অন্যযুগ/


এটা সম্ভাৱনাপূৰ্ণ বিষয় যি সমাজৰ ৰূপ সলনি কৰিব পাৰে

 

        অধিসূচনা অনুসৰি আমাৰ দেশত সাতশৰো অধিক অনুসূচিত জনজাতিৰ সম্প্ৰদায় আছে ৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি দেশৰ জনজাতীয় জনসংখ্যা ১০.৪৩ কোটি, যিটো মুঠ জনসংখ্যাৰ ৮.৬ শতাংশ৷ ইয়াৰে ৮৯.৯৭ শতাংশ গ্ৰামাঞ্চলত আৰু ১০.০৩ শতাংশ চহৰত বাস কৰে৷ অতিকে গুৰুত্বপূৰ্ণ বিষয়টো হৈছে উত্তৰ-পূব ভাৰত বহু সংখ্যক জনজাতিৰ গৃহভূমি৷ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় দেৰশটা জনজাতীয় সম্প্ৰদায়ৰ ভিতৰত ৭৮টাকৈ বৃহৎ জনসংখ্যাৰ (৫০০০-অৰো অধিক)৷ ভাৰতৰ মুঠ জনজাতীয় জনসংখ্যাৰ প্ৰায় ১২ শতাংশ আৰু উত্তৰ-পূব ভাৰতৰ মুঠ জনসংখ্যাৰ ২৫.৮১ শতাংশ৷

        ইপিনে অসমৰ ৯টা প্ৰধান জনজাতি অৰ্থাৎ বডো (ৰাজ্যৰ মুঠ জনজাতীয় লোকৰ জনসংখ্যাৰ প্ৰায় চল্লিছ শতাংশ), মিছিং (প্ৰায় ওঠৰ শতাংশ), কাৰ্বি (প্ৰায় এঘাৰ শতাংশ), গাৰো, ৰাভা (প্ৰায় আঠ শতাংশ), সোণোৱাল কছাৰী (প্ৰায় সাত শতাংশ), তিৱা (প্ৰায় পাঁচ শতাংশ), ডিমাছা (প্ৰায় তিনি শতাংশ) আৰু দেউৰী (প্ৰায় এক শতাংশ)৷ লগতে আছে হাজং, মাৰ, খাচী আৰু জয়ন্তীয়া, লখেৰ, মান (টাই ভাষী), কাৰ্বি, কেইবাটাও থালৰ কুকি জনগোষ্ঠী, কেইবাটাও থালৰ মিজো জনজাতি আৰু কেইবাটাও থালৰ নগা জনগোষ্ঠীও৷ এই সকলোৰে উপৰি পাহাৰীয়া জিলাৰ লগতে উচ্ছ অসম অঞ্চলতো বিভিন্ন কুকি আৰু তাই ভাষী জনজাতি আছে৷ 

        জনগোষ্ঠীয় সমাজ সম্পূৰ্ণৰূপে বংশগতিৰ সম্পৰ্ক-সূত্ৰে একত্ৰিত হৈ থকা সমাজ৷ এখন সমাজত সাধাৰণতে থকা শক্তিশালী, জটিল আৰু আনুষ্ঠানিক সংগঠন জনগোষ্ঠীয় সমাজত নাথাকে বা নাথাকিবও পাৰে৷ জনগোষ্ঠীয় সমাজ একোখন সাধাৰণতে অধিকৃত ভূমিসম্পদৰ আধাৰত ব্যক্তি আৰু নিজৰ গোষ্ঠীটোৰ সম্পৰ্কৰ (communitarian) ওপৰত বৰ্তি থাকে৷ জনগোষ্ঠীয়  সমাজত পদমৰ্যাদাৰ (hierarchy) আধাৰত সমাজব্যৱস্থা নচলে৷ জনগোষ্ঠীসমূহৰ সমাজবোৰ বিভিন্ন দিশৰপৰা নিজা নিজা বিশেষত্বৰে মণ্ডিত৷ কিন্তু আন বহু কাৰণৰ লগতে উপযুক্ত গুৰুত্ব সহকাৰে অসমৰ [লগতে আন ঠাইৰো] জনগোষ্ঠীয় সমাজবোৰৰ বিষয়ে অধ্যয়ন নোহোৱাৰ ফলত এই সমাজবোৰৰ বহু বিশেষত্বই ক্ৰমে ক্ৰমে নোহোৱা হৈ আহিছে৷ আধুনিকতা বোলা বতাহজাকে তেওঁলোকক বৌদ্ধিকভাৱে যেনেকৈ কোবাইছে তেনেকৈয়ে প্ৰযুক্তি জগতৰ ক্ৰমাগত পৰিৱৰ্তনেও পৰিৱৰ্তিত কৰি আনিছে৷ এনে অৱস্থাত তেওঁলোকৰ সমাজবোৰৰ বিষয়ে সূক্ষ্মাতিসূক্ষ্ম অধ্যয়ন আৰু গৱেষণা হোৱাটো সময়ৰে দাবী৷ 

