অন্যযুগ/


চলচ্চিত্ৰ সমালোচনা : ‘তাৰে জমিন পৰ’

প্ৰণীতা কাকতি


চলচ্চিত্ৰখনৰ সৈতে সম্পৰ্কিত সাধাৰণ তথ্য :                           

নাম : তাৰে জমিন পৰ (Taare Jameen Par)

প্ৰযোজক : আমিৰ খান  (Amir Khan)

মুক্তিলাভৰ বৰ্ষ : ২০০৭

ধাৰা : নাটক

মুখ্য চৰিত্ৰসমূহ :

ঈশান অৱস্থিৰ চৰিত্ৰত শিশু শিল্পী দৰ্শিল চাফাৰী 

ৰামশংকৰ নিকুম্ভৰ ভূমিকাত আমিৰ খান

ঈশান অৱস্থীৰ পিতৃ নন্দকিশোৰ অৱস্থীৰ চৰিত্ৰত বিপিন শৰ্মা

ঈশানৰ মাতৃ মায়া অৱস্থীৰ ভূমিকাত টিস্কা চোপ্ৰা

প্ৰডাকশ্যন : আমিৰ খান প্ৰডাকশ্বন

চলচ্চিত্ৰখনৰ সময় : ১৬৫ মিনিট

পৰিচালক : আমিৰ খান, আমোল গুপ্তে

ভাষা : হিন্দী

কাহিনী ভাগৰ সাৰাংশ :

“আমি যদি শিশুসকলৰ সপোনবোৰক লালন-পালন কৰোঁ, তেন্তে আমাৰ পৃথিৱীখন ধন্য হ’ব৷ কিন্তু আমি যদি সিহঁতৰ সপোনবোৰক ধ্বংস কৰোঁ, এদিন এই পৃথিৱীখনৰ অস্তিত্বও নাশ হ’ব৷”                                             

–  ৱেছ ষ্টাফৰ্ড

 

       ডিচলেক্সিয়া নামৰ এক শিক্ষণ অক্ষমতাৰ সৈতে যুঁজি থকা এটি আঠ বছৰীয়া শিশু ‘ঈশান অৱস্থী’ৰ কৰুণ কাহিনীক কেন্দ্ৰ কৰি ‘তাৰে জমিনপৰ’ শীৰ্ষক বোলছবিখনৰ কাহিনীভাগ নিৰ্মিত হৈছে৷ উপস্থাপিত কাহিনীভাগৰ অনুসৰি ডিচলেক্সিয়াৰ প্ৰভাৱত শিশু ঈশানে তাৰ দৈনন্দিন জীৱনৰ সৰু সৰু কাম-কাজসমূহৰ পৰা আৰম্ভ কৰি শৈক্ষিক ক্ষেত্ৰখনলৈকে, সকলো দিশতে তাৰ সমবয়সীয়া আন শিশুসকলৰ দৰে পাৰদৰ্শিতা দেখুওৱাত ব্যৰ্থ হয়৷ দুৰ্ভাগ্যজনকভাৱে ঈশানৰ এনে ব্যৰ্থতাৰ অন্তৰালত থকা প্ৰকৃত কাৰণসমূহৰ বিশ্লেষণ নকৰাকৈয়ে তাৰ বিদ্যালয়ৰ শিক্ষকৰ পৰা আৰম্ভ কৰি অভিভাৱকলৈকে, সকলোৱে তাক বিভিন্ন প্ৰকাৰে গৰিহণা প্ৰদান কৰে৷ এই ক্ষেত্ৰত ঈশানৰ পিতৃয়ে সকলোতকৈ এখোজ আগুৱাই গৈ ঈশানৰ দুৰ্বলতাক বাল্যকালৰ দুষ্টামি বুলি অভিহিত কৰি তাক শাস্তিমূলকভাৱে ব’ৰ্ডিং স্কুললৈ প্ৰেৰণ কৰে৷ ইতিমধ্যেই ডিচলেক্সিয়াৰ লগতে গোটেই সমাজখনৰ সৈতে অকলে যুঁজ দি থকা সেই কণমানি শিশুটোক মাতৃৰ বুকুৰ পৰাও আঁতৰাই পঠোৱাৰ ফলত ঈশান সম্পূৰ্ণৰূপে নিসঙ্গ হৈ পৰে৷ এনে নিসঙ্গতাই ঈশানৰ জীৱনক এনে ৰূপত প্ৰভাৱিত কৰে যে তাৰ মাজত থকা সৃষ্টিশীল মনটোও ক্ৰমান্বয়ে নিঃশেষ হ’বলৈ আৰম্ভ কৰে৷ কিন্তু সৌভাগ্যক্ৰমে ঈশানে অধ্যয়ন কৰি থকা বিদ্যালয়খনত কলাৰ শিক্ষকৰূপে যোগদান কৰা ৰামশংকৰ নিকুম্ভই ঈশানৰ সমস্যাৰাজিৰ কথা উপলব্ধি কৰিব পাৰি তাৰ বিশেষ যত্ন ল’বলৈ আৰম্ভ কৰে৷ তেওঁৰ মৰম আৰু আদৰ-যত্নৰ ফলত ঈশানে লাহে লাহে ডিচলেক্সিয়াৰ সৈতে চলি থকা যুঁজখনৰ পৰা নিজকে মুক্ত কৰাৰ লগতে নিজৰ হেৰাই যাব ধৰা শৈশৱৰ সোণালী সপোনবোৰকো পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

