অন্যযুগ/


শেহতীয়া বিশ্বপৰিস্থিতি


ভাৰতীয় পুৰাকাহিনীসমূহত কিছুমান চৰিত্ৰ পোৱা যায় যিবোৰে আন কাৰো নথকা বিশেষ ধৰণৰ শক্তি-সামৰ্থ্য আহৰণ কৰিবলৈ তপস্যা কৰে, তেনে ঈপ্সিত সামৰ্থ্য অৰ্জন কৰে আৰু শেষত তেনে সামৰ্থ্য সত্তেও পতনৰ সম্মুখীন হয়৷ আধুনিক পৃথিৱীৰ কেতবোৰ ৰাষ্ট্ৰৰ ভূমিকাও তেনে পুৰাকাহিনীৰ চৰিত্ৰবোৰৰ নিচিনাই যিবোৰে নিজে চূড়ান্ত সামৰিক শক্তিৰ অধিকাৰী কৰি তুলিবলৈ যত্ন কৰে, আহৰণো কৰে কিন্তু তেনে শক্তি আহৰণ কৰিবলৈ আন ৰাষ্ট্ৰই যত্ন কৰিলেই বিশ্বশান্তিৰ প্ৰতি ভাবুকি বুলি গণ্য কৰে আৰু শান্তিৰ দোহাই দি বাৰে বাৰে যুদ্ধত প্ৰবৃত্ত হয়৷ আমেৰিকা যুক্তৰাষ্ট্ৰ এনে আগ্ৰাসী ৰাষ্ট্ৰৰ প্ৰথমটো উদাহৰণ৷ আনহাতে সমগ্ৰ বিশ্বৰ ৰাষ্ট্ৰসম্প্ৰদায়ে আজিকোপতি স্বীকৃতি প্ৰদান নকৰা এখন কৃত্ৰিম ৰাষ্ট্ৰ ইজৰাইলৰো চৰিত্ৰ একেই৷

দ্বিতীয় বিশ্বযুদ্ধত পৰমাণু বোমা ব্যৱহাৰ কৰি পৃথিৱীৰ ভৱিষ্যতৰ প্ৰতিয়ে ভয়াৱহ ভাবুকি কঢ়িয়াই অনা আমেৰিকাই নিজকে বিশ্বশান্তিৰ দূত বুলি প্ৰতিষ্ঠা কৰিবলৈ বিচাৰি ফুৰাটো আনৰ চকুত যিয়েই নহওক, আমাৰ বাবে সি এখন কৌতুকপূৰ্ণ নাটকৰ বাহিৰে আন একো নহয়৷ সাম্প্ৰতিক সময়ৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প বোলা মানুহজনে দ্বিতীয় বাৰৰ বাবে ৰাষ্ট্ৰপতিৰ চকীখনত বহিয়েই নিজকে শান্তিৰ শুকুলা পাৰ চৰাইটো সাজিবলৈ যত্ন কৰি তেওঁ কিমানখন যুদ্ধ বন্ধ কৰিলে তাৰ হিচাপ দিবলৈ লাগিছিল আৰু শান্তিৰ নোবেল বঁটাৰ বাবেও নিজতকৈ যোগ্য প্ৰাৰ্থী থাকিব নোৱাৰে বুলি ঘোষণা কৰিছিল৷ তাতকৈও ডাঙৰ কথা, সেইখিনি সময়তে তেওঁ ইৰাণৰ ওপৰত বোমাবৰ্ষণ কৰাইছিল৷ সেই বোমাবৰ্ষণত ইৰাণৰ কিছুমান বিশেষ আন্তঃগাঁথনি ক্ষতিগ্ৰস্ত কৰা বুলি কৈ তাৰ সপক্ষে কোৱা হৈছিল যে ইৰাণে পৰমাণু অস্ত্ৰ নিৰ্মাণ কৰিবলৈ আগ বাঢ়িছে যি অস্ত্ৰ হাতত পৰিলে ইৰাণ মধ্যপ্ৰাচ্যৰ দেশবোৰৰ কাৰণে আতঙ্ক হৈ উঠিব৷

