতম বিন্দুটোৰপৰা বিভিন্ন সময়ত মানুহে কৰা বিভিন্ন কাম-কাজৰ জৰিয়তে পাই আহিছোঁ৷ প্ৰকৃততে মানুহৰ মস্তিষ্কৰ যি প্ৰশ্নশীলতা আৰু সৃজনীমূলক চেতনা তাৰপৰাই মানৱ সভ্যতাৰ অগ্ৰগতি হোৱা বুলি ক’ব পাৰি৷ প্ৰশ্নশীলতাৰ বাবেই মানুহে নজনাক জানিবলৈ নানান প্ৰয়াস অব্যাহত ৰাখিছে আৰু সৃজনীমূলক চেতনাৰ বাবেই প্ৰতিটো কাম সুন্দৰভাৱে কৰিবলৈ যত্ন কৰি আহিছে৷ এনে যত্নত সদায়ে যে মানুহে সফলতাকে লাভ কৰিছে তেনে নহয়৷ কিন্তু বিফলতাৰ উদাহৰণবোৰেও মানুহক হতাশ কৰাৰ পৰিৱৰ্তে একোজন শিক্ষক হৈ ন ন পাঠহে শিকাইছে৷

অলপতে (২৩ আগষ্ট, ২০২৩) ভাৰতবৰ্ষৰ মহাকাশ সংস্থা ‘ইছৰো’ৱে চন্দ্ৰপৃষ্ঠৰ অজস্ৰ প্ৰকাণ্ড প্ৰকাণ্ড গাঁত আৰু পৰ্বতেৰে ভৰা দক্ষিণ মেৰু অঞ্চলত চন্দ্ৰযান-৩ নামৰ মহাকাশযানখন অৱতৰণ কৰালে সফলভাৱে৷ ইয়াৰ পূৰ্বৰ চন্দ্ৰযান-ৰ অভিযান সফল হোৱাৰ পৰিৱৰ্তে চন্দ্ৰযান-২ অভিযান আংশিকভাৱেহে সফল হৈছিল৷ চন্দ্ৰযান-২ অভিযানৰ বিফলতাই ‘ইছৰো’ৰ বিজ্ঞানীসকলক এনেভাৱে শিক্ষিত কৰি তুলিলে যে এইবাৰৰ চন্দ্ৰযান-৩ অভিযানৰ একেবাৰে জটিল সময়ছোৱা (অন্তিম ১৯ মিনিট) বেঙ্গালুৰুস্থিত নিয়ন্ত্ৰণ কক্ষত বহি বিজ্ঞানীসকলে কেৱল চাইহে থাকিল, অৱতৰণৰ কাম চন্দ্ৰযানে নিজেই সম্পূৰ্ণ নিৰ্ভুলভাৱে, সঠিক সময়তে সমাধা কৰিলে৷ ই নিশ্চিতভাৱে বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ জগতখনৰ বাবে গুৰুত্বপূৰ্ণ বাতৰি৷

মন কৰিব লাগিব, প্ৰায় তিনি বছৰৰ পূৰ্বে চীনদেশে চন্দ্ৰপৃষ্ঠত যি চেঙ্গি-২ নামৰ যান অৱতৰণ কৰাইছিল তাৰ খৰচ আছিল প্ৰায় ১২৫ মিলিয়ন ডলাৰ৷ যোৱা ১১ আগষ্ট, ২৩ তাৰিখে সমগ্ৰ বিশ্বকে চমক খুৱাই চন্দ্ৰযান -৩ তকৈ দুদিন পূৰ্বেই চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুৰ ওচৰত অৱতৰণ কৰিব বুলি ৰাছিয়াই উৎক্ষেপণ কৰা লুনা-২৫ অভিযানৰ খৰচ আছিল প্ৰায় ১৯৪ মিলিয়ন ডলাৰ৷ আনহাতে ভাৰতৰ চন্দ্ৰযান-৩ অভিযানৰ খৰচ কেৱল প্ৰায় ৭৫ মিলিয়ন ডলাৰ৷ মন কৰিবলগীয়া যে চীনা অভিযানটোত অৱতৰণস্থলী আছিল চন্দ্ৰৰ বিষুৱীয় অঞ্চল, যাৰ তুলনাত দক্ষিণ মেৰু অঞ্চলত অৱতৰণ অতিকে প্ৰত্যাহ্বানযুক্ত আছিল৷ ৰাছিয়াৰ অভিযানটো ইতিমধ্যে সমূলি বিফল হ’ল৷ 