চলচ্চিত্ৰখনৰ উপাদান: 

পৰিচালনা: ভাৰতীয় চলচ্চিত্ৰ জগতত এগৰাকী প্ৰসিদ্ধ অভিনেতা হিচাপে পৰিচিত আমিৰ খানে ‘তাৰে জমিন পৰ’ শীৰ্ষক চলচ্চিত্ৰখনৰ মাধ্যমেৰে এগৰাকী পূৰ্ণাংগ চলচ্চিত্ৰ পৰিচালক হিচাপে ভাৰতীয় চলচ্চিত্ৰ জগতত খোজ পেলায়৷ অৱশ্যে ইয়াৰ পূৰ্বে তেখেতে ১৯৮৩ চনত আদিত্য ভট্টাচাৰ্যৰ দ্বাৰা পৰিচালিত ‘পাৰানৈয়া’ (Paranoia) শীৰ্ষক এখন চুটি ছবিতো সহযোগী পৰিচালকৰ ভূমিকা পালন কৰিছিল ৷

শৈশৱত শিশুৱে ভোগ কৰা সমস্যাক হৃদয়স্পৰ্শী আৰু বাস্তৱধৰ্মী ৰূপত উপস্থাপন কৰাৰ ক্ষেত্ৰত এগৰাকী পৰিচালক হিচাপে আমিৰ খানে সফলতা লাভ কৰিছে৷ বিশেষতঃ এখন চলচ্চিত্ৰত যেতিয়া এগৰাকী শিশুশিল্পীৰ কান্ধত মূখ্য চৰিত্ৰৰ ভূমিকা পালন কৰাৰ দায়িত্ব আহি পৰে, তেনে চলচ্চিত্ৰৰ পৰিচালনা কৰাটো এগৰাকী পৰিচালকৰ বাবে প্ৰত্যাহ্বানমূলক হৈ পৰে৷ এনে চলচ্চিত্ৰত উপস্থাপিত কাহিনীভাগৰ সৈতে সংগতি ৰাখি মূখ্য চৰিত্ৰৰ সংলাপৰ লগতে দৈহিক ভাষাৰ সামঞ্জস্য ৰক্ষা কৰাৰ দৰে সৰু সৰু কথাকো পৰিচালকে দৃষ্টি দিব লগা হয়৷ কিন্তু এনে সকলো প্ৰত্যাহ্বানক অতিক্ৰমী দৰ্শকৰ বাবে ‘তাৰে জমিন পৰ’ৰ দৰে এখন মনোজ্ঞ চলচ্চিত্ৰ আগবঢ়াই দিয়াত পৰিচালক হিচাপে আমিৰ খান সফল হৈছে৷ এই সফলতাৰ চিনস্বৰূপেই তেখেতে ‘৫৫ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০০৮’ ত শ্ৰেষ্ঠ চলচ্চিত্ৰ পৰিচালকৰ বঁটাৰ লগতে শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটাও আজুৰি আনিবলৈ সক্ষম হৈছিল৷

চিত্ৰনাট্য: ‘তাৰে জমিন পৰ’ শীৰ্ষক চলচ্চিত্ৰখনৰ চিত্ৰনাট্য পৰিচালনা কৰিছে সহঃ পৰিচালক আমোল গুপ্তেই৷ সাম্প্ৰতিক সময়ৰ কঠিন শৈক্ষিক পৰিৱেশ আৰু শিশুৰ কল্পনাসূলভ কোমল মনোজগতখনৰ মাজত থকা বৈপৰীত্যক স্পষ্ট ৰূপত উদঙাই দিয়াৰ ক্ষেত্ৰত চিত্ৰনাট্যকাৰে বিশেষ সফলতা অৰ্জন কৰিছে৷ সমগ্ৰ চলচ্চিত্ৰখনৰ চিত্ৰনাট্য সু-গতিশীল আৰু আৱেগিকভাৱে সংগঠিত৷ কাহিনীভাগে দাবী কৰা প্ৰতিটো দিশকে চৰিত্ৰসমূহৰ লগতে তাৰ চৌদিশৰ পৰিৱেশৰ মাধ্যমেৰে ফুটাই তোলাৰ ক্ষেত্ৰত চিত্ৰনাট্যকাৰৰ ভূমিকা প্ৰশংসাৰ যোগ্য৷

