অন্যযুগ/


ৰাজনীতি, কুটনীতি, প্ৰচাৰ আৰু বজাৰ

 


ভৌগোলিকভাৱে বিশ্বৰ ডাঙৰ দেশসমূহৰ ভিতৰত ভাৰতো এখন৷ শেহতীয়াকৈ জনসংখ্যাৰ দিশততো ভাৰত সৰ্ববৃহৎ দেশলৈ উত্তীৰ্ণ হৈছে৷ প্ৰাগৈতিসাহিক কালৰেপৰাই এই দেশৰ যি চহকী ঐতিহ্য আছিল সেইখিনি মষিমূৰ কৰিবলৈ বিশেষকৈ মধ্যযুগত বহু প্ৰচেষ্টা চলিছিল যদিও সেইবোৰ প্ৰচেষ্টাৰ মাজতো এই অঞ্চলটোৱে নিজা চৰিত্ৰ বৰ্তাই ৰাখিবলৈ সক্ষম হৈছিল৷ এই দেশৰ পৰাই প্ৰাচীন জ্ঞান-বিজ্ঞানৰ বহু উপাদান সেই মধ্যযুগতে বিশ্বৰ বিভিন্ন প্ৰান্তলৈ প্ৰসাৰিত হৈছিল৷ তাৰ পাছত ব্ৰিটিছ ঔপনিৱেশিক শক্তিয়ে যেনিবা দীৰ্ঘম্যাদী আঁচনিৰে ভাৰতৰ কঁকালতে মৰকোব মাৰি, আৰ্থিক-বৌদ্ধিক উভয় দিশৰ পৰাই কোঙা কৰি পেলালে৷

তাৰ পাছত, যোৱা প্ৰায় আঠোটা দশক এই দেশখনে স্বাধীন দেশৰূপে নিজকে আগ বঢ়াই নিবলৈ যত্ন কৰি আহিছে৷ ভাৰতবৰ্ষই ৰাজনৈতিক স্বাধীনতা অৰ্জন কৰাৰ সময়ত পৃথিৱীৰ যি ৰাজনৈতিক বাতাৱৰণ আছিল, সিয়েই প্ৰকৃততে ভাৰতৰ বুকুৰ পৰাই পাকিস্তান নামৰ ৰুগ্ন দেশ এখনৰ জন্মৰো কাৰণ আছিল৷ প্ৰকৃততে প্ৰথমে ব্ৰিটিছে আৰু পাছলৈ আমেৰিকাকে ধৰি পৃথিৱীৰ ভালে সংখ্যক শক্তিশালী দেশেই ভাৰতবৰ্ষ অধিক শক্তিশালী হৈ উঠিব নেকি– এই প্ৰশ্নটোৰ উত্তৰ বিচাৰিয়েই পাকিস্তানক বিভিন্ন প্ৰকাৰে সহায়-সমৰ্থন দি আহিছে যাৰ ফলত ভাৰতৰো অনিষ্ট হৈছে যদিও ভাৰতৰ তুলনাত অধিক ক্ষতিৰ সম্মুখীন হৈ আহিছে পাকিস্তানহে৷

এই কথাখিনি কোৱাৰ উদ্দেশ্য আছে৷ সাম্প্ৰতিক সময়ত পৃথিৱীত ভাৰতবিৰোধী যিমানবোৰ শক্তি আছে সেইবোৰৰ পঞ্চাশ শতাংশতকৈও অধিক পাকিস্তানৰ বুকুৰ পৰা বিকশিত হোৱা৷ আনহে নালাগে, পাকিস্তানৰ স্কুলীয়া পাঠ্যপুথিত ‘ভাৰতবৰ্ষ এখন বেয়া দেশ’ ধৰণৰ বাগ্‌ধাৰা লিপিবদ্ধ হৈ আহিছে দীৰ্ঘদিন ধৰি যাৰ ফলত দেশখনৰ নাগৰিকসকলৰ মন ভাৰত সম্পৰ্কীয় এক নেতিবাচক ধাৰণাৰে গঢ় লৈ উঠিছে৷ কাৰণ ধৰ্মীয় মৌলবাদী শক্তিয়ে সামৰিকভাৱে সশস্ত্ৰ হৈ উঠি ভাৰতৰ বিৰুদ্ধে বিভিন্ন নেতিবাচক অভিযান চলাই যাবলৈও তেনে ভাৰত সম্পৰ্কীয় এক নেতিবাচক ধাৰণা এটা দৰকাৰী৷