এইখিনি যোৱা কিছুদিনত মানুহৰ মুখে মুখে বাগৰি ফুৰা হোৱা তথ্য৷ তথাপি ইয়াত পুনৰাই এই একেখিনি তথ্য দাঙি ধৰাৰ তাৎপৰ্য আছে৷ এইখিনি তথ্যই প্ৰমাণ কৰিছে যে কেৱল ধন থাকিলেই কোনো বিৰাট কৰ্মযজ্ঞত সফল হ’ব নোৱাৰি৷ একেদৰেই একাগ্ৰতাৰে লাগি থাকিব পাৰিলে যে মানুহে সফলতাৰ আনন্দ লাভ কৰিবই– এই সত্যও উপৰি উক্ত তথ্যখিনিয়ে দাঙি ধৰিলে৷

এতিয়া অহা যাওক আচল কথালৈ৷ যিসকল বিজ্ঞানীয়ে চন্দ্ৰযান অভিযানৰ সফলতাৰ বাবে অপৰিসীম কষ্ট কৰিলে সেইসকলে কি বিচাৰে? এনে অভিযানৰ সফলতাই তেওঁলোককনো ব্যক্তিগতভাৱে কি দিব? এই প্ৰশ্ন উত্থাপন কৰাৰ কাৰণ এয়ে যে চন্দ্ৰযান-৩ অভিযানৰ খৰচতকৈ বহু বেছি ধন খৰচী বিভিন্ন আঁচনি আমাৰ দেশখনত ৰূপায়ণ কৰি অহা হৈছে যদিও খৰচ অনুপাতে আঁচনিবোৰে ফল কমকৈ দিয়া দেখা যায়৷ বহু সময়ত বহু হাজাৰ কোটিটকীয়া কেলেংকাৰী আদিৰ বিষয়েও শুনিবলৈ পোৱা যায়৷ প্ৰশ্ন হয়, অতি জটিল গণিতক আধাৰ কৰি অনেক সূক্ষ্মাতিসূক্ষ্ম উপকৰণেৰে অতি সাৱধানে মহাকাশ অভিযান এটাৰ বিভিন্ন অঙ্গবোৰ নিৰ্মাণ কৰা হয় য’ত সামান্য চুলি এডালেও অথন্তৰ ঘটাব পাৰে৷ তেনেহেন অভিযানো দেখোন আমাৰ নিচিনা কেইজনমান মানুহেই সফলভাৱে সমাপণ কৰিছে৷ তাৰ বিপৰীতে, উদাহৰণস্বৰূপে আমিনো শ কোটি বা হাজাৰ কোটিটকীয়া দলং একোখন ভালৰো ভালকৈ নিৰ্মাণ কৰিব নোৱাৰোঁ কিয়? আমি নিৰ্মাণ কৰা নগৰৰ পদপথবোৰ মসৃণ নহয় কিয়? বিভিন্ন চৰকাৰী অনুদানৰ ধনেৰে নিৰ্মাণ কৰা আমাৰ বিদ্যালয়, সংঘৰ কাৰ্যালয়, পঞ্চায়তৰ কাৰ্যালয় আদি লক্ষ্য কৰিলে আমাৰ চকু কপালত উঠে৷ কাৰণ, খৰচ হোৱা ধনৰ পৰিমাণৰ সৈতে হৈ উঠা কামৰ মান লক্ষ্য কৰি আমি পতিয়ন যাওঁ যে নিশ্চয় কামখিনি যেনেদৰে কৰিব লাগিছিল তেনেদৰে কৰা হোৱা নাই৷

