অন্যযুগ/


প্ৰকৃতিৰ ৰোষ বনাম মানুহৰ দোষ

ক’ৰ’নাভাইৰাছৰ ব্যাপক সংক্ৰমণৰ ফলত যোৱা কমেও দুটা বছৰে পৃথিৱীবাসীয়ে অনেক দুৰ্ভোগ ভুঞ্জিবলগীয়াত পৰিছে৷ বিভিন্ন দেশৰ চৰকাৰ আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ দৰে অনুষ্ঠানে মানুহৰ জীৱন সুৰক্ষিত কৰিবৰ উদ্দেশ্যে বিভিন্ন উদ্যোগ গ্ৰহণ কৰিছে৷ বিশেষকৈ দৈনন্দিন জীৱনত পালন কৰিবলগীয়া সজাগতামূলক কাম-কাজখিনিৰ বিষয়ে প্ৰচাৰ চলোৱাৰ উপৰি ৰোগগ্ৰস্তসকলৰ চিকিৎসাৰ ব্যৱস্থা কৰা,  প্ৰতিষেধক উদ্ভাৱনৰ বাবে স্বাস্থ্যবিজ্ঞানীসকলক সা-সুবিধা প্ৰদান কৰা, উদ্ভাৱনৰ পাছত সেই সেই ঔষধ প্ৰয়োগ কৰি মানুহক প্ৰতিৰোধক্ষম কৰি তোলা, প্ৰতিষেধকৰ সম্ভাৱনা সম্বন্ধে বিভ্ৰান্তসকলৰ মাজত উপযুক্ত প্ৰচাৰ চলাই তেনে লোককো প্ৰতিষেধক গ্ৰহণ কৰিব পৰাকৈ মানসিকভাৱে প্ৰস্তুত কৰি তোলা, গণসংক্ৰমণ ৰোধৰ বাবে সাময়িকভাৱে সকলো কাম-কাজ বন্ধ (লক্‌ডাউন্‌) ঘোষণা কৰা আৰু তাৰ ফলত হোৱা আৰ্থিক ক্ষতিৰ পূৰণৰ উদ্দেশ্যে ন ন নীতি যুগুত কৰা ইত্যাদি ক্ষেত্ৰতে চৰকাৰসমূহে সৰ্বোচ্চ গুৰুত্ব দিবলগীয়া হৈছে৷

তাৰ মাজতে অসমক জোকাৰি গৈছে কেইবাটাও ভূমিকম্পই৷ তাৰ পাছতে আৰব সাগৰত সৃষ্টি হোৱা নিম্নচাপৰ ফলত উদ্ভৱ হোৱা ঘূৰ্ণিবতাহ তাউতে আৰু বঙ্গোপসাগৰত সৃষ্টি হোৱা নিম্নচাপে জন্ম দিয়া ঘূৰ্ণিবতাহ য়ছ আহি থানবান কৰি গৈছেহি ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্য৷

অভিজ্ঞতাই যেন লাহে লাহে আমাক বুজাব খুজিছে যে পৃথিৱী আৰু প্ৰকৃতিৰ ওপৰত আমি চলোৱা উৎপীড়নে সম্ভৱতঃ চৰম সীমা অতিক্ৰম কৰিছে৷ শাস্ত্ৰত লিখা ‘ধৰ্মৰ গ্লানি আৰু অধৰ্মৰ প্ৰাদুৰ্ভাৱ’ বাস্তৱত যেন এয়েই৷ প্ৰকৃতিক মাত্ৰাজ্ঞান নোহোৱাকৈ প্ৰদূষিত কৰাৰ ফলতে যে ‘ভূমিৰ ভাৰ’ বাঢ়ি যোৱা নাই, কোনে ক’ব!