স্বাধীনতাৰ বছৰেক মানৰ ভিতৰতে যি ভাৰত আক্ৰমণ পাকিস্তানে আৰম্ভ কৰিছিল সেই আক্ৰমণ আজিকোপতি অব্যাহত আছে৷ শেহতীয়াকৈ যোৱা মে’ মাহত ভাৰতে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যি অপাৰেশ্যন সিন্দূৰ আৰম্ভ কৰি পাকিস্তানৰ কঁকাল বহুদিনলৈ পোন হ’ব নোৱৰাকৈ ভাঙি পেলোৱাৰ পাছত পাকিস্তানে ভাৰতৰ বিৰুদ্ধে এখন পৃথক যুদ্ধ আৰম্ভ কৰিছে৷ এই যুদ্ধ পূৰ্বেও আছিল, পিছে সম্প্ৰতি তাৰ পৰিসৰ আৰু মাত্ৰা ক্ৰমাৎ বৃদ্ধি হৈছে৷

এই যুদ্ধখন হৈছে প্ৰচাৰৰ যুদ্ধ৷

ভালদৰে প্ৰচাৰ চলাব জনাটোৱে পণ্যসামগ্ৰীৰ বেলিকা বজাৰ দখল কৰাত সহায় কৰে৷ সাম্প্ৰতিক পৃথিৱীৰ জটিল বহুতৰপীয়া ভূ-ৰাজনীতিৰ বেলিকাও প্ৰচাৰৰ ভূমিকা কাৰোবাৰ বজাৰ ভাল কৰা, কাৰোবাৰ বজাৰ বেয়া কৰা, কাৰোবাৰ সৈতে কাৰোবাৰ সম্পৰ্ক ভাল কৰা, কাৰোবাৰ পৰা কোনোবাই আৰ্থিক সাহায্য আদায় কৰা আদি বিভিন্ন স্তৰত৷

চাৰিদিনীয়া অপাৰেশ্যন সিন্দূৰৰ সময়ত ভাৰতে পাকিস্তানৰ কি কি ক্ষতি কৰিলে তাৰ উপগ্ৰহৰ ফ’টোসহ প্ৰমাণ দাঙি ধৰিছিল৷ বিপৰীতে পাকিস্তানৰ প্ৰতিৰক্ষামন্ত্ৰীয়ে ভাৰতৰ অশেষ ক্ষতি কৰা বুলি বিভিন্ন হিচাপ দিছিল আৰু প্ৰমাণ ছ’চিয়েল মেডিয়াত আছে বুলি কৈছিল৷ হাস্যকৰভাৱে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়েও পাকিস্তানে ভাৰতৰ বিশেষ ক্ষতি কৰা বুলি প্ৰকাশ কৰিছিল৷

কিয়? ভাৰত-পাকিস্তানৰ মাজৰ যুদ্ধ বন্ধ কৰাত নিজে ভূমিকা লোৱা বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে তোলা দাবীৰ অন্তৰালত যেনিবা তেওঁ দেখা শান্তিৰ ন’বেল প্ৰাইজেই ক্ৰিয়া কৰিছিল৷ কিন্তু পাকিস্তানে সামৰিকভাৱে ভাৰতৰ অশেষ ক্ষতি কৰা বুলি তেওঁ কিয় ক’লে!

