অন্যযুগ/


সম্পাদকীয়

 সপোনৰ পৃথিৱীখন : কিছু সাময়িক চিন্তা


সাধাৰণতে সপোন বুলিলে ইংৰাজী Dream শব্দটোৱে বুজোৱা আমি নিদ্ৰাগ্ৰস্ত হৈ থকা অৱস্থাত আমাৰ অৱচেতন মনত ঘটা বিক্ষিপ্ত ঘটনা কিছুমানকে বুজায়৷ নিদ্ৰিত অৱস্থাত আমি দেখা সপোনৰ ওপৰত আমাৰ নিয়ন্ত্ৰণ নাথাকে৷ কিন্তু এই শব্দটোৱে ক্ৰমে Plan, Goal, Target, Aim, Objective আদি কিছুমান কথালৈ ইঙ্গিত দিয়ে যিবোৰ আমি চেতন মনেৰে নিয়ন্ত্ৰণ কৰিব পাৰোঁ, সজাই তুলিব পাৰোঁ৷ পৃথিৱীৰ, নৈসৰ্গিক প্ৰকৃতিৰ ভৱিষ্যতক লৈ সামগ্ৰিকভাৱে মানুহৰ সপোন কি বাৰু ?

সফলতাই আমাক যিদৰে আনন্দ প্ৰদান কৰে সেইদৰেই বিফলতাৰ হতাশা শেষত নিৰাশা হৈ পৰেগৈ৷ কেতিয়াবা এনে নিৰাশাই আমাৰ অকাল মৃত্যুৰ কাৰণ পৰ্যন্ত হৈ উঠেগৈ৷ সপোন, সফলতা-বিফলতা আদিৰে আৰম্ভ কৰিলেও এই লেখাত গুৰুত্ব আৰোপ কৰিব খোজা বিষয়টো হৈছে প্ৰকৃতি জগতৰ প্ৰাকৃতিকতা অক্ষুণ্ণ ৰখাহে৷ কাৰণ পৃথিৱীখন ধুনীয়া হৈ থাকিবলৈ হ’লে, পৃথিৱীখন মানুহ আৰু আন আন জীৱসমূহৰ বাসোপয়োগী হৈ থাকিবলৈ হ’লে ইয়াৰ প্ৰাকৃতিক চৰিত্ৰ অক্ষুণ্ণ হৈ থাকিবই লাগিব৷

পৃথিৱীক বিভিন্ন জীৱৰ বাসোপযোগী কৰিছে কিহে ? ইয়াৰ মাটি, পানী আৰু বায়ুমণ্ডলে৷ পিছে মানুহ যেতিয়াৰপৰাই সভ্যতা বোলা জখলাডালত ক্ৰমশঃ বগাবলৈ আৰম্ভ কৰিলে তেতিয়াৰপৰাই পৃথিৱীৰ প্ৰাকৃতিকতা বিনষ্ট হ’বলৈও আৰম্ভ কৰিলে৷ কিন্তু মানুহ বোলা জীৱবিধৰ প্ৰায় তিনিলাখ বছৰীয়া ইতিহাসৰ ভিতৰত যোৱা এশ বছৰমানত প্ৰকৃতিজগতৰ যিমান ক্ষতি হৈছে সিমান ক্ষতি আগৰ সুদীৰ্ঘ কালছোৱাত হোৱা নাছিল৷ ইয়াৰ কাৰণ হৈছে প্ৰযুক্তিবিদ্যাৰ ন ন উদ্ভাৱনৰ সমান্তৰালভাৱে মানুহৰ জীৱন যাত্ৰাক মসৃণ আৰু আৰামদায়ক কৰি তোলাৰ অবিৰত প্ৰয়াস৷

