ড০ প্ৰিয়
দেৱ গোস্বামী
পৃথিৱীৰ অনেক বিশ্ববিদ্যালয়ে বিভিন্ন বিষয়ত উচ্চ পৰ্যায়ৰ গৱেষণাৰ তথা জ্ঞান
প্ৰসাৰৰ বাবে বিশেষ কিছুমান আসন প্ৰতিষ্ঠা কৰে। আমাৰ অসমৰ বিশ্ববিদ্যালয়তো তেনে আসন
আছে। যেনে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কলা-সংস্কৃতি-সাহিত্য আদি বিষয়ত গৱেষণা কৰিবলৈ
বেজবৰুৱা আসন প্ৰতিষ্ঠা কৰা হৈছে। এনেদৰে বিশ্ববিদ্যালয়বিলাকত গৱেষণাৰ বাবে বা কোনো
এটা বিষয় আগবঢ়াই নিবৰ বাবে আসন প্ৰতিষ্ঠা কৰাৰ প্ৰথা কিন্তু যথেষ্ট পুৰণি। বিভিন্ন
ক্ষেত্ৰত পৃষ্ঠপোষকতা কৰা ৰ্কাযৰ দ্বাৰা এনে প্ৰথাৰ আৰম্ভণি হৈছিল।ইংলেণ্ডত সবাটোতককৈ
পুৰণি গণিতৰ জ্যামিতি বিষয় চৰ্চাৰ বাবে ৰৰ্বাট গ্ৰীচামে, গ্ৰীচাম কলেজত এখন আসন প্ৰতিস্থা
কৰিছিল ১৫৯৬ চনত।আসন প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ইংলেণ্ডৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ এক চহকী
ইতিহাস আছে। ৰজা সপ্তম হেনৰিৰ মাতৃ লেডি ৰ্মাগাৰেটে ১৫০২ চনত ৰ্ধম বিষয়ক অধ্যয়নৰ বাবে
এক আসন প্ৰতিষ্ঠা কৰিছিল। ঠিক তেনেদৰে জ্যোতিৰ্বিদ্যা আৰু পৰীক্ষামূলক দৰ্শন অধ্যয়নৰ
বাবে ১৭০৪ চনত প্লুমিয়ান আসন প্ৰতিষ্ঠা কৰিছিল থমাচ প্লুমে। ইংলেণ্ডৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ
গণিতৰ লোকাচিয়ান অধ্যাপকৰ আসনো এনে এখন আসন। এই আসনক বিজ্ঞানৰ আটাইতকৈ সন্মানীয় আসন
হিচাপে গণ্য কৰা হয়। গণিত যিহেতু বিজ্ঞান
আৰু অভিযান্ত্ৰিক বিদ্যাৰ ভেঁটি সেইবাবে এই আসনে কেইবাটাও বিষয়ৰ ওপৰত মনোনিৱেশ কৰিছিল।
আইজাক নিউটনে দ্বিতীয়জন ব্যক্তি হিচাপে লোকাচিয়ান আসন শুৱনি কৰিছিল বাবে কেতিয়াবা এই
আসনক নিউটন আসন বুলিও কোৱা হয়। লোকাচিয়ান
আসন প্ৰতিষ্ঠা কৰা হয় ১৬৬৩ চনত। ব্ৰিটিছ সংসদত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা সদস্য
হিচাপে হেনৰি লোকাচে ১৬৩৯ চনৰ পৰা ১৬৪০ লৈ কাৰ্যনিৰ্বাহ কৰিছিল। কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত
তেওঁ আগবঢ়োৱা এক অনুদানৰ পৰা এই আসন প্ৰতিষ্ঠা কৰা হয় আৰু ইয়াক সেইবাবে তেওঁৰ নামানুসাৰে
লোকাচিয়ান আসন হিচাপে জনা যায়। গণিত-বিজ্ঞান