        জনগোষ্ঠী অধ্যয়ন বা Tribal Study হৈছে সমাজ বিজ্ঞান অধ্যয়নক্ষেত্ৰৰ ভিতৰুৱা এটা অতি গুৰুত্বপূৰ্ণ বিষয়৷ সামাজিক নৃতত্ত্ববিদ্যাৰ মাজতে ইয়াৰ বীজটো লুকাই আছিল আৰু এতিয়াও সেই সম্পৰ্ক অটুট আছে৷ সময়ৰ লগে লগে ই এক আন্তঃবিদ্যাৱৰ্তী (inter-disciplinary) ধাৰণা হিচাপে গঢ় লৈ উঠিলেও সম্প্ৰতি ই এক স্বতন্ত্ৰ বিষয় হিচাপে বৃদ্ধি আৰু বিকাশ লাভ কৰিছে৷ 

        এই বিষয়টোত জনগোষ্ঠীয় সমাজৰ সংস্কৃতি, সামাজিক গাঁথনি, ৰাজনৈতিক ধৰণ-কৰণ, অথৈৰ্নতিক ব্যৱস্থাপনা, শিক্ষা,  আদি সকলো দিশ ক্ষেত্ৰনিৰ্ভৰ তথা প্ৰত্যক্ষ অধ্যয়ন আৰু গৱেষণা জড়িত হৈ আছে৷ বস্তুনিষ্ঠতা (objectivity), সঠিক তথ্য আহৰণ (precision), অধ্যয়নৰ আৰ্হি (design), পুনঃ পৰীক্ষণ (verifiability) আদি জনগোষ্ঠী অধ্যয়নত গুৰুত্বপূৰ্ণ কাম তথা উপাদান৷ জনগোষ্ঠী অধ্যয়ন সাম্প্ৰতিক সময়ৰ এটা বিশাল আৱেদন আৰু সম্ভাৱনাপূৰ্ণ বিষয়৷ বিষয়টোত জনজাতীয় সমাজৰ বিকাশৰ ভৌতিক (physical) আৰু আৱেগিক দুয়োটা দিশৰ বিষয়ে অধ্যয়ন কৰা হয়৷ ভৌতিক দিশটোৱে জনজাতীয় সমাজৰ জৈৱিক বিকাশৰ সৈতে জড়িত য’ত আৱেগিক দিশটোৱে সমাজৰ বিৱৰ্তনৰ সৈতে জড়িত৷ এই ভৌতিক দিশটোৰ উপৰি সম্প্ৰদায়, সংস্কৃতি আদিৰ বিকাশ আৰু বৃদ্ধিৰ বিষয়েও অধ্যয়ন কৰা হয়৷

জনগোষ্ঠী অধ্যয়নত ঘাইকৈ এনে দিশসমূহৰ অধ্যয়নত গুৰুত্ব দিয়া হয়–

        ১) সাংস্কৃতিক অধ্যয়ন (জীৱন যাত্ৰা, লোককলা, সঙ্গীত, লোককৃত্য, লোকবিশ্বাস, কৃষিবিদ্যা, লোক ঔষধি, পৰিয়াল গঠন, সমাজ গঠন, বিৱাহ, জন্ম আৰু মৃত্যু সংক্ৰান্তীয় লোকাচাৰ, বিশ্বাস আৰু        অন্ধবিশ্বাস, টোটেম আৰু টাবু,  ভাষা, সাহিত্য, অৰ্থনীতি, সম্পত্তিৰ ধাৰণা, খাদ্যাভ্যাস, ৰেচম আৰু বয়ন শিল্প আদি৷ (২) জাতীয়তা (গোট-উপগোট, বংশ) আৰু জাতীয়তাবাদ৷ (৩) নৃতাত্ত্বিকতা (ৰীতি-নীতি, অভ্যাস, আৰু পাৰস্পৰিক পাৰ্থক্য)৷ (৪) প্ৰান্তীয় সম্প্ৰদায়ৰ ইতিহাস (অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক) আৰু সাংস্কৃতিক মাত্ৰাসমূহৰ মাজত অসমান ক্ষমতাৰ সম্পৰ্কৰ বাবে বৈষম্য আৰু বৰ্জনৰ সন্মুখীন হোৱা সম্প্ৰদায়৷ (৫) লিংগ আৰু (৬) ধৰ্ম৷

