ড° বুলজিৎ বুঢ়াগোহাঁই
ক্লিনিকেল ৰিছাৰ্চ (Clinical Research) হৈছে চিকিৎসা বিজ্ঞানৰ এটা শাখা, যিয়ে মানুহৰ ব্যৱহাৰৰ বাবে নিৰ্ধাৰিত ঔষধ, চিকিৎসা সামগ্ৰী, ৰোগ নিৰ্ণায়ক সামগ্ৰী আৰু চিকিৎসা পদ্ধতিসমূহৰ সুৰক্ষা আৰু কাৰ্যক্ষমতা অধ্যয়ন কৰে। এই গৱেষণা সাধাৰণতে মানুহ স্বেচ্ছাসেৱকৰ ওপৰত পদ্ধতিগতভাৱে সম্পাদিত হয়, যাৰ জৰিয়তে নিৰ্ণয় কৰা হয় যে নতুন চিকিৎসা পদ্ধতিসমূহ কার্যকৰী নে নহয়, সেইবোৰ বিদ্যমান চিকিৎসাৰ সৈতে কেনেকৈ তুলনীয়, আৰু বিভিন্ন জনসংখ্যাৰ ওপৰত সেইবোৰৰ প্ৰভাৱ কেনেকুৱা।
ভাৰতত নতুন ঔষধ, স্বাস্থ্য সেৱাৰ সমাধান আৰু ফাৰ্মাছিউটিকেল (Pharmaceutical) আৰু স্বাস্থ্য গৱেষণাৰ ক্ষেত্ৰত বিশ্বব্যাপী বিনিয়োগ বৃদ্ধি পোৱাৰ বাবে ক্লিনিকেল ৰিছাৰ্চ (Clinical Research) এটা দ্ৰুতগতিত বিকাশ লাভ কৰা আৰু লাভজনক কেৰিয়াৰৰ বিকল্প হিচাপে গঢ় লৈ উঠিছে।
ক্লিনিকেল ৰিছাৰ্চ পাঠ্যক্ৰম অধ্যয়নৰ বাবে নূন্যতম শৈক্ষিক অৰ্হতা সাধাৰণতে পাঠ্যক্ৰমৰ স্তৰৰ ওপৰত নিৰ্ভৰ কৰে (চাৰ্টিফিকেট, ডিপ্লমা, স্নাতক, স্নাতকোত্তৰ আদি)৷
চাৰ্টিফিকেট বা ডিপ্লোমা পাঠ্যক্ৰমৰ বাবে ন্যূনতম শিক্ষাগত অৰ্হতা হৈছে প্রাৰ্থীগৰাকীয়ে দ্বাদশ শ্রেণীত বিজ্ঞান শাখাত জীৱবিজ্ঞানসহ উত্তীৰ্ণ হ’ব লাগে৷
স্নাতক পাঠ্যক্ৰম (বি.এছ.চি. ইন ক্লিনিকেল ৰিছাৰ্চ)ৰ বাবে ন্যূনতম শিক্ষাগত অৰ্হতা হৈছে প্রাৰ্থীগৰাকীয়ে দ্বাদশ শ্রেণীত বিজ্ঞান শাখাত পদাৰ্থ বিজ্ঞান. ৰসায়ন বিজ্ঞান আৰু গণিত বিষয় / পদাৰ্থ বিজ্ঞান ৰসায়ন বিজ্ঞান আৰু জীৱবিজ্ঞান বিষয়সহ উত্তীৰ্ণ হ’ব লাগে।
স্নাতকোত্তৰ পাঠ্যক্ৰম (এম.এছ.চি. ইন ক্লিনিকেল ৰিছাৰ্চ, পিজি ডিপ্লোমা)ৰ বাবে ন্যূনতম শিক্ষাগত অৰ্হতা হৈছে প্রাৰ্থীগৰাকীয়ে জীৱবিজ্ঞান, ফাৰ্মাচী, চিকিৎসা বিজ্ঞান, নাৰ্চিং, দন্ত্যচিকিৎসা, বায়’টেকন’লজি বা অন্যান্য স্বাস্থ্য বিজ্ঞান সম্পৰ্কীয় ক্ষেত্ৰত স্নাতক ডিগ্রীধাৰী হ’ব লাগে, যেনে : বি. এছ. চি., বি. ফাৰ্ম, এম. বি. বি. এছ, বি. ডি. এছ, বি. এইচ. এম. এছ, বি. এ. এম. এছ, বি. পি. টি. আদি৷
