অন্যযুগ/


অসম আৰু অসমীয়া : বৰ্তমান আৰু ভৱিষ্যত

 

আহোমসকলৰ আগমনৰ পূৰ্বে অসম নামটো নাছিল৷ অসম শব্দটোৰ উৎপত্তি সম্পৰ্কে বিভিন্ন মত আছে৷ সি যি নহওক, অসমৰ পৰাই অসমীয়া৷

অৱশ্যে ত্ৰয়োদশ শতিকালৈকে অসম বুজোৱা ভূখণ্ডত আহোম বুলি কোনো জাতি নাছিল৷ ছ্যাওলুং ছুকাফা আহোম নাছিল৷ তেওঁ আৰু তেওঁৰ দলৰ লোকসকলৰ সৈতে থলুৱা মানুহৰ বৈৱাহিক সম্পৰ্কৰ ফলতহে আহোম নামৰ জাতিটো সৃষ্টি হৈছে৷

সি যি নহওক, অসমীয়া মানুহ ঘাইকৈ জনগোষ্ঠীয় মূলৰ বিভিন্ন নৃগোষ্ঠীৰ এটা সংশ্লেষিত ৰূপ৷ এই ৰূপটোৰ ভিতৰত বৰ্ণ-ধৰ্ম আদি কাহানিও বিচাৰৰ বিষয় নাছিল৷ আৰ্যসকল আহি এই জনগোষ্ঠীয় লোকসকলৰ সৈতে সংশ্লেষিত হৈছিল৷ সেয়ে অসমীয়া ভাষাটো আৰ্যমূলীয় হ’লেও উত্তৰ ভাৰতীয় আনবোৰ ভাষাৰ সৈতে নিমিলে৷

আহোমসকলৰ দিনত বৰ্তমান অসম বুলি বুজোৱা গোটেইখিনি অঞ্চল তেওঁলোকৰ প্ৰশাসনৰ অধীনত নাছিল; বিভিন্ন ঠাইত বহুতো সৰু সৰু ৰাজ্য আছিল৷ কিন্তু সেই সময়ত পশ্চিমৰ ফালৰ পৰা সময়ে সময়ে হোৱা সামৰিক আক্ৰমণৰ বাহিৰে এই ৰাজ্যবোৰৰ মানুহৰ জীৱনৰ প্ৰতি আন একো (বিশেষকৈ সাংস্কৃতিক) ভাবুকি নাছিল৷ সেই সময়ত অসমীয়া সমাজখন আছিল মন্থৰ, কিন্তু সুস্থিৰ৷

আহোমৰ দিনত পশ্চিমীয়া শত্ৰুদলৰ সদস্য হিচাপে আহি ইয়াত যুদ্ধবন্দীৰূপে থাকি যোৱা ইছলাম ধৰ্মী লোকসকলো আনকি ধৰ্মীয় পৰিচয়ক লৈ বিশেষ আঁকোৰগোজ ধৰণৰ গোড়া নাছিল৷ তেওঁলোকে অসমৰ মাটি-পানী-বতাহকে নিজৰ বুলি ধৰি লৈ ইয়াতে মিলি গৈছিল৷

সমস্যা আৰম্ভ হ’ল ১৮২৬ চনৰ পৰা৷ সেই  বছৰৰ দ্বিতীয় ফেব্ৰুৱাৰীৰ দিনা হোৱা য়াণ্ডাবু সন্ধিৰ সময়ত অসমত যদি এজন শক্তিশালী ব্যক্তিত্বৰ ৰজা থাকিলহেঁতেন তেন্তে অসমৰ বুৰঞ্জীয়ে বেলেগ ৰূপ ল’লেহেঁতেন৷ কিন্তু সেই সময়ত অসমৰ ৰজা আছিল তিনিজন– ক্ৰমে চন্দ্ৰকান্ত সিংহ, পুৰন্দৰ সিংহ আৰু বজ্ৰনাথ সিংহ!

সি যি নহওক, এষাৰ কথা সঠিক যে ব্ৰিটিছৰ আগমনেহে আমাক আজিৰ তাৰিখৰ মাত্ৰালৈ উত্তৰণ ঘটালে৷ অন্যথা আমি মধ্যযুগীয় চিন্তা-চৰ্চাৰ পৰিধিৰ পৰা মুক্ত হ’বলৈ আৰু বহুবছৰ লাগিলহেঁতেন৷ লগতে এইটোও ঠিক যে আমেৰিকাৰ পৰা অহা বেপ্তিষ্ট মিশ্যনেৰীসকলে ধৰ্মপ্ৰচাৰৰ সমান্তৰালভাৱে যি আধুনিকতাৰ বতাহ এজাক বোৱাইছিল, সেইজাক বতাহো ব্ৰিটিছৰ আগমনেহে অৰ্থপূৰ্ণ কৰি তুলিছিল৷ আহোম প্ৰশাসনৰ শেষ মধ্যযুগীয় মানসিকতাৰ সমাজ এখনে বেপ্টিষ্ট মিশ্যনেৰীসকলক কিমান আস্থাৰে গ্ৰহণ কৰিলেহেঁতেন কোৱা টান (মহাপুৰুষ শঙ্কৰদেৱকে আহোম ৰজাই কি অৱস্থা কৰিছিল সেয়া আমি নজনা নহয়)৷