       চিনেমেট’গ্ৰাফী : সমগ্ৰ বোলছবিখনৰ চিনেমেট’গ্ৰাফীৰ পৰিচালিত হৈছে সত্যজিত পাণ্ডেৰ দ্বাৰা৷ AARRIFLEXL৫৩৫  নামৰ উচ্চক্ষমতাসম্পন্ন কেমেৰাৰে বোলছবিখনৰ দৃশ্যসমূহ গ্ৰহণ কৰা হৈছে৷ বোলছবি এখনৰ কাহিনীভাগক দৰ্শকৰ¸ সন্মুখত ইন্দ্ৰিয়গ্ৰাহ্যৰূপত উপস্থাপনৰ ক্ষেত্ৰত চিনেমেট’গ্ৰাফাৰজনৰ ভূমিকা সৰ্বাধিক৷ এগৰাকী অভিনেতাই কৰা অভিনয়ৰ সৈতে জড়িত দৈহিক ভংগীমা যেনে তীক্ষ্ন চাৱনিৰে প্ৰতিপক্ষক কৰা কটাক্ষ, মুখাবয়ৱত প্ৰকাশিত ক্ৰোধ, দুখ আদি মনোভাৱৰ আভাস আদি সৰু সৰু দৃশ্যসমূহে কাহিনীভাগক অধিক সজীৱ কৰি তোলে৷ গতিকে মূল কাহিনীৰ সৈতে সংগতি ৰাখি এনে দৃশ্যসমূহক দৰ্শকৰ চকুৰ আগত উপস্থাপন কৰাৰ দায়িত্ব চিনেমেট’গ্ৰাফাৰজনৰ ওপৰত ন্যস্ত থাকে৷ ‘তাৰে জমিন পৰ’ চলচ্চিত্ৰখনৰ চিনেমেট’গ্ৰাফাৰ সত্যজিত পাণ্ডেয়ে এই দায়িত্ব অতি সূচাৰুৰূপে পালন কৰিছে৷ এই ক্ষেত্ৰত উদাহৰণস্বৰূপে শিশু শিল্পী দৰ্শিল চাফাৰীৰ মুখাবয়ৱত প্ৰকাশিত নিৰ্বোধ ভাৱ, দুখ আৰু একাকীত্বৰ মনোভাৱক ক্ল’জ-আপ শ্বটৰ দ্বাৰা উপস্থাপনৰ প্ৰসঙ্গ উল্লেখ কৰিব পাৰি৷ একেদৰেই চলচ্চিত্ৰখনৰ কাহিনী কথনৰ মাজত ঈশানৰ সপোনৰ জগখনৰ সুন্দৰ উপস্থাপনৰ দিশটোৱেও তেওঁৰ পাৰদৰ্শিতাক প্ৰমাণিত কৰে৷

        সম্পাদনা: চলচ্চিত্ৰখনৰ সম্পাদনাৰ দায়িত্ব বহন কৰিছে দীপা ভাটিয়াই৷ যিহেতু এখন চলচ্চিত্ৰৰ বিভিন্ন ঘটনাৱলীসমূহৰ দৃশ্যগ্ৰহণ পৃথকে পৃথকে কৰা হয়, সেয়ে সকলোবোৰ দৃশ্যক ক্ৰম অনুসাৰে সজাই তাক একক ৰূপ দিয়াৰ ক্ষেত্ৰত সম্পাদকজনে বিশেষ ভূমিকা পালন কৰে৷ কাহিনীৰ গতিশীলতাৰ মাজত দৰ্শকে যাতে এবাৰলৈও দৃশ্যসমূহৰ মাজত থকা ব্যৱধান অনুভৱ কৰিব নোৱাৰে, সেই ক্ষেত্ৰত সম্পাদকে বিশেষভাৱে দৃষ্টি ৰাখে৷  ‘তাৰে জমিন পৰ’ চলচ্চিত্ৰখনতো দৃশ্যসজ্জাৰ মাজত এনে একক সংগতি পৰিলক্ষিত হয়৷ এই ক্ষেত্ৰত  ঈষাণৰ কল্পনাপ্ৰসূত জগতখনৰ সৈতে বাস্তৱ জগতৰ মাজত একক সামঞ্জস্য ৰক্ষা কৰি তাক নিৰৱচ্ছিন্নৰূপত দৃশ্যগতভাৱে উপস্থাপন কৰাত সম্পাদকে লাভ কৰা সফলতাৰ কথা উল্লেখ কৰিব পাৰি৷