হাঁহি উঠা কথা এয়ে যে আমেৰিকা এনে এখন দেশ যি নিজকে জগতৰ আটাইতকৈ শক্তিশালী বুলি দাবী কৰে অথচ আন দেশৰ নামতে নিজতকৈ শক্তিশালী শত্ৰুৰ উত্থানৰ উমান পাই থৰহৰি কম্পমান হৈ উঠি ‘শন্তিৰক্ষাৰ উদ্দেশ্যে’ যুদ্ধ একোখন তৰি লয়৷ তাতকৈও হাস্যকৰ কথা হৈছে ভিয়েটনামৰ পৰা আফগানিস্তানলৈকে নিজে ৰচনা কৰা যুদ্ধত সদায়ে আমেৰিকাই পৃষ্ঠভঙ্গ দিয়াহে দেখা যায়৷ সবাতোকৈ আচৰিত কথা, আমেৰিকাই ৰাতিৰ আন্ধাৰত চোৰৰ দৰে আন ৰাষ্ট্ৰৰ ৰাজধানীত প্ৰৱেশ কৰি শোৱাপাটীৰপৰাই ৰাষ্ট্ৰপতিক বন্দী কৰি অনাৰ দৰে দাদাগিৰিও কৰে অথচ পৃথিৱীৰ গৰিষ্ঠসংখ্যক ৰাষ্ট্ৰই তেনে কামক নিন্দা নকৰে৷ আন ৰাষ্ট্ৰবিশেষৰ শাসনতন্ত্ৰ বেয়া, আন ৰাষ্ট্ৰৰ শীৰ্ষস্থানৰ শাসক বেয়া বা বিপজ্জনক আদি বাক্‌ধাৰা প্ৰচাৰ কৰে আমেৰিকাই আৰু সেই সুৰতে আন কিছুমান ৰাষ্ট্ৰই সুৰ মিলায় নাইবা মৌনতা অৱলম্বন কৰে!

এতিয়া কথা হৈছে, কোনখন ৰাষ্ট্ৰৰ শাসনতন্ত্ৰ কেনে হোৱা উচিত সেয়া নিৰ্ণয় কৰিবলৈ সেই ৰাষ্ট্ৰত মানুহৰ অভাৱ হোৱা নাই৷ তেনে অৱস্থাত পাবত গজি স্বয়ম্ভূ অভিভাৱক হোৱাৰ সাহস আৰু সুবিধা আমেৰিকাক দিছে কোনে? হয়, আমিও বুজি পাওঁ যে আন্তঃৰাষ্ট্ৰীয় ভূ-ৰাজনৈতিক সমীকৰণবোৰত বহু দিশে ক্ৰিয়া কৰে৷ সেইবুলি মোৰ দেউতাই ঘৰখন ভালকৈ চলাব পৰা নাই বুলি যদি কোনোবাই আহি মোৰ ধৰত আক্ৰমণ কৰেহি তেন্তে তেওঁক মই আদৰণি জনামনে?

ইৰাণৰ ওপৰত শেহতীয়া আক্ৰমণৰ বেলিকাও আমেৰিকাৰ গতি সেয়ে হৈছে৷ ইজৰাইলৰতো অৱস্থাই নাই৷ সেই ইজৰাইল, যি নিজকে তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰত পৃথিৱীৰ ৰজা বুলিয়ে ভাবে৷ সেই ইজৰাইল, যি ইৰাণৰ মিনাব চহৰত এখন প্ৰাথমিক বিদ্যালয়ত বোমাবৰ্ষণ কৰি এশ আঠষষ্ঠিগৰাকী (ইউনিচেফৰ হিচাপ অনুসৰি) কণ কণ শিশুক (লগতে অন্যান্য মিলি প্ৰায় এশ আশীজন) হত্যা কৰি উল্লাসত টেল আভিভ চহৰত সমদল বাহিৰ কৰিছিল! আৰু হিতে বিপৰীত হৈ অৱশেষত আমেৰিকা আৰু ইজৰাইলত একনায়কত্ববাদী অচৰণ দেখুউৱা ৰাষ্ট্ৰনেতাদুজনৰ বিৰুদ্ধেই সবৰ্সাধাৰণ ৰাইজ ৰাজপথলৈ ওলাই আহিছে। কিন্তু চলি থকা যুদ্ধখন বন্ধ কৰাৰ কোনো লক্ষণ এতিয়ালৈকে প্ৰকাশ পোৱা নাই। বৰং এইবাৰ আকাশী আক্ৰমণৰ পাছত স্থলযুদ্ধৰ আশঙ্কাহে ঘনীভূত হৈছে।