 ব্ৰিটিছ অহাৰ লগে লগে অসমৰ সমাজ জীৱনলৈ বহু নতুন কিবাকিবিৰ আগমন ঘটিল যিবোৰৰ কিছুমানে অসমৰ উন্নতি সাধিলে আৰু আন কিছুমানে ‘অসমীয়া’ এই অস্তিত্বটোৰ কাৰণেই ভয়াৱহ ভাবুকি কঢ়ি.য়াই আনিলে৷

প্ৰথমে অপৰিচিত ধৰণৰ প্ৰশাসন নীতি,  মুদ্ৰা অৰ্থনীতি, প্ৰাকৃতিক সম্পদকেন্দ্ৰিক উদ্যোগ, প্ৰযুক্তিগত সা-সুবিধা, আধুনিক পশ্চিমীয়া শিক্ষা ব্যৱস্থা, কানিৰ প্ৰচলনত চৰকাৰী পৃষ্ঠপোষকতা আদিকে এনে পৰিৱৰ্তনবোৰৰ ভিতৰত প্ৰধান বুলি ক’ব পাৰি৷

শিক্ষা ব্যৱস্থা চম্ভালিবলৈ আহিল কলিকতীয়া শিক্ষক৷ তেওঁলোকেই বাংলা ভাষাত শিক্ষাদান আৰম্ভ কৰিলে৷ চাহ বাগিচা আৰু আন আন কল-কাৰখানাত কাম কৰিবলৈ আহিল লাখ লাখ বনুৱা যিসকলে নিজৰ মাতৃভাষাৰ লগত অসমীয়া আৰু আন আন ভাষাৰ উপকৰণ মিহলাই একোটা পৃথক ভাষা সৃষ্টি কৰিলে৷

(ইফালে, কোৱা হৈছেই যে ব্ৰিটিছৰ পূৰ্বেই অসমত খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে আহি সোমাইছিলহি আমেৰিকাৰ বেপ্টিষ্ট মিশ্যনেৰীসকল৷ তেওঁলোকে কিন্তু অসমীয়াকে ধৰি স্থানীয় ভাষাবোৰ শিকি সেইবোৰ ভাষাত কিতাপ প্ৰকাশ কৰিছিল৷ মন কৰিব লাগিব যে প্ৰিণ্টিং প্ৰেছ অসমলৈ প্ৰথমে তেওঁলোকেই আনিছিল৷)

বহিৰাগত লাখ লাখ মানহে ক্ৰমে ক্ৰমে অসমৰ জনগাঁথনিত প্ৰভাৱ পেলাইছিলেই৷ ভূতৰ ওপৰত দানহৰ দৰে এইবাৰ অসমলৈ আগমন ঘটিল লাখ লাখ বঙ্গদেশীয় পমুৱা মানুহৰ৷ ১৮চ্ছ চনৰ পৰা ১৮৭৩ চনলৈ বঙ্গৰ প্ৰেছিডেন্সিয়েই অসমৰ প্ৰশাসন পৰিচালনা কৰিছিল৷

১৮৭৪ চনতহে অসমক এজন পৃথক চীফ কমিশ্যনাৰৰ অধীনলৈ অনা হয়৷ কিন্তু ১৯০৫ চনত বঙ্গ ভঙ্গ কৰি অসমক পূৰ্ববঙ্গৰ সৈতে সাঙুৰি এখন প্ৰদেশ কৰা হয় যিটো ব্যৱস্থা ১৯১২ চন পৰ্যন্ত বাহাল থাকে৷ এই ১৯০৫ চনৰ পৰাই অসমলৈ বঙ্গদেশীয় পমুৱাৰ প্ৰব্ৰজন অধিক ত্বৰান্বিত হয়৷

১৯১৩ চনত অসমত প্ৰথম ব্যৱস্থাপক সভা (Assam Legislative Council) প্ৰতিষ্ঠা হয় আৰু ১৯৩৭ চনত অসমত প্ৰথম বিধান সভা (Assam Legislative Assembly) প্ৰতিষ্ঠা হয়৷ ১৯৩৫ চনত ভাৰত চৰকাৰ আইন গৃহীত হোৱাৰ পাছত ১৯৩৭ চনত ছৈয়দ ছাদুল্লাৰ নেতৃত্বত প্ৰথমখন মন্ত্ৰীসভা গঠন হয়৷

