অন্যযুগ/


ধোনীৰ বাবে এটা কবিতা

ধীমান বৰ্মন
 
(end of dhoni era or no end of dhoni era!!)
 
যদিওবা গুঁজৰি আছে
বাঘ বুঢ়া হৈছে
 
সময়ৰ এই নিৰ্ঘাত বেজীৰ পৰা
বাঘৰ ৰক্ষা নাই বুলি সি নিজেও জানে
 
তথাপি প্ৰাণটাকি দৌৰিছে
নখ মাৰিছে বতাহত
 
বনৰ ৰজা হৈ
মনোবল পৰিবলৈ নিদিয়াকৈ নিজ সৈন্যৰ
বুঢ়া বাঘে যুঁজিছে
 
হাৰিলেও ঘাঁহ খাবলৈ অপাৰগ
বাঘটোৰ যুগৰে ময়ো এক
আৱেগ আৱৰা জীৱ
 
চকুৰ লোতক দুধাৰিত
যেন লাহে লাহে বুৰ গৈছে
 
অতকাল হাঁহি আৰু উন্মাদনাৰ তৰংগত লৈ ফুৰা
বাঘৰ দিনৰ বেলি
 
****
শ্ৰব্য ৰূপ

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