বিষয়ৰ অধ্যাপকৰ বাবে সেই সময়ত বছেৰেকীয়া মাননি হিচাপে ১০০ পাউণ্ড দিয়াৰ বিষয়ে উল্লেখ
কৰি ১৬৬৩ চনৰ ডিচেম্বৰ মাহত তেওঁ এখন ইচ্ছাপত্ৰ দিছিল। ইংলেণ্ডৰ
সেই সময়ৰ ৰজা দ্বিতীয় চাৰ্লছে ১৬৬৪ চনৰ ১৮ জানুৱাৰী তাৰিখে আসন প্ৰতিষ্ঠাৰ এই আৱেদনখন
গ্ৰহণ কৰি আদেশ পত্ৰ জাৰি কৰি লোকাচিয়ান আসন প্ৰতিষ্ঠাৰ শুভাৰম্ভণি কৰে। বিখ্যাত
বিজ্ঞানী গেলিলিঅ’ৰ মৃত্যুৰ ২১ বছৰৰ পাছত লোকাচিয়ান আসনৰ ইতিহাসৰ
আৰম্ভণি বিজ্ঞান জগতৰ বাবে যুগান্তকাৰি ঘটনা হিচাবে পৰিগণিত হৈছে।এই আসন শুৱনি কৰা
প্ৰথমজন ব্যক্তি আছিল আইজাক ৱাৰঅ’ (Isaac Barrow)। তেওঁ ১৬৬৪
চনৰ ফেব্ৰুৱাৰী মাহত এই পদত অধিষ্ঠিত হয় আৰু ১৬৬৪ চনৰ ১৪ ৰ্মাচ তেখেতে প্ৰথমটো ভাষণ
প্ৰদান কৰে। এনে ভাষণ প্ৰদান অনুষ্ঠানত তৃতীয় ৰ্বষৰ স্নাতক মহলাৰ শিক্ষাৰ্থীসকল উপস্থিত
থাকিছিল। লোকাচিয়ান আসন প্ৰতিষ্ঠাৰ সময়ত গণিত বিষয়টোলৈ উল্লেখযোগ্য পৰিৱৰ্তন আহিছিল।
সেই সময়ত নিউটন আৰু লিবনিজৰ দ্বাৰা পৃথকে পৃথকে আৱিস্কৃত কলন গণিতৰ বিকাশৰ ওপৰত অধিক
গুৰুত্ব আৰোপ কৰা হৈছিল। লগতে নিউটনৰ তত্ত্বাৱধানত পদাৰ্থ বিদ্যাৰ অধ্যয়নতো অলেখ পৰিৱৰ্তন
ঘটিছিল। বৰ্তমানলৈকে লোকাচিয়ান আসনে প্ৰতিষ্ঠাৰ পৰা ৩৬৩ বছৰ অতিক্ৰম কৰিছে আৰু এই দীঘলীয়া
সময়ছোৱাত বিজ্ঞানৰ অভাৱনীয় পৰিৰ্বতন সাধন হৈছে। বৰ্তমান সময়ত আমি যিবোৰ প্ৰযুক্তিৰে
সমৃদ্ধ হৈছোঁ এইবিলাকৰ প্ৰায়বোৰতেই এওঁলোকৰ অৱদান আছে। বৰ্তমানলৈকে ১৯ জন ব্যতিক্ৰমী
প্ৰতিভাধৰ ব্যক্তিয়ে এই আসন শুৱনি কৰিছে। প্ৰত্যেকজন অধ্যাপকে বিজ্ঞানৰ জগতখনলৈ অনৱদ্য
অৱদান আগবঢ়াই গৈছে। এই অধ্যাপকসকলৰ ভিতৰত দুজন অধ্যাপকে মানৱ সমাজত যুগ-যুগান্তৰলৈ
খ্যাতি ৰাখি গৈছে। এওঁলোক দুজনৰ এজন হৈছে ছাৰ আইজাক নিউটন আৰু আনজন হৈছে ষ্টিফেন হকিং।
কিন্তু বাকীসকল অধ্যাপকো বিজ্ঞান জগতৰ একো একোজন ভোটাতৰা। বিজ্ঞান
জগতৰ সকলোতকৈ উচ্চ স্ৰৰ সংস্থা লণ্ডনৰ ৰয়েল ছ’চাইটি আৰু লোকাচিয়ান আসনৰ
মাজত এক গভীৰ সৰ্ম্পকও বিৰাজ কৰিছিল। বিজ্ঞানৰ প্ৰসাৰৰ বাবে ১৬৬০ চনত ৰয়েল ছ’চাইটি প্ৰতিষ্ঠা কৰা হৈছিল।William
