অন্যযুগ/


বানপানীৰ দিনৰ ভাবৰ বুৰবুৰণি

বানপানীৰ দিনৰ ভাবৰ বুৰবুৰণি


এইবাৰ শেষ বহাগতে বানপানীৰ বতৰ আৰম্ভ হল আৰু জেঠ মাহত বানে অসমৰ বহুখিনি অঞ্চল প্লাৱিত কৰিলে (এতিয়াও ন ন ঠাইত বানপানী হৈয়ে আছে) ৷ অসমীয়াত এষাৰ কথা আছে, ‘শাওনৰ পানী ৰাওণে খায়, ভাদৰ পানীতহে ঘৰ তল যায় ৷  সম্ভৱতঃ প্ৰকৃতিৰ নিয়ম মতে আগৰ দিনত এনেকুৱাই আছিল অসমৰ বানপানীৰ চৰিত্ৰ ৷ কিন্তু আমি জানো প্ৰকৃতিক প্ৰাকৃতিক হৈ থাকিবলৈ দিছোঁ ? নাই দিয়া৷ তেনেহলে প্ৰকৃতি কিয় পুৰণি নিয়ম মতে চলি থাকিব? নাথাকে ৷ গতিকে বানপানী আকৌ আহিব৷ সম্ভৱতঃ আঘোণ-পুহ মাহতো অসমত বানপানী হব অদূৰ ভৱিষ্যতে ৷ এই বছৰ দেখোন মাৰ্চ মাহতে আৰম্ভ হোৱা বৰষুণ এতিয়া, এই জুন মাহৰ শেষ সময়লৈকে অবিৰতভাৱে সৰিয়েই আছে৷ বৰষুণৰ পানী ধৰি ৰাখিবলৈ কোনেও বান্ধ সজা নাই, বান্ধ সজা হৈছে নদীৰ পানীত ভেটা দি তাৰপৰা জলবিদ্যুৎ উৎপাদনৰ উদ্দেশ্যেহে৷ গতিকে বিদ্যুৎ প্ৰকল্পৰ বান্ধে বৰষুণৰ কাৰণে জমা হোৱা পানীখিনি কেনেকৈ ধৰি ৰাখিব ? এনেয়েও নৈৰ বুকু ভৰি উঠে একে বৰষুণৰ কাৰণেই৷ গতিকে ভৰ সহিব নোৱৰা বান্ধে খুলি দিয়ে পানীবান্ধটোকতো ভাগিবলৈ দিব নোৱাৰি৷ তাত শ শ বা হাজাৰ হাজাৰ কোটি টকা খৰচ কৰা হৈছে ৷ গতিকে বান্ধৰ নামনিৰ মানুহখিনিৰ ঘৰ-দুৱাৰবোৰতে সোমাওক পানী, কাৰ কি আহে-যায় ?

এইবাৰৰ বান বিশেষত্বপূৰ্ণ ৷ প্ৰথম কথা, ই আবতৰীয়া ৷ দ্বিতীয়তে সত্ৰনগৰী বৰপেটাৰ নিচিনা কাহানিও বানপানী নোহোৱা ওখ ঠাইকো এই বানে জুৰুলা কৰিলে ৷ নগাঁৱৰ কাহানিও বানপানী নোহোৱা বহু অঞ্চল এইবাৰৰ বানত বিধ্বস্ত হৈছে ৷ আগেয়ে গুৱাহাটীৰ কৃত্ৰিম বানে সদায়ে অনিল নগৰ-নবীন নগৰক বুৰোৱাৰ খবৰহে পোৱা গৈছিল ৷ এইবাৰ গুৱাহাটীৰো আন বহু ঠাই বানৰ পানীয়ে বুৰাই পেলাইছে ৷

