অন্যযুগ/


ফটাচোলাৰ ৰং

  (পূৰ্ণাংগ নাটক)

 জ্যোতি প্ৰসাদ শইকীয়া

অষ্টম দৃশ্য


(মঞ্চত অকলে অকলে দেৱীয়ে এখন ছবি আঁকি থাকে৷ এটা ফটা চোলা পিন্ধা এজনী ছোৱালীৰ ছবি আঁকে৷ ছবি আঁকি থকা দৃশ্যটোক পোহৰে জিলিকাই ৰাখিব৷ কেইটামান মুহূৰ্তৰ পাছত সুৰজিৎ সোমাই আহে)

সুৰজিৎ - দেৱী! কি আঁকিছা?

দেৱী – ছবি

সুৰজিৎ - কাৰ? (ছবিখন হাতত লয়) (Music) … এইখন দেখোন তোমাৰ ছবি৷ তুমি নিজকে আঁকিছা!

দেৱী – ককাই মোক এখন ছবি আঁকিবলৈ দিছিল৷ পাবল’ পিকাচ’ নামৰ এজন ডাঙৰ আৰ্টিষ্টৰ৷ তেওঁ হেনো সৰু সৰু ল’ৰা-ছোৱালীৰ ছবি আঁকি বৰ ভাল পায়৷ নিজৰ সন্তানৰো ছবি আঁকিছিল৷

সুৰজিৎ - কিন্তু এইখন জানো পিকাচ’ৱে অঁকা প’লৰ ছবি হয়?

দেৱী – নহয় দেউতা৷ এইখন মই আঁকিছোঁ৷ মোৰ ফটা ফ্ৰকটোৰ৷ (Music) … এই ফ্ৰকটো ময়েই পিন্ধো৷

সুৰজিৎ - এইখন ছবি কিয় আঁকিছা দেৱী?

দেৱী – এইটো এটা ফটা ফ্ৰক নহয় দেউতা৷

সুৰজিৎ - তুমি কি ক’ব বিচাৰিছা

দেৱী – দেউতা !

সুৰজিৎ - কোৱা

দেৱী – (উচুপি) এইটো এটা ভূত৷ (Music)

সুৰজিৎ - ভূত!

দেৱী – ভূত দেউতা ৷ এটা প্ৰকাণ্ড ভূত৷ (Music) … তাৰ গাত দীঘল দীঘল কেঁকোৰা কিচ্‌কিচিয়া ক’লা নোম৷ (Music)

সুৰজিৎ - দেৱী!

দেৱী – তাৰ চকু দুটাত জুই থাকে৷ হাতৰ নখবোৰ দীঘল দীঘল৷ এই দীঘল নখবোৰে মোক চেপা মাৰি ধৰে ৷ (Music)

সুৰজিৎ - দেৱী, তোমাৰ কি হৈছে?

দেৱী – (কঁপি কঁপি) ভূতটোৱে মোক খেদি ফুৰে৷ প্ৰকাণ্ড ভূত৷ মোক মাৰি পেলাব দেউতা৷ (উচুপি উচুপি কান্দে – Direction) মোক বচোৱা দেউতা৷ মোক বচোৱা৷ (Music)

(দেৱীয়ে কান্দি কান্দি কঁপি উঠে৷ তাই বচোৱা বচোৱা বুলি মাটিতে বহি পৰে৷ দুয়ো একেটা ফ্ৰেমতে সুৰজিৎ আৰু দেৱী Freeze হয়৷ লাইট লাহে লাহে কমে ) (Music)

 

 

নৱম দৃশ্য

 

[ মঞ্চত এখন চকীত নিৰদা বহি থাকে৷ বেদনাথ বৰুৱাই ইফালৰ পৰা সিফাললৈ পাইচাৰি কৰি থাকে৷ দুয়োৰে মুখত উদ্বিগ্নতাৰ চাপ৷ (Music) ]

 

বেদনাথ – অৱশেষত অকণমানি ছোৱালীজনীয়ে ভৰ সহিব নোৱাৰিলে৷ মাখিটোকে হাতী দেখিবলৈ ল’লে৷ নিজৰ চোলাটোকে ভূত বুলি ভাবিবলৈ ল’লে৷ (Music) ..… কি যে হৈছে ঘৰখনত মই একো ধৰিব পৰা নাই৷ (Music) … নিৰদা, চদেৱীৰ গাটো সোনকালে ভাল হ’ব লাগিব৷

নিৰদা – হ’ব৷ ভগৱান ইমান নিষ্ঠুৰ নহয়৷

বেদনাথ – হ’বই লাগিব৷ তাই ৰ’দ, বৰষুণ সকলো হ’ব লাগিব৷

নিৰদা – আপুনি আকৌ কি কৈছে?

বেদনাথ – তাই ৰ’দ হৈ সকলোকে পোহৰাব লাগিব৷ সকলোকে উত্তাপ দিব লাগিব৷ (Music) … বৰষুণ হৈ সকলোৰে জীৱণবোৰ জীপাল কৰিব লাগিব৷ তাই দেৱী৷ দেৱীৰ একো হ’ব নোৱাৰে৷ Goddesses are symbols of the power of life.

