(পূৰ্ণাংগ নাটক)
নাট্যকাৰ – ড০ জ্যোতি প্ৰসাদ শইকীয়া
দ্বাদশ দৃশ্য
[মঞ্চ মুকলি হোৱাৰ লগে লগে লীয়ে ইফালৰ পৰা সিফাললৈ অহা-যোৱা কৰি থাকে৷ (music)
সুৰজিৎ সোমাই আহে]
সুৰজিৎ
- পলী! কেতিয়াবা মানুহ ক’ব নোৱৰাকৈয়ে নাৰ্চিচিষ্ট হৈ পৰে৷ আত্মকেন্দ্ৰিক চেতনাৰ বশৱৰ্তী
হৈ পৃথিৱীৰ সৌন্দৰ্যকে পাহৰি পেলায় (music) হয়তো তুমি, মই - আমি সকলো অৱচেতনভাৱেই চাগৈ
নাৰ্চিচিষ্ট হৈ পৰো!
পলী
– হয়তো হ’ব পাৰে৷ নাৰ্চিচিষ্ট হয়নে নহয় মই ক’ব নোৱাৰোঁ, কিন্তু কিবা এটা
loneliness মই অনুভৱ নকৰা নহয়! হয়তো Coercive Controlৰ প্ৰৱণতা মোৰ বাঢ়িছিল৷ ভয় দেখুৱাই
দেৱীৰ লগতে সকলোকে নিয়ন্ত্ৰণ কৰিব বিচাৰিছিলোঁ৷
সুৰজিৎ
- বুজিছোঁ৷ এয়া মাথোঁ তোমাৰ ভুল নহয়৷ তুমি মাথোঁ নিজৰ পৰা আঁতৰি যাবলৈ বিচৰাৰ বাবে
নিজকো হেয়জ্ঞান কৰিবলৈ লৈছিলা৷ Self devalue নাৰ্চিচিজমৰে প্ৰভাৱ৷ (Music)
পলী
– মই ভূৱা ভৱিষ্যতৰ স্বাৰ্থৰ সৃষ্টি কৰিছিলোঁ নেকি বাৰু?
সুৰজিৎ
- নাজানো! বাদ দিয়া সেইবোৰ!
পলী
– (দুখত) মই নিজৰ লগত কথা পাতিব নোৱৰা হৈছিলোঁ! মই যেন সম্পৰ্কবোৰকো hoovering কৰিছিলোঁ৷
শুহি খাইছিলোঁ (music)
সুৰজিৎ
- কিয় তেনেকৈ কৈছা পলী?
পলী
– বিয়াৰ আগতেই ডাক্তৰে মই যে সন্তানসম্ভৱা হ’ব নোৱাৰোঁ, মোক স্পষ্টভাৱেই কৈছিল৷
(music) সেইবাবেই মই তোমাৰ লগত বিয়া হোৱাৰ সিদ্ধান্ত লৈছিলোঁ! ভাবিছিলোঁ- মই দেৱীৰ
মাতৃ হ’ব পাৰিম! (কান্দে)…(music)
সুৰজিৎ
- পলী!
পলী-
সেইবাবেই মই বিয়াৰ পাছতে এটা ফুটফুটীয়া ৰঙীন ফ্ৰক কিনি আনি তাইক পিন্ধাইছিলোঁ! ময়ো
এখন ৰঙীন পৃথিৱীৰ সপোন দেখিছিলোঁ! (music) কিন্তু লাহে লাহে মই মোৰ অস্তিত্বটো বিচাৰি
নোপোৱা যেন অনুভৱ কৰিছিলোঁ! সকলো সম্পৰ্ক ফালি-চিৰি শেষ কৰিব বিচাৰিছিলোঁ!
সুৰজিৎ
- পাৰ হৈ যোৱা দিনবোৰ পাহৰি যোৱা পলী৷ সকলোবোৰ অনাকাংক্ষিত ক’ৰনা বুলি ভাবা! (এনেতে
দেৱী সোমাই আহে)
দেৱী
– দেউতা, পুৰণা আলমাৰীটোৰ ওপৰত থকা মকৰাজালবোৰ মই সকলো আঁতৰাই পেলালোঁ৷
সুৰজিৎ
- কি?