        শব্দ আৰু সংগীত: একোখন চলচ্চিত্ৰত উপস্থাপিত কাহিনীভাগক আকৰ্ষণীয় আৰু দৰ্শকৰ হৃদয়গ্ৰাহী কৰি তোলাৰ ক্ষেত্ৰত শব্দ আৰু সংগীতে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ ‘তাৰে জমিন পৰ’ শীৰ্ষক চলচ্চিত্ৰৰ শব্দ আৰু সংগীতৰ পৰিচালক শংকৰ এহচান লয়ৰ দ্বাৰা পৰিচালিত শাব্দিক সংযোজন আৰু সংগীতেও দৰ্শকৰ অন্তৰাত্মাক চুই যাবলৈ সক্ষম হৈছে৷ বিশেষতঃ সংগীত পৰিচালকৰ দ্বাৰা নিৰ্বাচিত ‘মা’ আৰু ‘তাৰে জমিন পৰ’ ৰ দৰে গীতৰ অন্তৰ্ভূক্তিয়ে সমগ্ৰ চলচ্চিত্ৰখনৰ মূল কাহিনীভাগত প্ৰকাশিত আৱেগক দৰ্শকৰ হৃদয়লৈ কঢ়িয়াই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে৷ একেদৰেই চলচ্চিত্ৰখনৰ আৱহ সংগীতসমূহেও দৃশ্যসমূহ অন্তৰালত নিহিত হৈ থকা দুখবোধ, হতাশা, আনন্দ আদি অনুভূতিসমূহ দৰ্শকে অনুভৱ কৰাত বিশেষভাৱে সহায় কৰিছে৷

অভিনয়: চলচ্চিত্ৰ এখনক পূৰ্ণাঙ্গৰূপ প্ৰদান কৰাৰ ক্ষেত্ৰত অসংখ্য চৰিত্ৰৰ অৱতাৰণা হয়, যিসমূহে কম-বেছি পৰিমাণে নিজৰ ভূমিকা অনুযায়ী অভিনয় কৰি চলচ্চিত্ৰখনক সম্পূৰ্ণ কৰি তোলে৷ ‘তাৰে জমিন পৰ’ শীৰ্ষক চলচ্চিত্ৰখনতো অনেক শিল্পীয়ে বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে৷ এই ক্ষেত্ৰত চলচ্চিত্ৰৰ মূখ্য চৰিত্ৰ ‘ঈশান অৱস্থী’ৰ চৰিত্ৰত অভিনয় কৰা শিশুশিল্পী দৰ্শিল চাফাৰীৰ নাম বিশেষভাৱে উল্লেখ কৰিবলগীয়া৷ কাহিনীভাগৰ প্ৰয়োজনীয়তা অনুসৰি ডিচলেক্সিয়াত ভোগা ঈশান চৰিত্ৰটোত থাকিবলগীয়া¸ নিসঙ্গতাৰ যন্ত্ৰণাৰ লগতে শিশুসুলভ নিৰ্বোধ মনোভাৱক ফুটাই তোলাৰ ক্ষেত্ৰত দৰ্শিল সম্পূৰ্ণৰূপে সক্ষম হৈছে৷ পৰিপক্ব অভিনয়ৰ মাধ্যমেৰে দৰ্শিলে চলচ্চিত্ৰখনৰ প্ৰথমৰ পৰা শেষলৈকে তেওঁ দৰ্শকক মোহাছন্ন কৰি ৰাখিছে৷

চলচ্চিত্ৰখনৰ কাহিনীভাগত গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰা আন এটা চৰিত্ৰ হ’ল ‘ৰাম শংকৰ নিকুম্ভ’৷ কলা বিষয়ৰ শিক্ষকৰূপত উপস্থাপিত হোৱা এই চৰিত্ৰটোত অভিনয় কৰিছে বলিউডৰ প্ৰসিদ্ধ অভিনেতা আমিৰ খানে৷ এগৰাকী অভিজ্ঞতাসম্পন্ন অভিনেতা হিচাপে আমিৰ খানৰ অভিনয় নিখুঁত৷