এইবোৰনো কিহৰ লক্ষণ? আমাৰ নিচিনা সাধাৰণ মানুহৰ কাৰণে ‘ইছৰো’ৰ বিজ্ঞানীসকল বিশেষ শ্ৰদ্ধাৰ পাত্ৰ আৰু অনুসন্ধিৎসাৰ বিষয়৷ কিন্তু তেওঁলোকৰ জীৱন যাপনৰ সৰল পদ্ধতি দেখি আমি আচৰিত হওঁ৷ তেওঁলোকৰ ব্যক্তিগত পিন্ধন-উৰণ, কথা-বতৰা, তেওঁলোকে ব্যৱহাৰ কৰা গাড়ী-মটৰবোৰ লক্ষ্য কৰি আমি হতভম্ব হওঁ৷ বৈষয়িকভাৱে তেনেই সাধাৰণ জীৱন যাপন কৰিও তেওঁলোকে আমাৰ দেশখনক গৌৰৱান্বিত কৰি তুলিছে৷ আনহাতে তেওঁলোকৰ তুলনাত দেশৰ প্ৰতি, নিজৰ সমাজখনৰ প্ৰতি একো বিশেষ অৰিহণা আগ বঢ়োৱাৰ কথা নাভাবি আমি আহৰণ কৰিবলৈ যত্নপৰ হওঁ পৰ্বতসম বস্তুগত বৈভৱ৷ এনে প্ৰৱণতাৰ কাৰণেই আমি কৌশলেৰে আনৰ ধনৰ অংশ কাঢ়ি সেই ধনেৰে নিজৰ কাৰণে সোণৰ সৌধ গঢ়িব খোজোঁ!

কিয় এনে হয় বা হৈছে? এটা সৰু উদাহৰণ লক্ষ্য কৰোঁ৷ সৰু-বৰ প্ৰায়বোৰ চহৰৰে তিনিআলি-চাৰিআলিবোৰত ট্ৰেফিক সঙ্কেতৰ ৰঙা-হালধীয়া-সেউজীয়া লাইটৰ নিৰ্দেশনা আমি কেনেকৈ পালন কৰোঁ? অথবা চহৰৰ ব্যস্ত ৰাস্তাত থকা জেব্ৰা ক্ৰছিংবোৰত আমি কেনে আচৰণ প্ৰদৰ্শন কৰোঁ? ৰঙা লাইটটো নুমাই সেউজীয়া হ’বলৈ নৌপাওতেই গাড়ী-মটৰ চলাই দিয়া, জেব্ৰা ক্ৰছিঙতো গাড়ী-মটৰৰ বেগ সামান্য কমাবলৈও অনিচ্ছুক আমাৰ সমাজৰ প্ৰায় সৰহ সংখ্যক লোক৷ অৰ্থাৎ আমি আমাৰ বাবেই প্ৰস্তুত কৰি লোৱা নিয়মবোৰ পালন কৰিবলৈ আগ্ৰহী নহওঁ! অথচ আমি প্ৰত্যেকেই কামনা কৰোঁ, আমাৰ সমাজখন সুস্থভাৱে চলক, আটায়ে উপযুক্ত নীতি-নিয়মবোৰ পালন কৰি সমাজখন সুন্দৰ কৰি তোলক! এতিয়া প্ৰশ্ন হৈছে, সমাজখন সুস্থ তথা সুন্দৰ কৰি ৰখাৰ দায়িত্ব যদি মোৰ নহয়, মোৰ কাষত থকাজনৰ বুলিয়ে আটায়ে ভাবে, তেন্তে সমাজখনৰ স্বৰূপ কেনে হ’ব পাৰে? মোৰ ঘৰখন ধুনীয়া হৈ থাকক আৰু মোৰ ঘৰৰ গেলা-পঁচা সামগ্ৰীৰে কাষৰ ঘৰৰ চৌহদ ভৰি থাকক বুলি যি মানসিকতাই আমাৰ সমাজখনৰ প্ৰায়ভাগ মানুহৰ মনত শিপা মেলিছে সিয়েই প্ৰকৃততে আমাৰ সমাজখনৰ ভিতৰ ফোপোলা স্বৰূপটো উদঙাই দিছে৷ এনে মানসিকতাৰে আমি যিমানেই জাতীয়তা বা ৰাষ্ট্ৰীয়তা ৰক্ষাৰ শ্ল’গান নিদিওঁ কিয় সি ভণ্ডামিৰহে নামান্তৰ৷ এনেকুৱা অনুশীলনৰ যোগেদি আমি এটা অশিষ্ট, বৰ্বৰ জাতি হিচাপেহে পৰিচয় দিবলৈ সক্ষম হ’ম। এবাৰ নৰ্থ ইষ্ট য়ুনাইেটড ফুটবল দলৰ হৈ খেলিবলৈ অহা এজন স্পেনিশ্ব খেলুৱৈয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত স্পষ্টকৈয়ে কৈছিল যে আমাৰ ইয়াৰ মানুহে গাড়ী-মটৰ চলাওঁতে ব্ৰেক ধৰাতকৈ হৰ্ন বজাই বেছি ভাল পায়! ই নিশ্চিতভাৱে আমাৰ জাতীয় লজ্জাবোধৰ বিষয় হ’ব লাগিছিল। কিন্তু আমি হৈছোঁ লাজলগা বিষয়ক লৈ গৌৰৱ কৰিব জনা জাতি!

