অন্যযুগ/


সম্পাদকীয়

দুটা শব্দ সম্ভৱতঃ আমি প্ৰত্যেকেই দিনটোত কেইবাবাৰো ব্যৱহাৰ কৰোঁ৷ শব্দ দুটা হৈছে ভাল আৰু বেয়া৷ আন বহু শব্দৰ ক্ষেত্ৰত কৰাৰ দৰেই আমি প্ৰত্যেকেই নিজৰ মতে ভাল আৰু বেয়াৰ সংজ্ঞা একোটা স্থিৰ কৰি লওঁ আৰু সেইমতেই বিবিধ বিষয়ৰ আলোচনাত শব্দ দুটা প্ৰয়োগ কৰোঁ৷ পিছে আমি সততে প্ৰয়োগ কৰোঁতে শব্দ দুটাৰ তাৎপৰ্য আমাৰ জ্ঞান-বুদ্ধি, স্বাৰ্থ-ৰুচিবোধ আদিৰ মাজতে সীমাৱদ্ধ হৈ থাকে৷ সেয়েহে বহু সময়ত কাৰোবাৰ হাঁহিয়ে কাৰোবাক কন্দুৱায়৷ অৰ্থাৎ তেনে অৱস্থাত এজনৰ কাৰণে যিটো কাৰণ হাঁহিৰ, সেই একেটা কাৰণ আন এজনৰ কাৰণে কান্দোনৰ হয়৷ যদিহে সেই কাৰণটোৱে সকলোৰে কাৰণে হাঁহি বা আনন্দ সৃষ্টি কৰিলেহেঁতেন তেন্তে সেইটো নিশ্চয় সকলোৰে কাৰণে ভাল লহেঁতেন৷

সকলোৰে কাৰণে ভাল’-টোকহে প্ৰকৃততে ভাল বুলিব পাৰি৷ ভাল মানে? কাৰো অপকাৰ নোহোৱা, লে সকলোৰে উপকাৰহে হোৱাটোৱেই ভাল৷

ভাল-বেয়াৰ প্ৰসঙ্গটো আমাৰ দেশৰ শাসন ব্যৱস্থাত প্ৰায়ে উচ্চাৰিত হয়৷ একোখন চৰকাৰে ৰাইজৰ কাৰণে গ্ৰহণ কৰা একোখন আঁচনি বা আইনক কোনোবাই ভাল আৰু কোনোবাই বেয়া বোলে৷ দৰাচলতে ভাৰতবৰ্ষৰ যি ভৌগোলিক বৈচিত্ৰ্য, সেই কাৰণতে ইয়াৰ বিভিন্ন স্থানৰ লোকসকলৰ জীৱন যাত্ৰাৰ ধৰণ বেলেগ বেলেগ আৰু সেই কাৰণতে তেওঁলোকৰ সমস্যাবোৰো বেলেগ বেলেগ৷ এতেকে একেটা নীতিৰেই দেশখনৰ সকলো অঞ্চলৰ ৰাইজৰ কল্যাণ সাধিব পৰা নাযায়৷ অসমৰ ক্ষেত্ৰতো কথাটো একেই৷ বিভিন্ন জাতি-জনগোষ্ঠীৰে গঠিত অসমীয়া সমাজখনক কোনো জাতিবিশেষ বা গোষ্ঠীবিশেষকে গুৰুত্ব দি বুজাব নোৱাৰি৷ সেয়েহে সকলোৰে মনঃপুত হোৱাকৈ উন্নয়নৰ ৰূপৰেখা এটি প্ৰস্তুত কৰাটো নিঃসন্দেহে এটা টান কাম৷