মন কৰিবলগীয়া কথা এয়ে যে ১৯১৩ চনৰ অসমৰ প্ৰথম ব্যৱস্থাপক সভাত সদস্য আছিল মুঠতে পঁচিছজন৷ তাৰে বাৰজন আছিল লোকেল ব’ৰ্ডৰ (বৰ্তমান পৌৰসভা) নিৰ্বাচিত প্ৰতিনিধি; বাকীসকল আছিল চাহ খেতিয়ক আৰু মুছলিম সম্প্ৰদায়ৰ বাবে সংৰক্ষিত৷ সেয়ে প্ৰথম বাৰৰ বাবে অসমত বৰ্ণ আৰু ধৰ্মৰ নামত আনুষ্ঠানিক বিভেদৰ পুলিটো ৰোৱা হৈছিল৷ আকৌ ১৯১৯ চনত ভাৰত চৰকাৰ আইন অনুসৰি ব্যৱস্থাপক সভাৰ সদস্য সংখ্য ৫৩ লৈ বঢ়োৱা হৈছিল য’ত ৪১ জন আছিল নিৰ্বাচিত৷

১৯৩৫ চনত ভাৰত চৰকাৰ আইন অনুসৰি হোৱা ১৯৩৭ চনৰ নিৰ্বাচনত ১০৮ খন আসনৰ ভিতৰত কংগ্ৰেছে লাভ কৰিছিল ৩২ খন আসন কিন্তু চৰকাৰ গঠন কৰিছিল মাত্ৰ ০৮ জন সদস্যৰে পুষ্ট আছাম ভেলী ইউনাইটেড মুছলিম পাৰ্টিৰ ছৈয়দ ছাদুল্লাই আন বহু দলৰ সমৰ্থনত (আকৌ, মন কৰিব লাগিব যে সেই নিৰ্বাচনৰ পাছতহে মুছলমান বিধায়কসকলে মিলি সেই আছাম ভেলী ইউনাইটেড মুছলিম পাৰ্টি গঠন কৰিছিল য’ত আছিল ব্ৰিটিছ গবৰ্নৰ ছাৰ ৰ’বাৰ্ট নীল ৰীডৰ পৰোক্ষ পৃষ্ঠপোষকতা)৷

এইখিনিতে ভাৰতৰ ৰকংগ্ৰেছে গ্ৰহণ কৰা নীতিটো অসমৰ ভৱিষ্যতৰ বাবে সুদূৰপ্ৰসাৰী ক্ষতিৰ কাৰণ হৈ পৰিছিল (একক সংখ্যাগৰিষ্ঠতা নাপালে মন্ত্ৰীসভা গঠন নকৰাৰ সিদ্ধান্ত)৷ কাৰণ, প্ৰথম দিনাৰে পৰাই ছাদুল্লাৰ নেতৃত্বৰ চৰকাৰে বঙ্গমূলীয় পমুৱাক ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰতিষ্ঠা কৰিবলৈ উঠি-পৰি লাগিছিল৷

১৯৩৮ চনত গোপীনাথ বৰদলৈৰ নেতৃত্বত গঠন হোৱা চৰকাৰে পমুৱা লোকৰ আগ্ৰাসন ৰোধ কৰিবলৈ যত্নপৰ হওঁতেই কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নীতি (যুদ্ধত ভাৰতক অংশগ্ৰহণ কৰোৱাৰ বিৰোধিতাৰে) মানি পদত্যাগ কৰিবলগীয়া হয়৷ সেই সময়ত অসমৰ কথা কংগ্ৰেছে বেলেগ ধৰণে চিন্তা কৰাৰ প্ৰয়োজন আছিল, যিটো নহ’ল৷

গতিকে, বৰদলৈয়ে পদত্যাগ কৰাৰ লগে লগে আকৌ ছাদুল্লাই ১৯৩৯ চনৰ শেষৰ ফালে চৰকাৰ গঠন কৰিয়েই ‘গ্ৰ’ ম’ৰ ফুড’ নামৰ এখন বিতৰ্কিত আঁচনি প্ৰৱৰ্তন কৰি সেই আঁচনিৰ ফলপ্ৰসূতাৰ কাৰণে লাখে লাখে বঙ্গমূলীয় পমুৱাক আনি অসমৰ পতিত মাটিবোৰ দখল কৰিবলৈ দিলে৷

ছাদুল্লাৰ নেতৃত্বত মৰ্চা চৰকাৰখন ব্ৰিটিছ গবৰ্নৰ তথা ভাইচৰয়েও বিচাৰিছিল, কাৰণ সংখ্যাগৰিষ্ঠতা নোহোৱাকৈও ক্ষমতাত টিকি থাকিবৰ উদ্দেশ্যে সেইখন চৰকাৰে ব্ৰিটিছৰ স্বাৰ্থৰ অনুকূলে কাম কৰিছিল৷ তথাপি, ছাদুল্লা চৰকাৰৰ সেই ‘গ্ৰ’ ম’ৰ ফুড’ আঁচনিখন সম্পৰ্কত স্বয়ং ভাইচৰয় লৰ্ড ৱেভেলেই  ‘গ্ৰ’ ম’ৰ মুছলিমছ্‌’ আঁচনি বুলি কৈছিল৷