এনে প্ৰয়াসৰ ফলতে বিভিন্ন নিৰ্মাণকাৰ্য কৰা হৈছে, ধ্বংস কৰা হৈছে লাখ লাখ হেক্টৰ মাটিত বিস্তৃত হৈ থকা অৰণ্য, খহাই পেলোৱা হৈছে হাজাৰ ফুট ওখ পৰ্বত, পুতি পেলোৱা হৈছে বিস্তৃত জলাহভূমি৷ ফলস্বৰূপে ক্ৰমশঃ হেৰাই গৈছে অগণন প্ৰজাতিৰ চৰাই, বন্যজন্তু আৰু জলচৰ তথা উভচৰ জীৱ৷ ফচলৰ পৰিমাণ বৃদ্ধি কৰিবলৈ ব্যৱহাৰ কৰা কৃত্ৰিম ৰাসায়নিক সাৰে ক্ৰমশঃ কৃষিভূমিৰ চৰিত্ৰ সলনি কৰাইছে, বিভিন্ন পণ্যসামগ্ৰীৰ পে’কে’জিঙত ব্যৱহাৰ কৰা প্লাষ্টিক-প’লিথিন-থাৰ্ম’কলে মাটি আৰু পানীক ভয়াৱহ ধৰণে প্ৰদূষিত কৰিছে, ক্ৰমবৰ্ধমান সংখ্যক কল-কাৰখানা আৰু যান-বাহনত ব্যৱহৃত জৈৱ ইন্ধনৰ দহনৰ ফলত বায়ুমণ্ডলত বিষাক্ত গেছৰ পৰিমাণ বাঢ়িছে৷ আৰু নো থাকিল কি? অৱসৰ বিনোদনৰ নামত কৰা উচ্চস্বৰৰ সঙ্গীতৰ শব্দগ্ৰামৰ  প্ৰাৱল্যই মানুহৰ লগতে আন আন জীৱ-জন্তুৰো স্নায়ুবৈকল্য বৃদ্ধি কৰিছে৷ আনহাতে বহুলভাৱে ৰাতিৰ আন্ধাৰ আঁতৰাবলৈ কৰা কৃত্ৰিম প্ৰয়াসৰ ফলত পৃথিৱীত সম্প্ৰতি যি পোহৰ-প্ৰদূষণ হৈছে সেই সম্পৰ্কে অসমত অদ্যাপি আলোচনা হোৱা চকুতে পৰা নাই৷

আমি যিখন যিখন পৃথিৱীৰ বাসিন্দা, সেইখন পৃথিৱীৰ সপোন আমি দেখিছিলোনে? অথবা এতিয়াও দেখোনে? যদি দেখোঁ তেন্তে ক’বলগীয়া একো নাই; আমি মানি ল’ম যে মানুহ বোলা এবিধ অনধিকাৰবিশিষ্ট জীৱই পৃথিৱীখন নষ্ট কৰিলে৷ আৰু মানি ল’ম যে আমিও সেইবিধ জীৱৰে সদস্য৷

কিন্তু এইখন পৃথিৱীৰ সপোন আমি কাহানিও দেখা নাছিলোঁ৷ এইখন পৃথিৱীকে যিমান ক্ষয় হ’ল সিমানতে ৰাখি, পাৰিলে মেৰামতি কৰি ধুনীয়া কৰি ৰখাৰ সপোনটোহে আমি দেখি আহিছোঁ৷

কিন্তু আমাৰ সপোনৰ পৃথিৱীখন ৰচনা কৰিবলৈ হ’লে কেৱল কিছু সংখ্যক মানুহৰ চিন্তা আৰু ক্ষুদ্ৰ পৰিসৰৰ কাম-কাজে একোকে কৰিব নোৱাৰিব যেতিয়ালৈকে ৰাষ্ট্ৰৰ পৰিচালকসকলে বিষয়ৰ গুৰুত্ব উপলব্ধি নকৰিব; যেতিয়ালৈকে বিভিন্ন পণ্যৰ উৎপাদক বৃহৎ বৃহৎ কোম্পানীয়ে নিজৰ মুনাফা বৃদ্ধিৰ সমান্তৰালকৈ পৃথিৱীৰ আয়ুস বৃদ্ধিৰ বিষয়ে চিন্তা-চৰ্চা নকৰিব৷

কিন্তু সেই বুলিয়েই ব্যক্তিগত পৰ্যায়ত অথবা ক্ষুদ্ৰ ক্ষুদ্ৰ গোটৰ পৰ্যায়ত পৃথিৱীখন ৰক্ষাৰ বাবে সামান্য হ’লেও আমি একো নকৰিম নেকি

কৰিব লাগিব৷ কিন্তু কি?