ক্লিনিকেল ৰিছাৰ্চত এম.বি.এ বা ব্যৱস্থাপনামূলক পাঠ্যক্ৰমৰ বাবে ন্যূনতম শিক্ষাগত অৰ্হতা হৈছে বিজ্ঞান বা আনুষংগিক ক্ষেত্ৰত স্নাতক ডিগ্রীধাৰী হ’ব লাগে; কিছুমান প্ৰতিষ্ঠানে প্ৰাসংগিক অভিজ্ঞতা থকা হ’লে বিজ্ঞান শাখাৰ স্নাতক নহ’লেও গ্ৰহণ কৰিব পাৰে।
ক্লিনিকেল ৰিছাৰ্চ (Clinical Research)ৰ বিভিন্ন পাঠ্যক্রমত নামভৰ্তি কৰিব পৰা কেইখনমান শিক্ষানুষ্ঠান হ’ল- দিল্লী ফাৰ্মাচিউটিকেল ছায়েন্স এণ্ড ৰিছাৰ্চ য়ুনিভাৰ্ছিটি (https://dpsru.edu.in), আই. কে. গুজৰাল পঞ্জাৱ টেকনিকেল য়ুনিভাৰ্ছিটি (https://ptu.ac.in), নেশ্বনেল ইনষ্টিটিউট অৱ ফাৰ্মেচিউটিকেল এডুকেশ্বন এণ্ড ৰিছাৰ্চ, মহালী (https://niper.gov.in/), নিজাম’চ ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স (https://nims.edu.in/NIMSWP), ৰাজীৱ গান্ধী য়ুনিভাৰ্ছিটি অৱ হেল্থ ছায়েন্স (http://www.rguhs.ac.in), সৌৰাষ্ট্ৰ য়ুনিভাৰ্ছিটি (https://saurashtrauniversity.edu), শ্ৰীচিত্ৰ তিৰুনাল ইনষ্টিটিউট ফৰ মেডিকেল ছায়েঞ্চ এণ্ড টেকন’লজি (https://www.sctimst.ac.in) আদি।
ক্লিনিকেল ৰিছাৰ্চ (Clinical Research)পাঠ্যক্ৰম
সম্পূৰ্ণ কৰাৰ পিছত ফাৰ্মাচিউটিকেল কোম্পানী, চুক্তি গৱেষণা সংগঠন (চি আৰ অ’), চিকিৎসালয়,
বায়’টেকন’লজি ফাৰ্ম, নিয়ন্ত্ৰণ সংস্থা, আন্তঃৰাষ্ট্ৰীয় NGO আৰু Public Health
Agency (যেনে- WHO, ICMR) আদিত বিভিন্ন পদত নিযুক্তি লাভ কৰিব পাৰে৷ তলত কেইটামান পদৰ পৰিচয় দাঙি ধৰা হৈছে –
Clinical Research Coordinator (CRC) হৈছে এজন স্বাস্থ্য গৱেষণা পেছাদাৰী, যিয়ে একেটা বিশেষ চিকিৎসা গৱেষণা (Clinical Trial) সফলভাৱে সম্পাদন হোৱাত মুখ্য ভূমিকা পালন কৰে। তেওঁ চিকিৎসক-গৱেষক (Principal Investigator) ৰ সহায় কৰে আৰু ৰোগীৰ সৈতে যোগাযোগ, তথ্য সংগ্ৰহ, ট্ৰায়েলৰ নথিপত্ৰ পৰিচালনা আৰু নিয়ম-কানুন মানি চলা নিশ্চিত কৰে।