Whiston, Thomas Turton আৰু Joshua King-অক বাদ দি বাকী সকলো লোকাচিয়ান অধ্যাপক ৰয়েল ছ’চাইটিৰ সদস্য আছিল। লোকাচিয়ান অধ্যাপক আইজাক নিউটন, জৰ্জ এয়াৰি আৰু জৰ্জ
ষ্টকছে ৰয়েল ছ’চাইটিৰ সভাপতিৰ পদো অলংকৃত কৰিছিল। আন কেইবাজনো
এনে অধ্যাপক ৰয়েল ছ’চাইটিৰ উপ সভাপতি আৰু সম্পাদকৰূপে ৰ্নিবাচিত
হৈছিল।লগতে বহুকেইজন ছ’চাইটিয়ে প্ৰদান কৰা অনেক সন্মানেৰে
বিভূষিত হৈছিল। লোকাচিয়ান অধ্যাপক পল ডিৰাকে ১৯৩৩ চনত পদাৰ্থ বিদ্যাৰ ন’বেল বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। নিউটন,
ষ্টকছ আৰু লাৰমৰে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰি ব্ৰিটিছ সংসদৰ সদস্যও
আছিল।
লোকাচিয়ান অধ্যাপকৰ আসন শুৱনি কৰা ব্যক্তিসকলৰ
জীৱন কাল, সেই আসনত কাৰ্যনিৰ্ৱাহ কৰা পৰিসৰ আৰু তেওঁলোকৰ অধ্যয়নৰ ক্ষেত্ৰৰ তালিকা তলত
দিয়া হ’ল-
অধ্যাপক জীৱন
কাল আসন কাল বিষয়
Isaac Barrow 1630-1677 1664-69 Classics &
Mathematicd
Sir Isaac
Newton 1642-1727 1669-1702 Mathematics
& Physics
William Whiston 1667-1752 1702-10 Mathematics
Nicolas
Saunderson 1682-1739 1711-39 Mathematics
John Colson 1680-1760 1739-60 Mathematics
Edward Waring 1736-1798 1760-1798 Mathematics
Isaac Milner 1750-1820 1798-1820 Mathematics
& Chemistry
Robert
Woodhouse 1773-1827 1820-1822 Mathematics
Thomas turton 1780-1864 1822-1826 Mathematics
Sir George Airy 1801-1892 1826-1828 Astronomy
Charles Babbage 1792-1871 1828-1839 Mathematics
& Computing
Joshua King 1798-1857 1839-1849 Mathematics
Sir George
Stokes 1819-1903 1849-1903 Mathematics&Fluid
Mechanics
Sir Joseph
Larmor 1857-1942 1903-1932 Physics
Paul Dirac 1902-1984 1932-1969 Physics
Sir M. James
Lighthill 1924-1998 1969-1980 Fluid Mechanics
Stephen Hawking 1942-2118 1980-2009 Physics
Michael Green 1946- 2009-2015 Mathematics
Michael Cates 1961- 2015-till now Mathematics
|
|
|
|
|
বৰ্তমান বিশ্বৰ সন্মানজনক লোকাচিয়ান আসনত অধিস্থিত হৈ আছে কেমব্ৰি্জৰ পদাৰ্থ