উল্লিখিত দুটা চৰিত্ৰৰ উপৰি কাহিনীভাগত উপস্থাপিত হোৱা ঈশানৰ পিতৃ নন্দকিশোৰ অৱস্থীৰ চৰিত্ৰত বিপিন শৰ্মা আৰু মাতৃ মায়া অৱস্থীৰ ভূমিকা অভিনয় কৰা টিস্কা চোপ্ৰাৰ অভিনয়ো মনোমুগ্ধকৰ৷ মমতাময়ী মাতৃৰ ৰূপটোৰ লগতে এগৰাকী ব্যস্ততাপূৰ্ণ গৃহিণীৰ ছবিখন ফুটাই তোলাৰ ক্ষেত্ৰত টিস্কা চোপ্ৰাই কৰা অভিনয় লেখত ল’বলগীয়া৷ একেদৰেই দৈনন্দিন জীৱন পৰিক্ৰমাত আবদ্ধ হৈ নিজৰ সন্তানৰ বাবে সময় উলিয়াবলৈ আজৰি নোপোৱা অথচ সন্তানৰ ভৱিষ্যতক লৈ উদ্বিগ্ন হৈ থকা পিতৃৰ বাস্তৱ ৰূপটো তুলি ধৰাৰ ক্ষেত্ৰত বিপিন শৰ্মাও সফল হৈছে৷ এইকেইটা চৰিত্ৰৰ উপৰি ব’ৰ্ডিং স্কুলত ঈশানৰ বন্ধুৰ ৰূপত দেখা দিয়া ‘ৰাজন দামোদৰণ’ নামৰ বিশেষভাৱে সক্ষম শিশুটোৰ চৰিত্ৰত অভিনয় কৰা শিশু শিল্পী তনয় চদ্দাৰ অভিনয়ো উল্লেখনীয়৷ কম সময়ৰ বাবে পৰ্দাত উপস্থাপিত হ’লেও শিল্পীগৰাকীয়ে দৰ্শকৰ মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷

চলচ্চিত্ৰখনৰ বিষয়বস্তু আৰু বাৰ্তা: শিশুৰ মানসিক স্বাস্থ্যৰ অনুপযোগী ভাৰতীয় শিক্ষা ব্যৱস্থাত শিক্ষণৰ নামত শিশুসকলে কিদৰে অতিৰিক্ত মানসিক বোজা কঢ়িয়াব লগা হয়, তাৰেই বাস্তৱ চিত্ৰখনক বিষয়বস্তু হিচাপে লৈ ‘তাৰে জমিন পৰ’ শীষক বোলছবিখনৰ কাহিনীভাগ নিৰ্মিত হৈছে৷ তদুপৰি সাধাৰণ শিশুসকলৰ দৰেই বিশেষভাৱে সক্ষম শিশুসকলেও শিক্ষাৰ ক্ষেত্ৰ লাভ কৰিব লগীয়া সমতাৰ অধিকাৰৰ প্ৰসঙ্গ তথা বৈচিত্ৰ্যময় প্ৰতিভাক স্বীকৃতি দিব পৰাকৈ নমনীয় শিক্ষা পদ্ধতিৰ উদ্ভাৱন আদি দিশো চলচ্চিত্ৰখনৰ কাহিনীভাগে সামৰি লৈছে৷

       চলচ্চিত্ৰসমূহ কেৱল মনোৰঞ্জন আৰু ব্যৱসায়ৰ আহিলা নহয়৷ সমাজলৈ বাৰ্তা প্ৰেৰণৰ আহিলা হিচাপেও প্ৰতিখন চলচ্চিত্ৰৰে একোটা সামাজিক দায়বদ্ধতা থকাটো উচিত৷ গণসংযোগৰ মাধ্যম হিচাপে চলচ্চিত্ৰত থাকিবলগীয়া এই নৈতিক দায়বদ্ধতাৰ প্ৰতিফলন ‘তাৰে জমিন পৰ’ ৰ মাজেৰে সুন্দৰৰূপত প্ৰতিফলিত হৈছে৷ সাম্প্ৰতিক সময়ত অভিভাৱকসকলে নিজৰ আধৰুৱা সপোন পুৰণৰ আহিলাস্বৰূপে শিশুসকলক ব্যৱহাৰ কৰে বুলি সততে অভিযোগ উত্থাপন হয়৷ তেওঁলোকে শিশুৰ সুকোমল মনৰ সপোনবোৰক সম্পূৰ্ণ ৰূপে নস্যাৎ কৰি এক উজ্জ্বল ভৱিষ্যতৰ নামত সফলতাৰ ঘোঁৰাদৌৰত নিজৰ শিশুসকলক নমাই দিয়ে৷ কিন্তু এই তথাকথিত প্ৰতিযোগিতাখনৰ বাবে শিশুসকল মানসিকভাৱে কিমান সক্ষম, নাইবা তাৰ সপোনৰ পৃথিৱীখনে প্ৰকৃতাৰ্থত কি বিচাৰে; তাৰ প্ৰতি তিলমানো গুৰুত্ব আৰোপ কৰা নহয়৷ যাৰ ফলত শিশুসকলে প্ৰায়ে নিজকে ক’ৰবাত হেৰুৱাই পেলায়৷ আলোচ্য চলচ্চিত্ৰখনৰ কাহিনীভাগেও ঈশান অৱস্থীৰ জীৱন কাহিনীৰ মাজেৰে এনে দিশসমূহকে উপস্থাপন কৰিছে৷ তদুপৰি এগৰাকী অভিভাৱক হিচাপে শিশুৰ মানসিক স্বাস্থ্যৰ প্ৰতি থাকিবলগীয়া দায়বদ্ধতাৰ লগতে শিক্ষক হিচাপে শিক্ষাৰ্থীৰ প্ৰতি থাকিবলগীয়া দায়িত্ব আৰু কৰ্তব্যসমূহকো চলচ্চিত্ৰখনৰ কাহিনীভাগে নিৰ্দেশিত কৰিছে৷

