অন্যযুগ/


দ্বিতীয় আৱিৰ্ভাৱ (অনুবাদ কবিতা)

মূল: ৱি‍লিয়াম বাটলাৰ য়িট্‌ছ্‌ (William Butler Yeats)

অনুবাদ: যশোৱন্ত নিপুণ

ক্ৰমশঃ বৰ্ধমান চাকনৈয়াত ঘূৰি ঘূৰি
শেনটোৱে আৰু শুনিবলৈ নাপায় তাৰ গৰাকীৰ কণ্ঠ;
সকলো খহি পৰে; কেন্দ্ৰই আৰু ধৰি ৰাখিব নোৱাৰে;
মাত্ৰ সীমাহীন বিশৃংখলতাই ঘেৰি ধৰে পৃথিৱীখন,
ৰক্তাক্ত বাধাহীন জোৱাৰে আৱৰে, আৰু সৰ্বত্ৰ
প্লাৱনে গ্ৰাস কৰি আনে নিষ্কলুষ সৰলতাৰ উৎসৱ;
সৰ্বোত্তমসকলৰ কোনো দৃঢ়তা নাই, কিন্ত পাষণ্ডবোৰ
তীব্ৰতম আৱে‍গেৰে উচ্ছ্বসিত৷


নিশ্চয় কিবা সত্যৰ উন্মোচন হব অচিৰেই;
নিশ্চয় দ্বিতীয় আৱিৰ্ভাৱ অতি সন্নিকট৷
দ্বিতীয় আৱিৰ্ভাৱ! সেই শব্দবোৰ শুনা-নুশুনাতেই
বিশ্বৰ চিৰন্তন আত্মা আৰু চেতনাৰ গৰ্ভৰ পৰা এটা ছায়াই
মোৰ চকু চাট মাৰি ধৰে; মৰুভূমিৰ বালিময় বক্ষৰ কৰবাত
এটা সিংহৰ শৰীৰ আৰু মানৱ মস্তকৰ অৱয়ৱে,
সূৰ্যৰ দৰে ভাবলেশহীন আৰু নিৰ্দয় এটা চাৱনিয়ে,
তাৰ মন্থৰ উৰু লৰচৰ কৰে, আৰু তাৰ চাৰিওফালে
ঘূৰি ৰয় খঙাল মৰুপক্ষীবোৰৰ ছাঁ৷ 
আকৌ নামি আহে অন্ধকাৰ; কিন্তু মই এতিয়া জানো
কুৰিটা শতিকাৰ শিলৰ দৰে গভীৰ নিদ্ৰাক
এখন প্ৰলয়ংকৰী দোলনাই বিক্ষুব্ধ কৰি তুলিলে দুঃস্বপ্নলৈ,
আৰু কি দুৰ্দমনীয় পশু, তাৰ সময় আহিল অৱশেষত,
বেথেলহেমলৈ ধীৰে ধীৰে আগ বাঢ়ে পুনৰ জনম লবলৈ?

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