সম্প্ৰতি ডিচেম্বৰ মাহ আৰম্ভ হৈছে৷ অসমৰ প্ৰকৃতি এতিয়া মুকলি হৈছে, ধুনীয়া হৈছে৷ নিয়ৰৰ মুকুতা পিন্ধি গছপাতবোৰ জিলিকি উঠা ৰাতিপুৱা আৰু পাতল কুঁৱলিৰ চাদৰে ঢাকি ধৰিব খোজা মনোৰম সন্ধিয়াবোৰৰ উপৰি ভৰ দুপৰীয়াৰ ৰ’দচেৰেঙাও এতিয়া অকণমান কোমল হৈছে৷ অৰ্থাৎ অসমত এতিয়া আৰম্ভ হৈছে বনভোজৰ বতৰ৷

আজিৰ চিন্তাৰ ঘাই ক্ষেত্ৰখনো বনভোজেই৷

জাগতিক কাম-কাজক লৈ খুব ব্যস্ত লোকসকলে অনুকূল প্ৰাকৃতিক পৰিৱেশত সকলো কাম-কাজৰপৰা মুক্ত হৈ কিছু সময় নৈসৰ্গিক প্ৰকৃতিৰ মাজত নিজকে বিচাৰি চায়৷ বিশেষকৈ পশ্চিমীয়া সমাজত এনে অনুশীলন বহু পুৰণি৷ নৈসৰ্গিক প্ৰকৃতিৰে অংশ মানুহ৷ কিন্তু আন আন প্ৰাকৃতিক জীৱবোৰতকৈ দ্ৰুতগতিত মগজুৰ বিকাশ হোৱাৰ ফলস্বৰূপে মানুহ ক্ৰমশঃ কৃত্ৰিম হ’বলৈ আৰম্ভ কৰিলে আৰু লাহে লাহে প্ৰকৃতিবিৰোধীও হৈ উঠিল৷ কিন্তু মানুহৰ চিন্তা-চেতনাক সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰি আছে প্ৰকৃতিয়েই৷ সেয়েহে কৃত্ৰিমতাই মানুহক আমনি লগায়৷ তেনে অৱস্থাতে মানুহ আকৌ সাময়িকভাৱে হ’লেও প্ৰকৃতিৰ প্ৰেমিক হৈ উঠিব খোজে৷ 

ইউৰোপ-আমেৰিকা আদি দেশৰ মানুহে প্ৰকৃতিৰ মাজত নিৰৱতাৰ সন্ধান কৰে, আত্মোপলব্ধিৰ কাৰণে ধ্যান কৰিব খোজে৷ সেয়েহে ঘণ্টাৰ পাছত ঘণ্টা নিৰৱ-নিস্পন্দ হৈ তেওঁলোকে শুনিবলৈ যত্ন কৰে প্ৰকৃতিৰ নিফুট সঙ্গীত৷ মানুহৰ সাময়িক উপস্থিতিৰ কাৰণে প্ৰকৃতিৰ মাজত বাস কৰাসকলে যাতে কোনো কাৰণতে আমনি নাপায় তাক লৈও তেওঁলোকে খুব সচেতনতা অৱলম্বন কৰে৷ ভুৰিভোজন কৰিবলৈ তেওঁলোক নৈসৰ্গিক প্ৰকৃতিৰ মাজলৈ নাযায়৷ 

দেখাক দেখি আমাৰ মানুহেও খৰালি কাল আৰম্ভ হোৱাৰ লগে লগে ঘৰৰপৰা আঁতৰি পাহাৰতলিলৈ বা নৈৰ পাৰলৈ ফুৰিবলৈ যোৱা আৰম্ভ কৰিছিল৷ লাহে লাহে তাতে যোগ হ’ল নৈসৰ্গিক প্ৰকৃতিৰ মাজত খাদ্যদ্ৰব্যৰ অভাৱ নহ’বলৈ সকলো গোটাই-পিটাই লৈ যোৱাৰ ব্যৱস্থা এটা যাক ইংৰাজী পিকনিক শব্দৰ সমাৰ্থক হিচাপে বনভোজ বুলি কোৱা হয়৷ পিছে আনক অনুসৰণ কৰিবলৈ গৈ সম্প্ৰতি আমাৰ মানুহে বনভোজ শব্দটোক অপমান কৰাৰ দৰে পৰিস্থিতি এটা অসমত সৃষ্টি হোৱা দেখা গৈছে৷ আমাৰ বনভোজ বোলা কাৰবাৰটো হয়গৈ এখন মেলা আয়োজন কৰাৰ দৰে৷ মাছে-মঙহে ডগৰি ডগৰি খোৱাৰ ব্যৱস্থাটোৱেই হয়গৈ ইয়াৰ মূল লক্ষ্য৷ যোৱা কিছু বছৰত যেনিবা তাতে যোগ হৈছে অপৰিমিত সুৰাপানো৷ তদুপৰি প্ৰকৃতিৰ পৰিৱেশ যে প্ৰাকৃতিক কৰি ৰখাটো মানুহৰ দায়িত্ব হোৱা উচিত তাক লৈও আমাৰ মানুহৰ কাহানিও মূৰ কামোৰণি হোৱা নাই৷ 