 চলচ্চিত্ৰখনৰ সবলতা আৰু দুৰ্বলতা:

সবলতাসমূহ: শিশুকেন্দ্ৰিক কাহিনীৰ উপস্থাপক হিচাপে চলচ্চিত্ৰখনৰ সমগ্ৰ কাহিনীভাগেই সবল৷ তথাপি তাৰ মাজৰ পৰা যদি নিৰ্দিষ্ট দুই-এক সবল দিশক উনুকিয়াব লগা হয়, তেন্তে আমাৰ দৃষ্টিৰে তলৰ দিশকেইটাই বিশেষ স্থান অধিকাৰ কৰিব:

       ক) সাম্প্ৰতিক সময়ত কমবয়সীয়া শিশুসকলৰ মানসিক স্বাস্থ্যৰ প্ৰতি অভিভাৱকসকলৰ সচেতন দৃষ্টিভংগী পৰিলক্ষিত হয় যদিও আজিৰ পৰা ১৫-২০ বছৰৰ আগতে ভাৰতীয় সমাজত তেনে সচেতনতাৰ বিশেষ প্ৰভাৱ নাছিল৷ তদুপৰি তৃতীয় বিশ্বৰ দেশ হিচাপে সেই সময়ৰ ভাৰতৰ প্ৰাথমিক শিক্ষা খণ্ডত শিশু মনোবৈজ্ঞানিক দৃষ্টিভংগীৰ প্ৰয়োগৰ দৰে চিন্তাচৰ্চাৰো বিশেষ প্ৰচলন হোৱা নাছিল৷ তেনে এক সময়ত ২০০৭ চনতে এই চলচ্চিত্ৰখনে ডিচলেক্সিয়াৰ দৰে শিশু মনোবিজ্ঞানৰ এক জটিল পৰিঘটনাক সমাজৰ আগত উত্থাপন কৰাৰ ধাৰণাটোৱেই চলচ্চিত্ৰখনৰ আটাইকৈ শক্তিশালী দিশ৷

       খ) শক্তিশালী অভিনয়ৰ মাধ্যমেৰে দৰ্শকক প্ৰথমৰ পৰা শেষলৈকে ধৰি ৰাখিব পৰা ক্ষমতা চলচ্চিত্ৰখৰ আন এক সবল দিশ৷ এই ক্ষেত্ৰত বিশেষকৈ শিশুশিল্পী দৰ্শিল চাফাৰীৰ মনোমুগ্ধকৰ অভিনয়ৰ কথা বিশেষভাৱে উল্লেখযোগ্য৷

       গ) চলচ্চিত্ৰখনৰ আন এক সবল দিশ হ’ল সুন্দৰ চিনেমেট’গ্ৰাফী৷ ইতিমধ্যেই উল্লেখ কৰাৰ দৰেই অভিনেতাৰ অভিনয়ৰ মাজেৰে প্ৰৱাহিত কাহিনীভাগত থকা ভাৱ-অনুভূতিৰ উঠা-নমাসমূহক দৰ্শকৰ হৃদয়ালৈ প্ৰেৰণ কৰাৰ ক্ষেত্ৰত চিনেমেট’গ্ৰাফীৰ ভূমিকা সৰ্বাধিক৷ ‘তাৰে জমিন পৰ’ চলচ্চিত্ৰখনৰ চিনেমেট’গ্ৰাফাৰ সত্যজিত পাণ্ডেৰ কাৰ্য এই ক্ষেত্ৰত অতি উচ্চপ্ৰশংসাৰ যোগ্য৷ অভিনেতাসকলৰ ভাৱ-ভংগীত উদয় হোৱা প্ৰতিটো আনুভূতিক মুহূৰ্তক কেমেৰাৰ মাধ্যমেৰে তেওঁ দৰ্শকৰ হৃদয়ত প্ৰোথিত কৰিবলৈ সক্ষম হৈছে৷

       ঘ) এইসমূহৰ উপৰি চলচ্চিত্ৰখনত প্ৰয়োগ হোৱা ‘মা’, ‘তাৰে জমিন পৰ’ আদি অনুভূতিপ্ৰধান গীতৰ লগতে আধুনিক সময়ৰ যান্ত্ৰিক জীৱনপঞ্জীক সুন্দৰৰূপত উপস্থাপন কৰিব পৰা ‘দুনিয়া কা নাৰা জমে ৰহ’ ৰ দৰে বাস্তৱধৰ্মী গীতৰ প্ৰয়োগো ইয়াৰ আন এক সবল দিশ৷

