অন্যযুগ/


নদীয়ে পথাৰক বলাৎকাৰ কৰে জানো ?

 

কবি নৱকান্ত বৰুৱাৰ জন্মৰ শততম এই বছৰটোত (২৯ ডিচেম্বৰ ১৯২৬–১৪ জুলাই ২০০২) আমাৰ আশ-পাশৰ ঘটনাৱলীয়ে কবিতাৰ মাজেদি মানুহৰ ভৱিতব্য সম্পৰ্কে তেওঁৰ পূৰ্বধাৰণা সঁচা বুলি আকৌ এবাৰ প্ৰমাণ কৰিছে৷ যি প্ৰকৃতিক আমি মাতৃ বুলি কওঁ, প্ৰকৃততে সেই প্ৰকৃতিক আমি মাতৃ বুলি মানি চলিছোঁনে? শেহতীয়াকৈ শিৱসাগৰ-নাজিৰাৰ বান, নেপালৰ বান আদিয়ে যেন সন্তানৰ অত্যাচাৰ সহি সহি এটা সময়ত অতিষ্ঠ হৈ উঠা মাতৃগৰাকীৰ কথাকে কৈছে৷

কবি নৱকান্তই সৌ কাহানিবাতে লিখি থৈ যোৱা ‘ইয়াত নদী আছিল’ কবিতাটোৰ আৰম্ভণিটো যেন অতিসম্প্ৰতি নিষ্ঠুৰ সত্য হৈ উঠিছে৷ 

পথাৰখনক শস্যসম্ভৱা হোৱাত সাধাৰণতে নদীৰ ধলে, সেই ধলত উটি অহা পলসে সহায় কৰে৷ তাৰ বিপৰীতটো যদি হয়? নদীয়ে যদি বলাৎকাৰ কৰে পথাৰক আৰু সেই কাৰ্যৰদ্বাৰা ওপজাৰ আগন্তুক হোৱা পথাৰৰ সন্তানক যদি কবৰ দিয়ে?  সাগৰ- নিজে তাৰ তীৰৰ নগৰখনৰ প্ৰাণশক্তি৷ সেই সাগৰেই যদি আকস্মাতে নগৰখন মহটিয়াই পেলায়? ক’বলৈকে অস্বাভাৱিক যেন লগা এনে ঘটনাৱলী কবিয়ে দেখিছোঁ আৰু শুনিছোঁ বুলি কৈছে -

      দেখিছো নদীৰ ঢলে [ধলে?] বলাৎকাৰ কৰা পথাৰক

      পলসে কবৰ দিয়া গৰ্ভৱতী শস্যৰ সন্তান,

      শুনিছো সিন্ধুৰ বানে নিমিষতে নগৰক

      আত্মসাৎ কৰি

      এৰি থৈ গুচি যোৱা শ্মশানৰ প্ৰশান্তিৰ গান৷

ইয়াত দেখাটো কবিৰ প্ৰত্যক্ষ অভিজ্ঞতা আৰু শুনাটো পৰোক্ষ৷ কিন্তু এনে ঘটনা নঘটাকৈ থকা নাই, বৰং ঘটিয়ে আছে আৰু লাহে লাহে এনে ঘটনা বাঢ়িবলৈহে ধৰিছে– এইটো অতিশয় গুৰুত্বপূৰ্ণ কথা৷ প্ৰকৃতিৰ বিপৰীত দিশত ঘটনাবোৰ ঘটিছে৷ প্ৰাকৃতিকভাৱে যি স্বাভাৱিক সি ঘটা নাই; যি অস্বাভাৱিক সিহে ঘটিছে৷ এনে সংঘাতৰ আঁৰত কি আছে? এই প্ৰশ্নটো উপস্থাপন কৰি অঁতাই কবি নৱকান্তই যত্ন কৰিছে ইয়াৰ উত্তৰ বিচাৰিবলৈ৷

