অন্যযুগ/


ৰাজনৈতিক শিক্ষা আৰু শিক্ষক হিচাপে সময়ৰ ব্যৰ্থতা

 [ক]

        অসমৰ মানুহক সাধাৰণভাৱে অসমীয়া বোলা হয়৷ অৱশ্যে শব্দটোৰ প্ৰকৃত পৰিধি আজিও নিৰ্ধাৰণ নহ’ল৷ আমি লক্ষ্য কৰিছোঁ যে অসম এনে এক ভৌগোলিক অঞ্চল য’লৈ বিভিন্ন স্থানৰ মানুহ বিনা বাধাই আহিব পাৰে, আহি ইয়াত স্থায়ী বসতি স্থাপন কৰিব পাৰে৷ কেৱল সেয়ে নহয়, বাহিৰৰপৰা আহি ইয়াত বসতি স্থাপন কৰা লোকে ইয়াৰ মাত-কথা নিশিকাকৈ যুগ যুগ ধৰি তেওঁলোকৰ বাপতিসাহোন ভাষা-সংস্কৃতিৰ অনুশীলন চলাই থাকিবও পাৰে৷ সৰ্বোপৰি তেওঁলোকৰ পুৰণি সাংস্কৃতিক অনুশীলনৰ নামত, ৰাজনৈতিক-অৰ্থনৈতিক অধিকাৰৰ নামত তেওঁলোকে ইয়াত আহি অনেক দাবীও উত্থাপন কৰিব পাৰে, তেনে দাবী পূৰণো কৰা হয়৷

        অসমৰ বাহিৰে ভাৰতৰ আন আন ৰাজ্যবোৰত কিন্তু এনে চিত্ৰ অকল্পনীয়৷ অসমত সৰ্বভাৰতীয় পূজা-পৰব যি হাৰত পতা হয়, আন ৰাজ্যত ক’তোৱেই অসমীয়া উৎসৱ তেনেকৈ পতা নহয়৷ অসমত অসমৰ বাহিৰৰপৰা আহি যিমান লোকে ব্যৱসায়-বাণিজ্য কৰি আছে আন কোনো ৰাজ্যতে কৰা নাই৷ অসমৰ বিভিন্ন প্ৰশাসনিক স্থানত যিমান সংখ্যক বহিৰাগতই চাকৰি কৰি আছে আন কোনো ৰাজ্যতে নাই৷ অসমৰ ৰাজনীতিত বহিৰাগত লোকে যি গুৰুত্ব লাভ কৰে আন কোনো ৰাজ্যতে নকৰে৷

        ৰাজ্যখনৰ বিধান সভাৰ নিৰ্বাচনৰ দিন যিমানে কাষ চাপি আহিছে সিমানে এনে পৰ্যৱেক্ষণবোৰো অধিক প্ৰাসঙ্গিক হ’বলৈ ধৰিছে৷ অৱশ্যে এনে পৰ্যৱেক্ষণে অসমৰ ৰাইজক কাহানিও শিক্ষা দিয়া বুলি মনে নধৰে৷ নহ’লে বানপানী বা আন আন দুৰ্যোগৰ কালত অসম আৰু অসমীয়া মানুহলৈ মনত নপৰা ৰাষ্ট্ৰীয় ৰাজনীতিৰ নেতাসকল নিৰ্বাচনৰ সময়ত ঘটীয়া শিঙৰাৰ দৰে ঘনে ঘনে অসমলৈ আহোঁতে অসমৰ ৰাইজে ঈশ্বৰ পূজিবলৈ যোৱাৰ দৰে হিল-দল ভাঙি যায়নে? অসমৰ ৰাজ্যসভাৰ আসন একোখন খালী হ’লে কাহানিও অসমৰ সৈতে সম্বন্ধ নথকা আন ৰাজ্যৰ লোক একোজনক আনি সেই আসনৰ প্ৰতিনিধি পাতি দিল্লীলৈ পঠোৱা উদাহৰণেও একে সত্যকেই দাঙি ধৰে৷ এজনমান অসমীয়া ৰাজনীতিক বাৰু আজিলৈকে অসমৰ বাহিৰৰ কোনো ৰাজ্যৰপৰা ৰাজ্যসভালৈ বা লোকসভালৈ নিৰ্বাচিত হ’ব পাৰিছেনে?