এটা কথা আমি বুজি নাপাওঁ ৷ সদায় মাৰ্চ মাহমানৰপৰা বান নিয়ন্ত্ৰণ (আজিকালি জলসম্পদ বিভাগ) বিভাগৰ মন্ত্ৰীজনে বিভিন্ন ঠাইৰ মথাউৰিবোৰ পৰিদৰ্শন কৰি অতিশীঘ্ৰে মেৰামতি কৰিবলৈ নিৰ্দেশ দিয়ে ৷ মাৰ্চৰপৰাই আকৌ বৰষুণো আৰম্ভ হয় ৷ এনে অৱস্থাত মথাউৰি সজা বা মেৰামতি কৰা মানে যে ধন এসোপা পানীত পেলাই দিয়াহে সেয়া সকলোৱে বুজি নাপায় কিয় ? কি কাৰণে খৰালিৰ শুকান দিনকেইটাতে মথাউৰিবোৰৰ নিৰ্মাণ আৰু মেৰামতি কাৰ্য সম্পন্ন নহয় ? জলসম্পদ বিভাগে জলক সম্পদলৈ পৰিৱৰ্তন কৰিব দূৰতে থাকক, জলবিপদৰ পৰা পৰিত্ৰাণৰ পথ বিচাৰি হাবাথুৰি খাই থকাহে দেখোঁ ৷ 

বানপানীৰ দিনত কি কি হয় ? চৰকাৰ চলোৱা দলৰ মন্ত্ৰী-বিধায়ক-নেতাসকলে বন্যাক্ৰান্তসকলৰ দুখ-কষ্টৰ বুজ লৈ ফুৰে ৷ বিভাগীয় আমোলা-বিষয়াসকলক নিৰ্দেশ দি ফুৰে ৷ আক্ৰান্ত ৰাইজক খাদ্যসামগ্ৰী, চিকিৎসা সামগ্ৰী আদি যোগান দি ফুৰে ৷ বিৰোধী দলৰ নেতাসকলে বানপানীৰ মাজতে থিয় দি আন্দোলনৰ শ্লোগান দিয়ে ৷ বাতৰি কাকতত বিজ্ঞপ্তি দিয়েচৰকাৰী পক্ষই ৰাইজৰ কাৰণে সকলো কৰা হব বুলি আৰু বিৰোধী পক্ষই চৰকাৰখনে একোকে কৰিব পৰা নাই বুলি ৷ এই যে দলীয় ৰাজনীতিৰ পোহাৰী-চুপতিবোৰ, এইবোৰ এৰি আক্ৰান্ত ৰাইজৰ দুখত দুখী হবলৈ কিন্তু মাৰ বান্ধি সকলো ওলাই নাহে ৷ 

গতিকে, বানৰ দিনৰ যাতনা পাৰ হৈ যাব ৷  সি অতীত হব কেইদিনমানৰ পাছতে ৷ আকৌ অহা বছৰৰ বানপানী নহালৈকে বানপানীৰ কথা নৈব নৈব চ ৷ এক কথাত, এতিয়া সকলোৱে পাহৰি যাব লাগে কথাবোৰ ৷ ঠিক এই মুহূৰ্তত পাহৰি থকাৰ দৰেই সকলোৱে নহয়, ভুক্তভোগী সকলোৱেহে ৷ কাৰণ, ঠিকাদাৰ-ইঞ্জিনীয়াৰে নক্সা অঁকাৰপৰা টকা-পইচাৰ যোগাৰ কৰি পুনৰ মথাউৰি নিৰ্মাণ কৰালৈকে এক প্ৰকাৰ চিৰন্তন প্ৰক্ৰিয়াটো চলিয়েই থাকে ৷ এতিয়াও চলি আছে ৷ ভুক্তভুগীসকলে আকৌ যেতিয়া ভুগিব তেতিয়া পুৰণা কাপোৰ-কানি লৈ, চাউল-চিৰা দুমুঠিমান লৈ বান সাহায্য দি ফটো তুলি প্ৰচাৰ মাধ্যমৰ যোগেদি প্ৰচাৰ কৰিবলৈ বহু মানুহ আছে ৷ তেনেসকলে এটা ধাৰণা কৰিয়েই লয় : বান আহিবই আৰু তেনে সময়ত এনে সহায় আগ বঢ়োৱাটোৱেই মানুহে কৰিব পৰা আচল কাম ৷ 

হয়, সেই মুহূৰ্তত সেই ধৰণৰ কাম গুৰুত্বপূৰ্ণ ৷ কিন্তু সমস্যাৰ স্থায়ী সমাধানৰ ব্যৱস্থা এটা কেতিয়া হ? 