সেই সময়ৰ বহু ঘটনা আছে যিবোৰ মানুহে প্ৰায় নাজানেই৷ নগাঁৱৰ জুৰীয়া মৌজাৰ পৰা গাঁৱৰ পাছত গাঁও এৰি অসমীয়া থলুৱা মানুহে পলায়ন কৰিবলগীয়া হৈছিল৷ এটা মাত্ৰ তথ্য দিওঁ– বঙ্গমূলীয় কৃষক মৌলানা শ্বেখ ওচমান আলি সদাগৰে ১৯০২ চনত এখন অসমীয়া মাধ্যমৰ স্কুল খুলিছিল,  ১৯১৭ চনত অসম সাহিত্য সভাক দহ টকাৰ বৰঙণি দিছিল, ১৯৩৭ চনৰ নিৰ্বাচনত ব্যৱস্থাপক সভালৈ নগাঁৱৰ প্ৰখ্যাত উকীল অসমীয়া থলুৱা নেতা স্বাধীনতা যুঁজাৰু নুৰুদ্দিন আহমেদক পৰাস্ত কৰি নিৰ্বাচিত হৈছিল আৰু পাছত বিধায়ক হৈ থকা সময়ত ১৯৩৮ চনত জুৰীয়াৰ আলি টঙানিত মুছলিম লীগৰ অধিৱেশন পাতিছিল (অৱশ্যে পাছত তেওঁ ছাদুল্লা আৰু মহম্মদ ভাছানীৰ পাকিস্তানমুখী নীতিৰ বিৰোধিতা কৰিছিল আৰু মুছলিম লীগ ত্যাগ কৰিছিল৷ মন কৰিব লাগিব যে নুৰুদ্দিন আহমেদ আছিল গান্ধীজীৰ আহ্বানত ওকালতি ত্যাগ কৰাই নহয়, তেওঁ ব্ৰিটিছ চৰকাৰে দিয়া খান বাহাদুৰ উপাধিও ত্যাগ কৰিছিল)৷ তেনেকৈয়ে লাহে লাহে অসমীয়া থলুৱা মানুহৰ ৰাজনৈতিক অধিকাৰ পমুৱাই কাঢ়ি ল’বলৈ আৰম্ভ কৰিছিল৷

এই সুদীৰ্ঘকালৰ ঘটনাসমূহ এই কাৰণেই উল্লেখ কৰিছোঁ যে বঙ্গ ভঙ্গৰ সময়ৰে পৰাই অসমৰ বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ ছন পৰি থকা লাখ লাখ বিঘা কৃষিভূমি দখল কৰিছিলহি বঙ্গৰ পমুৱাসকলে৷ এইখিনি তথ্যৰ গুৰুত্ব কিহত? আচলতে অসমক বঙ্গদেশৰ সৈতে চামিল কৰি পাকিস্তান জন্ম দিয়াৰ দীৰ্ঘম্যাদী চক্ৰান্তটো তেতিয়াই আৰম্ভ হৈছিল (শুনিবলৈ আচহুৱা যেন লাগিলেও সত্য যে অসমত তেতিয়া পাকিস্তান ৰোড বুলি ৰাস্তাৰ নামকৰণো কৰা হৈছিল)৷ ১৯৪৬ চনৰ কেবিনেট মিছনে কেৱল তাৰ বৈধ ঘোষণাহে কৰিছিল৷

এইখিনি কথাৰ আধাৰ হিচাপে সকলো তথ্যই পাব পৰাতে আছে৷ ই  হ’ল এটা অসমীয়া মানুহৰ হাজাৰ বছৰীয়া সাংস্কৃতিক ঐতিহ্যক ক্ষতিগ্ৰস্ত কৰিবলৈ চলোৱা গোপন অভিযানৰ প্ৰমাণ৷

এতিয়া, এটা প্ৰশ্ন হয়- বাৰম্বাৰ পশ্চিম দিশৰ শত্ৰুক ঘটিয়ে ঘটিয়ে পানী খুউৱা অসমীয়াই পূব দিশৰ শত্ৰু মানসকলক প্ৰতিৰোধ কৰিব নোৱাৰিলে কিয়? কাৰণ হৈছে আমাৰ নিজৰ মাজত থকা বিভেদ আৰু বিশ্বাসহীনতা৷

আৰু এতিয়া? এতিয়া আমি নিজে আমাৰ ক্ষয়-ক্ষতিৰ পৰা বাচি থাকিবলৈ কি কৰিছোঁ আৰু কি কৰা উচিত?

