যোৱা কিছু বছৰত
আমাৰ পৃথিৱীয়ে কিবা এক জটিল অসুখত ভুগিবলৈ আৰম্ভ কৰিছে৷ দেশ বা অঞ্চলভেদে ৰোগ বা
উপসৰ্গবোৰ চিনাক্ত কৰিব পাৰি যদিও আটাইবোৰ মিলি এনে এক জটিল ৰূপ ধাৰণ কৰিছে যে
পৃথিৱীৰ অসুখ কি সেইটো সাম্প্ৰতিক সময়ত স্পষ্টকৈ ক’ব পৰা অৱস্থাত নাই৷
আমি যদি ২০২৫
চনৰ পৰৱৰ্তী সময়ৰ ঘটনাবোৰকে লক্ষ্য কৰোঁ তেন্তে এখন অসহনীয় চিত্ৰ আমাৰ সম্মুখত
ভাহি উঠিব৷
আফ্ৰিকান দেশ
কংগোৰ শিশুসকলে স্বাস্থ্য আৰু খাদ্যাভাৱত ভুগি বিপজ্জনক ভৱিষ্যতৰ সন্মুখীন
হ’বলগীয়া হৈ আহিছে, যিটো ২০২৫ চনৰ পৰা আৰু তীব্ৰতৰ হৈ উঠিছে৷ সেই বছৰটোত দেশখনৰ কেইবাখনো প্ৰদেশত
কলেৰা আৰু ইব’লা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ ঘটে৷ খাদ্য সংকট, বিভিন্ন
মাৰাত্মক ৰোগৰ লগতে অন্তৰ্দলীয় সংঘাতৰ ফলত দেশখনৰ লাখ লাখ লোক বিপৰ্যস্ত
হৈছে৷
হাইটিৰ
দীৰ্ঘদিনীয়া জটিল সংকট আৰু তীব্ৰতৰ হৈছে কাৰণ বৰ্তমানৰ প্ৰত্যাহ্বাানসমূহৰ
সমান্তৰালভাৱে নতুন প্ৰাকৃতিক দুৰ্যোগে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে৷ হাৰিকেন
মেলিছাৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ উপৰি গৃহদস্যু গোট কিছুমানৰ হিংসা বৃদ্ধি পোৱাৰ
ফলত ব্যাপক শৰণাৰ্থী, খাদ্য আৰু আন আন অত্যাৱশ্যকীয়
সেৱাৰ অভাৱ, খাদ্য, পানী, স্বাস্থ্যসেৱা
আৰু শিক্ষাৰ নাটনিৰ সৃষ্টি হৈছে৷
যোৱা কিছু বছৰত
সমগ্ৰ মধ্যপ্ৰাচ্যত মানৱীয় সংকট বৃদ্ধি পাইছে, যাৰ মূল কাৰণ
হৈছে আভ্যন্তৰীণ হিংসামূলক সংঘাত, অৰ্থনৈতিক পতন, আৰু শিশু
সুৰক্ষাৰ প্ৰতি বাঢ়ি অহা ভাবুকি৷ লেবানন আৰু ৱেষ্ট বেঙ্কৰ পৰিয়ালসমূহে খাদ্যৰ
বাবে যুঁজিবলগীয়া হৈছে, শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট ব্যাঘাত জন্মিছে আৰু
ফলস্বৰূপে তেনে সংঘাতৰ মাজেৰে জীৱন কটোৱা শিশুসকলৰ ওপৰত ভাবিব নোৱৰা মানসিক চাপ
বৃদ্ধি পাইছে৷ আনহাতে ২০২৫ চনত চুডানত গৃহদস্যুৰ হিংসাৰ তীব্ৰতা বৃদ্ধিৰ ফলত
ব্যাপক দুৰ্ভিক্ষৰ আৰম্ভণি হোৱাৰ লগতে দেশখনৰ বহু আন্তঃগাঁথনি প্ৰায় সম্পূৰ্ণৰূপে
ধ্বংস হয়৷ আনুমানিক ডেৰ কোটি লোকে নিজৰ বসতি এৰি পলাবলগীয়া হৈছে৷ সশস্ত্ৰ হিংসাৰ
উপৰি দেশখনত ভয়াৱহ খাদ্য সংকট আৰু মাৰাত্মক কলেৰা মহামাৰীৰ ফলত সৰ্বাধিক
ক্ষতিগ্ৰস্ত হৈছে শিশুসকল৷