২০১৬ চনত ৰাজ্যত প্ৰথম বাৰৰ বাবে শাসনত বহা বিজেপি চৰকাৰখনে যথেষ্ট আত্মবিশ্বাসেৰে ঘোষণা কৰিছিল ব্ৰহ্মপুত্ৰত খনন চলোৱাৰ কথা ৷ সেই ঘোষণা অনুসৰি কাম হলনে ? চৰকাৰ সলনি হল কিন্তু ৷ পুৰণি মথাউৰিবোৰ নতুনকৈ নিৰ্মাণ কৰাৰ কথাও শুনিছিলোঁ ৷ সেইবোৰ কি পৰ্যায়ত ? আগৰখন চৰকাৰেই ঘোষণা কৰিছিল যে ঠিকাদাৰসকলে স্থানীয় ৰাইজৰ মনঃপুত হোৱাকৈ নিৰ্মাণকাৰ্য কৰিব লাগিব ৷ সংশ্লিষ্ট নিৰ্মাণকাৰ্যবোৰত স্থানীয় ৰাইজৰ ভূমিকা কেনে ? ৰাইজে কিমান কি খবৰ ৰাখে আমি নাজানো৷ ৰাইজক খবৰ দিওঁতাসকল কোন সেইটোও নাজানো আমি ৷ কিন্তু এটা কথা জানো যে মুদ খাই  যাব খোজা ৰাইজৰ চকুত মাজে মাজে পানী একোছাটি মাৰি থাকে  বেচৰকাৰী হলেও বাতৰি কাকত কেইখনেহে ৷

আমি ভাবোঁ, বানপানী সমস্যাৰ বিষয়ে চিন্তা কৰাৰ আটাইতকৈ উপযুক্ত সময় আৰম্ভ হৈছে  নৱেম্বৰ মাহ ৷ এই বিষয়টোক লৈ যি কৰিব পৰা যায় নৱেম্বৰৰপৰা ফেব্ৰুৱাৰী মাহৰ ভিতৰতে কৰা ভালসি লাগিলে চৰকাৰীভাৱে সজা কোটিটকীয়া মথাউৰিয়েই হওক কিম্বা গছৰ ডাল-পাত জোৰা দি খহনীয়া প্ৰতিৰোধৰ কাৰণে ৰাইজে সজা সাধাৰণ বুৰুজেই হওক ৷ মাৰ্চ মাহৰপৰাই ৰাজ্যখনৰ অঞ্চলবিশেষত আকৌ আৰম্ভ হব তুমুল বৰষুণ আৰু বিহুৰ আগে-পিছে বানৰ পানীত বুৰিবলৈ আৰম্ভ কৰিব বহু অঞ্চল ৷ এতেকে, ৰাইজৰ প্ৰতি অনুৰোধ : খেতি-খোলাৰপৰা উঠি হাত সাবটি নাথাকি বাৰিষাৰ দিনত নিজৰ অৱস্থাৰ জোৰা মাৰিবলৈ এতিয়াৰপৰাই হাতে-কামে লাগক ৷

বানপানীয়ে ক্ষতিগ্ৰস্ত কৰাসকলৰ ভিতৰৰে যিসকলে খেতিৰ নামত এমুঠি ধানো নাপায়, যিসকল মৎস্যপালকৰ সকলো মাছ বানপানীত ওলাই গুচি যায় সেইসকল কেনেকৈ জীয়াই আছে তাৰ খবৰ কৰিবৰ উপযুক্ত সময় খৰালিহে ৷  যিসকলৰ ঘৰ-দুৱাৰ বানে ভাঙি উটুৱাই নিয়ে তেওঁলোকৰ কাৰণে স্থায়ীভাৱে চালি একোখনৰো ব্যৱস্থা কৰিবৰ কাৰণে প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ দৰে আঁচনিত সুবিধা সৃষ্টি কৰিব পাৰে ৷ এইখন আঁচনিৰ অধীনতে সুবিধা উলিয়াই চৰকাৰে বানৰ সময়ত সাময়িক সকাহৰ উদ্দেশ্যে তিনপাট আদি দিয়া বাস্তুহাৰাসকলক স্থায়ীভাৱে কিবা এটা ব্যৱস্থা কৰি দিয়া উচিত ৷ 