এইখিনিতে বৰ্তমানৰ অসমীয়া বুলি কোৱা মানুহখিনি সম্পৰ্কে খুব বেছি সৰলীকৰণ যে লগা উপলব্ধি এটা প্ৰকাশ কৰিব খুজিছোঁ৷ মানৰ লগত যুঁজি সাহসী অসমীয়াসকল মৰিল৷ যঁুজিবলৈ ভয় কৰা অথচ পলাই যাবলৈ সাহ কৰাসকল পলাই গ’ল৷ বাকী থাকিল মানৰ কৰ্তৃত্ব মানি লৈ প্ৰভুভক্ত চৰিত্ৰ অৱলম্বন কৰা অসমীয়া এমুঠিমানহে যিসকলে স্বাভিমান, মৰ্যাদাবোধ আদি সকলো জলাঞ্জলি দিছিল মানৰ পদলেহন কৰিছিল৷ 

আৰু, দুখৰ বিষয় যে আমি সেইসকলৰে সন্তান৷

যুঁজিবলৈ ভয় কৰা অথচ পলাই যাবলৈ সাহ কৰাসকলৰ কথা যে কোৱা হৈছে, কিয়? ইয়াৰো এটা কাৰণ আছে৷ অসমীয়া মানুহবোৰ মানে আমিবোৰ প্ৰচণ্ড ভয়াতুৰ৷ বিশেষকৈ নিজৰ ঠাইখন এৰি আনৰ ঠাইলৈ যাবলৈ আমাৰ খুব ভয় লাগে৷ লগতে, ব্যৱসায়-বাণিজ্যলৈ আমাৰ কোনো আগ্ৰহ নাই৷ ডাকৰ বচনতে আছে–

ডাকে বোলে শুনা উপায়,

বাণিজ্যৰ ফল কৃষিত পায়৷

সোণা ৰূপা কিবা কৰি,

ভাত নাখালে ভোকত মৰি৷

কেৱল ভাতমুঠি খাই জী থকাৰ কথা যিটো জাতিৰ লক্ষ্য, সেইটো জাতিয়ে আনক দমনত ৰাখিব নে নিজে আনৰ দমন সহ্য কৰি জী থাকিব?

আজিৰ তাৰিখত কেইজন অসমীয়াই অসমৰ বাহিৰত গৈ ব্যৱসায় কৰিছেগৈ? ইয়াত অসমৰ উদ্যোগপতিয়ে কলিকতা বা দিল্লীত ব্যৱসায়ৰ কাৰ্যালয় খোলাৰ কথা কোৱা নাই৷

আজিৰ তাৰিখত কেইজন অসমীয়াই অসমৰ বাহিৰৰ কোনো ৰাজ্যৰ বিধান সভাৰ প্ৰাৰ্থী হ’বলৈ সক্ষম হৈছে? নাইবা, আন ৰাজ্যৰ বাসিন্দাক মাতি আনি অসমৰ পৰা ৰাজ্যসভাৰ সদস্যৰীপে নিৰ্বাচিত কৰাৰ দৰে কেইজন অসমীয়া মানুহে আন ৰাজ্যৰ পৰা ৰাজ্যসভাৰ সাংসদ হ’বলৈ সক্ষম হৈছে?

গোপীনাথ বৰদলৈদেৱে অকলশৰেই ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিৰোধিতা কৰি অসমক গ্ৰুপিঙৰ পৰা ৰক্ষা কৰিছিল৷ তদুপৰি তেখেতে ট্ৰাইবেল ব্লক আৰু ট্ৰাইবেল বেল্ট ব্যৱস্থা প্ৰৱৰ্তন কৰি অন্ততঃ কিছু পৰিমাণৰ মাটি অসমৰ খিলঞ্জীয়াৰ অধিকাৰতে ৰখাৰ ব্যৱস্থা কৰি থৈ গৈছে৷ সাম্প্ৰতিক সময়ৰ কেইজন অসমীয়া নেতাই সৰ্বভাৰতীয় নেতাৰ বিৰোধিতা কৰি অসমৰ স্বাৰ্থৰক্ষাৰ বাবে মাত মাতে?

শেহতীয়াকৈ অসমীয়া মানুহে জী থাকিবলৈ দৰকাৰী প্ৰায় সকলো বস্তু বিনামূলীয়াকৈ পাইছে৷ ফলত কি হৈছে? আমি আমাৰ হাতৰ বিদ্যাবোৰ হেৰুৱাই পেলাইছোঁ৷ সেই বিদ্যাবোৰকেতো স্কিল বুলি কয়!