মানুহে পৃথিৱী বা জগৎ বুলি যাৰ কথা ভাবে, সি আচলতে মানুহৰ স্বাৰ্থজড়িত জগৎ৷ জগতৰ যিখিনি অংশৰ সৈতে মানুহৰ স্বাৰ্থ জড়িত হৈ আছে সেই অংশক লৈয়ে মানুহে চিন্তা-চৰ্চা কৰে; সেই অংশক লৈয়ে ঘূৰে মানুহৰ ভূত-ভৱিষ্যতৰ কালচক্ৰ৷ মানুহ বৰ আচৰিত প্ৰাণী৷ সম্ভৱতঃ মানুহৰ নিচিনাকৈ কোনেও কেৱল নিজৰ স্বাৰ্থপূৰণৰ হেতু জগত-প্ৰপঞ্চৰ বাকী অংশখিনিক অপকাৰ নকৰে৷ পিছে শ্লেষাত্মকভাৱে, নিজৰ পৰিপূৰ্ণতাৰ হকে বা নিজৰ বিনোদনৰ হকে মানুহে কৰা ধবংসাত্মক কাৰ্যৰ ভয়াৱহ পৰিণাম মানুহে নিজেই ভোগ কৰে; কৰিবলগীয়া হয়৷ উদাহৰণস্বৰূপে আধুনিকতাৰ নামত, সভ্যতাৰ নামত মানুহে প্ৰকৃতিজগতৰ যি ক্ষতিসাধন কৰিছে, তাৰ ভয়াৱহ প্ৰতিফল হিচাপে মানুহে ইতিমধ্যেই নানান দুৰ্ভোগ ভুগিবলৈ আৰম্ভ কৰিছে৷ অৱশ্যে আলোচ্যমাণ কবিতাটোৰ বিষয়বস্তু মানুহে ধবংস কৰা বহিঃপ্ৰকৃতি নহয়৷ ইয়াত যিখন নদীৰ কথা কোৱা হৈছে সেইখন মনৰ নদীমানৱীয় গুণ-বিশেষত্বৰ নদী৷ মানুহে আচৰণ কৰা অমানুষিকতাৰ ফলত মানুহেই ক্ৰমশঃ হেৰুৱাই পেলাব খুজিছে ‘মানুহ’ শব্দটোৱে বহন কৰিব পৰা পৰিচয়৷

কবিয়ে লিখিছে –

      উদগ্ৰ ধবংসৰ নিচা, লোভৰ কুটিল দুঃসাহস

      ছলনাৰ জীৱন্ত ধেমালি আৰু পাপৰ কুৎসিৎ অভিসাৰ-

      তাৰো সৌন্দৰ্যই মোক দিছিল স্বপ্নৰ জাল ৰচি,

      কাৰণ মই যে দিওঁ দুঃস্বপ্নকো স্বপ্নৰ মৰ্যাদা;