যোৱা পোন্ধৰ
বছৰতকৈও অধিক কাল ছিৰিয়াত বিশ্বৰ অন্যতম বৃহৎ মানৱীয় সংকট চলিয়ে আছে৷ ২০১১ চনত
ৰাজনৈতিক সংঘাত আৰম্ভ হোৱাৰ পাছত দেশৰ ভিতৰত আৰু চুবুৰীয়া দেশসমূহৰ ভিতৰত কোটি ৪০
লাখতকৈ অধিক লোক গৃহহীন হৈছে৷ ভূতৰ ওপৰতে দানহৰ দৰে ২০২৩ চনৰ ভূমিকম্পয়ো দেশখনৰ
দুৰৱস্থাত ঘৃতাহুতি দিছে৷ ৰাছিয়াৰ
বিৰুদ্ধে যোৱা প্ৰায় পাঁচ বছৰীয়া যুদ্ধৰ ফলত ইউক্ৰেইনৰ সংঘাতৰ ফলত দেশখনৰ ভিতৰত ৩৭
লাখতকৈ অধিক লোকক গৃহহীন হৈছে আৰু ইউৰোপৰ বিভিন্ন দেশত ৫০ লাখতকৈ অধিক শৰণাৰ্থীয়ে
নিৰাপত্তা বিচাৰিবলগীয়া হৈছে৷
ইফালে দক্ষিণ
আমেৰিকাৰ ভেনিজুৱেলাত মুদ্ৰাস্ফীতি, নিবনুৱা সমস্যা আৰু খাদ্য, ঔষধ,
বিদ্যুতৰ
দৰে গুৰুত্বপূৰ্ণ সম্পদৰ তীব্ৰ নাটনিৰ বাবে গভীৰ মানৱীয় সংকট সৃষ্টি হৈছে৷ ফলত
প্ৰায় সত্তৰ লাখৰো অধিক লোকে খাদ্য, উন্নত জীৱন-যাপনৰ পৰিস্থিতি আৰু
অন্যান্য ঠাইত কৰ্মৰ সুযোগ বিচাৰি দেশ এৰি যাবলৈ বাধ্য হৈছে৷ ব্ৰাজিল আৰু
কলম্বিয়াৰ চুবুৰীয়া দেশসমূহলৈ ভেনিজুৱেলাৰ লোকৰ চলি থকা সোঁতে সেই দেশসমূহৰ ওপৰত
বিশেষকৈ সীমান্তৰ ওচৰত যথেষ্ট হেঁচা প্ৰয়োগ কৰিছে৷ বহু লোকে ইকুৱেডৰ, পেৰু
আদি দেশলৈ প্ৰব্ৰজন কৰিছে, যাৰ ফলত সেই দেশসমূহতো প্ৰভাৱ পৰিছে৷
একেবাৰে ডাঙৰ
বিষয়টো হৈছে ক্ষমতাশালী দেশে কম ক্ষমতাৰ দেশ একোখন অনৈতিকভাৱে আক্ৰমণ কৰা, আন
দেশৰ ৰাষ্ট্ৰনেতাক বন্দী কৰা, সমুদ্ৰৰ বাণিজ্যিক জলপথ অৱৰুদ্ধ কৰা,
আন
আন দেশৰ বিৰুদ্ধে অৰ্থনৈতিক ভাবুকি প্ৰদান কৰা, গণতান্ত্ৰিক দেশ
একোখনৰ নিৰ্বাচিত নেতা হৈও একনায়কত্বৰ পৰিচয় দিয়া আদিয়েও সামগ্ৰিকভাৱে পৃথিৱীৰ
সমূহ মানুহৰ বাবে ভাবুকি কঢ়িয়াই আনিছে৷ তেনে নেতাই আনকি মহাকাশতো শত্ৰু দেশৰ
বিৰুদ্ধে অস্ত্ৰ-শস্ত্ৰ সাজু কৰি ৰাখিবলৈ প্ৰস্তুতি চলোৱাতে ক্ষান্ত নাথাকি
পৃথিৱীৰ উপগ্ৰহ চন্দ্ৰটোকো নিজৰ দেশৰ সম্পত্তি বুলি ঘোষণা কৰাৰ ধৃষ্টতাই মানুহৰ
চিন্তাশক্তিৰ সুস্থতাক লৈও প্ৰশ্নৰ অৱতাৰণা কৰিছে৷
এইবোৰ হৈছে পোনে
পোনে মানৱীয় কৰ্মকাণ্ডৰ ফলত মানুহেই সম্মুখীন হোৱা বিভিন্ন ৰোগ৷ তদুপৰি যোৱা
কিছুদিনত বিশ্বব্যাপি বহুতো প্ৰাকৃতিক দুৰ্যোগৰ সৃষ্টি হৈছে৷ সৌ সিদিনা নেপাল আৰু
উজনি অসমৰ বানেই ইয়াৰ প্ৰমাণ৷
আমেৰিকাৰ কেলিফ’ৰ্নিয়াত