আজিকালি খেতিৰ মাটি অসমৰ বহু ঠাইত চকুৰে মনিব পৰালৈকে ছন পৰি থাকে৷ অৰ্থাৎ আমি খেতিক ব্যৱসায়লৈ উন্নীত কৰিবলৈ আজি পৰ্যন্ত নিশিকিলোঁ৷ আমি খেতিয়ক বুলিলে ফটাগেঞ্জী আৰু আঁঠুমুৰীয়া চুৰিয়া পিন্ধা মানুহ এজনকে বুজি থাকিলোঁ৷ বিগত ২০২০-২১ চনত দিল্লীত আন্দোলন কৰিবলৈ অহা পাঞ্জাবৰ খেতিয়কসকললৈ মনত পেলাওকচোন৷ তেওঁলোকে উন্নত ট্ৰেক্টৰত ছমাহৰ জোখাৰে ৰচদ লৈ দিল্লীলৈ আহিছিল৷ খেতিয়ক মানুহ কিমান ধনী হ’ব পাৰে সেইসকলেই প্ৰমাণ৷

আমি পিছে খেতিৰ পৰা হ’ব পৰা উৎপাদন ক্ৰয়হে কৰোঁ৷ সদায়ে৷ চাউল, দাইল, আলু, পিঁয়াজ-নহৰু, মিঠাতেল, গাখীৰ আদি সকলো৷ এই যে সকলো ক্ৰয় কৰিবলৈ সদাব্যস্ত জাতি এটা, ইয়াৰ জাতীয় সঞ্চয় বুলি দেখোন একোৱেই নাই! আমি কোনোদিনে বৃহৎ সঞ্চয়ৰ কথা ভবা নাই৷

তেন্তে আমি বিনিয়োগ কৰিম কি? বৃহৎ সঞ্চিত সম্পদ থকাহ’লে আমি নি(য় বিনিয়োগৰ ক্ষেত্ৰত সোমাই পৰিলোহেঁতেন৷ কিন্তু আমি অনা অসমীয়া বিনিয়োগকাৰীৰ অধীনত কাম কৰিবলৈহে ভাল পাওঁ৷ আচলতে আমি ‘ৰিস্ক’ ল’বলৈ টান পাওঁ৷ আমাক সকলো লাগে, কিন্তু সহজে; আনে কৰি দিব লাগে৷ কিন্তু আমি যদি অসমৰ বাহিৰৰ উদাহৰণ চাওঁ তেন্তে দেখিম, কোটি কোটি লোকে কৰ্পদকশূন্য অৱস্থাৰ পৰা কেটিপতিলৈ ৰূপান্তৰিত হৈছে কেৱল পৰিশ্ৰম আৰু স্কিলৰদ্বাৰাই৷

লগতে, আমাৰ কোনো কোনোৱে যে বিভিন্ন পৰিমাণৰ ধন বিভিন্ন আঁচনিৰ নামত চৰকাৰৰ পৰা পাই আছোঁ, সেইবোৰ কাৰ ধন? সেই ধনেৰে আমি কি কৰিছোঁ?  সেই ধনৰ পৰা উপাৰ্জন কি হৈছে? ৰাজ্যখনৰ মানুহবোৰে দামী দামী বস্তু কিনিব পৰা হোৱা মানেই ৰাজ্যখনৰ অৱস্থা উন্নত হোৱা জানো?

আৰু এটা দিশ আছে৷ সাংস্কৃতিক আৰু আধ্যাত্মিক৷ সাংস্কৃতিক দিশত ঐতিহাসিকভাৱে বৰ্ণ-ধৰ্ম নিৰ্বিশেষে অসমীয়া মানুহ সাধাৰণতে উদাৰ, বিনয়ী আৰু সহিষ্ণু৷ মহাপুৰুষ শঙ্কৰদেৱৰ ব্যক্তিত্ব, প্ৰতিভা আৰু আদৰ্শৰ প্ৰভাৱতে অসমীয়া মানুহৰ এনে জাতীয় বিশেষত্ববোৰ গঢ় লোৱা আৰু বিকাশ ঘটা বুলি অনুভৱ কৰিব পাৰি৷ এই প্ৰভাৱৰ কাৰণেই ব্ৰিটিছৰ যুগ আৰম্ভ হোৱাৰ পূৰ্বেই অসমলৈ অহা ইছলামধৰ্মী লোকসকলো আছিল উদাৰ, বিনয়ী আৰু সহিষ্ণু৷

কিন্তু ব্ৰিটিছৰ সময়ৰ পৰা অসমলৈ অহা ইছলামধৰ্মীসকল অসহিষ্ণু, উগ্ৰ আৰু ধৰ্মান্ধ৷ এইসকলে অসমীয়া সাংস্কৃতিক ঐতিহ্যত বৰ বিষম আঘাত কৰিলে৷ নগাঁও জিলাত এতিয়াও বহু অঞ্চলত বহু পৰিত্যক্ত নামঘৰ দেখা যায় য’ত কোনো অনা মুছলমান লোকৰ বসতি নাই৷ অৱশ্যে এইসকল লোকে অসমীয়া ভাষাটোক মাতৃভাষা হিচাপে গ্ৰহণ কৰি অসমীয়া জাতীয়তাবাদক কিছু হ’লেও সমৃদ্ধ কৰিছে৷ অৱশ্যে ইয়াক বৰ্তি থকাৰ এক কৌশল বুলিও ধৰিব পাৰি৷

