অন্যযুগ/


দৃষ্টিভঙ্গীয়ে সফলতাক কেনেকৈ প্ৰভাৱিত কৰে?

° পুলক সভাপণ্ডিত

 শৰীৰৰ যিটো অংগই মানুহক আন জীৱৰ পৰা পৃথক কৰিছে আৰু মানুহৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিছে সেইটো হল মানুহৰ মস্তিষ্ক৷ মানৱ মস্তিষ্ক (human brain) বা মগজু হল মানুহৰ স্নায়ুতন্ত্ৰৰ প্ৰধান অংগ৷ মস্তিষ্কৰ মূল গঠন-উপাদান হল নিউৰন (স্নায়ুকোষ)৷ মানুহৰ মস্তিষ্কত নিউৰনৰ সংখ্যা প্রায় ১০ হাজাৰ কোটি (১০০ বিলিয়ন)৷ মগজুত থকা এই নিউৰনবিলাক মানুহে যিমান বেছি ব্যৱহাৰ কৰিব, সিমানেই মানুহৰ  সৃজনশীলতা, দক্ষতা আৰু সাফল্য বাঢ়িব। কিন্তু আমি অধিকাংশ মানুহেই সাধাৰণতে কৰোঁ কি— ভ্রান্ত ধাৰণাৰে পৰিচালিত হৈ হতাশাই হওক কিম্বা আলস্যই হওক বা বিভিন্ন স্বয়ংসৃষ্ট অজুহাততেই হওকমস্তিষ্কত থকা এই নিউৰনৰ সামান্য সংখ্যককহে কামত লগাওঁ যাৰ ফলত আমি জীৱনত ঈপ্সিত সফলতা লাভ কৰিবলৈ সক্ষম নহওঁ৷ 

প্ৰকৃততে মানুহৰ সফলতাৰ আঁৰত প্রত্যক্ষ ভূমিকা পালন কৰে সঠিক (ইতিবাচক) দৃষ্টিভঙ্গীয়ে। অৰ্থাৎ এই ইতিবাচক দৃষ্টিভঙ্গীৰ ওপৰতেই নিৰ্ভৰ কৰে মস্তিষ্কত থকা নিউৰনসমূহক আমি কিমান ব্যৱহাৰ কৰোঁ এই কথাটোৱে৷ মগজুত নিহিত হৈ থকা এই অফুৰন্ত ক্ষমতা আৰু শক্তি যিমান উপযুক্তভাৱে কামত লগাব পৰা যায় সিমানেই আমি আকাঙ্ক্ষিত ফল লাভ কৰিব পাৰোঁ৷

প্ৰথমেই চাওঁ আহক ইতিবাচক দৃষ্টিভঙ্গী কি

আমাৰ কি নাই, আমি কি কৰিব নোৱাৰোঁ বা আমি কি হেৰুৱাইছোঁতাক লৈ  হতাশাত বা  আত্মবিশ্বাসহীনতাত নুভুগি আমাৰ সামৰ্থ্য অনুসৰি আমি আমি যি কৰিব পাৰোঁ তাৰেই আৰম্ভ কৰা বা আমি যি পাইছোঁ তাতেই সন্তুষ্ট হবলৈ শিকাটোৱেই হল ইতিবাচক দৃষ্টিভঙ্গী। আমেৰিকাৰ বিখ্যাত কৃষ্ণাঙ্গ নাৰী অপ্ৰা ৱিনফ্রে'ৰ বিখ্যাত উক্তিটো হ, ‘মানৱ জাতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আবিষ্কাৰবিলাকৰ ভিতৰত এটা হল তেওঁলোকে এই বিষয়টোৰ সন্ধান পাইছে যে মানুহে নিজৰ দৃষ্টিভঙ্গী পৰিৱৰ্তনৰ মাধ্যমেৰেই জীৱনৰ পৰিৱর্তন কৰিব পাৰে।ইতিবাচক দৃষ্টিভঙ্গীয়ে কেনেকৈ মানুহৰ জীৱনশৈলীৰ আমূল পৰিৱৰ্তন ঘটাব পাৰে তাৰ জ্বলন্ত উদাহৰণ হল প্রয়াত ব্রিটিছ পদার্থবিদ ষ্টিফেন হকিং। ষ্টিফেন হকিং আছিল ২১ বছৰ মোটৰ নিউৰন (স্নায়ুতন্ত্রৰ এটা অস্বাভাৱিক অৱস্থা যি পেশীৰ স্বাভাৱিক নিয়ন্ত্রণক অকামিলা কৰে) নামৰ এক দুৰাৰোগ্য ব্যাধিত ভোগা ব্যক্তি, কিন্তু শাৰীৰিক অক্ষমতাই তেওঁক ৰুধিব পৰা নাছিল৷ ষ্টিফেন হকিঙৰ বিখ্যাত উক্তিটো আছিল- ‘আমাৰ প্ৰথম নাপাহৰিবলগীয়া কামটো হল- মাটিলৈ নহয়বৰঞ্চ আকাশৰ তৰাবিলাকৰ ফাললৈ দৃষ্টি নিক্ষেপ কৰা৷