২০২৫ চনত হোৱা ভয়াৱহ বনজুইৰ পৰা আৰম্ভ কৰি প্ৰশান্ত মহাসাগৰীয় আৰু কেৰিবিয়ান সাগৰত
হোৱা ধ্বংসাত্মক ধুমুহালৈকে, হাৰিকেন মেলিছাকে ধৰি অনেক বিধ্বংসী
প্ৰাকৃতিক দুৰ্ঘটনাই পৃথিৱীক কোবাই গৈছে৷ ২০২৫ চনত কেৰিবিয়ান হাৰিকেন মেলিছাই
জামাইকাক প্ৰায় ধ্বংস কৰি পেলাইছিল৷ ইয়াৰ প্ৰভাৱ হাইটি, ডমিনিকান
ৰিপাব্লিক, কিউবা, বাহামা আৰু বাৰ্মুডাত অতি বিধ্বংসী
আছিল৷ সেই বছৰৰে জুলাই মাহত আমেৰিকাত অতি ভয়াৱহ বানপানীৰ সৃষ্টি হৈছিল যিটো
আমেৰিকাৰ ইতিহাসৰ ষষ্ঠ আটাইতকৈ মাৰাত্মক বান দুৰ্যোগ বোলা হৈছে৷ প্ৰশান্ত
মহাসাগৰীয় অঞ্চলত ফিলিপিনছ আৰু ভিয়েটনামত হোৱা ঘূৰ্ণিবতাহৰো ৰূপ আছিল বিধ্বংসী৷
কিছুদিনৰ পাছতে ছুপাৰ টাইফুন ফুং-ৱঙে ফিলিপাইনছৰ স্থলভাগত প্ৰৱেশ কৰি অশেষ বিপৰ্যয়
সৃষ্টি কৰে৷
২০২৬ চনৰ
প্ৰথমাৰ্ধত ইউৰোপ, এছিয়া, আফ্ৰিকা আৰু উত্তৰ আমেৰিকাত অভিলেখ
ভংগকাৰী গ্ৰীষ্মপ্ৰৱাহ হৈছে৷ ফলত অনেক প্ৰাকৃতিক দুৰ্যোগৰ সৃষ্টি হৈছে আৰু পৃথিৱীৰ
তাপমাত্ৰা বৃদ্ধি হৈ গলি যোৱা বৰফ আৰু হিমবাহে সৃষ্টি কৰা অস্থায়ী হ্ৰদবোৰে কৰিছে
ভয়াৱহ বান সমস্যা৷
গ্ৰীষ্মপ্ৰৱাহৰ
ফলত সমগ্ৰ পশ্চিম ইউৰোপত ব্যতিক্ৰমী বনজুইৰ সৃষ্টি হয় আৰু কানাডাৰ জুইৰ ধোঁৱাই আমেৰিকাৰ উত্তৰ-পূব আৰু মধ্য-পশ্চিমৰ বৃহৎ অঞ্চল আৱৰি ধৰিছে৷ দীৰ্ঘদিনীয়া
খৰালিৰ মাজতে ২০১৫ চনৰ এল নিনোৰ পাছত ইণ্ডোনেছিয়াত হোৱা বনজুইৰ ধোঁৱাই দক্ষিণ-পূব
এছিয়াৰ আকাশৰ এটা বৃহৎ অংশ আৱৰি ধৰিছে৷ আনহাতে ২০২৬ চনৰ ভয়াৱহ খৰাঙে ভাৰতৰ আধাতকৈও
অধিক অঞ্চল আৰু উত্তৰ আমেৰিকা আৰু ইউৰোপৰ উল্লেখযোগ্য অংশক প্ৰভাৱিত কৰিছে,
যাৰ
মূল কাৰণ হৈছে তীব্ৰ এল নিনোৰ ধৰণ আৰু জলবায়ু পৰিৱৰ্তন৷ যোৱা কিছুদিনত পৃথিৱীৰ
বিভিন্ন অংশত হোৱা ভূমিকম্পবোৰেও ভয়াৱহ ভৱিষ্যতৰে সঙ্কেত বহন কৰিছে৷ ক্ৰমে
ভেনিজুৱেলা, ফিলিপিনছ, জাপান, ইণ্ডোনেছিয়া,
কলম্বিয়া,
আফগানিস্তান,
টঙ্গা
দ্বীপপুঞ্জ, মেক্সিকো, ভানুৱাতো,
মালয়েছিয়া
আদি শেহতীয়া কেই বছৰমানৰ ভূমিকম্পবোৰেই ইয়াৰ প্ৰমাণ৷
২০২৬ চনৰ জুলাই
মাহৰ মাজভাগৰ পৰা অসমত আৰম্ভ হোৱা প্ৰচণ্ড বৰষুণৰ ফলত পাহাৰৰ পৰা বৈ অহা পানীৰে বৃহৎ
নদীসমূহ ওফন্দি উঠে৷ শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ দৰে