বিদ্যাৰ অধ্যাপক মাইকেল কেটছ। তেওঁ এই আসনত অধিস্থিত ১৯ সংখ্যক ব্যক্তি।
প্ৰথমজন লোকাচিয়ান অধ্যাপক নিউটনৰ শিক্ষাগুৰু আইজাক
ৱাৰঅ’ৰ ৰাপ প্ৰথম
অৱস্থাত গণিতৰ প্ৰতি আছিল যদিও পাছলৈ তেওঁ গণিততকৈ ৰ্ধমীয় শিক্ষাত বিশেষ মনোনিৱেশ কৰিছিল।
তেওঁ উদ্ভাৱন কৰা স্পৰ্শকৰ পদ্ধতি গণিতৰ জগতখনলৈ এক উল্লেখযোগ্য অৱদান। ১৭শ শতিকাৰ
ব্ৰিটিছ সমাজখনত ৰ্ধমীয় আৰু ৰাজনৈতিক ক্ষেত্ৰখনত অনেক সংস্কাৰমূলক পৰিৱৰ্তন দেখা গৈছিল। আইজাক
ৱাৰঅ’য়ে সেই সময়ত এই নতুন আৰু পুৰণিৰ মাজত সেতুৰূপে অৱতীৰ্ণ হৈ নেতৃত্ব
দিছিল। ইউক্লিডৰ জ্যামিতি
বিষয়ে তেওঁ প্ৰস্তুত কৰা সংস্কৰণখন প্ৰায় পঞ্চাছ বছৰ জুৰি বিদ্যালয়ৰ শিক্ষাত প্ৰচলিত
হৈ আছিল। পাছলৈ তেওঁ ট্ৰিনিটি কলেজৰ অধ্যক্ষ আৰু কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য
হিচাপেও কাৰ্যৰ্নিবাহ কৰিছিল। পোহৰ সৰ্ম্পকীয় গৱেষণা তেওঁৰ মুখ্য বিষয় আছিল। ইয়াৰ
পাছত এই আসনত অধিস্থিত হয় বিশ্বৰ সকলোতকৈ প্ৰভাৱশালী বিজ্ঞানী ছাৰ আইজাক নিউটন। তেওঁ
এই আসন শুৱনি কৰাৰ সময়ত কেম্ব্ৰিজৰ আঠখন আসনৰ ভিতৰত লোকাচিয়ান আসন আছিল অন্যতম। ১৬৬৯
চনৰ পৰা ১৭০২ চনলৈকে তেওঁ এই আসনত অধিস্থিত হৈ আছিল। তেওঁ মাধ্যাৰ্কষণৰ সূত্ৰ আৱিস্কাৰ
কৰাৰ বৰ্ষতেই লোকাচিয়ান আসনত অধিস্থিত হৈছিল। নিউটনৰ অমৰ সৃষ্টি প্ৰিন্সিপিয়া-
প্ৰাকৃতিক দৰ্শনৰ গাণিতিক নীতি
(১৬৮৬ চনত প্ৰকাশিত)বিষয়ক গ্ৰন্থত গতিৰ
বিষয়ে কৰা গৱেষণা আৰু ফলাফল সমূহ ৰ্বণনা কৰা হৈছে। থোৰতে এই খনক প্ৰিন্সিপিয়া নামে
জনা যায়। তেজপুৰ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ জয়ন্ত কুমাৰ শৰ্মাই
প্ৰিন্সিপিয়াখন অসমীয়া ভাষালৈ অনুৱাদ কৰি অসমীয়া বিজ্ঞান সাহিত্যৰ ভঁৰাল চহকী কৰিছ। প্ৰিন্সিপিয়া
প্ৰকাশৰ তিনিশ বছৰতকৈও অধিক কাল পাৰ হোৱাৰ পাছতো তেওঁৰ কৰ্মৰাজিৰ গুৰুত্ব আজিও অম্লান
হৈ আছে। কলন গণিতৰ আৱিস্কাৰ আছিল
নিউটনৰ এক মহান অৱদান। এক সমীক্ষা
মতে বৰ্তমানলৈকে নিউটন, ব্ৰিটেইনৰ এজন শ্ৰেষ্ঠ
ব্যক্তি। ইয়াৰ পাছত ১৮শ শতিকাত
ব্ৰিটেইনত অনেক পৰিবৰ্তন হৈছিল।এই শতিকাতেই ব্ৰিটেইনত দৈনিক খবৰ কাগজৰ আৰম্ভণি হৈছিল। সমগ্ৰ