ক’ৰ’নাভাইৰাছক কোনোবা অদৃশ্য শত্ৰুৱে পৃথিৱীবাসীৰ প্ৰতি প্ৰয়োগ কৰা অদৃশ্য জৈৱিক অস্ত্ৰ যেনো ধাৰণা হৈছে৷ এই শত্ৰু নিশ্চিতভাৱে পৃথিৱীৰে কোনোবা শক্তিশালী দেশ, যি আন সকলো দেশৰ মানৱ সম্পদ আৰু অৰ্থব্যৱস্থা নষ্ট কৰি নিজকে পৃথিৱীৰ একচ্ছত্ৰী নেতৃত্ব হিচাপে প্ৰতিষ্ঠা কৰিব খোজে৷ আমাৰ এনে ধাৰণাৰ প্ৰমাণো আছে৷ চীনৰ দৰে দেশে ক’ৰ’নাভাইৰাছক সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিলে অথচ সেইখন দেশে যিবোৰ দেশলৈ প্ৰতিষেধক পঠাইছিল, তাৰে কেইবাখনো দেশে সেই প্ৰতিষেধক ঘূৰাই পঠাইছে৷ কাৰণ? সেই প্ৰতিষেধকে হেনো ক’ৰ’নাৰ সংক্ৰমণ ৰোধ কৰিব নোৱাৰে৷ ইয়াৰ তাৎপৰ্য কি? চীনে বাৰু কিবা তথ্য গোপন কৰা যেন লানাগেনে? প্ৰথমবাৰ যেতিয়া চীনৰ উহান চহৰৰ পৰা ক’ৰ’নাভাইৰাছৰ সংক্ৰমণ ঘটাৰ কথা চীনে আন্তঃৰাষ্ট্ৰীয় মহলক নিজা ইচ্ছাৰে জনোৱা নাছিল, তেতিয়া বিশ্বজুৰি ‘বয়কট চাইনা’-ৰ শ্ল’গান উচ্চাৰিত হৈছিল৷ সেই সময়তো আনকি চীনা বস্ত্ৰ কোম্পানীয়ে  বিশ্বজোৰা ব্যৱসায় কৰিছিল ‘বয়কট চাইনা’ বুলি লিখা কোটি কোটি টি-শ্বাৰ্ট বিক্ৰী কৰি৷ 

ইতিমধ্যে এনে বহু অথন্তৰৰ মাজতে অসমত প্ৰতিষ্ঠা হৈছে নতুন চৰকাৰ৷ বিগত বছৰৰ ক’ভিডে বিস্ফোৰণমুখী ৰূপ ধাৰণ কৰোঁতে যিজন লোকে স্বাস্থ্যমন্ত্ৰী হিচাপে সমুখ সমৰত নামি ৰাজ্যখনৰ পৰিস্থিতি স্বাভাৱিক কৰি তুলিবলৈ যত্ন কৰিছিল, সেইজন হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠিত নতুন চৰকাৰখনে সম্প্ৰতি ক’ভিডৰ সৈতে যুঁজ কৰিবলৈ ৰাইজৰ পৰা দান-বৰঙণি বিচাৰিছে৷ এনে উদ্যোগৰ উদ্দেশ্য স্পষ্ট: ৰাজকোষত ধনৰ অভাৱ৷ অথচ দাতাসকলৰ নাম আৰু দানৰ পৰিমাণ বাতৰি কাকতত বিজ্ঞাপন হিচাপে প্ৰকাশ কৰি থকাও হৈছে য’ত লাখ লাখ টকা খৰচ হৈছে (আদান-প্ৰদানৰ স্বচ্ছতাৰ প্ৰশ্ন যদি এই ক্ষেত্ৰত আহে তেন্তে দাতাসকললৈ ব্যক্তিগতভাৱেও বিশদ হিচাপ পঠাই সামগ্ৰিকভাৱে মুঠ হিচাপটো ৰাজহুৱাকৈ প্ৰকাশ কৰাৰ থলো আছিল৷ তেতিয়া সামগ্ৰিক হিচাপৰ সৈতে দাতাসকলে নিজে লাভ কৰা বিশদ হিচাপ মিলাই চাবও পাৰিলেহেঁতেন)৷ ইপিনে একেখন চৰকাৰে নিজ ইচ্ছাৰে  মাইক্ৰ’ফাইনেঞ্চৰ পৰা লোৱা ঋণৰ বোজাত কোঙা হোৱা বহু লোকৰ ঋণ ৰাজকোষৰ ধনেৰে পৰিশোধ কৰিবলৈও ওলাইছে৷ ছাত্ৰীক স্কুটী প্ৰদান কৰাৰ দৰে উদ্যোগ চৰকাৰখনে অব্যাহত ৰাখিব বুলিও জানিব পাৰিছোঁ৷ তদুপৰি মুখ্যমন্ত্ৰী হিচাপে ব্যৱহাৰ কৰা চৰকাৰী যান-বাহন প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰা প্ৰত্যাহাৰ নকৰা আৰু নতুন মুখ্যমন্ত্ৰীৰ কাৰণে দুখনকৈ বিলাসী গাড়ী ক্ৰয় কৰিবলৈ ওলোৱা তথ্যও বাতৰি কাকতত প্ৰকাশ পাইছে৷ এনে অৱস্থাতো ৰাজ্যৰ কেইবাটাও শিক্ষক-কৰ্মচাৰীৰ সংগঠনে প্ৰতিজন সদস্যৰ এদিনৰ দৰমহা ক’ৰ’নাৰ বিৰুদ্ধে যুঁজলৈ আগ বঢ়াইছে৷ মন কৰিব লাগিব, বিগত বছৰতো কৰ্মচাৰীসকলৰ এমাহৰ পঁচিছ শতাংশ দৰমহা ক’ৰ’না-যুদ্ধৰ কাৰণে প্ৰদান কৰা হৈছিল৷