(এনেতে সুৰজিৎ আৰু ডাক্তৰ হেমন্ত বৰা ভিতৰৰ পৰা ওলাই আহে৷ ডাক্তৰক দেখি নিৰদা আৰু বেদনাথ কাষ চাপি যায়)

বেদনাথ – (উদ্বিগ্ন হৈ) ডাক্তৰ! দেৱীয়ে ভাল পাইছেনে?

নিৰদা - কি হৈছে তাইৰ?

ডাঃ বৰা – খুড়া, দেৱীৰ বিশেষ একো হোৱা নাই৷

সুৰজিৎ - হয় দেউতা!

ডাঃ বৰা – চিন্তাৰ কোনো কাৰণ নাই৷ ভাল হ’ব৷

বেদনাথ – তেন্তে ?

ডাঃ বৰা – ছোৱালীজনীয়ে কিবা কথাক লৈ ভয় খাইছে যেন ভাব হৈছে৷ Anxiety আৰু stress ৰ level টো অলপ high হৈছে৷ চিন্তা কৰিব নালাগে

বেদনাথ – ৰোগটো কি ডাক্তৰ?

ডাঃ বৰা – খুড়া, ইয়াক আমি GAD বুলি কওঁ৷ Generalized Anxiety Disordere. Excessive worry about everyday things. অত্যধিক ভয়ৰ বাবে শিশুৰ এই ৰোগ হ’ব পাৰে৷ সুৰজিৎদা!

সুৰজিৎ - কওক!

ডাঃ বৰা – তাই যাতে কোনো কথাতে শংকিত হ’ব নালাগে, ভয় খাবলগীয়া পৰিৱেশ নহয়, তাৰ বাবে চকু দিব৷

নিৰদা – তাই ভয় খাইছে ডাক্তৰ৷

বেদনাথ – বহুত ভয় খাইছে৷

সুৰজিৎ - মই চাম ডাক্তৰ৷

ডাঃ বৰা – Emotional distress সৰু সৰু ল’ৰা-ছোৱালীৰ বাবে বেয়া৷ এটা supportive Environment দিয়ক, সকলো ঠিক হৈ যাব৷

সুৰজিৎ - হ’ব ডাক্তৰ!

ডাঃ বৰা – ভয় আৰু চিন্তাই শিশুৰ বাবে mental health issue সৃষ্টি কৰিব পাৰে৷ Selective mutismও এনে এটা issue, ছোৱালীজনীয়ে নিৰ্দিষ্ট পৰিৱেশত কথা পতাৰ আগ্ৰহী নহ’ব পাৰে৷

নিৰদা – ডাক্তৰ!

ডাঃ বৰা – আপোনালোক সকলোৱে তাইক মৰম কৰক তাইক বুজিবলৈ চেষ্টা কৰক৷ সাহস দিয়ক(M) মই ভাবোঁ আপোনালোকৰ দৰে শিক্ষিত পৰিয়ালে বুজিব৷ Anyway, মই যাওঁ! চিন্তা নকৰিব৷ বৰকৈ Medicine দিয়া নাই৷ এই সময়ত আপোনালোকৰ Support য়েই ডাঙৰ Medicine. Take care of her.

(ডাক্তৰ হেমন্ত বাহিৰ ওলাই যাবলৈ বিচাৰে)

বেদনাথ – ডাকচতৰক আগবঢ়াই দে সুৰজিৎ৷

সুৰজিৎ - বলক ডাক্তৰ

(ডাক্তৰ বৰা আৰু সুৰজিৎ ওলাই যায় ৷ Music)

বেদনাথ – কণমানিবোৰৰ ভয় আৰু শংকা স্বাভাৱিক৷ কিন্তু সিহঁতক ভয় আৰু শংকাৰ পৰা ডাঙৰবোৰেই আঁতৰাই ৰাখিব লাগিব৷

নিৰদা – মই আৰু তাইৰ ফটা ফ্ৰকটো নিচিলাওঁ৷

বেদনাথ – নালাগে চিলাব৷ সেই অভিশপ্ত চোলাটো তুমি নষ্ট কৰি পেলাবা৷ (Music) জয়াৰ কাপোৰবোৰৰ দৰে বেপাৰীক দিব নালাগে৷

নিৰদা – তথাপি দেখোন মোৰ মাজে মাজে বুকুখন কঁপে৷

বেদনাথ – কণমানিজনীৰ ভয়বোৰ আঁতৰাবৰ বাবে আমি অলপ শক্তিশালী হ’ব লাগিব নিৰদা ৷ (Music) সাহসেৰে কিছুমান সিদ্ধান্ত ল’ব লাগিব৷ বুইছা নিৰদা, স্কুলত এদিন ল’ৰা-ছোৱালীক কোৱাৰ দৰে এতিয়াও ক’ব লাগিব –Fear less, live more.

নিৰদা – মই তাইৰ ফটা ফ্ৰকটো নষ্ট কৰিম (Music)

বেদনাথ – নিৰদা !

(দুয়ো মঞ্চৰ মধ্য zone ত একেটা ফ্ৰেমত freeze হয়৷ লাইট লাহে লাহে কমিব৷ (Music)


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