Clinical Research Associate (CRA) হৈছে এজন গুৰুত্বপূর্ণ স্বাস্থ্য গৱেষণা পেছাদাৰী, যি clinical trial-সমূহ সঠিকভাৱে GCP (Good Clinical Practice), নিৰ্ধাৰিত নিয়ম-কানুন আৰু গৱেষণাৰ ৰূপৰেখা (protocol) অনুসৰি চলি আছে নে নাই, সেইটো পৰ্যৱেক্ষণ কৰে। CRA-এ বিভিন্ন গৱেষণা কেন্দ্ৰ (clinical trial sites) পৰিদর্শন কৰি clinical data, নথিপত্ৰ, আৰু ৰোগীৰ সুৰক্ষা নিশ্চিত কৰে।
Clinical Trial Coordinator (CTC) হৈছে এজন স্বাস্থ্য বিজ্ঞান পেছাদাৰী, যি ক্লিনিকেল ট্ৰায়েলৰ দৈনন্দিন কাম-কাজ পৰিচালনা কৰে। এই পদত থকা ব্যক্তিয়ে গৱেষণাত অংশ লোৱা ৰোগী, চিকিৎসক, আৰু গৱেষণা দলৰ মাজত সমন্বয় সাধন কৰে যাতে ট্ৰায়েলটো নিয়ম আৰু নিৰ্ধাৰিত মানদণ্ড অনুসৰি চলি থাকে।
Clinical Trial Manager (CTM) হৈছে clinical research team-ৰ নেতৃত্বদানকাৰী এজন জ্যেষ্ঠ পেছাদাৰী, যিয়ে এটা clinical trial-ৰ সম্পূৰ্ণ পৰিচালনা, পৰ্যৱেক্ষণ, আৰু সমন্বয়ৰ দায়িত্ব লয়। CTM-এ clinical trial protocol, time schedule, বাজেট, আৰু গুণগত মান নিশ্চিত কৰে।
Regulatory Affairs Executive হৈছে ঔষধ, চিকিৎসা সামগ্ৰী আৰু স্বাস্থ্য সম্পৰ্কীয় পণ্যবোৰ চৰকাৰী নিয়ম-কানুন অনুসৰি বজাৰত অনাৰ অনুমতি (approval) লোৱাৰ বাবে দায়িত্বপ্ৰাপ্ত এজন বিশেষজ্ঞ। এই ব্যক্তি clinical trial, manufacturing, labeling, আৰু marketing-ৰ সকলো খাপত regulatory guideline-ৰ অনুসৰণ নিশ্চিত কৰে।
Clinical Data Manager হৈছে clinical trial-ত সংগৃহীত ৰোগী সম্পৰ্কীয় সকলো তথ্য সঠিকভাৱে সংগ্ৰহ, প্ৰস্তুত, পৰীক্ষা আৰু বিশ্লেষণ কৰাৰ বাবে দায়িত্বপ্ৰাপ্ত এজন বিশেষজ্ঞ। তেওঁ নিশ্চিত কৰে যে গৱেষণাৰ বাবে সংগৃহীত তথ্য বিশ্বাসযোগ্য, সম্পূৰ্ণ, আৰু বৈজ্ঞানিকভাৱে প্ৰমাণযোগ্য হয়।
Pharmacovigilance Officer হৈছে এজন স্বাস্থ্য বিজ্ঞানী বা বিশ্লেষক, যিয়ে ঔষধ ব্যৱহাৰৰ পাছত উদ্ভৱ হোৱা side effect (প্রতিকূল প্ৰতিক্ৰিয়া) বা adverse drug reactions (ADR)ৰ তথ্য সংগ্ৰহ, বিশ্লেষণ, আৰু প্ৰতিবেদন প্ৰস্তুত কৰে। এই বিষয়াগৰাকীয়ে নিশ্চিত কৰে যে ঔষধসমূহ সুৰক্ষিত, কাৰ্যকৰী আৰু নিয়ম-নীতি অনুযায়ী বজাৰত উপলব্ধ থাকে।