এপিনে ৰাজ্যৰ ৰাজকোষৰ অৱস্থা শোচনীয়, আনপিনে বিশেষ কিছু সংখ্যক মানুহলৈ ৰাজহুৱা ধনেৰে সাহায্য আগ বঢ়োৱাটো কিমান দূৰ যুক্তিযুক্ত বুলি আমাৰ মনলৈ প্ৰশ্ন আহে৷ 

আসন্ন বাৰিষাত বানপানীয়ে বহু মথাউৰি ভাঙিব আৰু বহু মানুহৰ জীৱনলৈ অপৰিসীম দুখ-কষ্ট কঢ়িয়াই আনিব বুলিও আমি নিশ্চিত৷ পিছে হাজাৰ হাজাৰ কৰ্মচাৰীৰে পুষ্ট জলসম্পদ বিভাগটোক এতিয়া নতুনকৈ দায়িত্ব লাভ কৰা মন্ত্ৰীজনেহে জগাই দিবলগীয়া হৈছে৷ খৰালিৰ কালতে ভগা মথাউৰিৰ মেৰামতি আৰু নতুন মথাউৰিৰ নিৰ্মাণ কৰাটো যে প্ৰয়োজনীয়, এই কথা বোধকৰোঁ জলসম্পদ বিভাগৰ ডাঙৰ ডাঙৰ অভিযন্তাসকলে বুজি নাপায়৷

ক’ৰ’নাৰ পৰা ৰাজ্যৰ নতুন চৰকাৰৰ একাধিক লক্ষণলৈকে সাঙুৰি চাই দেখা গৈছে যে প্ৰকৃততে আমাৰ সকলো ব্যৱস্থাই এক ধৰণৰ পৰস্পৰবিৰোধ আৰু প্ৰাসঙ্গিক সংশ্লিষ্টসকলৰ মাজৰ সহযোগিতামূলক মনোভাৱৰ অভাৱকে প্ৰকাশ কৰে৷ এনে হোৱা উচিত নহয়৷ আঁঠুৱা চাই ঠেং মেলা ভাল৷

 