মন কৰিব লাগিব, দুটা দশকৰ পূৰ্বলৈ ভাৰত আছিল বিশ্বৰ সৰ্বাধিক সামৰিক অস্ত্ৰ-শস্ত্ৰৰ আমদানিকাৰী৷ কিন্তু শেহতীয়াকৈ সামৰিক বজাৰত ভাৰত কেৱল স্বনিৰ্ভৰশীল হোৱাই নহয়, ৰপ্তানিকাৰী হিচাপেও পৰিগণিত হৈছে৷ ভাৰতে অস্ত্ৰ-শস্ত্ৰ ৰপ্তাানি কৰিবলৈ হ’লে ক্ষতিগ্ৰস্ত হ’ব ঘাইকৈ আমেৰিকা আৰু চীনৰ সামৰিক বাণিজ্য৷ এতেকে ভাৰতীয় অস্ত্ৰ-শস্ত্ৰ বা প্ৰতিৰক্ষা প্ৰণালীৰ বিষয়ে বিশ্বৰ সম্মুখত এটা নেতিবাচক ধাৰণা প্ৰচাৰ কৰিবই লাগিব৷ কিন্তু কোনে কৰিব? আমেৰিকান বা চীনাসকলে এনে কামত পোনে পোনে অংশ গ্ৰহণ নকৰে৷ গতিকে এনে এটা শক্তি তেওঁলোকে চিনাক্ত কৰি লৈছে যিটো শক্তিৰ কোনো বিশেষ কাম-কাজ বা সপোন নাই বাবে প্ৰচুৰ সময় আছে আৰু আছে ভাৰত সম্পৰ্কে আচৰিত ধৰণৰ এটা নেতিবাচক ধাৰণা৷ সেইটো শক্তিয়েই হৈছে পাকিস্তানী ছ’চিয়েল মেডিয়া ব্যৱহাৰকাৰী৷ এইসকল  এজন-দুজন নহয়, হাজাৰৰ ঘৰত৷ এইসকলে বিভিন্ন দেশৰ, বিভিন্ন ঘটনাৰ ভিডিঅ’ সংগ্ৰহ কৰি, কৃত্ৰিম বুদ্ধিমত্তাৰ সহযোগত খবৰৰ নামত নানান ভাৰত বিৰোধী ভুৱা তথ্য-পাতি প্ৰচাৰ কৰে আৰু বিদেশী এজেণ্টৰ পৰা হাজাৰ হাজাৰ ডলাৰ উপাৰ্জন কৰে৷

তেনে এক অপপ্ৰচাৰ শেহতীয়াকৈ ডুবাই এয়াৰ শ্ব’-ত ‘এল চি এ’ তেজস’ৰ যি দুৰ্ঘটনা ঘটিল তাকে লৈও পাকিস্তানী ছ’চিয়েল মেডিয়া একাউণ্টৰ পৰা নানান মুখৰোচক প্ৰচাৰ চলিছে আৰু পশ্চিমীয়া দেশবোৰৰ মূল সঁুতিৰ সংবাদ সংস্থাবোৰেও সেই মিথ্যাচাৰকে [কৃত্ৰিম বুদ্ধিমত্তাৰে প্ৰস্তুত কৰা যিকোনো খবৰ ধৰা পেলাব পাৰি] প্ৰচাৰ কৰি গৈছে৷

এনে হোৱাত অৱশ্যে আচৰিত হ’বলগীয়া নাই৷ কাৰণ ভাৰতে নিজে নিৰ্মাণ কৰা লাইট কম্বেট এয়াৰক্ৰাফ্‌ট (‘এল চি এ’) তেজস্‌ সেইটো শাখাত পৃথিৱীৰ ভিতৰতে আটাইতকৈ সুৰক্ষিত যুদ্ধবিমান বুলি চিহ্নিত তথা স্বীকৃত হোৱাৰ লগে লগে সেইটো শাখাৰ বিমান নিৰ্মাণ কৰা আন দেশবোৰৰ বাবে বাণিজ্যিক ভাবুকিৰে সৃষ্টি হ’ব যাৰ ফলত বিলিয়ন ডলাৰৰ ক্ষতি হ’বগৈ৷ তাতকৈ কেই হাজাৰ মান ডলাৰ খৰচ কৰাতনো আপত্তি কিহৰ!