        বহু ঐতিহ্যৰে সমৃদ্ধ হৈও সম্প্ৰতি অসমীয়া হৈছে সামগ্ৰিকভাৱে স্বাভিমানহীন, ভিতৰফোপোলা এটা অহঙ্কাৰী আৰু অকৰ্মণ্য জাতিসত্তা৷ অকৰ্মণ্য নোহোৱা হ’লে অসমৰ থলগিৰি ৰাইজ সম্প্ৰতি সকলো দিশতে বঞ্ছনাৰ বলি হ’ব নালাগিলহেঁতেন৷ সম্প্ৰতি অৱস্থা এনেকুৱা হৈছেহি যে যদি কিবা কাৰণত অসমৰ বাহিৰৰপৰা ট্ৰাক আৰু ৰে’লগাড়ীৰ চলাচল এমাহমানলৈ একেবাৰে বন্ধ হৈ যায় তেন্তে দুভিক্ষ হৈ বহু অসমীয়া মৃত্যুৰ মুখতে পৰিব৷ ইতিমধ্যে বিভিন্ন সময়ত জীৱন ধাৰণৰ বাবে অত্যাৱশ্যকীয় বা অন্যান্য সামগ্ৰী বিনামূলীয়াকৈ যোগান ধৰি ধৰি শেষৰ কামিলা অসমীয়া মানুহখিনিকো অকামিলা কৰি তোলা অভিযান প্ৰায় সমাপ্ত হৈছে৷ তিনিকোটি মানুহক ধাৰত পুতি কেই হাজাৰমান মানুহক বিভিন্ন প্ৰকাৰে ধন বা আন সম্পদ যোগান ধৰি বিভিন্ন ৰাজনৈতিক স্বাৰ্থ সিদ্ধি কৰা হৈছে৷ ফলত বিভিন্ন সময়ত বিভিন্ন ৰাজনৈতিক দলে নিজৰ কাৰণে একোটা অক্ষয়-অব্যয় বোটবেঙ্ক লাভ কৰিছে৷

        কিন্তু সামগ্ৰিকভাৱে অসম আৰু অসমীয়াৰ ভৱিষ্যত কোন দিশে ধাৱমান? 

        বিগত ‘নাগৰিকত্ব সংশোধনী আইন’ বিৰোধী আন্দোলনত গোটেই ৰাজ্যখন যেতিয়া তল-ওপৰ হৈছিল, তেতিয়া বহু হোজা অসমীয়াই ভাবিছিল যে এইবাৰ শেনৰ এজাত ৷ পিছে পৰিণতি কি হ’লগৈ ? একাধিক নতুন ৰাজনৈতিক দলৰ জন্ম আৰু এজাক নতুন নেতাৰ জন্ম হোৱাৰ বাহিৰে সেই আন্দোলনে আমাক একোকে নিদিলে ৷ কাৰণ সেই আন্দোলনৰ লক্ষ্য অসম আৰু অসমীয়াৰ সুৰক্ষা হোৱাহ’লে সমাগত নিৰ্বাচনত বহুধাবিভক্ত বিৰোধী ৰাজনৈতিক শক্তি হিচাপে নিজকে আগ বঢ়াই শাসকীয় দলক ক্ষমতাত বাহাল থকাৰ সুযোগ নিদিলেহেঁতেন ৷

[খ]