        ভাৰতবৰ্ষত Tribal Studies-অৰ আৰম্ভণি ১৭৮৪ চনত হোৱা বুলিব পাৰি৷ কাৰণ ১৭৭৪ চনত প্ৰতিষ্ঠিত Journal of the Asiatic Society of Bengal-অত ১৭৮৪ চনত Nature and Man শীৰ্ষক এটা প্ৰবন্ধ প্ৰকাশ পাইছিল৷ বিংশ শতিকাৰ প্ৰথমটো দশকতে জাতীয়তাৰ কাৰণ সংজ্ঞাৱদ্ধভাৱে জনগোষ্ঠীসমূহৰ বিষয়ে অধ্যয়ন কৰাৰ প্ৰয়োজনীয়তা ভাৰতীয় প্ৰেক্ষাপটত ভাৰতীয় স্বাৰ্থ ক্ৰমশঃ দৃশ্যমাণ হৈছিল৷ ঊনবিংশ শতিকাৰ দ্বিতায় ভাগত আৰম্ভ হোৱা সেই ভাৰতীয় জনগোষ্ঠী অধ্যয়নৰ প্ৰয়াসে কুৰি শতিকাৰ দ্বিতীয় দশকত (১৯১২) এটা মাত্ৰা লাভ কৰিছিল শৰৎ চন্দ্ৰ ৰয়ে (১৮৭১-১৯৪২)  লিখা Monograph on the Munda-ৰ যোগেদি য’ত প্ৰথম বাৰলৈ এটা ভাৰতীয় জনগোষ্ঠী সম্পৰ্কে অধ্যয়ন কৰা হৈছিল৷ শৰৎ চন্দ্ৰ ৰয়ে তেনেকৈয়ে এক সন্দেহাতীত সম্ভাৱনা সৃষ্টি কৰি ঔপনিৱেশিক স্বাৰ্থৰ বিপৰীতে ভাৰতীয় স্বাৰ্থক প্ৰতিফলিত কৰিছিল৷ 

        ১৯১৯ চনত ব’ম্বে বিশ্ববিদ্যালয়ত সমাজবিজ্ঞান বিভাগ, আৰু ১৯২০ চনত কলিকতা বিশ্ববিদ্যালয়ত নৃতত্ত্ব বিভাগ স্থাপনৰ পৰাই প্ৰাতিষ্ঠানিকভাৱে এই অধ্যয়ন আৰম্ভ হয়৷ শেহতীয়া কিছু বছৰত ভাৰতৰ বহু বিশ্ববিদ্যালয় আৰু শৈক্ষিক প্ৰতিষ্ঠানে জনজাতীয় অধ্যয়ন বিষয়ত ডিগ্ৰী আৰু ডিপ্ল’মা পাঠ্যক্ৰম আগবঢ়াইছে৷ আচলতে জনগোষ্ঠী অধ্যয়ন বিষয়টো বহুমাতিক৷ ইয়াত  ইতিহাস, সাহিত্য, আইন, অৰ্থনীতি, পৰিৱেশ অধ্যয়ন, উন্নয়নমূলক অধ্যয়ন, লোককথা, পুৰাতত্ত্ব, চিকিৎসা, ৰাজনীতি বিজ্ঞান, থলুৱা অধ্যয়ন, দলিত অধ্যয়ন, উপ-অন্তৰ্ভুক্ত অধ্যয়ন, ভাষাবিজ্ঞান আদি বিভিন্ন শাখাত অধ্যয়নৰ সম্ভাৱনা আছে৷

        জনজাতীয় অধ্যয়ন এটা গুৰুত্বপূৰ্ণ বিষয় যদিও ইয়াৰ স্বীকৃতি প্ৰান্তীয় ধৰণৰ৷ সাধাৰণ বুজাবুজিৰ বাবে সামাজিক-সাংস্কৃতিক নৃতত্ত্বক জনজাতীয় অধ্যয়নৰ বিকল্প শব্দ হিচাপে লোৱা হয় আৰু অন্যান্য শাখাৰ অৱদান নিজ নিজ অনুশাসনৰ সীমাৰ বাহিৰত নাথাকে৷ আনহাতে, ব্যুৎপত্তিগতভাৱে নৃতত্ত্বই মানুহক অধ্যয়ন কৰে আৰু আপাত দৃষ্টিত ইয়াৰ পৰিসৰ সৰ্বাংগীন, য’ত জনগোষ্ঠীসমূহ প্ৰান্তীয় বা প্ৰত্যন্ত ধৰণৰ তাৎপৰ্যৰ বাহক হৈয়ে ৰৈ যায়৷