বিগত বছৰবোৰত শস্ত্ৰশক্তিৰ বলত প্ৰায় অন্ধৰ দৰে হৈ আমেৰিকা আৰু ইজৰাইলে বিশ্বৰ বিভিন্ন দেশৰ প্ৰতি প্ৰায়েি বাবুকি দি আহিছিল৷ এইবাৰো, ইজৰাইলে আমেৰিকাক মিছা তথ্যৰে ইৰাণ আক্ৰমণৰ বাবে প্ৰলুব্ধ কৰিছিল৷ এই আক্ৰমণৰ কাৰণ যি বুলিয়েই কোৱা নহওক কিয় (প্ৰথমে পাৰমাণৱিক কাৰ্যসূচীত বাধা দিয়া, তাৰ পাছতে সৰ্বোচ্চ নেতৃত্ব সলনি কৰা আদি নানান কাৰণ ইতিমধ্যে আমেৰিকাৰ ফালৰ পৰা কেৱা হৈছে) আমেৰিকাৰ আচল লক্ষ্য যে ইৰাণৰ তৈলক্ষেত্ৰসমূহ, সেয়া ইমান দিনে বুজাসকলে নিশ্চয় বুজি পাইছে৷ কিন্তু এইবাৰ হিতে বিপৰীত হৈছে৷ ইৰাণে ইতিমধ্যে কমেও একুৰিখন আমেৰিকান যুদ্ধবিমান আৰু কমেও পাঁচখন এৰিয়েল ৰিফিউলিং টেঙ্কাৰ, এখন এৱেকছ্ (ৰাডাৰ যুক্ত উৰণীয়া আকাশী নিয়ন্ত্ৰণ প্ৰণালীৰে সমৃদ্ধ বিমান) বিধ্বস্ত কৰিছে (মন কৰিবলগীয়া যে আমেৰিকাই যান্ত্ৰিক বিজুতিৰ ফলতহে বিমানবোৰ নষ্ট হোৱা বুলি কৈছে!) আৰু আমেৰিকাৰ থাড্‌, পেট্ৰিয়ট আদিৰ লগতে ইজৰাইলৰ আইৰন ড’ম, ডেভিড শ্বিল্ড, এৰ’ (দ্বিতীয় আৰু তৃতীয়) আদি  আকাশী সুৰক্ষা প্ৰণালীবোৰ ধ্বংস কৰিছে৷ তদুপৰি ইৰাণে দাবী কৰিছে যে আমেৰিকাৰ বিমানবাহী যুদ্ধজাহাজ ইউ এছ এছ আব্ৰাহাম লিংকন আৰু ইউ এছ এছ জেৰাল্ড আৰ ফ'ৰৰো ক্ষতিসাধন কৰা হৈছে। লগতে পাৰস্য উপসাগৰৰ পৰা বিশ্বৰ বিভিন্ন দেশলৈ তেল আৰু গেছকে ধৰি বিভিন্ন পণ্য সৰবৰাহ হোৱা হৰমুজ প্ৰণালীটো ইৰাণে নিজৰ নিয়ন্ত্ৰণত ৰাখি সেইফালেদি ‘শত্ৰু’ দেশৰ জাহাজৰ যাতায়াতত বাধা আৰোপ কৰিছে৷ ফলস্বৰূপে বিশ্বজোৰা ইন্ধন সংকট সৃষ্টি হৈছে৷ তাৰে ফলত আকৌ সকলো পণ্যসামগ্ৰীৰে মূল্যবৃদ্ধি তথা অভাৱৰ সংকট সৃষ্টি হৈছে৷ ইফালে আমেৰিকাৰ চিৰন্তন বন্ধুস্বৰূপ চৌদি আৰবৰ যুৱৰাজৰ প্ৰতি আমেৰিকান ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে অশ্ৰাব্য বিশেষণ প্ৰয়োগ কৰিছে। ৰাছিয়াৰ বিৰুদ্ধে বিগত চাৰিটা বছৰে যুঁজি যুঁজি ৰক্ষা নোপোৱা ইউক্ৰেইনে আকৌ ইৰাণৰ বিৰুদ্ধে উপসাগৰীয় দেশবিশেষৰ প্ৰতি সামৰিক সাহায্য আগ বঢ়াইছে! মুঠৰ ওপৰত সামগ্ৰিক ছবিখন আমি বুজি পোৱাৰ বাহিৰত।