পৃথিৱীতে ব্ৰিটেইনৰ উপনিৱেশ স্থাপন আৰু শতিকাৰ শেষলৈ আৰম্ভ হোৱা ঔদ্যোগিক বিপ্লৱ আছিল
এই সময়ৰ উল্লেখযোগ্য ঘটনা। এই সকলোবোৰৰ আঁৰত গণিতৰ অৱদান আছিল অসীম। বিশেষকৈ সঠিক সমূদ্ৰ
যাত্ৰা-পথ ৰ্নিণয় কৰা অতিশয় জৰুৰী
হৈ পৰিছিল আৰু ই সম্ভৱ হৈছিল এক মাত্ৰ গণিতৰ ন-ন উদ্ভাৱন
দ্বাৰা। ১৮শ শতিকাৰ আৰম্ভণিতে
১৭০২ চনত নিউটনৰ পাছত লোকাচিয়ান আসনত অধিস্থিত হৈছিল উইলিয়াম উইছটন।তেওঁ ইউক্লিডৰ এলিমেনচৰ
এক সংস্কৰণ প্ৰকাশ কৰিছিল।উইচটনৰ পাচত ১৭১১ চনত নিকলাচ চৌণ্ডাৰচন এই পদত অধিস্থিত হয়।
তেওঁ বীজগণিতৰ শিক্ষা প্ৰদান কৰিছিল আৰু গণনা কাৰ্য
কৰিবৰ বাবে এক সঁজুলি তৈয়াৰ কৰিছিল। মৃত্যুৰ সময়লৈকে তেওঁ ২৮ বছৰ উক্ত পদত আছিল। তেওঁৰ
পাছত ১৭৩৯ চনত আন এজন গণিতজ্ঞ জন কলছন এই আসনত অধিস্থিত হয়। তেওঁ নিউটনৰ বিষয়সমূহৰ
ওপৰত শিক্ষা প্ৰদান কৰিছিল। ১৮শ শতিকাৰ শেষৰজন লোকাচিয়ান অধ্যাপক আছিল এডৱাড ৱাৰিং।
১৭৬০ চনত এই আসন লাভ কৰা ৱাৰিঙে গণিতৰ উচ্চ পৰ্যায়ৰ গৱেষণা কৰিছিল। সংখ্যাতত্ত্বত
তেওঁৰ অৰিহণা আছিল উল্লেখযোগ্য। তেওঁ আগবঢ়োৱা সংখ্যাতত্ত্বৰ এটা সমস্য পৰৱৰ্তী সময়ত
ডেভিদ হিলৰ্বাটে ১৯০৯ চনত সমাধান কৰে। ঊনবিংশ শতিকাত লোকাচিয়ান আসনত পৃথক বিষয়ৰ কেইবাজনো
ব্যক্তি অধিস্থিত হয়। অত্যন্ত মেধাবী আইজাক মিলনাৰ এই পদত অধিস্থিত হয় ১৭৯৮ চনত। ৰসায়ন
বিদ্যাত তেখেতৰ অধিক আগ্ৰহ আছিল। মিলনাৰৰ পাছত ৰ’বাৰ্ট উডহাউছে
১৮২০ এই আসন লাভ কৰে। এইখিনিতে উল্লেখ কৰা ভাল হ’ব যে ১৭শ শতিকাত
নিউটন আৰু ৰ্জামানীৰ লিবনিজে প্ৰায় একে সময়তে কলন গণিত উদ্ভাৱন কৰিছিল। কিন্তু দুয়োজনে
ব্যৱহাৰ কৰা গাণিতিক চিহ্ন আৰু পদ্ধতিবিলাক একে নাছিল।প্ৰ কৃততে নিউটনৰ চিহ্নবিলাকতকৈ
লিবনিজৰ পদ্ধতি বেছি সুবিধাজনক আছিল। এই খেলিমেলি দুৰ কৰি উডহাউছে লিবনিজৰ পদ্ধতি ব্যৱহাৰ
কৰি গণিতৰ ক্ষেত্ৰখনলৈ এক পৰিৱৰ্তন অনাটো আছিল তেওঁৰ ডাঙৰ সাফল্য। মাত্ৰ দুবছৰ কাৰ্যনিৰ্বাহ
কৰাৰ পাছত তেওঁ গণিতৰ প্লুমিয়ান আসন লাভ কৰিছিল আৰু কেমব্ৰিজৰ জ্যোতিৰ্বিজ্ঞান নিৰীক্ষণ