        নৃতত্ত্বৰ শাখাৰ বিৱৰ্তনৰ ঐতিহাসিক তদন্তই সাধাৰণতে মানৱতাৰ সকলো বিষয় সামৰি লোৱা বিচ্ছিন্ন বিষয়সমূহে শাখাটোৰ মূল আধাৰটো গঠন কৰাৰ ইংগিত দিয়ে৷ এই প্ৰসংগত আন এটা কথা উল্লেখযোগ্য৷ প্ৰথম অৱস্থাত জনজাতীয় অধ্যয়ন বিভাগ মুকলি কৰা বহু বিশ্ববিদ্যালয়ে ইয়াক নৃতত্ত্বৰ মাজত ৰাখি পুনৰ সংগঠিত কৰিছিল৷ তেনে কৰাৰ কাৰণ বহুত, কিন্তু আপাত কথাটো হৈছে বাস্তৱিক দৃষ্টিভংগীৰ অনুপস্থিতি৷ বিষয়টোৰ পাঠ্যক্ৰম প্ৰণয়নত নিয়োজিত পণ্ডিতসকল সাধাৰণতে অনুশাসনমূলক পটভূমিৰ সৈতে সম্বন্ধিত হয়, আৰু সেয়েহে জনগোষ্ঠী অধ্যয়ন বিষয়ৰ পাঠ্যক্ৰমটো তেওঁলোকৰ বিষয়ৰ অভিমুখী হৈ পৰে৷ এনে হোৱাৰ ফলতেই কেইবাটাও শাখাত প্ৰতিফলিত হোৱা জনজাতীয় অধ্যয়নৰ দৃষ্টিভংগীবোৰ গুৰুতৰভাৱে হেৰুৱাই পেলোৱা হৈছে৷ কেৱল ‘অৰুণাচল ইনষ্টিটিউট অৱ ট্ৰাইবেল ষ্টাডিজে’হে এনে অস্বস্তিকৰ অৱস্থা অতিক্ৰম কৰি দেশৰ ভিতৰতে প্ৰথম বাৰৰ বাবে এনে এক পাঠ্যক্ৰম প্ৰণয়ন কৰিছে– য’ত জনজাতীয় অধ্যয়নৰ নিজা প্ৰয়াস কৰা হৈছে৷  

        ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০-ত স্থানীয় সমাজ-সংস্কৃিতৰ অধ্যয়নৰ পোষকতা কৰাৰ কথা কোৱা হৈছে। এনে সময়ত জনগোষ্ঠী অধ্যয়ন বিষয়টোৱেও পাবলগা গুৰুত্ব লাভ কৰিব বুলি আশা কৰিব পাৰি।

        জনজাতীয় অধ্যয়নৰ ক্ষেত্ৰখনত কাম কৰিব খোজাসকলৰ বাবে প্ৰয়োজনীয় মূল দক্ষতাসমূহৰ ভিতৰত আছে ক্ৰমে ভাল যোগাযোগ দক্ষতা, উন্নত বিশ্লেষণ ক্ষমতা আৰু স্মৃতিশক্তি৷ চৰকাৰী খণ্ডত তেওঁলোকে (১) কৃষি পদ্ধতি, (২) জনগাঁথনি, (৩) মানৱ সম্পদ উন্নয়ন, (৪) জনজাতি কল্যাণ, (৫) অনুসূচিত জাতি আয়োগ, (৬) অনুসূচিত জনজাতি আয়োগ আদি ক্ষেত্ৰত চাকৰি বিচাৰি পাব পাৰে, (৭) আই চি এম আৰ, (৮) সংখ্যালঘু আয়োগ, (৯) অন্যান্য পিছপৰা শ্ৰেণী আয়োগ, (১০) পৰিকল্পনা আয়োগ ইত্যাদিত নিযুক্তিৰ সুবিধা লাভ কৰিব পাৰে৷ তদুপৰি জনজাতীয় জীৱনৰ সৈতে জড়িত বিভিন্ন সংগ্ৰহালয় বা সাংস্কৃতিক সংগঠনত কাম কৰা, মহাবিদ্যালয়-বিশ্ববিদ্যালয়ত শিক্ষকতা, জনজাতীয় বিষয়ৰ ৰাজহুৱা বক্তা বা অনা চৰকাৰী সংস্থাৰ যোগেদি সমাজৰ সেৱা কৰা আদি সুযোগো আছে৷