 জীৱনত  বিফল হোৱাৰ মুখ্য কাৰণসমূহ হৈছেনেতিবাচক দৃষ্টিভঙ্গীৰ প্ৰভাৱ আৰু সুনির্দিষ্ট লক্ষ্য আৰু সুন্দৰ পৰিকল্পনাৰ অভাৱ। খ্যাতিসম্পন্ন মেণ্টৰ Myron Sta. Ana-ৰ মতে "A good plan is a success half-done whereas a bad plan is a possible failure in progress"৷ অর্থাৎ এটা নিখুঁত পৰিকল্পনা এটা সুসম্পন্ন কামৰ অর্ধেক সফলতা; বিপৰীতে এটা ক্ৰটিপূৰ্ণ পৰিকল্পনা, সাফল্যৰ পথত সাম্ভাৱ্য ব্যৰ্থতাৰ কাৰণ হৈ দেখা দিয়ে৷ 

 ভাৰতৰ খ্যাতনামা Motivational speaker ৰাজেশ মুৰথিৰ বিখ্যাত উক্তি, ‘জীৱনৰ ৫০% নিৰূপিত হয় দৃষ্টিভঙ্গীৰ দ্বাৰা আৰু বাকীছোৱাও নিৰূপিত হয় দৃষ্টিভঙ্গীৰ দ্বাৰা৷ জীৱনৰ আটাইতকৈ প্ৰয়োজনীয় কামটোৱেই হল দৃষ্টিভঙ্গী সঠিক কৰা, ই আমাৰ ভিতৰৰ সুপ্ত জুইকুৰাক জ্বলাই আমাক আৰু উজ্জ্বল কৰি তুলিব৷ ইয়াৰ অন্যথা ই আমাৰ স্বপ্নক ধুলিস্যাৎ কৰি পেলাব৷উইনষ্টন চাৰ্ছিলৰ মতে,’দৃষ্টিভঙ্গীয়ে জীৱনত এটা সাংঘাতিক পৰিবৰ্তন আনিবলৈ সক্ষম।

   আমি প্রতিনিয়ত যিবিলাক কাম কৰোঁ, এই সকলোবোৰ আমাৰ দৃষ্টিভঙ্গীৰ দ্বাৰা পৰিচালিত হয়। আৰু আমাৰ দৃষ্টিভঙ্গীক প্ৰভাৱিত কৰে তথ্য আৰু পৰিৱেশে। নতুন তথ্য আৰু নতুন পৰিৱেশে নতুন বিশ্বাসৰ জন্ম দিয়ে৷ ইয়াৰ ফলত  সলনি হয় আমাৰ দৃষ্টিভঙ্গী যি মস্তিষ্কৰ নিউৰনক প্ৰভাৱিত কৰে। নতুন দৃষ্টিভঙ্গীৰ আলোকেৰে নতুন কৰ্মোদ্যমৰ সৃষ্টি হয়। সঠিক দৃষ্টিভঙ্গীয়ে আমাৰ অভ্যাস সলনি কৰি আমাক পৰিশ্ৰমী কৰি তোলে৷  ভাৰতৰ প্রয়াত বিজ্ঞানী তথা জনপ্রিয় ৰাষ্ট্রপতি এ পি জে আব্দুল কালামৰ মতে, ‘মানুহে নিজৰ ভবিষ্যৎ পৰিৱৰ্তন কৰিব নোৱাৰে, কিন্তু অভ্যাস পৰিৱর্তন কৰিব পাৰে। অভ্যাসেই মানুহৰ ভবিষ্যৎ সলনি কৰে।" আৰু এই অভ্যাস পৰিৱৰ্তনৰ চাবিকাঠি হৈছে- দৃষ্টিভঙ্গী।