দেৱী
– মাৰ কাপোৰবোৰ মই এটা এটাকৈ জাপি ধুনীয়াকৈ থ’লোঁ৷ (music) নতুন আলমাৰীটো মাহীদেউক
আজৰাই দিলোঁ৷
পলী
– দেৱী!
দেৱী
– তুমি মোক খং নকৰিবা মাহীদেউ! মই তোমাৰ জোতা, চেণ্ডেল, চব চাফা কৰি থৈছোঁ! (Mood
change) ফাটিলেও মই ফুটফুটীয়া ফ্ৰকটো সদায় পিন্ধিম৷
পলী
– (কান্দে) নালাগে পিন্ধিব! তুমি নতুন আলমাৰীটোতে মাৰ কাপোৰবোৰ ৰাখিবা৷ মোৰ জোতা, চেণ্ডেল
একো চাফা কৰিব নালাগে৷ (music) মাথোঁ মই কোৱামতে এটা কাম কৰিব লাগিব৷
সুৰজিৎ
– পলী !
পলী
– মই আকৌ জানি-বুজি Coercive Control কৰিব বিচাৰোঁ৷
সুৰজিৎ
- পলী! তুমি কি কৈছা? Don’t be malignant
পলী
– (দেৱীৰ কাষলৈ যায়) তুমি মাথোঁ এটা কাম কৰিব লাগিব. পাৰিবা?
দেৱী
– পাৰিম মাহীদেউ! মই পাৰিম!
পলী
– সঁচাই পাৰিবা?
দেৱী
– (ভয়ত) পাৰিম!
সুৰজিৎ
- পলী! (খঙত) তুমি আকৌ …!
পলী
– (দেৱীক সাৱটি) তুমি মোক মাহীদেউ নহয়, ‘মা’ বুলি মাতা! (music)
দেৱী
– (কান্দে) মা-হী-দে-উ
পলী
– নহয়৷ তুমি ‘মা’ বুলি মাতা!
সুৰজিৎ
- পলী (music)
পলী
– (কান্দে ) মাতা, মাতা –মোক ‘মা’ বুলি মাতা! (music)
দেৱী
– (কান্দি কান্দি পলীক সাৱটি ধৰে) মা!
পলী
– (কান্দে) মাতা! মাতা দেৱী, মা বুলি মাতা - (music)
(দেৱীয়ে পলীক সাৱটি ধৰে৷ সুৰজিৎ কাষ চাপি আহে৷ মুখত এটা মিচিকিয়া হাঁহি
বিৰিঙি উঠে৷ তিনিওজন এটা ফ্ৰেমত … হয় ৷ লাইট ক্ৰমাগতভাৱে কমি আহে) (music)
ত্ৰয়োদশ দৃশ্য
(মঞ্চত বেদনাথ বৰুৱা আৰু নিৰদা৷ (music))
বেদনাথ
– নিৰদা! হঠাতে চমৎকাৰ হোৱা যেন লাগিল৷ (music) দেৱীৰ ফটা ফুটফুটীয়া চোলাটোৱে ৰঙ সলোৱা
যেন লাগিছে৷ দেৱীয়ে ‘মা’ বুলি মাতিবলৈ এজনী আপোন মানুহ পালে৷ কৃষ্ণক হাত পাতি ল’বলৈ
যেন যশোদাৰ আৱিৰ্ভাৱ হ’ল৷
নিৰদা
– মনটো বৰ ভাল লাগিছে৷
বেদনাথ
– মানুহৰ বুদ্ধিমত্তা, চেতনা ঢাকিব পাৰি৷ কিন্তু শেষ কৰিব নোৱাৰি৷ (music) আৱেগ, আন্তৰিকতা
আছে বাবেই মানুহৰ Excellency সদায় height ত থাকে! হেৰা, ক’ৰবাত পঢ়া মনত আছে – A
mother is not a person to learn on, but a person to make learning unnecessary.
নিৰদা
– আকৌ ইংৰাজী!
বেদনাথ
– (ধেমেলীয়া সুৰত) হেৰা’, ইংৰাজীৰ শিক্ষক নাছিলো জানো৷ A teacher always ready to
ignite the mind, and in still a love of learning.