উত্থাপন কৰিব খোজা প্ৰসঙ্গটো হৈছে জাতীয় স্বাভিমানৰ৷ এই স্বাভিমানক আমি ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক দুয়োটা স্তৰতে লক্ষ্য কৰিব পাৰোঁ৷ পৰমুখাপেক্ষী দেশ এখন যে দেশ হিচাপে জী থাকিব নোৱাৰে সেয়া উপলব্ধি কৰিবলৈ আমাৰ কাষৰীয়া পাকিস্তানলৈ চালেই হয়৷ পিছে ভাৰতো সকলো ক্ষেত্ৰতে স্বনিৰ্ভৰশীল হ’ব পৰা নাই৷ অৱশ্যে লাহে লাহে সম্ভাৱনাৰ কুঁহিপাত মেলিছে আৰু আমাৰ দেশখনে নিজকে স্বনিৰ্ভৰশীল কৰি তুলিবলৈ আগ বাঢ়িছে৷ ই নিশ্চিতভাৱে ইতিবাচক লক্ষণ৷ পিছে পৰিকল্পনা বা আঁচনিক বাস্তৱত ৰূপায়িত কৰোঁতেও সংশ্লিষ্টসকলে সততাৰ পৰিচয় দিব পাৰিব লাগিব, কাৰিকৰীভাৱে দক্ষ লোকসকলে নিজৰ সৰ্বোত্তম প্ৰতিভাক দেশৰ সেৱাৰ্থে নিয়োজিত কৰিব পাৰিব লাগিব৷ এই ক্ষেত্ৰতে প্ৰথম চৰ্তটো হৈছে ‘নিয়ম মানি চলাটো৷ মোৰ ওপৰত আৰোপিত দায়িত্ব নিষ্ঠা সহকাৰে পালন কৰা মানেই নিয়ম মানি চলা৷

ৰাজ্যিক স্তৰত আমি জাতীয় স্বাভিমানৰ অতি দুৰ্দশাগ্ৰস্ত বাস্তৱ লক্ষ্য কৰোঁ আৰু ভৱিষ্যতৰ কথা ভাবি আতঙ্কিত হওঁ৷ খাদ্য, বস্ত্ৰ, বাসস্থান (স্থানকণক বাদ দি প্ৰায়খিনি নিৰ্মাণ সামগ্ৰীয়ে য’ত নিজৰ ঠাইত উৎপাদিত নহয়)-ৰ বেলিকাই আমি পৰমুখাপেক্ষী৷ এনে অৱস্থাত আমি কি কি দিশতনো প্ৰতিভাৰ  প্ৰমাণ দিব পাৰিম? শেহতীয়া কিছু বছৰত অসমীয়া মানুহৰ কৰ্মবিমুখিতা দ্ৰুত গতিত বৃদ্ধি হৈছে৷ এনে অৱস্থা অব্যাহত থাকিলে অসমৰ মানুহৰ জীৱনৰ সামগ্ৰিক মান সাম্প্ৰতিক সময়ৰ পাকিস্তানৰ নাগৰিকৰ দৰে হ’বগৈ পাৰে৷ গতিকে পলম নৌ হওঁতেই অসমীয়া মানুহে জাতীয় স্বাভিমানৰ স্বৰূপ উপলব্ধি কৰিবলৈ যত্ন কৰা উচিত৷  

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