   আচলতে মানুহৰ শৰীৰতকৈ মন বহুত বেছি শক্তিশালী। মানুহৰ মস্তিষ্কৰ ক্ষমতা এটা ছুপাৰ কম্পিউটাৰতকৈও বহুত বেছি। আমাৰ কল্পনা আৰু বিশ্বাসৰ দ্বাৰা অংকিত মনচ্ছবি-ত এই নিউৰনবিলাকে পর্যায়ক্রমে আস্থা স্থাপন কৰি কৰ্মৰ জৰিয়তে আমাক লক্ষ্যত উপনীত কৰায়। যিহেতু সুনির্দিষ্ট আৰু সুস্পষ্ট লক্ষ্য আত্মবিশ্বাসৰ মূলমন্ত্ৰ, গতিকে নিজৰ ভিতৰত এশ শতাংশ আস্থা বা বিশ্বাস সৃষ্টিৰ বাবে লক্ষ্যক প্ৰথম সুনির্দিষ্ট আৰু সুস্পষ্ট কৰি লব লাগিব। তাৰ পাছত প্রশান্ত মনৰ স্থিৰ পর্দাত সফলতাৰ ব্লুপ্রিন্ট (প্রতিচিত্র) অর্থাৎ মনচ্ছবিআঁকিব লাগিব। মনচ্ছবিহৈছে মনৰ পর্দাত পৰম গভীৰ বিশ্বাস, একাগ্র চিত্ত আৰু গভীৰ মনোযোগেৰে লালিত সাফল্যৰ চিত্ৰ। অর্থাৎ আমি ভাল কিবা এটা কৰাৰ আগতে একাগ্ৰ চিত্তে প্রথম তাক মনেৰে বিচৰা, বিচৰাটো পামেইবুলি বিশ্বাস ৰখা আৰু আন্তৰিকতাৰে তাৰ বাস্তবায়নত কাম কৰাৰ বাবে দৃঢ় হোৱাটোৱেই হল মনচ্ছবি। মনচ্ছবিল শুভকামনা, বিশ্বাস আৰু পৰিশ্ৰমৰ লালিত ভবিষ্যতৰ বাস্তৱতা (Future Reality), যাক যিকোনো সাফল্যৰ ভ্রুণৰূপে গণ্য কৰিব পাৰি।

মনচ্ছবি অংকনৰ এই প্রক্রিয়াৰ ফলপ্রসূতাৰ বাবে প্ৰয়োজনীয় চাৰিটা চৰ্ত হ

১) লক্ষ্য স্থিৰ ৰখা; (২) লক্ষ্যত আস্থা আৰু একাত্মতা বজাই ৰখা; (৩) লক্ষ্য প্ৰাপ্তিত আকাংক্ষা আৰু আনন্দ পুহি ৰখা আৰু (৪) লক্ষ্য পূৰণত নিৰৱে কাম কৰা।

 স্থিৰ আৰু সুস্পষ্ট লক্ষ্যৰ ছবি (মনচ্ছবি) যেতিয়া মনত অংকিত হৈ যায় তেতিয়া মানুহৰ মস্তিষ্কৰ কৰ্মগঠন বদলি যায়৷ আমাৰ মস্তিষ্কই তেতিয়া স্বয়ংক্রিয়ভাৱে আমাক উজ্জ্বল ভবিষ্যৎ নির্মাণৰ যি লক্ষ্যতাক বাস্তৱায়নৰ দিশত আগুৱাই লৈ যায়৷ ই বিজ্ঞানসম্মত। মনত ৰখা প্ৰয়োজন, বাৰে বাৰে লক্ষ্য পৰিৱর্তন কৰি থাকিলে আমাৰ মস্তিষ্ক, কর্মপন্থা ঠিক কৰাত দ্বিধাগ্রস্ত হৈ পৰিব। সেই কাৰণে লক্ষ্যক নিদিষ্ট কৰিয়েই লক্ষ্য পূৰণত সংকল্পৱদ্ধ হৈ থকা উচিত৷ লক্ষ্য পূৰণত নীৰৱে নিৰলসভাৱে কাম কৰিব লাগে। সোনকালে লক্ষ্য প্ৰাপ্তিৰ প্ৰৱণতা ত্যাগ কৰা উচিত।