বানৰ পানীয়ে ক্ষতি কৰা স্কুল-কলেজবোৰলৈ বাৰিষাৰ সময়ত লৰা-ছোৱালী আৰু শিক্ষক কেনেকৈ যায়, যায় নে নাযায়, তাত পাঠ্যক্ৰম কেনেকৈ সময় মতে সমাপ্ত কৰা হয় আদি প্ৰশ্নও আমাৰ সম্মুখত আছে ৷ তেনে বহু স্কুললৈ বাৰিষা শিক্ষাৰ্থী আৰু শিক্ষক নালাগে কোনোৱেই যে যাব নোৱাৰে সেয়াও সকলোৱে জানে ৷ আচলতে খৰালিৰ সুবিধাজনক বতৰতে সেইবোৰ সমস্যাৰো জোৰা মাৰিবলৈ যত্ন কৰিব লাগে ৷

ঘাইকৈ বানপানীৰ প্ৰৱণতা থকা অঞ্চলসমূহ চিনাক্ত কৰি চৰকাৰীভাৱে খৰালিৰ সময়তে পৰৱৰ্তী বছৰৰ আসন্ন বানৰ ভয়াৱহতা কমাবলৈ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে ৷ লগতে, যিবোৰ ঠাইত জলবিদ্যুৎ প্ৰকল্পৰ বান্ধৰপৰা অকস্মাতে এৰি দিয়া পানীয়ে দুৰৱস্থা সৃষ্টি কৰিছে সেইবোৰ ঠাইৰ জনসাধাৰণক হঠাতে পৰিস্থিতিৰ মুখামুখী হব পৰা ধৰণৰ কিছুমান আহিলা আগতীয়াকৈ যোগাই থোৱাৰ ব্যৱস্থা কৰা ভাল ৷ লগতে সংশ্লিষ্ট জলবিদ্যুৎ প্ৰকল্পৰ কতৃৰ্পক্ষলৈ ন্যায়ালয়ৰ যোগেদি কঠোৰ জাননী প্ৰেৰণ কৰিব লাগে যাতে তেওঁলোকে বান্ধৰ নামনি অঞ্চলবোৰত আকস্মিক বানপানী সৃষ্টি কৰিব নোৱাৰে । তাৰ বিপৰীতে বািৰষাৰ দিনত প্ৰতিদিনেই কিছু কিছু পানী এৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নদীবান্ধ কৰ্তৃপক্ষক বাধ্য কৰিব নোৱাৰিনে ? কথাবোৰ আমি সময় মতে চিন্তা কৰি সমুচিত ব্যৱস্থা ললে সমাধান নহলেও সমস্যাটোৰ ভয়াৱহতা নিশ্চয় কমিব ৷

এতিয়া আমাৰ চৌপাশে সমস্যাই সমস্যা ৷ নগৰ-চহৰবোৰত নলা-নৰ্দমা নিৰ্মাণ কৰাৰ সমস্যা, ৰাষ্ট্ৰীয় ঘাইপথেদি কৰবালৈ যাবলগীয়া হলে শৰীৰৰ হাড়ৰ জোৰাবোৰ সুলকি পৰোঁ পৰোঁ হোৱাৰ সমস্যা, নিবনুৱা সমস্যা, বিনামূলীয়া পাঠ্যপুথিৰ সমস্যা, বিনামুলীয়া স্কুটীৰ সমস্যা, বিদ্যুতৰ নাটনিৰ সমস্যা, বিদ্যুতৰ তাঁৰত লাগি মানুহ মৰাৰ সমস্যা, চুৰি-ডকাইতিৰ সমস্যা আদি এশ এবুৰি সমস্যাৰ মাজত আমাৰ উশাহ লবলৈকে সময় নাই ৷ তাৰ ওপৰতে আকৌ আহিব আৰু যাব গণেশ পূজা, বিশ্বকৰ্মা পূজা, দুৰ্গাপূজা, লক্ষ্মীপূজা, কালিপূজা-দীপান্বিতাকে ধৰি ৰাসলীলা হৈ সৰস্বতী পূজালৈকে অনেকটা উৎসৱ ৷ কিন্তু ইমান সমস্যাৰ মাজতো আমি উৎসৱবোৰ ঠিকেই পালন কৰিম, ভালেখিনি কষ্টোপাৰ্জিত ধন কোটিপতি বণিয়াৰ হাতত তুলি দিম ৷  

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