হোমেন বৰগোহাঞি আৰু অধ্যাপক দিলীপ বৰুৱা : শ্ৰদ্ধাঞ্জলি


'অন্যযুগ'ৰ উন্মোচনী অনুষ্ঠানত বাওঁফালৰ পৰা ক্ৰমে
সদ্যপ্ৰয়াত ড০ দিলিপ বৰুৱা আৰু হোমেন বৰগোহাঞি
 

অমাৰ যুগৰ বিশিষ্ট অসমীয়াসকলৰ অন্যতম হোমেন বৰগোহাঞিদেৱৰ বিয়োগে অসমৰ সমাজ-জীৱনত হঠাতে সৃষ্টি কৰিলে এটুকুৰা ঘা৷ এই ঘা শুকাবলৈ সময় লাগিব৷

প্ৰায় সৰ্বগুণাকৰ আছিল মানুহজন৷ বিশেষকৈ বিগত শতিকাৰ মাজভাগৰ পৰা তেওঁ অসমীয়া মানুহক গ্ৰন্থ অধ্যয়নৰ প্ৰতি যিদৰে উদ্বুদ্ধ কৰিছিল, সি অতুলনীয়৷ অসমত নিজে পঢ়ি পাণ্ডিত্য অৰ্জন কৰা লোক অনেক আছে, কিন্তু বৰগোহাঞিদেৱৰ দৰে নিজে উচ্চ ডিগ্ৰীৰ অধিকাৰী নোহোৱাকৈও আনক প্ৰজ্ঞাৰ সাধনাত মনোনিৱেশ কৰিবলৈ উদ্দীপ্ত কৰা লোক প্ৰায় নায়েই৷ প্ৰকৃতপক্ষেই তেখেতে অসমীয়া মানুহৰ জাতীয় শিক্ষকৰ মৰ্যাদা লাভ কৰিছিল।

গল্পকাৰ হিচাপে, কবি হিচাপে, ঔপন্যাসিক হিচাপে, ব্যক্তিগত ৰচনাৰ লেখক হিচাপে, সমালোচক হিচাপে, একাধিক বাতৰি কাকত-আলোচনীৰ সম্পাদক হিচাপে, গ্ৰন্থৰ সম্পাদক হিচাপে, সমাজ জীৱনৰ পৰ্যালোচক হিচাপে— যি দৃষ্টিকোণৰ পৰাই লক্ষ্য কৰা যায়, সেই ফালৰ পৰাই তেখেত সুউচ্চ প্ৰতিভূ হৈ আমাৰ সন্মুখত দণ্ডায়মান হয়হি৷ প্ৰায় চাৰে ঊনানব্বৈ বছৰ পৰমায়ু লাভ কৰিলেও তেখেত শতায়ু হোৱাৰ উপযোগী স্বাস্থ্য অটুট আছিল৷ স্বাস্থ্যৰক্ষাৰ নিয়মবোৰ নিজৰ ক্ষেত্ৰত পালন কৰাৰ লগতে তেখেতে আনকো প্ৰেৰিত কৰিব খুজিছিল স্বাস্থ্য সচেতনতাৰ বাবে গ্ৰহণ কৰিবলগীয়া বিধিবোৰ পালন কৰিবলৈ৷ কিন্তু ক’ৰ’নাভাইৰাছৰ সংক্ৰমণত আক্ৰান্ত হোৱাৰ লগে লগেই তেখেতৰ স্বাস্থ্যযন্ত্ৰৰ সুস্থতা অভাৱনীয় ধৰণে কমি আহিছিল, যাৰ ফলত তেখেত আমাৰ মাজৰ পৰা হঠাতে নোহোৱা হ’ল৷

প্ৰতিষ্ঠাকালৰে পৰা ‘অন্যযুগ’-ৰ তেখেত আছিল মুখ্য উপদেষ্টা৷ ‘অন্যযুগ’-ৰ প্ৰথম সংখ্যাটোৰ উন্মোচনো কৰিছিল তেখেতেই৷ তেখেতৰ বিয়োগত ‘অন্যযুগ’ পৰিয়াল অভিভাৱকহীন হোৱাৰ উপক্ৰম হৈছে৷ এই ক্ষণজন্মা পুণ্যাত্মাৰ প্ৰতি আমি আমাৰ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা তৰ্পণ কৰিছোঁ৷

