অন্যযুগ/


আমেৰিকা আৰু নৰৱেৰ চিনেমা

নিজৰা ৰাজকুমাৰী

 

এটা দ্বীপ, এজন তাৰকা ৰান্ধনি, তেওঁৰ ৰহস্যময় ৰেষ্টুৰেণ্ট, অতি দামী মেন্যু, এদল চহকী গ্ৰাহক আৰু সকলোৰে মৃত্যু থূলমূলকৈ আমেৰিকান হৰৰ চিনেমা দ্য মেন্যুৰ কাহিনী এয়া। দ্য মেন্যু টেলিভিশ্বন আৰু চিনেমাৰ পৰিচালক মাৰ্ক মাইলডৰ চতুৰ্থখন চিনেমা। ধৰক, অৱসৰ বিনোদনৰ বাবে আপুনি পৰিয়ালৰ সৈতে এটা দ্বীপলৈ গৈছে, ধুনীয়া ৰেষ্টুৰেণ্ট এখনত খাবলৈ বহিছে। কিন্তু সকলো সৌন্দৰ্য আৰু আৰামক চেৰাই আপোনাৰ মনলৈ আহিছে কিয় ইমান শান্তিৰে ভ্ৰমণটো শেষ হব লাগে? কিবা এটা ভয়ানক যদি ঘটি যায়! ধ্বংসওতো হৈ যাব পাৰে সকলো খন্তেকতে! লেখকৰ এনে এক উদ্ভট কল্পনাৰেই Seth Reiss আৰু Will Tracy-য়ে লিখি উলিয়ালে দ্য মেন্যুৰ কাহিনী। মধ্যবয়সীয়া তাৰকা ৰান্ধনি জুলিয়ান শ্লৱিকৰ হথৰ্ন নামৰ বিশেষ ৰেষ্টুৰেণ্টখনৰ সেইদিনাৰ গ্ৰাহকসকলো বিশেষ। নিজৰ দলটোৰ সহযোগত জুলিয়ানে ইবিধৰ পাছত সিবিধ খাদ্য পৰিৱেশন কৰি গৈছে। খাদ্যৰ গুণাগু বা সোৱাদতকৈ পৰিৱেশনতহে অধিক গুৰুত্ব আৰোপ কৰা হৈছে (যিটো বৰ্তমানৰ বহুত হোটেল-ৰেষ্টুৰেণ্টৰ ব্যৱসায়ত সততে দেখা যায়।)। 

টেইলৰৰ প্ৰেয়সী মাৰ্গোৱে সেয়ে চিঞৰি উঠিছে মোক সুস্বাদু আহাৰ দিয়াঁ, খাদ্যৰ নামত এইসোপা ইণ্টেলেকশ্বুৱেল প্ৰেজেণ্টেশ্বন নালাগে। অন্যৰ ঠাইত পৰিচয় বদলাই দ্বীপটোলৈ যোৱা এই মাৰ্গোকহে মাথোঁ শেষলৈ জীৱিত অৱস্থাত হথৰ্নৰ পৰা ওলাই যাবলৈ দিয়া হয়। প্ৰথম অৱস্থাত  সুৰক্ষাকৰ্মীৰে বেষ্টিত ৰেষ্টুৰেণ্টখনৰ ভিতৰৰ পৰিস্থিতি স্বাভাৱিক যেন অনুভৱ হলেও ধীৰে ধীৰে অমঙ্গলৰ আশংকাই দৰ্শকক ঘেৰি ধৰে - কিবা এটা বেয়া যে ঘটিব সেয়া খাটাং। কিন্তু কি ঘটিব! 