Medical Writer হৈছে এজন বিশেষজ্ঞ লেখক, যিয়ে ঔষধ, চিকিৎসা গৱেষণা, ক্লিনিকেল ট্রায়েল, আৰু স্বাস্থ্য সম্পৰ্কীয় অন্যান্য বিষয়ত বৈজ্ঞানিকভাৱে সঠিক, স্পষ্ট আৰু পঢ়িবলৈ সহজ ৰূপত লিখনি প্ৰস্তুত কৰে। তেওঁ বৈজ্ঞানিক তথ্যক সাধাৰণ বা প্ৰযুক্তিগত পাঠকৰ বাবে উপযোগী ৰূপত উপস্থাপন কৰে।
Biostatistician হৈছে এজন পৰিসংখ্যাত্মিক বিশেষজ্ঞ, যিয়ে চিকিৎসা, স্বাস্থ্য বিজ্ঞান, আৰু ক্লিনিকেল গৱেষণাত সংগৃহীত তথ্য বিশ্লেষণ কৰে। তেওঁ গৱেষণাৰ ফলাফল বিজ্ঞানভিত্তিকভাৱে বিশ্লেষণ কৰি, ঔষধ, চিকিৎসা পদ্ধতি, আৰু জনস্বাস্থ্য নীতিৰ কার্যক্ষমতা নিৰ্ণয় কৰাত সহায় কৰে।
Clinical Research Scientist হৈছে এজন গৱেষক আৰু চিকিৎসা বিজ্ঞানী, যিয়ে মানুহৰ ওপৰত কৰা ক্লিনিকেল পৰীক্ষা (Clinical Trials)ৰ গৱেষণা পৰিকল্পনা, পৰিচালনা আৰু বিশ্লেষণ কৰে। তেওঁ ঔষধ, চিকিৎসা পদ্ধতি, বা চিকিৎসা সামগ্ৰী নতুনকৈ বিকাশ কৰাত সহায় কৰে আৰু সেইবোৰ সুৰক্ষিত আৰু কাৰ্যকৰী নে নাই সেয়া নিৰ্ধাৰণ কৰে।
Clinical Project Manager হৈছে এজন পেছাদাৰী, যিয়ে ক্লিনিকেল গৱেষণা প্ৰকল্পৰ (Clinical Trial Projects) সম্পূৰ্ণ পৰিকল্পনা, সমন্বয় আৰু নিৰীক্ষণ কৰে। তেওঁ নিশ্চিত কৰে যে গৱেষণা সময়মতে, বাজেটৰ ভিতৰত আৰু গুণগত মান বজাই চলিব।
Quality Assurance Officer হৈছে এজন বিশেষজ্ঞ, যিয়ে
চিকিৎসা, ঔষধ, আৰু ক্লিনিকেল গৱেষণাৰ ক্ষেত্ৰত গুণগত মান নিয়ন্ত্ৰণ আৰু নিশ্চয়তা
প্ৰদান কৰে। তেখেতে প্ৰতিষ্ঠানৰ উৎপাদন, পৰীক্ষা, আৰু গৱেষণা প্ৰক্ৰিয়াসমূহ মানসম্পন্ন,
নিয়ম-নীতি অনুযায়ী আৰু নিৰাপদভাৱে চলিছে বুলি নিশ্চিত কৰে।
ড° বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা তথা
মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডন
বস্ক’ বিশ্ববিদ্যালয়
ভ্ৰাম্যভাষ: ৯৪৩৫১৮৮৬৩০
ই-মেইল: buljit@gmail.com
www.buljit.com
বি.দ্র. : কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী
শিক্ষাৰ্থীয়ে জানিব বিচাৰে, তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন(৯৪৩৫১৮৮৬৩০)ত
যোগাযোগ কৰিব পাৰে৷