        ক’ৰ’না মহামাৰীৰ দ্বিতীয় ঢৌ আৰম্ভ হৈছে দেশত ৷ এনে অৱস্থাত সংশ্লিষ্ট ৰাজ্যকেইখনৰ নিৰ্বাচন কেইমাহমান পিছুৱাই দিয়া হ’লেও কিজানি একো সাংবিধানিক সংকট নহ’লহেঁতেন ৷ তেনে সংকট হোৱাৰ আশঙ্কা থাকিলে সংশ্লিষ্ট সাংবিধানিক পথ মুকলি কৰাৰো সুবিধা আছিল ৷ কিন্তু সেয়া কৰা নহ’ল ৷ মহামাৰীৰ দ্বিতীয় তৰংগ আৰম্ভ নৌ হওঁতেই স্কুল-কলেজৰ পৰীক্ষাবোৰ পিছুৱাই দিয়া হ’ল ৷ কাৰণ ? নিৰ্বাচন পাতিবলৈ সময় উলিয়াব লাগে ৷ নেতাসকলক ক্ষমতাত অধিষ্ঠিত হৈ থাকিবলৈ সুবিধা লাগে।

        এতিয়া নিৰ্বাচনৰ কামত অংশ গ্ৰহণ কৰা বিষয়া-কৰ্মচাৰীসকলক কঠোৰভাৱে ক’ভিড নিয়মাৱলী পালন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ৷ ভোটদাতাসকলৰ বাবেও মোখোৰা আৰু হাতমোজা পিন্ধা বাধ্যতামূলক কৰা হৈছে ৷ (ৰাজ্যত নিয়মো কৰা হৈছে বোলে মোখোৰা নিপিন্ধিলে পাঁচ শ টকা জৰিমনা আদায় লোৱা হ’ব ৷ অৱশ্যে ৰাজনৈতিক সভা-সমাৱেশত ভাগ লোৱা কোনো লোকে এনে জৰিমনা দিবলগীয়া হোৱা নাই ।) ক’ভিড ৰোগী ভোটদান কৰিবলৈ আহিবও পাৰিব, কিন্তু তেওঁলোকৰ দ্বাৰা ভোটদান কৰাওঁতে সমস্ত স্বাস্থ্য সম্পৰ্কীয় সতৰ্কতা পালন কৰিব লাগিব ভোট ল’বলৈ যোৱা বিষয়াৰ দলটোৱে ৷ 

        এতিয়া প্ৰশ্ন হয়, ভোটগ্ৰহণ কৰা বিষয়াসকল জানো স্বাস্থ্য বিভাগৰ প্ৰশিক্ষিত পেছাদাৰী কৰ্মী যে তেওঁলোকৰ হতুৱাই ক’ভিড নিয়মাৱলী সুচাৰু ৰূপে পালন কৰিব পৰা যাব বুলি নিৰ্বাচন আয়োগ আস্বস্ত হৈ আছে ? আকৌ, প্ৰতিজন ভোটদাতাৰ আঙুলিত চিঞাহী লগোৱা, টিপচহী দিয়া চিঞাহী লগোৱা আদি কামত বেলেগ বেলেগ কাঠি ব্যৱহাৰৰ নিয়ম কৰা হৈছে ৷ ই বাৰু ভাল কথা ৷ পিছে একেখন ভোটদাতা পঞ্জীয়ন বহীতে সকলো ভোটদাতাই স্বাক্ষৰ প্ৰদান কৰাৰ যি নিয়ম তাকে সামান্য সলনি কৰি প্ৰতিজন ভোটদাতাই একোটা পৃথক পৃষ্ঠাত স্বাক্ষৰ কৰাৰ যি নিয়ম প্ৰৱৰ্তন কৰা হৈছে সি আমাৰ চকু কপালত তুলিছে ৷ কাৰণ, সেই পৃথক পৃষ্ঠাবোৰ ভোটগ্ৰহণৰ সৈতে জড়িত বিষয়া একেজনেই দিনৰ দিনটো স্পৰ্শ কৰি থাকিব লাগিব, প্ৰিজাইডিং বিষয়াজনে প্ৰতিটো পৃষ্ঠাতে নিজৰ স্বাক্ষৰো প্ৰদান কৰিব লাগিব ৷ ইয়াৰ মানে? ক’ভিড সংক্ৰমণ ৰোধ কৰাৰ নামত সংক্ৰমণ বৃদ্ধি কৰাৰ এটা ব্যৱস্থা ৷