      সিও বন্দী সূৰ্যকণা,

      আহিছিল ভাঙি-ছিঙি পৃথিৱীৰ কঠিন জৰায়ু৷

মানুহে অপকৰ্ম কৰে কেতিয়াবা নাজানি, কিন্তু প্ৰায়ক্ষেত্ৰতে জানি-বুজি৷ উদাহৰণ, দৰমহাৰ উপৰি উৎকোচ লোৱা, আনৰ মাটিৰ সীমা ঠেলি নিজৰ মাটি-সম্পত্তি বঢ়োৱা, সম্পদ আহৰণৰ নামত প্ৰকৃতিৰ ওপৰত লুণ্ঠন চলোৱা আদি মানুহেতো জানি-বুজিয়েই কৰে৷ কবিয়ে প্ৰথম পুৰুষত কৈছে, অপকাৰ্য বুলি তেওঁ নিজে বিৱেচনা কৰা বহু কাম তেওঁ ইতিমধ্যে কৰি আহিছে৷ তেওঁ যেতিয়া তেনে অপকাৰ্য কৰিছিল তেতিয়া তাৰ মাজত তেওঁ এক ধৰণৰ অমানুষিক আনন্দ  লাভ কৰিছিল৷ সেইবোৰ কৃত কাৰ্যৰ বাবে তেওঁ যে দুৰ্বহ পৰিণাম মূৰ পাতি ল’ব লগাত পৰিব, এয়া তেওঁ জানে৷ তেওঁ পলাব খোজা নাই, দায় সাৰিব খোজা নাই৷ পৰম সাহসেৰে তেওঁ কৈছে যে, একালৰ কৰ্মৰ বাবে যি ভুগিবলগীয়া আছে  তাক তেওঁ হাঁহিমুখে গ্ৰহণ কৰিব পাৰিব– “কাৰণ মই যে দিওঁ দুঃস্বপ্নকো স্বপ্নৰ মযাৰ্দা৷” পিছে এই সাহস তেওঁ অনায়াসে অৰ্জন কৰিব পৰা নাই৷ ইয়াৰ বাবে তেওঁ বহু কষ্ট স্বীকাৰ কৰিবলগীয়া হৈছে৷ এই সাহস ক’ৰবাত ‘বন্দী সূৰ্যকণা’; ইয়াৰ জন্মৰ আঁৰত ‘পৃথিৱীৰ কঠিন জৰায়ু’ ভাঙি-ছিঙি যোৱাৰ ইতিহাস আছে– ই যেন পৃথিৱীৰ কঠিন খোলা ভাঙি মানুহে আহৰণ কৰা মানুহ মৰাৰ ব্ৰহ্মাস্ত্ৰ গঢ়াৰ আধাৰ– তেজঃক্ৰিয় ইউৰেনিয়াম, প্লুট’নিয়াম আদি আহৰণ কৰাৰ দৰে! কবিয়ে কোৱা পৃথিৱীখন মাটি-পানীৰ এই গ্ৰহটোৱেই নহয়৷ ই হৈছে কবিৰ কৰ্ম-ফল-অভিজ্ঞতা-চিন্তা-সম্পৰ্ক আদিৰ মাজত দুলি থকা এখন বিমূৰ্ত পৃথিৱী৷