       দুৰ্বলতা: বোলছবিখনৰ কাহিনী, অভিনয় আদিৰ ক্ষেত্ৰত বিশেষ দুৰ্বলতা দেখা নাযায় ৷ অৱশ্যে সম্পাদকে ইচ্ছা কৰা হ’লে ইয়াৰ সময়সীমা কিছু চমুৱাব পাৰিলেহেঁতেন৷

       মূল কাহিনীভাগৰ ব্যাখ্যা আৰু বিশ্লেষণ: প্ৰকৃতাৰ্থত ডিচলেক্সিয়া হ’ল শিশুসকলৰ মাজত দেখা পোৱা এক প্ৰকাৰৰ শিক্ষণ অক্ষমতা৷ এই অক্ষমতাই শিশুসকলৰ শৈক্ষিক ক্ষেত্ৰখনৰ সমান্তৰালভাৱে দৈনন্দিন জীৱনৰ কাম-কাজকো গভীৰভাৱে প্ৰভাৱিত কৰে৷ ডিচলেক্সিয়াৰ ফলত এটা শিশুৱে অধ্যয়ন কৰা কথাসমূহ আয়ত্ব কৰিব নোৱাৰাৰ পৰা আৰম্ভ কৰি সংঘটিত হোৱা একোটা কাৰ্য আৰু তাৰ মাজত থকা সময়ৰ ব্যৱধান নিৰ্ণয় কৰাত অপাৰগ হোৱালৈকে, এনে বিভিন্ন সমস্যাৰ সন্মুখীন হয়৷ মনোবিজ্ঞানীসকলৰ অনুসৰি যদিও ডিচলেক্সিয়া মানসিক ৰোগৰ শাৰীত নপৰে, কিন্তু ইয়াৰ প্ৰভাৱে শিশুৰ মানসিক স্বাস্থ্যক গভীৰৰূপত প্ৰভাৱিত কৰে৷ ডিচলেক্সিয়াত ভোগা শিশুসকলে যিহেতু দৈনন্দিন জীৱনত তেওঁলোকৰ সমবয়সীয়া আন শিশুৰ দৰে সকলো ক্ষেত্ৰতে সমানে আগবাঢ়ি যোৱাত বাধাপ্ৰাপ্ত হয়, সেয়ে এনে শিশুৰ মাজত আত্মবিশ্বাসৰ অভাৱ, হতাশা আৰু একাকীত্ববোধৰ দৰে সমস্যা পৰিলক্ষিত হয়৷

আলোচ্য চলচ্চিত্ৰখনৰ কাহিনীভাগত মূখ্য ভূমিকা পালন কৰা ঈশান অৱস্থী এই ডিচলেক্সিয়া নামৰ শিক্ষণ অক্ষমতাৰ সৈতে যুঁজ দি থকা এটা শিশু৷ ডিচলেক্সিয়াৰ প্ৰভাৱৰ ফলত ঈশানে বাৰে বাৰে প্ৰয়াস কৰাৰ পাচতো তাৰ সমবয়সীয়া আন শিশুৰ সৈতে সমানে খোজ মিলাই আগবাঢ়ি যোৱাত ব্যৰ্থ হয়, যাৰ ফলত সি প্ৰতিটো পদক্ষেপতে সমালোচনাৰ সন্মুখীন হ’ব লগা হয় ৷ সমনীয়াৰ পৰা আৰম্ভ কৰি তাৰ পিতৃ-মাতৃ তথা শিক্ষককলৈকে, সকলোৰে পৰা লাভ কৰা গৰিহণাই ঈশানৰ মানসিক স্বাস্থ্যক গভীৰভাৱে প্ৰভাৱিত কৰে৷ এই প্ৰভাৱৰ ফলত ঈশানৰ মাজত সুপ্ত হৈ থকা প্ৰতিভাসমূহৰো বিকাশৰ পথ ৰূদ্ধ হ’বলৈ আৰম্ভ কৰে৷