কেন্দ্ৰৰ সঞ্চালক হৈছিল।উডহাউছে কেইবাখনো পুথি ৰচনা কৰি খ্যাতি ৰাখি থৈ গৈছে। উডহাউছৰ
পাছত থমাছ টাৰটন এই আসনত অধিস্থত হয় ১৮২২ চনত। টাৰটন কেমব্ৰিজৰ এজন জ্যেষ্ঠ ৰেংলাৰ
আছিল। থমাছ টাৰটন মাত্ৰ চাৰি বছৰ (১৮২২-১৮২৬)এই
আসনত আছিল। ইয়াৰ পাছত ছাৰ জৰ্জ এয়াৰি ১৮২৬-ৰ পৰা ১৮২৮ চনলৈ মাত্ৰ দুবছৰৰ বাবে এই আসনত
আছিল। তেওঁৰ ৬৩ বছৰীয়া জীৱন কালত ৫০০ ৰো অধিক কিতাপ আৰু গৱেষণা পত্ৰ লিখি থৈ গৈছে।
জৰ্জ এয়াৰিৰ পাছত এই আসনত বহে চাৰ্লছ বে’বেজ। গণনাৰ বাবে ডিফাৰেঞ্চ
ইঞ্জিন আৰু এনালাইটিকেল ইঞ্জিন ৰ্নিমাণৰ ধাৰণা আগবঢ়োৱা বাবে তেওঁক কম্পিউটাৰৰ পিতৃ
পুৰুষ হিচাপে আখ্যা দিয়া হয়। নিজৰ ধাৰণাৰ ইঞ্জিন ৰ্নিমাণ কৰাত
সুবিধা হ’ব বুলি দহ বছৰ কাৰ্যনিৰ্বাহ কৰাৰ পাছত তেওঁ এই আসনৰ পৰা অব্যাহতি লয়। গণিতৰ
অনেক শাখাত বে’বেজে অতুলনীয় অৰিহণা যোগাই গৈছে। কিন্তু এজন
ব্যতিক্ৰমী গণিতজ্ঞ হিচাপে জীৱন কালত তেওঁ যোগ্য সন্মান লাভ কৰা
নাছিল। গণিতৰ ক্ষেত্ৰখনলৈ বিশেষ অৰিহনা নথকা যছোৱা কিং ইয়াৰ পৰৱৰ্তী অধ্যাপক হয়। প্ৰায়
অৰ্ধশতিকা কিছু খেলিমেলিৰ মাজেৰে পাৰ হোৱাৰ পাছত ১৮৪৯ চনত ছাৰ জৰ্জ ষ্টকছ লোকাচিয়ান
অধ্যাপক হয়। প্ৰৱাহী বিদ্যাৰ নেভিয়াৰ-ষ্টকছ সমীকৰণৰ বাবে ষ্টকছ বিখ্যাত। সৰ্ম্পূণ ৰূপত
এই সমীকৰণ এতিয়াও সমাধান হোৱা নাই। আমেৰিকাৰ ক্লে
ৰিচাৰ্ছ ইনষ্টিটিউটে ২০০০ চনত এই সমস্যাক সহস্ৰাব্দৰ সমস্যা হিচাপে ঘোষণা কৰিছিল আৰু
ইয়াৰ সমাধান কৰোঁতালৈ এক নিযুত ৰ্মাকিন ডলাৰ পুৰস্কাৰ আগবঢ়োৱাৰ কথা ঘোষণা কৰি থৈছে।
পিছে এতিয়ালৈকে এইটো এটা মুকলি প্ৰশ্ন হৈয়ে আছে, সমাধান হোৱা নাই। এওঁৰ
দিনতেই লোকাচিয়ান আসনৰ মৰ্যাদা পুনৰ নিউটনৰ সময়ৰ পৰ্যায়লৈ উন্নীত হয়।
ষ্টকছে সকলোতকৈ দীঘলীয়া সময় ৫৪ বছৰ এই পদ অলংকৃত কৰি আছিল।
তেওঁৰ আন এক কৃতিত্ব হ’ল –কেম্ব্ৰিজৰ গাণিতিক পদাৰ্থবিদ্যা বিভাগ প্ৰতিষ্ঠা। ষ্টকছে সান্দ্ৰতা,
প্ৰৱাহী গতিবিদ্যা আদি বিষয়ত গৱেষণা কৰি খ্যাতি
ৰাখি গৈছে। ষ্টকছৰ পাছত
পদাৰ্থ বিদ্যাৰ ইলেকট্ৰন তত্ত্বৰ বাবে বিখ্যাত ছাৰ জছেফ লাৰমৰে এই আসন গ্ৰহণ কৰে। সেই
বছৰতে আমেৰিকাৰ ৰাইট ভাতৃদ্বয়ে আকাশত মানুহৰ উৰণ ইতিহাসৰ আৰম্ভণি কৰে। ইয়াৰ ঠিক দুবছৰৰ