সেয়েহে অসমৰ প্ৰায়বোৰ বনভোজস্থলী ভোজভাত খাই পেলাই থৈ যোৱা প্লাষ্টিকৰ বাচন, সুৰাৰ বটল, খাব নোৱাৰি পেলাই থৈ যোৱা খাদ্য, বমি, বিষ্ঠা আদিৰে নৰক সদৃশ৷ পেলনীয়া সামগ্ৰীৰ ব্যৱস্থাপনা যে মানুহৰ পৰিচয়ৰ এটা গুৰুত্বপূৰ্ণ অংশ সেইটো উপলব্ধি কৰিবলৈ আমাৰ ৰাইজ নাৰাজ৷ ফলস্বৰূপে কি হৈছে, কোনোবাই এৰি অহা এৰেহাৰ ওপৰতে আকৌ আন কোনোবাই ৰন্ধা-বঢ়া কৰি গোগ্ৰাসে খাদ্য গ্ৰহণ কৰিছে৷

কেৱল খাদ্যতে বনভোজৰ আনন্দ সীমাৱদ্ধ থকাহলে ভালেই আছিল৷ বনভোজ আমাৰ বহুতৰে কাৰণে হৈ উঠে অপৰিমিত সুৰাপানৰ এক সুযোগ৷ ফলস্বৰূপে অপৰিচিত স্থানত সুৰাপান কৰি আত্মনিয়ন্ত্ৰণ হেৰুৱাই পাহাৰৰ ওপৰৰপৰা পৰি বা সলিল সমাধিস্থ হৈ বহু লোকে অকালতে মৃত্যুবৰণো কৰাৰ খবৰ ওলায়৷ ৰাস্তাত সুৰাপান কৰি যানবাহন চলোৱাৰ ফলতো বহুতেই সংঘটিত কৰে অনাকাংক্ষিত দুৰ্ঘটনা৷ ফলত বনভোজৰ বতৰ মানেই কিছুমান অকাল মৃত্যুৰ খবৰৰো আশংকা৷

অসমৰ প্ৰকৃতিক বিনন্দীয়া ৰূপতে ৰাখিবলৈ আমাৰ বনভোজস্থলীসমূহৰ দাঁতি-কাষৰীয়া অঞ্চলবোৰৰ ৰাইজৰ সজাগতা খুব প্ৰয়োজনীয় আছিল৷ কিন্তু যিহেতু তেনে অঞ্চলবোৰ সাধাৰণতে কিছু দূৰৱৰ্তী, সেয়েহে যোগাযোগ ব্যৱস্থাকে ধৰি বিভিন্ন কাৰণত তাৰ ৰাইজো পিছপৰা৷ সেই ৰাইজক যথোপযুক্ত প্ৰশিক্ষণৰ যোগেদি তেওঁলোকৰ অঞ্চললৈ অহা বনভোজ দলবোৰক প্ৰকৃতিক বিনষ্ট কৰাৰপৰা বিৰত ৰখাৰ উপায় উলিয়াব পৰা গ’লহেঁতেন৷ কিন্তু এইখন দেশত কাৰ কথা কোনে শুনে?  

গতিকে অসমৰ বনভোজস্থলীসমূহৰ দাঁতি-কাষৰৰ বৌদ্ধিকভাৱে পিছপৰা ৰাইজেও কেৱল নিজৰ আৰ্থিক অৱস্থা টনকিয়াল কৰাৰ কথা ভাবি বনভোজৰ দিনকেইটাত সেই স্থানবোৰত অস্থায়ী বেপাৰ আৰম্ভ কৰি দিয়ে– ঘাইকৈ সুৰা আৰু তাৰ লগত ব্যৱহাৰ কৰিব পৰা খুচুৰা সামগ্ৰী কিছুমানৰ৷ তেনে অৱস্থাত সুৰাৰসিকসকলক পায় কোনে?