কবিতাটোৰ শেষৰ ফালে কবিয়ে কৈছে–

      এইদৰে শেষ হোৱা ... এই যে ৰোমাঞ্চ মৰণৰ

      ইযে প্ৰৌঢ়া ৰমণীৰ ৰমণ-বিলাস, অনভিজ্ঞ

      কিশোৰৰ স’তে৷ য’ত

      গ্লানিৰ অতৃপ্তি নাই, তৃপ্তিৰ অশান্তি নাই,

      ধবংসৰ সৌন্দৰ্য নাই, কেৱল ক্ষয়ৰ অবিলতা

      অনায়াস গ্ৰহণৰ কেৱল ক্লীৱতা

কবিয়ে অঁকা ছবিখন বৰ ব্যতিক্ৰমধৰ্মী আৰু সাহসী৷ প্ৰৌঢ়া ৰমণীৰ উৎকট বাসনাৰ চিকাৰ হোৱা অনভিজ্ঞ কিশোৰটোৰ ভৱিষ্যতৰ ভয়াৱহতাৰ ইঙ্গিত ইয়াত আছে৷ তৃপ্তি-অতৃপ্তি, সৃষ্টি-সম্ভাৱনা, অতীত-ভৱিষ্যত ইয়াত একো নাই, আছে মাত্ৰ এক ক্ষয়িষ্ণু বৰ্তমান৷ অনায়াসে গ্ৰহণ কৰাৰ ক্লীৱত্ব দুয়োটা চৰিত্ৰৰে বিশেষত্ব৷ এক মানসিকভাৱে বিকৃতা ৰমণীৰ প্ৰৌঢ় শৰীৰৰ কামনা চৰিতাৰ্থ কৰিবলৈ উঠি অহা কিশোৰটোক ব্যৱহাৰ কৰাটো কেৱল সেই দুজন ব্যক্তিৰ জীৱনতে ঘটা ঘটনা নহয়৷ ই আচলতে মানুহৰ জীৱনৰ সৈতে সম্পৰ্ক থকা প্ৰায়বোৰ ক্ষেত্ৰৰে বাস্তৱতা৷ ব্যক্তিৰ গোপন জীৱনৰপৰা সমাজ-জীৱনৰ বিভিন্ন স্তৰত এনে অলেখ ঘটনা ঘটে৷ এই ঘটনাবোৰৰ পৰিসৰ বৰ সংকীৰ্ণ হ’লেও সিবিলাকে সৃষ্টি কৰা ফল বৰ মাৰাত্মক৷ প্ৰৌঢ়া ৰমণীগৰাকীয়ে গৰ্ভধাৰণ কৰিব খোজা নাই, কিন্তু কিশোৰ হ’লেও এজন পুৰুষৰ সান্নিধ্য সুখ লভিছে৷ কিশোৰটোৱে নাজানে সি কিহত প্ৰবৃত্ত হৈছে, কিন্তু সি ক্ৰমশঃ এক অস্বাভাৱিক গোপন জীৱনত অভ্যস্ত হৈ পৰিছে৷ কল্পনা কৰিব পাৰি, কিছু বছৰৰ পাছত যেতিয়া সেই প্ৰৌঢ়াগৰাকীৰ শৰীৰে তাৰ সঙ্গ নিবিচৰা হ’ব, তেতিয়ালৈকে সি হৈ উঠিব যুৱক৷ আৰু তাৰ পাছত সি কি কৰিব? অস্বাভাৱিক যৌনজীৱন এটাই তাক কৰি তুলিব অসুখী, হয়তো তাৰ জীৱনলৈ অহা এগৰাকী মহিলাও হ’ব অসুখী৷ সেই মহিলায়ো পুনৰ এটা বেলেগ পথ ল’ব – আনৰ সান্নিধ্য বিচৰাৰ৷ মুঠৰ ওপৰত, এনে অস্বাভাৱিকতা, ক্ষয়িষ্ণুতা চক্ৰৱৎ চলি থাকিব! কি ভয়াৱহ আত্মপ্ৰৱঞ্চনা আৰু আত্মনিপীড়ণ মানুহৰ! যিখন জগৎ ক্ৰমশঃ ক্ষয়প্ৰাপ্ত হ’বলৈ আগবাঢ়িছে সেইখন জগতৰ মন্থৰ গতিত হোৱা পৰিৱৰ্তনবোৰক প্ৰায়ে আমি সুন্দৰ ৰূপত দেখোঁ – লাহে লাহে কিন্তু তাৰ ধবংসাত্মক স্বৰূপ আমাৰ মনত স্পষ্ট হৈ পৰে৷ আধুনিকতা বোলা বস্তুটোৱে মানুহৰ জীৱনটো আৰামদায়ক কৰি তুলিব পাৰে, কিন্তু এই আৰামেই ক্ৰমশঃ মানুহৰ কাৰণে অশুভ বাৰ্তা কঢ়িয়াই আনে৷ ই কবিতাটোৰ বিষয় নহয়, কাব্য বিষয়ৰ উপলব্ধিৰ অৰ্থে দাঙি ধৰা এটা উদাহৰণহে৷ কবিয়ে এই কথা কৈছে এনেকৈ –

      বালিৰ বতাহে জানো পাহাৰত ভাস্কৰ্য গঢ়েহি?

      গঢ়ে বিভীষিকা৷

কাৰোবাৰ ব্যক্তিগত সম্পদ আহৰণৰ সপোনে জানো পৃথিৱীখন ধুনীয়া কৰিব পাৰে? নোৱাৰে৷ সেই সম্পদৰ লোভত বন্দীজনেই (একাধিক ব্যক্তি বা ব্যক্তিৰে সংগঠিত সংৰচনাও হ’ব বাৰে) প্ৰকৃততে প্ৰকৃতি মাতৃক বলাৎকাৰ কৰোঁতা৷ তেনে শক্তিৰ বাবেই প্ৰকৃতি মাজে মাজে ক্ষুব্ধ হৈ উঠে, মানুহক বুজাই দিয়ে মানুহৰ সামৰ্থ্যৰ সীমাৱদ্ধতাৰ কথা৷

এইবোৰ কথা চিন্তা কৰিব লাগে বুলি কোৱাটো যথেষ্ট পলম হৈছে৷ কিন্তু কাহানিও নোহোৱাতকৈ পলমকৈ হ’লেও আৰম্ভ হোৱাটো ভাল বুলি আশা কৰিব পাৰিনে?

মানুহে জানো বুজিব নিজৰ ভুলটো যে ভুল? মানুহে জানো স্বীকাৰ কৰিব যে মানুহে কৰা ভুলৰ কাৰণেই প্ৰকৃতি জগতৰ আটাইবোৰ বাসিন্দাৰে জীৱন ক্ৰমে ক্ৰমে অসহনীয় হৈ আহিবলৈ ধৰিছে?

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