        পিছে সাম্প্ৰতিক সময়ত চাকৰিৰ পৰিৱৰ্তে নিজাকৈ অপৰম্পৰাগত উপায়েৰে জীৱিকাৰ ব্যৱস্থা কৰাটো অধিক প্ৰাসঙ্গিক হৈ উঠিছে৷ এনে অৱস্থাত জনগোষ্ঠী অধ্যয়ন তথা সেই সম্পৰ্কীয় গৱেষণাই সাম্প্ৰতিক সময়ত আমাৰ উদীয়মান প্ৰজন্মক জীৱন-জীৱিকাৰ দিশত বহু পৰিমাণে সহায় কৰিব পাৰে৷ তেনে কিছু সম্ভাৱনাময় ক্ষেত্ৰ হৈছে ক্ৰমে–

        ১) বিশেষ জনগোষ্ঠীয় সমাজত সেই জনগোষ্ঠীৰ বিশেষত্ব ৰক্ষা কৰি আতিথ্য উদ্যোগ গঢ়ি তুলিব পাৰি৷ তাৰ কাৰণে ঘৰে ঘৰেও (হ’ম ষ্টে’) ব্যৱস্থা কৰি দেশ-বিদেশৰ ভ্ৰমণকাৰীলৈ সেৱা আগ বঢ়াই¸ পৰ্যটন উদ্যোগৰ বিকাশত অংশ গ্ৰহণ কৰিব পাৰি৷

        ২) ঐতিহ্য ক্ষেত্ৰ তথা গ্ৰাম্যাঞ্চললৈ পৰিচালিত ভ্ৰমণ পেকেজ য’ত পৰম্পৰাগত ভাৰতীয় খাদ্য পৰিৱেশন কৰিব পাৰি, স্থানীয় শিল্পীসকলৰ প্ৰতিভাৰো ব্যৱসায়িক বিকাশ ঘটাব পাৰি৷

        ৩) ইণ্টাৰনেটৰ যোগেদি জনগোষ্ঠীয় বস্ত্ৰ-অলঙ্কাৰাদিৰ ডিজিটেল মাৰ্কেটিং কৰিব পাৰি৷

        ৪) জনজাতীয় সাহিত্যক অধিক গভীৰভাৱে অধ্যয়ন আৰু বুজিবলৈ, আৰু জনজাতীয় সংস্কৃতি আৰু কাহিনীৰ দিশসমূহ সমসাময়িক সাহিত্য আৰু অন্যান্য সৃষ্টিশীল প্ৰকাশভংগীত অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা অন্বেষণ কৰিব পাৰি৷

       ৫) জাতীয় সাহিত্যত বিভিন্ন জনজাতিৰ অধিক বৈচিত্ৰ্যপূৰ্ণ দৃষ্টিভংগী সন্নিৱিষ্ট কৰাৰ লগতে আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰি জনজাতীয় সাহিত্যক বহল পঢ়ুৱৈ সমাজৰ মাজত প্ৰচাৰ কৰাৰ সুবিধাও আছে৷

        ৬) জনগোষ্ঠী অধ্যয়ন বিষয়ত উচ্ছ শিক্ষা লাভ কৰাৰ লগতে শৈক্ষিক দৃষ্টিকোণৰ পৰা জনজাতীয় সমাজ সম্পৰ্কে গৱেষণা আৰু লিখাৰ লগতে জনজাতীয় সাহিত্য আৰু অন্যান্য সাহিত্য-সংস্কৃতিৰ মাজৰ সংযোগ বিচাৰি উলিওৱাৰ সুযোগ আছে৷

        ৭) জনজাতীয় অধ্যয়নৰ পণ্ডিতে প্ৰত্নতাত্ত্বিক অনুসন্ধানতো কাম কৰিব পাৰে৷

        ৮) জৈৱিক জীৱনৰ বিৱৰ্তন আৰু জনজাতীয় সম্প্ৰদায়ৰ সংস্কৃতিৰ বিৱৰ্তনতো তেওঁ সুযোগ বিচাৰি পাব পাৰে৷

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