পিছে ব্ৰিটিছসকল অহাৰ সময়ৰেপৰা অসমলৈ আগমন ঘটা লাখ লাখ হিন্দু বাঙালী লোকে অসমীয়া ভাষা বা অসমীয়া সংস্কৃতিৰ কোনো উপাদানকেই আজিকেপতি নিজৰ বুলি গ্ৰহণ কৰা নাই৷ বৰাক উপত্যকাৰ বাঙালীসকলেতো নিজকে অসমৰ বাসিন্দা বুলি নাভাবেই৷ এইসকল লোকে অসমৰ ভৱিষ্যতক কোন দিশে লৈ যায় সেইটো নিশ্চিতৰূপে সন্দেহজনক৷

অসমত ব্যৱসায় কৰা বা চাকৰিসূত্ৰে অসমত থাকিবলৈ লোৱা অনা অসমীয়া লোকসকলৰ বসতিস্থল কিছুমানত সোমালে অসমত থকা যেন নালাগেই৷ অসমীয়া মানুহৰ নাকৰ তলতেই এনে অনা অসমীয়াসকলে নিজা নিজা একোখন উপনিৱেশ গঢ়ি তুলিছে৷ শেহতীয়াকৈ অসমীয়া মানুহেও নিজৰ পৰম্পৰাগত লোকাচৰৰ পৰিৱৰ্তে অনা অসমীয়া লোকাচাৰ পালন কৰিবলৈ আগবঢ়া দেখা গৈছে৷

সম্প্ৰতি অসমৰ ৰাজনীতিত অসমীয়া ভাষা ক’ব নজনা লোকৰ প্ৰতিনিধিত্ব বৃদ্ধি পাইছে৷ ইও অসমৰ ভৱিষ্যতৰ বাবে এক বিপদ সংকেত৷

অসমৰ ভৱিষ্যতৰ কথা চিন্তা কৰাৰ সময়ত শৈক্ষিক দিশটোও লক্ষ্য কৰিব লাগিব৷

প্ৰশাসনিক সেৱাত অসমীয়া ল’ৰা-ছোৱালীৰ অংশগ্ৰহণ কিমান? আজিৰ তাৰিখত অসম-মেঘালয় কেডাৰত সম্প্ৰতি ২১৩ জন আই এ এছ বিষয়া আছে (থাকিব লাগে ২৬৩ জন)৷ ইয়াৰে ভিতৰত অসম প্ৰশাসনিক সেৱাৰ পৰা ভাৰতীয় প্ৰশাসনিক সেৱালৈ উন্নীত বিষয়াৰ সংখ্যা ৪৩ জন। ইয়াৰ মানে অসম প্ৰশাসনিক সেৱাৰ বিষয়াই আজিৰ তাৰিখত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াৰ সা-সুবিধা লৈ জীৱন কটাই আছে৷ পোনে পোনে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া হোৱা মানুহৰ সংখ্যা অতি কম৷ অসম প্ৰশাসনিক সেৱাৰপৰা উন্নীত অসমীয়া বিষয়াসকল পোনপটীয়া ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াসকলৰ সমান অৰ্হতাসম্পন্ন নহয় আৰু মনস্তত্ত্বৰ ফালৰ পৰাও পিছপৰা৷ এতিয়া যিসকল ভা. প্ৰ. সেৱাৰ অনা অসমীয়া বিষয়া আছে তেওঁলোকোতো অসমত কেৱল চাকৰি কৰিবলৈহে আহে৷ অসমৰ উন্নয়ন বা অধোগতিক লৈ তেওঁলোকৰ কোনো মূৰৰ বিষ নাই৷ অসমৰ স্বল্পশিক্ষিত মন্ত্ৰী-বিধায়ককো তেওঁলোকে সহজেই বিপথে পৰিচালিত কৰিব পাৰে৷ তেনে উদাহৰণো আমাৰ সম্মুখত অনেক আছে৷

ৰাজনৈতিক নেতৃত্ব বহন কৰা অসমীয়া নেতা এজনে আজিকালি চুবুৰীয়া ৰাষ্ট্ৰ এখনৰ সৈতে শত্ৰুতা বাহাল থাকিলে ভাল বুলি কয়৷ অথচ সেইখনকে ধৰি আন এখন শত্ৰুদেশে ভাৰতবৰ্ষৰ বাকী অংশৰ সৈতে থকা অসমৰ একমাত্ৰ পথৰূপী কেৱল একৈছ কিলোমিটাৰ বহল ভৌগোলিক অংশ এটা চেপি ধৰি আছে৷ এতিয়া ভাৰতৰ সৈতে সেই দুয়োখন শত্ৰুদেশৰ সম্পৰ্কৰ আৰু অৱনতি ঘটিলে, যদিহে ভৌগোলিকভাৱে ভাৰতৰ বাকী অংশৰ সৈতে অসম বিচ্চিন্ন হৈ পৰে তেতিয়া আমাৰ কি হ’ব সেইটোও এটা ডাঙৰ প্ৰশ্ন৷

বহুতে স্বাধীন অসমৰ কথা কয়৷ ধৰি লৈছোঁ, অসম স্বাধীন ৰাষ্ট্ৰ হ’ল৷ এতিয়া অসমীয়াই কি খাই  জী থাকিব? অসমীয়াৰ হাতত এতিয়া এনে কি সম্পদ আছে যাৰ আধাৰত অসমে নিজাকৈ বিত্তীয় ব্যৱস্থা এটা গঢ়ি তুলিব পাৰিব?