  আমি মনৰ ভিতৰত নিজৰ যি ছবি আঁকো, আমি লাহে লাহে তালৈ পৰিৱৰ্তিত হওঁ। ঔপন্যাসিক কূট ভনেগাৰ্টৰ ভাষাত, ‘আমি নিজৰ সম্পর্কে যি কল্পনা কৰোঁ আমি আচলতে সেয়াইআমি যেতিয়া একাগ্র কল্পনাৰে আমাৰ লক্ষ্যৰ ছবি মনত আঁকি পেলাওঁ তেতিয়া সি আমাৰ মস্তিষ্ক আৰু স্নায়ুতন্ত্রক স্বয়ংক্রিয়ভাৱে লক্ষ্য অর্জনৰ পথেদি পৰিচালিত কৰে৷ মনচ্ছবি’-ক আমি মিছাইলৰ লগত তুলনা কৰিব পাৰোঁ। মিছাইলক যেনেকৈ লক্ষ্য নির্ধাৰণ কৰি দিলে আৰু কোনো দিক-নির্দেশনাৰ প্রয়োজন নহয়, মনচ্ছবিয়েও ঠিক একে ধৰণৰ কাম কৰে। মনচ্ছবিৰ মাধ্যমেৰে লক্ষ্যৰ ছবি অৱচেতন মনত খোদিত হৈ পৰিলে মনে স্বয়ংক্রিয়ভাৱে সেই লক্ষ্যত উপনীত হবৰ বাবে তাৰ সকলো শক্তি প্ৰয়োগ কৰে আৰু দুর্দমনীয় আগ্রহ আৰু উদ্যম সৃষ্টি কৰি আমাক অবিৰতভাৱে কাম কৰিবলৈ বাধ্য কৰে। অর্থাৎ, নির্দিষ্ট গন্তব্য স্থানত উপনীত কৰাৰ বাবে আমাৰ প্ৰয়োজনীয় যিখিনি কৰণীয় তেনে কৰ্মৰ বাবে মনৰ নিভৃত কোণত এক তাড়নাৰ সৃষ্টি কৰে।

    নেতিবাচক দৃষ্টিভঙ্গীয়ে সমস্যাক সংকট’-ত পৰিণত কৰে আৰু ইতিবাচক দৃষ্টিভঙ্গীয়ে সমস্যাক পৰিণত কৰে সম্ভাৱনা’-ত৷ 

গতিকে জীৱনত সফলতা লাভ কৰিবৰ বাবে সকলো সময়তে ইতিবাচক দৃষ্টিভঙ্গী গ্ৰহণ কৰাটো নিতান্তই প্ৰয়োজন৷ ইয়াৰ অবিহনে হাজাৰ চেষ্টা কৰিলেও আমি কেতিয়াও আমাৰ ঈপ্সিত লক্ষ্যত উপনীত হব নোৱাৰিম৷ কাৰণআমাৰ কাঙ্ক্ষিত লক্ষ্যৰ উপনীত হবলৈ যিখন ৰুদ্ধ দুৱাৰ খোলাৰ প্ৰয়োজন তাৰ সঠিক চাবিটো একমাত্ৰ সঠিক দৃষ্টিভঙ্গীৰ জৰিয়তেহে আমি অর্জন কৰিব পাৰিম৷।


ঠিকনা :
সহকাৰী অধ্যাপক
গণিত বিভাগ
বিশ্বনাথ মহাবিদ্যালয়
ফোন--৬০০০৩৬০৯৫২

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