(বাহিৰৰ পৰা দৰ্জা নক কৰি সত্য আৰু বিদ্যাই মাতে)
বেদনাথ-
কোন? সোমাই আহা!
(সত্য আৰু বিদ্যা সোমাই আহে৷ বিদ্যাৰ হাতত এটা শেৱালি ফুল গছৰ পুলি)
নিৰদা
– তোমালোক!
বেদনাথ
– এইবাৰ কাৰ প্ৰতিমূৰ্ত্তি সজাৰ কথা ভাবিলা?
সত্য
– ছাৰ!
বেদনাথ
– (আচৰিত হৈ) ছাৰ! এই প্ৰতিমূৰ্ত্তি সজা, চান্দা তোলা, প্ৰতিষ্ঠা দিৱস পতা, এইবোৰ কামৰ
বাবে এইখন ঘৰৰ মানুহ তিলমানো আগ্ৰহী নহয়৷
বিদ্যা
– আমাৰ কথা শুনকচোন ছাৰ৷ আমি কাৰো প্ৰতিমূৰ্ত্তি বনোৱাৰ সিদ্ধান্ত লোৱা নাই৷
বেদনাথ
– ৰাষ্টাত প্ৰতিবাদ কৰিবৰ বাবে, গাড়ী-মটৰ বন্ধ কৰিবৰ বাবেও আমাক নামাতিবা৷ ৰাজপথৰ শ্ল’গান
নহয়, এতিয়া নিজেই নিজৰ কল্যাণৰ বাবে শ্ল’গান দিয়াৰ সময়৷ (music) গান্ধীজীয়ে এদিন কৈছিল
– The best way to find yourself is to lose yourself in the service of others.
সত্য
– ছাৰ, আমি আজি এইবোৰ কথাৰ বাবে অহা নাই৷
নিৰদা
– তেন্তে, কি কথাৰ বাবে আহিছা?
বিদ্যা
– আমি এটা শেৱালি ফুলৰ পুলি দিবলৈ আহিছো৷ (music)
বেদনাথ
+নিৰদা – শেৱালি…! (music)
সত্য – দেশখনক ভালপোৱা এচাম ডেকাল’ৰাই হাতত অস্ত্ৰ
লৈ এদিন হাবিলৈ গৈছিল৷ সিহঁত এতিয়া উভতি আহিছে৷ (music) বোমা-বাৰুদ, অস্ত্ৰ-শস্ত্ৰ
দলিয়াই হাতত কোৰ-কটাৰী লৈছে৷
একোটা
গছপুলি ৰোৱাৰ পৰিকল্পনা কৰিছে৷ সিহঁতেই গছপুলিবোৰ বিলাইছে৷
সত্য
– আপোনাৰ বোৱাৰী পলীয়ে এটা শেৱালি পুলি বিচাৰিলে৷ তাকেই দিবলৈ আহিলোঁ৷ এইটো লওক৷
(শেৱালি ফুলৰ পুলিটো বেদনাথ বৰুৱাক দিয়ে)
বিদ্যা
– পুলিটো আপোনালোকেই ৰুব৷
সত্য
– সময় সলনি হয় বুইছে৷ এদিন পাত সৰি লঠঙা হোৱা শেৱালিজোপাও ফুলেৰে উপচি পৰে৷ তলসৰা শুকান
পাতবোৰ নোহোৱা হয়৷ শেৱালিফুলৰ দলিচাৰ সৃষ্টি হয়৷ (mood change) আমি যাওঁ! নমস্কাৰ৷
বেদনাথ+
নিৰদা – নমস্কাৰ৷
(সত্য আৰু বিদ্যা ওলাই যায়৷)
(music)
বেদনাথ
– নিৰদা! এই শেৱালি পুলিটো পদূলিত আকৌ লহপহকৈ ডাঙৰ হ’ব৷ আকৌ শেৱালিৰ সুগন্ধই ঘৰখনৰ
ভিতৰে-বাহিৰে আমোলমোলাব৷
নিৰদা
– বলক এতিয়াই পুলিটো ৰুৱাৰ ব্যৱস্থা কৰোঁ
(ভিতৰৰ পৰা পলী ওলাই আহে)
(music)
পলী
– মা, পদূলিত শেৱালিৰ পুলিটো মই ৰুম!