বাহিৰলৈ যাব খোজাৰ বাবেই এজন গ্ৰাহকৰ অনামিকা আঙুলিটো কাটি পেলোৱা হ, টেইলৰ ফাঁচীত ওলমিল, গ্ৰাহকৰ সমূখতে এজনৰ মৃত্যু হ, গ্ৰাহকসকলক লুকাবলৈ দি অদ্ভূত খেল খেলা হ, মাৰ্গোৱে উপায়বিহীন হৈ চেফৰ সহযোগীগৰাকীকে হত্যা কৰিব লগা হল। মুঠতে চৌদিশে ত্ৰাস, ৰহস্য, মৃত্যু। 

পেছা বা হবিয়ে এজন মানুহৰ মনস্তত্ত্বৰ কথা কয়নে? গুণ্ডা-বদমাছতকৈ চিত্ৰশিল্পী বা বাঁহীবাদক এজনে মানুহক হত্যা কৰিলে সাধাৰণতে আমি বেছি আচৰিত হ, নহয়নে! হয়তো বিশ্বাসো নকৰিম। কালিন্যেৰী আৰ্টৰ সৈতে জড়িত বা এইখন ক্ষেত্ৰৰ সফল ব্যক্তি এজনৰ আসুৰিক মনোবৃত্তিৰ কথা ভাবিবলৈকে কষ্টকৰ। অথচ তাৰকা ৰান্ধনি জুলিয়ানৰ উদ্যোগতে মাৰ্গো নামৰ গাভৰুগৰাকীক বাদ দি হথৰ্নৰ সকলো গ্ৰাহক, সুৰক্ষাকৰ্মী, ৰান্ধনিৰ দলটো, আনকি জুলিয়ানৰ বৃদ্ধা মাতৃ তথা জুলিয়ান নিজেও জুইত জাহ গল। আৰম্ভণিতে জুলিয়ানে ঘোষণা কৰিছিল– “অহা কেইঘণ্টামানত আপোনালোকে খাবলৈ পাব নিমখ, চেনি, প্ৰটিন, চৰ্বি, বেক্টেৰিয়া, কাঠফুলা ইত্যাদি।” কিন্তু তেওঁৰ উদ্দেশ্য আছিল ৰাজকীয় খোৱামেজত মৃত্যু পৰিৱেশৰহে। মানুহৰ চৰিত্ৰ যে চিৰদিন চিৰকাল ৰহস্যময় সেয়া দ্য মেন্যুৱে দেখুৱাই দিলে। চিনেমাখনে আমাক ভয় আৰু আশ্বৰ্যত ডুবাই ৰাখিলেও মেন্যুৰ চলচ্চিত্ৰীয় ভাষাক মধ্যমীয়াৰ শাৰীতে ৰাখিম। অৱশ্যে ব্যৱসায়িকভাৱে দ্য মেন্যু এখন সফল চিনেমা। ট’ণ্টোন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰিমিয়াৰ হোৱা ১০৭ মিনিট দৈৰ্ঘ্যৰ চিনেমাখনে আমেৰিকান চিনেমা এডিটৰ্ছ এৱাৰ্ড, কলম্বাছ ফিল্ম ক্ৰিটিকছ এৱাৰ্ডছ্,  ক্ৰিটিকছ ছয়চ ছুপাৰ এৱাৰ্ডছ্, জৰ্জিয়া ফিল্ম ক্ৰিটিকছ্ এছ’চিয়েশ্বন আদিকে ধৰি চলিত বছৰৰ গল্ডেন গ্লোব এৱাৰ্ডছ্, লিউড ক্ৰিটিকছ এছ’চিয়েশ্বন এৱাৰ্ডছ্, ৰাইটাৰ্ছ গীল্ড অৱ এমেৰিকা আদি অনেক প্ৰতিযোগিতাৰ বিভিন্ন শিতানত মনোনয়ন আৰু বঁটা লাভ কৰিছে। চেফ জুলিয়ানৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে সমাদৃত হৈছে বিশিষ্ট অভিনেতা-পৰিচালক-প্ৰযোজক Ralph Fiennes…                