কিন্তু, সকলোৰে ওপৰত অৱস্থাটো এনেকুৱা হৈছেগৈ যে এই যুদ্ধখন এতিয়া সমগ্ৰ বিশ্বৰে পাকঘৰ পৰ্যন্ত পাইছেহি৷ ইফালে আমি ব্যস্ত হৈ ৰৈছোঁ ৰাজ্যৰ ৰাজনীতিৰ সীমাৱদ্ধতাৰ পৰিধিৰ ভিতৰতে।

এইখিনিতে হাঁহি উঠা দুটা ঘটনা ঘটিছে৷ প্ৰথমটো হৈছে, ‘ছুপাৰ পাৱাৰ’ আমেৰিকাই ইৰাণৰ বিৰুদ্ধে যুদ্ধত ত্ৰাহি ত্ৰাহি সুঁৱৰিছে৷ দ্বিতীয়তে, ‘দা ইনষ্টিটিউট ফৰ ইক’ন’মিক্স এণ্ড পিচ’ নামৰ অষ্ট্ৰেলিয়াৰ ছিডনীস্থিত সংস্থাই প্ৰকাশ কৰা শেহতীয়া (২০২৬ চনৰ) গ্ল’বেল টেৰৰিজ্‌ম ইণ্ডেক্স্‌’ অনুসৰি বিশ্বৰ প্ৰথম স্থানৰ সন্ত্ৰাসবাদী ৰাষ্ট্ৰ বুলি চিহ্নিত পাকিস্তানক আমেৰিকাই ইৰাণৰ সৈতে মধ্যস্থতাকাৰীৰ ভূমিকা লৈ যুদ্ধখন সমাপ্ত কৰোৱাবলৈ যত্ন কৰিছে৷ ইয়াতকৈ ডাঙৰ কৌতুক বোধকৰোঁ এই মুহূৰ্তত আন একো নাই৷ ইৰাণে অৱশ্যে আমেৰিকাৰ সৈতে কোনো ধৰণৰ আলোচনাৰ সম্ভাৱনা নাকচ কৰিছে। ইয়াৰ কাৰণো আমেৰিকা নিজে। কাৰণ আগদিনালৈকে আলোচনা অব্যাহত ৰখা আমেৰিকাই প্ৰৰোচনামূলকভােৱ যোৱা আঠাইছ ফেব্ৰুৱাৰীৰ দিনা ইৰাণ আক্ৰমণ কৰি এই যুদ্ধখনৰ সূচনা কৰিছিল।

আমি অসমীয়াসকলে যুদ্ধৰ খবৰ বিশেষ ৰখা নাই। তেনে খবৰতকৈ বেছি মুখৰোচক খবৰেৰে আমাৰ প্ৰচাৰ মাধ্যম সম্প্ৰতি মুখৰিত হৈ আছে। কাৰণ অসমত ৰাজনৈতিক ক্ষমতা আহৰণৰ পাঁচ বছৰীয়া যুদ্ধ এখন সমাগত। পিছে মধ্যপ্ৰাচ্যৰ যুদ্ধতকৈও অধিক ক্ষয়ঙ্কৰ আশঙ্কা এটাই বিগত কেইদিনমান ধৰি পৃথিৱীৰ বিজ্ঞানীমহলক উদ্বিগ্ন কৰি ৰাখিছে।

পৃথিৱীৰ বিভিন্ন অঞ্চলত যোৱা দিন কেইটামানত অস্বাভাৱিক গতিত ভূমিকম্প সংঘটিত হৈছে, যি এটা ডাঙৰ ভূমিকম্পৰ আশঙ্কা ঘনীভূত কৰিছে। আনহাতে এটা বিশালকায় গ্ৰহাণু সূৰ্যৰ ফালে ধাৱমান হৈছে। ইয়াৰ আকাৰ ইমানেই ডাঙৰ যে সূৰ্যৰ বক্ষত খুন্দা মাৰিহে ই লয় হ'ব বুলি ধাৰণা কৰা হৈছে। তেনে হ'লে কি ঘটনা ঘটে এতিয়া কোৱা টান। আনহাতে ইতিমধ্যেই সূৰ্যত ঘটা এক অস্বাভাৱিক প্লাজমা-মেগ্নেটিক বিস্ফোৰণৰ ফল অহা কেইদিনমানতে পৃথিৱীবাসীয়ে ভুগিবলৈ পাব! 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