ইমান পৰে ভৱিষ্যতৰ নামত বহুখিনি অতীত আৰু বৰ্তমানৰ কথা কোৱা হ’ল৷ প্ৰকৃততে এইখিনি কথাৰ মাজতে আমি অসমৰ ভৱিষ্যতৰ সন্ধান কৰিব লাগিব৷ ভৱিষ্যৎ বুলি কোনো পৃথক কাল নাই৷ আমি সদায়ে বৰ্তমানৰ বাসিন্দা৷ আজি কৰাখিনিৰ আধাৰতহে আমি কাইলৈৰ সময়খিনি পাম৷

আচলতে সাম্প্ৰতিক সময়ৰ পৃথিৱীখন অন্ততঃ ত্ৰিছ বছৰৰ পূৰ্বৰ দৰে হৈ থকা নাই৷ নিতৌ ন ন তথ্যৰ সৃষ্টি হৈছে আৰু তথ্য-প্ৰযুক্তিৰ নতুনত্বই পৃথিৱীৰ দেশবোৰক নতুনকৈ বিভাজিত কৰিছে৷ এনে অৱস্থাত সামগ্ৰিকভাৱে আমি অসমীয়া মানুহখিনিয়ে নিজৰ পুৰণি সমস্যাবোৰৰ সৈতেই মকামিলা কৰি সেইবোৰৰ সমাধানৰ ব্যৱস্থা কৰিব পৰা হোৱা নাই৷

আমাৰ সম্মুখত থকা আটাইতকৈ ডাঙৰ সমস্যাকেইটাৰ সমাধানৰ অৰ্থে আমি গ্ৰহণ কৰিব পৰা পদক্ষেপবোৰ প্ৰায় এনে ধৰণৰ–

ক) ভৌগোলিক বিশেষত্বক মানি লৈ সেইসমূহৰ সৈতে সহাৱস্থান কৰা৷ ভূপ্ৰকৃতিৰ বিৰুদ্ধে মানুহৰ কৃত্ৰিমতা কাহানিও সফল হোৱা নাই৷

খ) সাংস্কৃতিক বিশেষত্ব, ভাষিক বিশেষত্ব ৰক্ষা কৰা৷

গ) ব্যৱসায়ৰ ক্ষেত্ৰত মনোনিৱেশ কৰা৷

ঘ) তথ্য-প্ৰযুক্তিৰ নতুনত্বৰ সৈতে নিজকে খাপ খুৱাই ৰখা৷

ঙ) ৰাজনৈতিক অধিকাৰ মানে যে ৰাজনৈতিক দায়িত্বও সেয়া উপলব্ধি কৰিবলৈ যত্ন কৰা৷

চ) সৰ্বভাৰতীয় বহু কথাই যে অসমৰ ক্ষেত্ৰত খাপ নাখায় সেয়া ৰাষ্ট্ৰীয় নেতৃবৰ্গক পতিয়ন যোৱাকৈ বুজাব পৰাকৈ (১) অসম আৰু ভাৰতৰ বিভিন্ন প্ৰান্তৰ বিবিধ বিষয় জানিবলৈ যত্ন কৰা আৰু (২) সেইবোৰ অন্ততঃ ইংৰাজী ভাষাত প্ৰভাৱশালী ৰূপত উপস্থাপন কৰিব পৰা৷

ছ) নিজৰ ঐতিহ্য সম্পৰ্কে উদাসীনতা ত্যাগ কৰি আগ্ৰহী আৰু শ্ৰদ্ধাশীল হোৱা৷

জ) অসমৰ মাটিৰ সমান খেতিৰ বাবে উপযোগী মাটি আৰু বতৰ ভাৰতৰ আন কোনো ৰাজ্যতে নাই৷ সেই শক্তিক ইতিবাচক দিশত ব্যৱহাৰ কৰিবলৈ উপযুক্ত পৰিকল্পনা আৰু ব্যৱস্থাপনা কৰা৷

এনে বহু উদ্যোগ আৰু উদ্যমৰ কথা মনলৈ আহে যিবোৰে ভৱিষ্যতৰ দিনত অসমীয়া মানুহৰ অস্তিত্ব বৰ্তাই ৰখাত সহায় কৰিব পাৰে৷ পিছে আটাইতকৈ ডাঙৰ কথাটো হৈছে অসমীয়া মানুহে নিজৰ মানসিকতাক সলনি কৰিব পাৰিব লাগিব৷

             

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