টান কাম, কিন্তু অসম্ভৱ নহয়৷ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সদ্যপ্ৰয়াত তৰুণ গগৈদেৱে এই কথা প্ৰমাণ কৰি গৈছে৷ অবৈধ বিদেশী নাগৰিকক বহিষ্কাৰ কৰাৰ লক্ষ্যৰে অসমত গা কৰি উঠা ছবছৰীয়া আন্দোলনৰ কালছোৱাৰে পৰা অশান্ত হৈ উঠা ৰাজ্যখন প্ৰকৃত অৰ্থত শান্তিৰ পথলৈ ঘূৰাই অনা মানুহজন আছিল তৰুণ গগৈ ডাঙৰীয়া৷ হিতেশ্বৰ শইকীয়া আৰু প্ৰফুল্ল কুমাৰ মহন্তৰ মুখ্যমন্ত্ৰিত্বৰ কালত সৰ্বত্ৰ গা কৰি উঠা দুৰ্নীতি ক্ৰমে ক্ৰমে ক্ষীয়মাণ হৈ আহিছিল তেওঁৰ শাসনকালতেই৷ এটা ৰাজ্যৰ অৰ্থনীতি ইমানেই ভাগি পৰিছিল যে অসম চৰকাৰৰ কৰ্মচাৰীসকলে মাহেকৰ মূৰত দৰমহাৰ টকাকেইটাও পোৱাৰ নিশ্চয়তা নোহোৱা হৈছিল৷ তেনে অৱস্থাৰ পৰা প্ৰতি মাহৰে প্ৰথম সপ্তাহতে কৰ্মচাৰীসকলে দৰমহা পোৱাটো নিশ্চিত কৰিছিল তেওঁ৷ গুৱাহাটী মহানগৰীৰ উন্নয়নকে ধৰি নগৰখনক আধুনিক ক্ৰীড়াৰ আন্তঃগাঁথনিৰে সমৃদ্ধ কৰা, অক্সিজেন লৈ জীয়াই থকা অসম ৰাজ্যিক পৰিহণ নিগমক পুনৰুজ্জীৱিত কৰা, গাঁৱে-ভূঞে ৰাস্তা-ঘাট নিৰ্মাণ কৰা, গ্ৰাম্য স্বাস্থ্য সেৱাৰ ব্যৱস্থা কৰা আদি অনেক ক্ষেত্ৰত তৰুণ গগৈ ডাঙৰীয়াই নিজৰ যোগ্যতাৰ পৰিচয় দি গৈছে৷ ৰাজনৈতিক লাভালাভৰ ক্ষেত্ৰতো তেওঁ নিকৃষ্ট বোকা ছটিওৱাৰ দৰে পন্থা অৱলম্বন নকৰি ৰাইজৰ ৰুচি আৰু সন্মুখত উপস্থিত পৰিস্থিতি অধ্যয়ন কৰি প্ৰত্যুৎপন্নমতিতাৰ পৰিচয় দিছিল৷ বহুতৰে নিশ্চয় মনত আছে, এবাৰ এটা নিৰ্বাচনত তেওঁ কোৱা হু ইজ্‌ বদৰুদ্দিন কথাষাৰে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল আৰু তেওঁৰ দল বিপুলভাৱে বিজয়ী হৈছিল৷ মুখ্যমন্ত্ৰিত্বৰ পৰা আঁতৰাৰ পাছতো তেওঁ ৰাজনৈতিক পৰিপক্বতাৰ বাবেই শেহতীয়াকৈ শাসনাধিষ্ঠিত বিজেপি দলৰ বিৰোধী ৰাজনৈতিক শক্তিবোৰৰ সৈতে মৰ্চা গঠনৰ দিশতো অগ্ৰসৰ হৈছিল৷ ব্যক্তিগত জীৱনতো তেওঁ নিকা ভাবমূৰ্তিৰ লোক আছিল৷ মুখত অনৰতে লৈ থকা হাঁহিটোৱেই তেওঁৰ নিৰ্মল অন্তৰ্জগতৰ প্ৰতিফলন ঘটাইছিল৷

তেওঁক সমালোচনা কৰা মানুহৰ অভাৱ নাছিল, বহুতে তুচ্ছ-তাচ্ছিল্যও কৰিছিল৷ কিন্তু তেনে সমালোচনা আৰু ব্যঙ্গৰ উত্তৰ তেওঁ কামেৰেই দি গৈছে৷ তেওঁৰ বিয়োগত সমগ্ৰ ৰাজ্যখনতে যি শূন্যতাবোধৰ সৃষ্টি হৈছে, সি অভূতপূৰ্ব৷ অসমত কোনো ৰাজনৈতিক ব্যক্তিৰ মৃত্যুত এনে ব্যাপক শোকগ্ৰস্ততা সৃষ্টি হোৱা নাছিল৷ বিভিন্ন সময়ত বিভিন্ন ৰাজনৈতিক নেতাৰ মৃত্যু হয় যদিও সেইবোৰ ঘটনা কেৱল একোটা খবৰ হৈয়ে ৰৈ যায়৷ কিন্তু তৰুণ গগৈৰ মৃত্যুৱে অসমৰ ৰাজনৈতিক আকাশতে নহয়, সামগ্ৰিকভাৱে দল-মত নিৰ্বিশেষে সকলোৰে অন্তৰত জোকাৰণি তুলিছে৷

এইজন লোকৰ বিকল্প হিচাপে অসমৰ ৰাজনীতিত এতিয়া আৰু কোনো নাই৷ আমি বহুতো দক্ষ ৰাজনীতিজ্ঞ লাভ কৰিছোঁ, বহু নিকা ভাবমূৰ্তিৰ লোকো লগ পাইছোঁ, বহু বহুবল্কী নেতাকো দেখিছোঁ৷ কিন্তু সামগ্ৰিকভাৱে, টেল পলিটিচিয়ান হিচাপে তৰুণ গগৈদেৱে নিজৰ যি পৰিচয় দি গল তেনে পৰিচয় আহৰণ কৰিব পৰা ৰাজনীতিজ্ঞ ভৱিষ্যতে জন্ম হোৱাৰ আশা বৰ ক্ষীণ৷ কাৰণ মানুহৰ জীৱন জড়িত বিভিন্ন ক্ষেত্ৰত মূল্যবোধৰ খহনীয়া আৰম্ভ হৈ গৈছে ব্যাপকভাৱে৷ এনে অৱস্থাত বিভিন্ন শিক্ষাৰে শিক্ষিত হৈ উঠিলেও সমাজৰ সকলো স্তৰৰ লোকৰ বুকুৰ সংবাদ আন্তৰিকতাৰে শুনি তাৰ মৰ্ম উপলব্ধি কৰিবলৈ সক্ষমতা আজিৰ শিক্ষাই নিদিয়ে৷ আজিৰ শিক্ষাই হিউমেন ৰিছৰ্চ সৃষ্টি কৰাতহে গুৰুত্ব দিয়ে যি ৰিছৰ্চে বুজন অঙ্কৰ ধন উপাৰ্জনৰ যোগ্যতা আহৰণ কৰে৷

তৰুণ গগৈদেৱৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ৷ মূল্যবোধৰ ৰাজনীতি চিৰঞ্জীৱ হওক৷

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