নিৰদা
– পলী!
বেদনাথ
– বোৱাৰী!
(পলীয়ে নিৰদাৰ পৰা শেৱালি ফুলৰ পুলিটো নিজেই লয়৷ একেটা ফ্ৰেমতে তিনিওজন
Freeze হয়৷ লাইট কমি আহে music)
চতুৰ্দশ দৃশ্য
(মঞ্চৰ মধ্য zoneত দেৱীয়ে গাত জয়াই পিন্ধা শাড়ী এখন লৈ থৰ লাগি দূৰলৈ চায়
থাকে৷ ভায়’লিনত এটা সুৰীয়া সুৰ৷ আনন্দৰ সুৰ৷ (music)
দেৱী
– মা, তুমি আৰু চিন্তা নকৰিবা৷ পদূলিত শেৱালিজোপা আকৌ ফুলিব৷ তোমাৰ কাপোৰবোৰ মই আকৌ
সযত্নে ৰাখিছোঁ৷ মই এতিয়া নতুন নতুন চোলা পিন্ধিছোঁ৷ তুমি নাথাকিলেও মই মাৰ মৰম পাইছোঁ৷
মাজনী বৰ ভাল৷ তোমাৰ দৰেই মৰম কৰিছে৷ তুমি অলপো চিন্তা নকৰিবা৷
(music)
(বেদনাথ আৰু নিৰদা সোমাই আহে)
নিৰদা
– তুমি ৰাতিখন অকলে চোতালত কি কৰিছা?
দেৱী
– সৌ আকাশখনলৈ চাই আছোঁ! (music)
বেদনাথ
– কিয় দেৱী?
দেৱী
– ককা৷ আকাশত থকা মাৰ সৈতে কথা পাতিছোঁ৷ (music) ককা, আইতা! চোৱা, মায়ে ইমান ধুনীয়াকৈ
হাঁহিছে৷ শেৱালিজোপালৈ চাই আছে৷
নিৰদা
– শেৱালিজোপা ফুলিব দেৱী৷ (music) ফুলজোপাইও মোৰো এটা ভয় নাইকিয়া কৰিলে৷
বেদনাথ
– নিৰদা!!
নিৰদা
– এতিয়া আৰু মাজৰাতি কাৰোবাৰ আৰ্তনাদ শুনি ভয়তে চিঞৰিব নালাগে৷ বোমা নুফুটে৷ কাৰো আপোন
মানুহ নাইকিয়া হৈ নাযায়৷
দেৱী
– আইতা, ময়ো এতিয়া ফটাচোলা পিন্ধিবলৈ ভয় নকৰো৷ মোৰ এতিয়া বহুত চোলা৷ মা আৰু দেউতাই
মোক মই ভালপোৱা ৰঙবোৰৰ বহুত চোলা আনি দিলে৷
বেদনাথ
– দেৱী!
দেৱী
– ককা চোলাবোৰ বৰ ধুনীয়া!
নিৰদা
– হ’বইতো ধুনীয়া৷ এতিয়া বহুত ৰাতি হ’ল, ব’লা ভিতৰলৈ ব’লা৷
দেৱী
– আইতা, চোলাবোৰ ফাটিলে আকৌ তুমিয়েই চিলাই দিবা৷
বেদনাথ
– দেৱী, তুমি আৰু ফটাচোলা পিন্ধিব নালাগে৷
দেৱী
– ককা. তুমিয়েই দেখোন কৈছিলা – চোলাবোৰ ফাটিবলৈ দিয়া৷ কিন্তু চোলাবোৰ পিন্ধিবলৈ দিয়া৷
মানুহবোৰৰ ৰঙবোৰ উপভোগ কৰিবা৷ তেতিয়া ফটাচোলাৰো ৰঙবোৰ ভাল লাগিব৷ (music)
বেদনাথ+নিৰদা
– দেৱী!
(বেদনাথ আৰু নিৰদাই দেৱীক মৰমতে সাৱটি ধৰে৷ তিনিওজন একেটা ফ্ৰেমতে frezze
হয়৷ লাইট কমি আহে৷ (music))
-অন্ত-