জিলাসমূহে ব্যাপক ক্ষতিসাধন কৰি লাখ লাখ লোক ক্ষতিগ্ৰস্ত হোৱাৰ লগতে বিস্তৃত শস্যৰ
মাটিৰ ক্ষতিসাধন কৰে৷ ইয়াৰ উপৰি হিমাচল প্ৰদেশ, মহাৰাষ্ট্ৰ,
জম্মু
আৰু কাশ্মীৰ, আৰু চুবুৰীয়া নেপালতো বাৰিষাৰ তীব্ৰ বিঘিনি,
ঘাইপথৰ
ক্ষতি আৰু আন্তঃগাঁথনি ধ্বংসৰ সম্মুখীন হ’বলগীয়া হয়৷ আগষ্ট মাহৰ শেহভাগত নেপালত
হোৱা প্ৰলয়ঙ্কৰী বানে এতিয়ালৈকে হাজাৰজনৰো অধিক লোকৰ মৃত্যু নিশ্চিত কৰিছে আৰু
পাঁচ হাজাৰৰো অধিক লোক অদ্যাপি সন্ধানহীন হৈ আছে৷সম্পদৰ ক্ষয়-ক্ষতিৰ কথা উল্লেখ
নকৰিলেও হ’ব।
ইফালে চলিত বছৰত
বিশ্বজুৰি হোৱা ভয়াৱহ গ্ৰীষ্মপ্ৰৱাহে সমগ্ৰ ভাৰতৰ চৰম তাপ তৰংগ ২০২৬, ইউৰোপ
আৰু উত্তৰ আমেৰিকাত ঐতিহাসিক উষ্ণতাৰ অভিলেখ ভংগ কৰি পেলাইছে, যাৰ
ফলত এল নিনোৰ শক্তিশালী পৰিস্থিতি আৰু দীৰ্ঘম্যাদী জলবায়ু পৰিৱৰ্তনে ইন্ধন
যোগাইছে৷ গ্ৰীচ, আমেৰিকা, ব্ৰাজিল,
তুৰ্কী,
ইজৰাইল,
স্পেইন,
ফ্ৰাঞ্চ,
ইটালি
আৰু ভাৰতবৰ্ষ মুখামুখি হ’বলগীয়াত পৰিছে ঘূৰ্ণীবতাহৰ বিধ্বংসী ৰূপৰ সৈতে৷ আনহাতে
উত্তৰ আটলাণ্টিক মহাসাগৰ, মধ্য আৰু পূব প্ৰশান্ত মহাসাগৰ,
পশ্চিম
প্ৰশান্ত মহাসাগৰ, ভাৰত মহাসাগৰৰ উত্তৰ অংশ, ভূমধ্যসাগৰ
আদিত গ্ৰীষ্মমণ্ডলীয় ঘূৰ্ণীবতাহৰ ফলত বিভিন্ন দেশৰ স্থলভাগৰো অশেষ ক্ষতিসাধন হৈছে৷
২০২৬ চনটো
বিশ্বৰ বিভিন্ন স্থানত বিভিন্ন প্ৰকাৰৰ ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগৰ বাবে উল্লেখযোগ্য
হৈ থাকিব৷ কিন্তু এয়া সম্ভৱতঃ আৰম্ভণিহে৷ পৃথিৱীৰ অসুখ যেন ধৰাহে পৰিছে, অসুখৰ
স্বৰূপ উদ্ঘাটন হোৱা নাই৷ বহু ৰোগৰ জটিল সমষ্টিক সাধাৰণতে কেঞ্চাৰ বুলি কয়৷
পৃথিৱীৰো কিজানি কেঞ্চাৰেই হৈছে৷ বিভিন্ন মানৱীয় কাৰ্যকলাপক বাদ দি প্ৰাকৃতিক
দুৰ্যোগবিলাককো পিছে মানৱীয় কৰ্মকাণ্ডৰ বিপৰীতমুখী ক্ৰিয়া হিচাপেই ধৰা হয়৷ গতিকে
পৃথিৱীৰ ৰোগ নিৰাময় কৰিবলৈ হ’লে মানুহেই নিজৰ কাম-কাজ কৰাৰ ধৰণ, চিন্তাৰ
ধৰণ সলনি কৰিব লাগিব৷
বিদায় সম্ভাষণ : জাতীয় কবি সমীপেষু
অসমৰ এজন বিশেষভাৱে প্ৰতিভাশালী কবি, জনপ্ৰিয় তথা নিৰহঙ্কাৰী ব্যক্তিত্ব আনিছ উজ্ জামানদেৱৰ বিয়োগত আমি ম্ৰিয়মাণ। হাজাৰজন উঠি অহা কবিক বাট দেখুওৱা জামানদেৱৰ স্মৃতিত আন্তৰিক শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰিছোঁ।