৩৬ বছৰীয়া মহিলা স্কটিছ লেখক-পৰিচালক-প্ৰযোজক চাৰলট আনা ৱেলছে প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ চিনেমা আফটাৰছান নিৰ্মা কৰিলে ২০২২ চনত। আফটাৰছানে চিনেমা বিশ্বত চাৰলটক দিলে বহু সন্মান আৰু জনপ্ৰিয়তা। নিউয়ৰ্কৰ নেশ্বনেল বৰ্ড অৱ ৰিভিউৰ মতে ২০২২-ৰ শ্ৰেষ্ঠ চিনেমাসমূহৰ মাজৰে এখন আফটাৰছান। কি আছে আফটাৰছানত? মাক-জীয়েকৰ কথাৰে অনেক উপভোগ্য চিনেমা আমি ইতিমধ্যে চাই থৈছোঁ। নাৰীৰ সমস্যা, মনস্তত্ত্ব, বিষাদ-বঞ্চনাৰ কাহিনীৰে চকুলো বোৱাই দিয়া বা অনুপ্ৰেৰণামূলক চিনেমাও চাইছোঁ বহুত। কিন্তু পিতৃ আৰু জীয়ৰীৰ সম্পৰ্কৰ চিনেমা, এজন হতাশাত ভোগা- বিষাদগ্ৰস্ত পুৰুষৰ চিনেমা খুব কম চাইছোঁ। 

আফটাৰছান ৩০ বছৰীয়া এজন মানুহ আৰু  বিৱাহ বিচ্ছেদৰ পাছত মাকৰ সৈতে থাকিবলৈ লোৱা তেওঁৰ এঘাৰ বছৰীয়া কন্যাৰ কাহিনী। পিতৃ-কন্যা তুৰ্কীত গ্ৰীষ্মৰ বন্ধ উপভোগ কৰিবলৈ যোৱাৰ পুৰণি ভিডিঅত সেই স্মৰণীয় ক্ষণবোৰ ন-কৈ জী উঠিও বিষাদত ডুবিছে যুৱতী ছফী। চিনেমাখনত মানুহে বুকুত সযতনে কঢ়িয়াই ফুৰা স্মৃতিৰ ভূমিকা হৃদয়স্পৰ্শী ৰূপত উপস্থাপন কৰা হৈছে। আফটাৰছান চাই থাকোঁতে নিজৰো হেৰোৱা দিনবোৰে দৰ্শকৰ মনত এক কৰুণ সুৰ তোলে। তুৰ্কীত ফুৰিবলৈ যাওঁতে দেউতাকক কণমানি ছফীয়ে ভিডিঅকৰি থাকোঁতে দেউতাকে আপত্তি কৰাত তাই কৈছিল ঠিক আছে। এইখিনি ৰেকৰ্ডিং নকৰোঁ, মোৰ মনৰ কেমেৰাটোতহে কৰিম। এইখিনিতে তাই ভিডিঅকেমেৰাটো অফ্ কৰিছে আৰু বন্ধ টেলিভিশ্যনৰ কাঁচত দেখা গৈছে ছফী আৰু পিতাকৰ কথোপকথন। 

এই দৃশ্য অপূৰ্ব। বাছতেই তাই দেউতাকক জন্ম দিনৰ শুভেচ্ছা জনাইছে, দেউতাকৰ শাৰীৰিক ভঙ্গী অনুকৰণ কৰি ৰস লৈছে এই কথাবোৰ দেখাত নিতান্তই সাধাৰণ যদিও স্মৃতিলৈ ৰূপান্তৰিত হোৱাৰ পাছত এই অতীতেই হৈ পৰে অমূল্য। ভাগি যোৱা সংসাৰ এখনৰ সন্তান হিচাপে যুৱতী ছফীৰ শিশুকালৰ স্মৃতি ৰোমন্থনৰ এই প্ৰক্ৰিয়া সাধাৰণ শিশুৰ তুলনাত নিঃসন্দেহে অগতানুগতিক। শিশু ছফীয়ে তুৰ্কী ভ্ৰমকালত দেউতাকৰ হাঁহি দেখিছিল, দেউতাকৰ লগত তাই কাজিয়া-অভিমানো কৰিছিল, কিন্তু সেই সময়ত দেউতাক যে অৰ্থনৈতিকভাৱে দুৰ্বল, বিষাদগ্ৰস্ত হৈ আছিল সেইকথা ডাঙৰ হৈ ভিডিঅচাই থাকোঁতেহে তাই অনুভৱ কৰিলে। 