অধ্যাপক দিলীপ বৰুৱাদেৱো নিৰৱেই গ’লগৈ। কটন কলেজৰ উপৰি অসমৰ ডিব্ৰুগড়-গুৱাহাটী দুয়োখন বিশ্ববিদ্যালয়তে অধ্যাপনা কৰা, পাছত পশ্চিমবঙ্গৰ বৰ্ধমান বিশ্ববিদ্যালয়ত অধ্যাপনা কৰাৰ উপৰি ভাৰপ্ৰাপ্ত উপাচাৰ্য হিচাপেও কাৰ্যনিৰ্বাহ কৰা, বিদ্যাসাগৰ বিশ্ববিদ্যালয় আৰু যাদৱপুৰ বিশ্ববিদ্যালয়তো অতিথি অধ্যাপক হিচাপে অধ্যাপনা কৰিছিল। তেখেতে টি এছ এ’লিয়টৰ ‘দ ৱেইষ্ট লেণ্ড’ পোনপ্ৰথমে অসমীয়ালৈ ভাঙনি কৰি‍ উলিওৱাৰ উপৰি আলোকসন্ধানী সমালোচনাৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰি গৈছে। কেৱল কৰ্মত বিশ্বাসী এই পণ্ডিতজনক বৰ্তমান সময়ৰ উদীয়মান প্ৰজন্মই চিনি নোপোৱাটো অতিকে দুৰ্ভাগ্যজনক।

অসমীয়া সাহিত্য-সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কথা প্ৰায়ে কৈ ফুৰা সাহিত্যিক-পণ্ডিতসকলে অসমৰ বাহিৰত অসমীয়া সাহিত্য সম্পৰ্কে কিমান প্ৰচাৰ কৰিছে সকলোৱে দেখিয়ে আছে। অধ্যাপক দিলীপ বৰুৱাদেৱে পিছে কাহানিও কোনেও নজনাকৈয়ে এই কামটোকে কৰিছিল নিৰৱে, একান্ত জাতীয় দায়িত্ব হিচাপে। তোখেতে ইংৰাজী ভাষাত লিখা ৰচনাসমূহৰ কমেও দুই-তৃতীয়াংশই হৈছে অসমীয়া সাহিত্য সম্পৰ্কে অসমৰ বাহিৰত তেখেতে প্ৰদান কৰা বক্তৃতা। অথচ দুখৰ বিষয় এয়ে যে, অসমৰ চৰকাৰেই হওক কিম্বা সাহিত্য-সংস্কৃতিৰ উত্তৰণৰ নামত আত্মনিয়োগ কৰা বুলি প্ৰকাশ কৰা সংস্থা-সংগঠন কোনোৱে এই ব্যক্তিজনক জীৱনকালত সামান্য সম্বৰ্ধনাও নজনালে।

তেখেতে ‘অন্যযুগ’-ত লিখিছিল। সম্ভৱতঃ চাকৰিৰ পৰা অৱসৰ লোৱাৰ পাছত যোৰহাটত নিগাজীকৈ থাকিবলৈ লোৱাৰ পাছত ‘অন্যযুগ’-ৰ প্ৰস্তাৱনা সংখ্যাৰ উন্মোচনী অনুষ্ঠানলৈ অহাই আছিল তেখেতৰ আনুষ্ঠানিকভাৱে প্ৰথম সামাজিক আত্মপ্ৰকাশ। 

এইজন গুণী অসমীয়াৰ বিয়োগেও আমাক মৰ্মাহত কৰিছে। পুণ্যাত্মা অধ্যাপক দিলীপ বৰুৱাদেৱৰ স্মৃতিত গভীৰ শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰিছোঁ।

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