পাছত এলবাৰ্ট আইনষ্টাইনে আপেক্ষিকতাবাদ তত্ত্ব আগবঢ়াই বিজ্ঞান জগতত আলোড়ন সৃষ্টি
কৰিছিল। লাৰমৰ ঊনবিংশ শতিকাৰ
শেষাৰ্ধৰ এজন বিখ্যাৰ পদাৰ্থবিদৰূপে খ্যাতিমন্ত আছিল। লাৰমৰৰ পাছত ১৯৩২ চনত বিখ্যাত
পদাৰ্থবিদ পল ডিৰাকে লোকাচিয়ান আসনত বহে। তেওঁ পদাৰ্থ
বিদ্যাৰ এজন নবেল বঁটা বিজয়ী
বিজ্ঞানী। ডিৰাক সমীকৰণৰ বাবে বিখ্যাত কোৱান্টাম বলবিজ্ঞানৰ এজন গাণিতিক পদাৰ্থবিদ
হিচাপে তেওঁ সদায় বিখ্যাত হৈ থাকিব। পদাৰ্থৰ
প্ৰতিকণাৰ ধাৰণা তেৱেঁই প্ৰথমে আগবঢ়াইছিল। শতাধিক
প্ৰকাশনৰ লগতে তেওঁ এজন সুলেখকো আছিল। ব্ৰিটেইনত তেৱেঁই প্ৰথম কোৱান্টাম পদাৰ্থবিদ্যাৰ
পাঠ্যক্ৰম আগবঢ়াইছিল। ১৯৬৯ চনৰ পৰা ১৯৮০ চনলৈ লোকাচিয়ান আসনত থাকে প্ৰৱাহী
বিদ্যাৰ বাবে বিখ্যাত ছাৰ এম জেমছ লাইটহিল। অসামৰিক
বিমান পৰিৱহন সৰ্ম্পকীয় গৱেষণা তেওঁৰ প্ৰধান বিষয় আছিল।
তেওঁ জেট ইঞ্জিনৰ পৰা হোৱা শব্দ কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি এই বিষয়ে বিশদভাৱে গৱেষণা
কৰিছিল। লাইটহিলৰ পাছত লোকাচিয়ান
আসনত উপবিষ্ট হয় বিংশ শতিকাৰ এজন প্ৰখ্যাত তাত্ত্বিক পদাৰ্থবিদ ষ্টিফেন হকিং। কৃষ্ণ গহ্বৰ,
বিশ্ব-ব্ৰহ্মাণ্ডৰ সৃষ্টি আৰু মাধ্যাৰ্কষণ সম্পৰ্কীয় গৱেষণা আছিল
তেওঁৰ মুখ্য অধ্যয়ণৰ বিষয়। হকিঙে
বিশ্বৱাসীক বহুকেইখন বিজ্ঞান সম্পৰ্কীয় অতি সহজ ভাষাত
লিখা কিতাপ উপহাৰ দি গৈছে। ইয়াৰ ভিতৰত Brief History
of Time-য়ে বিশ্বৰ সৰ্ব্বাধিক বিক্ৰি হোৱা কিতাপ হিচাপে অভিলেখ স্থাপন
কৰিছিল। এটাও সমীকৰণ নোহোৱাকৈ
পদাৰ্থ বিদ্যাৰ বিষয়ে লিখা এই কিতাপখনত পৃথিবীৰ সৃষ্টি আৰু পদাৰ্থৰ বিভিন্ন বলসমূহৰ
বিষয়ে অতি সুন্দৰকৈ বৰ্ণনা কৰা হৈছে। পদাৰ্থ বিদ্যাৰ বিশেষ জ্ঞান নথকা লোকেও এই কিতাপখন
পঢ়ি পৃথিবীৰ সৃষ্টি ৰহস্যৰ বিষয়ে জ্ঞান লভিব পাৰে। এইখিনিতে উল্লেখ কৰিব পাৰি যে তেওঁ
ডেকা কালতে মটৰ নিউৰন ৰোগত আক্ৰান্ত হৈ পঙ্গু
হৈ পৰিছিল আৰু ডাক্তৰে বেছি
দিন বাছি নাথাকিব বুলি কৈছিল। কিন্তু
সকলোকে আচৰিত কৰি তেওঁ ৬৭ বছৰ জীয়াই আছিল। বিশেষভাৱে