পাৰ হৈ যোৱা মুহূৰ্তবোৰ কাৰো জীৱনলৈ কেতিয়াও ঘূৰি নাহে, শিশুকালৰ অবুজ ছফীয়েও বুজন হৈ অতীতৰ সেই মুহূৰ্তবোৰলৈ ঘূৰি গৈ দেউতাকৰ মানসিক অৱস্থা বুজিব বা সলনি কৰিব নোৱাৰে। ১০১ মিনিটৰ চিনেমাখন যোৱা অক্টোবৰ-নৱেম্বৰত ভিন্ন স্থানত মুক্তি দিয়াৰ পূৰ্বে কাঁ চলচ্চিত্ৰ মহোৎসৱত প্ৰিমিয়াৰ অনুষ্ঠিত হৈছিল। কেৰিয়াৰৰ প্ৰথম চিনেমা হিচাপে চৰ্চিত হৈছিল আফটাৰছানৰ চিত্ৰনাট্যকাৰ আৰু পৰিচালক চাৰলট আনা ৱেলছ। সুন্দৰ চিনেমাটগ্ৰাফীও আফটাৰছানৰ আন এক ভাললগা দিশ। আইৰিছ অভিনেতা Paul Mescal য়ে আফটাৰছানত কৰা অভিনয়ৰ বাবে বাফটা তথা চলিত বছৰৰ অস্কাৰত শ্ৰেষ্ঠ অভিনেতাৰ মনোনয়ন লাভ কৰিছিল।                

নৰৱেৰ চিনেমা দ্য ৱৰ্ষ্ট পাৰ্ছন ইন দ্য ৱৰ্ল্ড। পৰিচালক ইয়কিম ট্ৰিয়াৰ (Joachim Trier)জুলি নামৰ এগৰাকী যুৱতীৰ প্ৰেম আৰু আত্মপৰিচয়ৰ সন্ধানৰ কথাৰে নিৰ্মিত হৈছে চিনেমাখন। মই কোন আৰু জীৱনৰ পৰা মই কি বিচাৰো এই প্ৰশ্নই এটা বয়সত আমাক ব্যতিব্যস্ত কৰি নাৰাখেনে? জুলিও ইয়াৰ ব্যতিক্ৰম নহয়। বেছিভাগ ভাৰতীয় চিনেমাত আমি সাধাৰণতে বহিৰ্দ্বন্দ্বক বেছি গুৰুত্ব দিওঁ। বহিৰ্দ্বন্দ্বৰ চলচ্চিত্ৰায়ন সহজ। কিন্তু অন্তৰ্দ্বন্দ্বৰ সফল চলচ্চিত্ৰায়নত চিত্ৰনাট্যকাৰ, পৰিচালক, অভিনয় শিল্পীৰ পৰিশ্ৰম তথা প্ৰতিভা বা সৃষ্টিশীলতাৰ দৰকাৰ হয় বেছি। তাতে এগৰাকী যুৱতীৰ কেৰিয়াৰ আৰু প্ৰেমক লৈ বিভ্ৰান্ত হোৱাৰ সময়খিনিক ধৰি ৰখা হৈছে দ্য ৱৰ্ষ্ট পাৰ্ছন ইন দ্য ৱৰ্ল্ডত। 