তাৰ উপৰি ৰোগী এজনে ভোট দিবলৈ আহিলে পি পি ই কিট পিন্ধি ভোটগ্ৰহণৰ দ্বায়িত্বত থকা বিষয়াসকলে দায়িত্ব পালন কৰিব লাগিব বুলি নিয়ম কৰা হৈছে। তেওঁলোকক কোৱা হৈছে যে, পি পি ই কিট পিন্ধোতে সাৱধান। পিন্ধাতকৈ খোলাৰ সময়তহে আপোনালোক আক্ৰান্ত হ'ব পাৰে ক'ভিডত। ইয়াৰ মানে কি ? হাজাৰ হাজাৰ বিষয়া কমৰ্চাৰীৰ জীৱনক লৈ এখন হেতালি খেল খেলা হোৱা নাইনে ?

        সেইবোৰ বাৰু যি হয় হ’ব ৷ পিছে ভোটদাতা ৰাইজক আকৰ্ষণ কৰিবলৈ বিভিন্ন স্থানত পাতি থকা গণ সমাৱেশবোৰত হৈছে কি ?  লাখৰো অধিক মানুহৰ সমাগম কৰাই স্বয়ং দেশৰ প্ৰধান মন্ত্ৰীয়েই নিৰ্বাচনী সভা পাতিছে ৷ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীজনে স্বয়ং ৰাইজৰ সৈতে নাচ-বাগ কৰিছে, কাৰোবাক কাৰোবাক সাবটি ধৰি ছেলফিও উঠিছে ৷ স্বাস্থ্যমন্ত্ৰীৰ মুখত কিন্তু মোখোৰা নাই ৷ নিৰ্বাচনৰ প্ৰাৰ্থী ক’ভিডৰ কবলত পৰা বুলি খবৰ ওলোৱাৰ চৌবিছ ঘণ্টাৰ পাছতেই ক’ভিডমুক্ত বুলিও ঘোষণা হৈছে ৷ এইবোৰ দেখি-শুনি আমাৰ দৰে সাধাৰণ মানুহে কি বুজিম ? আমি বুজিম নেকি ক’ভিড এক ৰাজনৈতিক অসুখ ? আমি বুজিম নেকি ক’ভিড হোৱা-নোহোৱাটো কোনো বিশেষ ৰাজনৈতিক দল বা নেতাৰ ইচ্ছাৰ অধীন ?

        আমাৰ অনুভৱ হৈছে, নিৰ্বাচনী সমাৱেশ, শোভাযাত্ৰা আদিত হোৱা সামাজিক দূৰত্ব ৰক্ষাৰ নীতিৰ প্ৰচুৰ অমান্যকৰণে নিৰ্বাচনটোৰ পাছতেই অসমত ৰোগবিধৰ সংক্ৰমণৰ বিস্ফোৰণ সৃষ্টি কৰিব ৷ সম্ভৱতঃ তেতিয়া পুনৰাই লক্‌ডাউনৰ দৰে চৰম পন্থা অৱলম্বনৰ গত্যন্তৰ নাথাকিব ৷ সম্ভৱতঃ বহু পৰীক্ষাৰ্থীয়ে জীৱনৰ গুৰুত্বপূৰ্ণ পৰীক্ষা একোটা দিবলৈ নাপাব ৷ ইতিমধ্যেই বহু শিক্ষাৰ্থীয়ে শ-ৰ ঘৰত শিক্ষাদিন লোকচান কৰিছে ৷ হওক শিক্ষাৰ্থীৰ ক্ষতি, তাতে কাৰ কি আহে-যায় ? ৰাজনীতিকসকলৰ ক্ষমতা আহৰণৰ পথ মুকলি হৈ ৰ’লেই হ’ল ৷

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