নিৰ্মিত এক কম্পিউটাৰৰ সহায়তহে তেওঁ আন ব্যক্তিৰ লগত যোগাযোগ স্থাপন কৰিব পৰিছিল। নিউটনতকৈ
ঠিক ৩০০ বছৰৰ পাচত জন্ম হোৱা হকিঙে লোকাচিয়ান আসনক গৌৰৱান্বিত কৰি ২০১৮ চনত ইহলীলা
সম্বৰণ কৰে। তেওঁ ২০০৯ চনলৈকে
এই আসনত আছিল। এনে এজন ব্যক্তি
সকলোৰে বাবে প্ৰেৰণাৰ উৎস। হকিঙৰ
পাছত এই আসনত বহে মাইকেল গ্ৰীন। তেওঁ পদাৰ্থ বিদ্যাৰ ষ্টিং তত্ত্ব বিষয়ৰ এজন নামজ্বলা
অধ্যাপক তথা এই তত্ত্বৰ এজন অন্যতম প্ৰতিস্থাতা। গ্ৰীনে ২০১৫
চনলৈকে এই আসনত থাকে। বৰ্তমান সময়ত লোকাচিয়ান আসনত অধিস্থিত হৈ আছে মাইকেল কেটছ। তেওঁ
জটিল ধৰণৰ প্ৰৱাহী বিলাকৰ বিষয়ে অধ্যয়ন কৰা এজন বিখ্যাত গাণিতিক প্ৰৱাহী গতিবিদ্যাবিদ।
ডিৰাক আৰু হকিঙক
বাদ দি সকলো লোকাচিয়ান অধ্যাপক কেম্ব্ৰিজৰেই ছাত্ৰ আছিল। লগতে আজিলৈকে এই আসনত অধিস্থিত
সকলো অধ্যাপক ব্ৰিটিছ নাগৰিক আৰু পুৰুষ ব্যক্তি। অৱশ্যে
পল ডিৰাক জন্মসূত্ৰে ব্ৰিটিছ নাগৰিক নাছিল। তেওঁ চুইজাৰলেণ্ডৰ নাগৰিক আছিল, কিন্তু
১৯০২ চনত ইংলেণ্ডত জন্মগ্ৰহণ কৰা ডিৰাকে ১৯১৯ চনত ব্ৰিটিছ নাগৰিকত্ব গ্ৰহণ কৰে।
১৬৬৩ চনত প্ৰতিষ্ঠা কৰা লোকাচিয়ান আসনৰ গুৰুত্ব অসীম। যি সময়ত ইয়াক প্ৰতিষ্ঠা
কৰা হৈছিল সেই সময়ত মানুহে পৃথিৱীখনক বৈজ্ঞানিকভাৱে বুজিবলৈ মাত্ৰ আৰম্ভ কৰিছিলহে।
ৰাসায়নিক মৌলসমূহ তেতিয়া আৱিস্কাৰ হোৱা নাছিল বা গণিতৰ অত্যন্ত প্ৰভাৱশালী আহিলা কলন
গণিতৰো আৰম্ভণি হোৱা নাছিল। এটম, কোৱাৰ্ক, আপেক্ষিকতাবাদ, প্ৰতিকণাৰ ধাৰণা, কম্পিউটাৰ,
ইণ্টাৰনেট বা কৃত্ৰিম বুদ্ধিমত্তা বা মহাকাশ প্ৰযুক্তি মানুহৰ জ্ঞাত হোৱা নাছিল। যোৱা
৩৬৩ বছৰত আমি গণিত, প্ৰযুক্তি, দৰ্শন, ধৰ্ম, পৰিৱেশ, মহাকাশ অন্নেষণ আৰু ৰাজনীতি ক্ষেত্ৰখনত
অভাৱনীয় পৰিৰ্ৱতন দেখিৱলৈ পাইছোঁ। এই সকলোবোৰতেই বিজ্ঞানৰ প্ৰভাৱ আছিল অতি গুৰুত্বপূৰ্ণ।
লোকাচিয়ান আসনৰ ইতিহাসে যুগে যুগে মানুহক জ্ঞান চৰ্চাৰ দিশত ধাৱমান হ’বলৈ অনুপ্ৰাণিত কৰি আহিছে। বিজ্ঞানৰ বৰ্তমানলৈকে হোৱা এই জয়যাত্ৰাত লোকাচিয়ান
আসনৰ অৱদান অনস্বীকাৰ্য।
***
ঠিকনা :
অৱসৰ প্ৰাপ্ত উপাধ্যক্ষ
ডিব্ৰুগড় হনুমানবস্ক সুৰজমল কানৈ কলেজ,
পোঃ অঃ চি আৰ বিল্ডিং, ডিব্ৰুগড়-৭৮৬০০৩
ফোন-৯৪৩৫৪৭৩৮৭২