চিনেমাখনৰ প্ৰথম ভাললগা এইখিনি। নৰৱেৰ অছলো চহৰৰ বাসিন্দা জুলি বিভ্ৰান্ত, চঞ্চল। এবাৰ মেডিকেল পঢ়া, আনবাৰ ফগ্ৰাফাৰ, লেখক, বুকষ্টৰৰ কাম আদিত জঁপিয়াই ফুৰি তাই ধৰিব নোৱাৰে তাইনো আচলতে কেৰিয়াৰ গঢ়িব খুজিছে কিদৰে। আনকি চিকিৎসা বিজ্ঞানৰ ছাত্ৰী হৈ থাকোঁতেও তাই মানুহৰ শৰীৰৰ পৰিৱৰ্তে মানুহৰ মানসিক জগতখনৰ প্ৰতিহে আকৰ্ষিত বুলি ছাইকজিলৈ ঢাপলি মেলিলে। অৱশ্যে তাতো তাইৰ মন নবহিল। কেৰিয়াৰৰ লগে লগে সম্পৰ্কবোৰো যেন তাইৰ বাবে একো একোটা এক্সপেৰিমেণ্টহে। মাক-দেউতাকৰ বিচ্ছেদৰ কথাতকৈও জুলিক বিভ্ৰান্ত কৰিলে তাইৰ পৰিয়ালৰ কোনো এগৰাকী নাৰীয়েই বৈৱাহিক জীৱনত সুখী নোহোৱাৰ কথাটোৱে। তাই নিজতকৈ পোন্ধৰ বছৰে ডাঙৰ এক্সেলৰ প্ৰেমত পৰিল। সিহঁতৰ প্ৰেম চলি থাকোঁতেই হঠাৎ অচিনাকি পাৰ্টি এটাত তাই লগ পালে অন্য এজন পুৰুষক, যাৰ সৈতে লাহে লাহে জুলিৰ বন্ধুত্ব গঢ় লৈ উঠিল। তাই গৰ্ভৱতী হল। ইফালে বিচ্ছেদৰ পাছত অসুস্থ এক্সেলকো তাই সময় দিবলৈ ধৰিলে। 

এই সমস্ত খেলিমেলিৰ মাজত তাই যেন আগতকৈও বেছিহে বিভ্ৰান্ত হৈ পৰিল। তাই ভাবিলে যে তাই পৃথিৱীৰ আটাইতকৈ বেয়া মানুহ। গৰ্ভতে তাইৰ সন্তানৰ মৃত্যু হল। মুঠতে অস্থিৰ-অশান্ত জুলি। শেষত ফগ্ৰাফাৰ হিচাপে তাই কেৰিয়াৰ আৰম্ভ কৰিলে। প্ৰেম হেৰুওৱাৰ পাছতহে তাইৰ জীৱনলৈ সুস্থিৰতা আহিল। চৰিত্ৰটিৰ বয়স আৰু অভিজ্ঞতাই আনি দিয়া পৰিপক্কতাৰে উপস্থাপন কৰা শেষ দৃশ্য ব্যতিক্ৰমী আৰু উপভোগ্য। ব্যৱসায়িকাৱে সফল দ্য ৱৰ্ষ্ট পাৰ্ছন ইন দ্য ৱৰ্ল্ডক ২০২১ত কাঁ চলচ্চিত্ৰ মহোৎসৱত প্ৰিমিয়াৰ হোৱাৰ পাছত ফ্ৰাঞ্চ, নৰৱে আৰু ছুইডেনত মুক্তি দিয়া হৈছিল। সৰ্বত্ৰ প্ৰশংসিত হৈছিল জুলিৰ চৰিত্ৰত অভিনয় কৰা নৰৱেয়ান অভিনেত্ৰী Renate Reinsve-ৰ অভিনয়। কাঁত শ্ৰেষ্ঠ অভিনেত্ৰীৰ খিতাপ লাভ কৰা অভিনেত্ৰীগৰাকীয়ে বাফটাৰ মনোনয়নো লাভ কৰিছিল। ১২৮ মিনিট দৈৰ্ঘ্যৰ চিনেমাখনৰ ভাষা নৰৱেয়ান। চিনেমাখনে ২০২২-ত ৯৪ সংখ্যক অস্কাৰ বঁটাত শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় চিনেমা আৰু শ্ৰেষ্ঠ মৌলিক চিত্ৰনাট্যৰ মনোনয়ন লাভ কৰিছিল। 

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