প্ৰথম উৰণৰ পৰা সাম্প্ৰতিক সময়লৈকে দহ বছৰত ‘এল চি এ’ তেজস্‌ কেৱল দুবাৰহে দুৰ্ঘটনাৰ মুখামুখী হৈছে৷ ইয়াৰ তুলনাত আমেৰিকাৰ এফ্‌ ২২ ৰেপ্টৰ (২০০১-২০২৫) দুৰ্ঘটনাত পতিত হৈছে ষাঠিবাৰ;  এফ্‌ ১৬ ফেল্কন (১৯৭৮-২০২৫) -ৰ দুৰ্ঘটনা হৈছে ৬৫০-অত কৈও বেছি৷ আনহাতে এফ্‌ ৩৫ (২০১৫-২০২৫)-ৰ দুৰ্ঘটনা হৈছে ১২-টা৷ ৰাছিয়াৰ মিগ ২১ (১৯৬০-২০২৫) -ৰ দুৰ্ঘটনা হৈছে ১২০০-ত কৈও বেছি৷ চীন দেশৰ ছেনয়াং জে ১৫ (২০০৯-২০২৫) -ৰ দুৰ্ঘটনা হৈছে ৩০০-ত কৈও বেছি৷ ইফালে ব্ৰিটেইনৰ ইউৰোফাইটাৰ টাইফুন (২০০৩-২০২৫) -ৰ দুৰ্ঘটনা হৈছে ২৪-অত কৈও বেছি৷ একেখন দেশৰে জাগুৱাৰ নামৰ ফাইটাৰ জেট এতিয়ালৈকে ৪২ বাৰ দুৰ্ঘটনাত পতিত হৈছে৷ ভাৰতেও ব্যৱহাৰ কৰা ফ্ৰাঞ্চৰ ৰাফালৰো ইতিপূৰ্বে চাৰিটাকৈ দুৰ্ঘটনা ঘটিছে৷ চীনে পাকিস্তানৰ বাবে নিৰ্মাণ কৰা জে এফ্‌ ১৭ থাণ্ডাৰৰ ২০০০ চনৰ পৰা ৬০-টা দুৰ্ঘটনা ঘটিছে৷

এই যে তথ্যবোৰ, ইহঁতে সামৰিক প্ৰযুক্তিৰ ক্ষেত্ৰত ক্ৰমে ক্ৰমে ভাৰতৰ উত্থানৰ প্ৰমাণ দাঙি ধৰিছে৷ কিন্তু যিখন পাকিস্তানৰ সাধাৰণ ৰুটি এখনৰ অভাৱত মানুহ মৰিছে; খোৱাপানী বাদেই, ধোৱা-পখলা কৰিবলৈকো পানীৰ অভাৱ হৈছে সেইখন পাকিস্তানৰ মানুহে ভাৰতবিৰোধী কথা-বতৰাৰে ছ’চিয়েল মেডিয়া গৰম কৰি ৰাখিব পাৰে কেনেকৈ, কিয়? উত্তৰ – ডলাৰৰ লোভ!

যিখন পাকিস্তানে কেৱল আন দেশৰ পৰা পোৱা ধাৰ আৰু সহায়ৰ ওপৰতে বৰ্তি থাকে সেইখন পাকিস্তানে আকৌ সন্ত্ৰাসবাদীক ধনে জনে সহায় কৰি ভাৰতক অস্থিৰ কৰি ৰাখিবলৈ বিচাৰে! আচলতে পাকিস্তানৰ ধনেৰে সন্ত্ৰাসবাদী নচলে, চলে আমেৰিকা আৰু চীনৰ দৰে দেশৰ ধনেৰেহে৷ কাৰণ ভাৰতক সুস্থিৰ হ’বলৈ দিয়া মানে সেইবোৰ দেশে ক্ৰমে ক্ৰমে পৃথিৱীত নিজৰ খোপনি হেৰুওৱা৷

সেয়েতো প্ৰচাৰ লাগে!

ভাৰতেও নিজৰ শক্তি-সামৰ্থ্য প্ৰচাৰৰ দিশত অলপ গুৰুত্ব দিয়া উচিত বুলি ভাৱোঁ৷


অন্যযুগ প্ৰসঙ্গ : এৰাব নোৱৰা অসুবিধাবশত: এই সংখ্যাত কেইবাটাও ধাৰাৱাহিক লেখা প্ৰকাশ কৰিব নোৱাৰি আমি দু:খিত।

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