এবাৰ এনে বতৰত পাচিঘাটলৈ গৈছিলোঁ৷ চিয়াং ব্ৰিজৰ তলত দেখিছিলোঁ শতাধিক বনভোজৰ দল৷ আচৰিত কথা, সকলো দলেই আছিল অসমৰ৷ এই যে অসমৰ বিভিন্ন স্থানৰপৰা গৈ চিয়াঙৰ পাৰত বনভোজ খাই হাজাৰ হাজাৰ মানুহ ঘৰলৈ ঘূৰি আহিছে আৰু দৈনন্দিন কামৰ মাজত বুৰ গৈছে তেওঁলোকৰ এজনমানে বাৰু ভাবি চায়নে– তেওঁলোকে বনভোজ খাই অহা নদীখনৰ নাম কি? তেওঁলোকে ভাবি চায়নে. তেওঁলোকে যে জগতৰ আটাইতকৈ ৰহস্যময় নদীখনৰ পাৰতে বনভোজ খাই আহিল? কথাখিনি মনলৈ আহিছিল বাৰে বাৰে, কাৰণ চিয়াঙৰ পাৰত মই অসমৰ মানুহৰ অনেক অতপালি দেখিছিলোঁ যিবোৰ আছিল সম্পূৰ্ণ প্ৰকৃতিবিৰোধী৷

সেইদিনা চিয়াঙৰ পাৰত হাজাৰ হাজাৰ মানুহৰ সমাগম হৈছিল৷ কোনো মানুহ শান্ত-সমাহিত নাছিল, কিন্তু চিয়াং আছিল গুৰুগম্ভীৰ৷ প্ৰথমে চিয়াঙৰ পানী এচলু শিৰত লৈছিলোঁ, মনৰ সমস্ত সন্মানেৰে সন্মানিত কৰিছিলোঁ চিয়াঙক– শিৰত তুলি লৈ৷ তাৰ পাছত চিয়াঙৰ পাৰে পাৰে ৰাজবাটে ৰাজবাটে গৈছিলোঁ, শুনিবলৈ যত্ন কৰিছিলোঁ বিশ্বতপা চিয়াঙৰ অন্তৰ্লীন সঙ্গীত৷ মাজে মাজে ৰৈছিলোঁ, শুনিবলৈ যত্ন কৰিছিলোঁ, চিয়াঙে কিবা ক’ব নেকি? কোলাহলে বাৰে বাৰে আক্ৰান্ত কৰিছিল আমাৰ নিবিড় সম্পৰ্কক– শুনিবলৈ দিয়া নাছিল একোকে৷ 

সুৰাপায়ীসকলৰ বিকৃত ভাবনা দেখি স্তব্ধ হৈ গৈছিলোঁ৷ মানুহৰ ৰুচিবোধৰ নাম-নিচানেই তাত নাছিল৷ উচ্ছগ্ৰামৰ অনুভাষ যন্ত্ৰত বাৰে বিংকৰা গান বজাই সৈ মানুহবোৰে নাছিছিল, নাচৰ নামত বিকৃত ভাবনাৰ প্ৰকাশ ঘটাইছিল৷ তেনেসকলৰ ভিতৰত সৰহ আছিল উতনুৱা ডেকাচাম৷

এনে অভিজ্ঞতাৰ ফলত আমাৰ মনত প্ৰশ্ন জাগে, মাননুহে বাৰু কেৱল নিজৰ কথাকে কিয় ভাবে? মানুহে কিয় ভাবিব নোৱাৰে যে ‘মোতকৈ বেলেগে পৃথিৱীক ভবা, উপলব্ধি কৰা, আহৰণ কৰিব খোজা, আত্মসাৎ কৰিব খোজা কোনোবা মানুহো থাকিব পাৰে?’ মানুহে কিয় নাভাবে যে জগতখন কেৱল মানুহৰ কাৰণেই নহয়? প্ৰকৃতিৰ মাজত দিন একোটা কটাবলৈ গৈ আমি বাৰু প্ৰকৃতিকে ধৰ্ষণ কৰা নাইনে?

আমি কেতিয়াকৈ উপলব্ধি কৰিবলৈ সক্ষম হ’ম যে আমি যাক অন্যায় কৰিছোঁ সেই নৈসৰ্গিক প্ৰকৃতিৰে আমিও একোটা ক্ষুদ্ৰ অংশ মাথোন?

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