চলচ্চিত্ৰখনৰ কাহিনীভাগত উপস্থাপিত হোৱা এটি গুৰুত্বপূৰ্ণ দিশ হ’ল শিশুৰ মানসিক স্বাস্থ্যৰ প্ৰতি অভিভাৱকৰ দায়িত্ব আৰু দায়বদ্ধতাৰ প্ৰসঙ্গ৷ এখন প্ৰসিদ্ধ শিক্ষানুষ্ঠানত নামভৰ্তি কৰাই দিয়া আৰু নিৰ্দিষ্ট সময়ৰ অন্তত শিশুৰ শৈক্ষিক অগ্ৰগতিৰ খতিয়ানৰ হিচাপ কৰাতে অভিভাৱকৰ দায়িত্ব সমাপ্ত নহয়৷ শিশুক এক উপযুক্ত শৈক্ষিক পৰিৱেশ প্ৰদান কৰাৰ সমান্তৰালভাৱে সিহঁতৰ মানসিক স্বাস্থ্যজনিত সমস্যাসমূহৰ প্ৰতিও অভিভাৱকে গুৰুত্ব প্ৰদান কৰা উচিত৷ স্বভাৱসূলভ চঞ্চলতাৰ বাবে শিশুৱে পঢ়া-শুনা আৰু অন্য অনুশাসনমূলক কাম-কাজৰ বিপৰীতে খেলা-ধুলাৰ প্ৰতি অধিক আগ্ৰহ প্ৰদৰ্শন কৰে৷ কিন্তু এটা শিশুৱে যেতিয়া তাৰ দৈনন্দিন জীৱনৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কামসমূহ সম্পন্ন কৰাতো অসমৰ্থ হয়, সেয়া তাৰ চঞ্চলতা বা দুষ্টামি বুলি গণ্য কৰাটো এক ভুল হ’ব পাৰে৷ কিন্তু আমাৰ সমাজৰ গৰিষ্ঠ সংখ্যক অভিভাৱকেই শিশুৰ মাজত দেখা দিয়া এনে সমস্যাৰ প্ৰতি গুৰুত্বহীন মনোভাৱ প্ৰদৰ্শন কৰে৷ ‘তাৰে জমিন পৰ’ চলচ্চিত্ৰখনৰ মূখ্যচৰিত্ৰ ঈশানৰ জীৱনতো অনুৰূপ সমস্যাই সংঘটিত হোৱা দেখা যায়৷ ঈশানৰ পিতৃ নন্দকিশোৰ অৱস্থীয়ে তেওঁৰ কনিষ্ঠ পুত্ৰই ভূগি থকা সমস্যাসমূহৰ বুজ লোৱাৰ পৰিৱৰ্তে তাৰ দুৰ্বলতাক বাল্য কালৰ দুষ্টামি আৰু পঢ়াৰ প্ৰতি থকা অমনোযোগিতাৰ ফল বুলি গণ্য কৰি শাস্তিমূলকভাৱে তাক ব’ৰ্ডিং স্কুললৈ প্ৰেৰণ কৰে, যাৰ ফলত ইতিমধ্যেই অকলশৰে নিজৰ সমস্যাসমূহৰ সৈতে যুঁজি থকা শিশুটো মানসিকভাৱে অধিক নিসঙ্গ হৈ পৰে৷

ডিচলেক্সিয়াত ভোগা শিশুসকলৰ শিক্ষণ ক্ষমতাক বৃদ্ধি কৰাৰ ক্ষেত্ৰত বিশেষ যত্নৰ প্ৰয়োজন৷ এই ক্ষেত্ৰত পিতৃ-মাতৃৰ আদৰ আৰু যত্নৰ লগতে সমনীয়াসকলৰ সহযোগিতাই মহৌষধৰ কাম কৰে৷ কিন্তু চলচ্চিত্ৰখনৰ কাহিনীভাগৰ মূখ্য চৰিত্ৰ ঈশানৰ জীৱনত তাৰ সম্পূৰ্ণ বিপৰীত ঘটনাহে সংঘটিত হৈছে৷ ঈশানৰ দুৰ্বলতাক তাৰ দুষ্টামিৰ নাম দি ব’ৰ্ডিং স্কুললৈ প্ৰেৰণ কৰাৰ ফলত তাৰ একমাত্ৰ আশ্ৰয়স্বৰূপ মাকৰ মমতাভৰা ছায়াৰ পৰাও সি বঞ্চিত হৈ পৰে৷ অৱশ্যে সৌভাগ্যক্ৰমে ঈশানে অধ্যয়ন কৰিবলৈ যোৱা বিদ্যালয়খনত কলা বিষয়ৰ শিক্ষক হিচাপে যোগদান কৰা ৰামশংকৰ নিকুম্ভে ঈশানৰ সম্যস্যাৰ কথা অনুধাৱন কৰিব পাৰি তাক ক্ৰমান্বয়ে উৎসাহিত কৰিবলৈ আৰম্ভ কৰে৷ শিক্ষক ৰামশংকৰ নিকুম্ভৰ ধৈৰ্য আৰু আদৰ-যত্নত ঈশানে নিজকে পুনৰ আৱিষ্কাৰ কৰিবলৈ আৰম্ভ কৰে৷ শিক্ষক নিকুম্ভৰ সহযোগত ঈশানৰ হেৰাই যাব ধৰা সৃষ্টিশীল প্ৰতিভাই পুনৰ প্ৰাণ পাই উঠাৰ লগতে ডিচলেক্সিয়াৰ প্ৰভাৱৰ পৰাও লাহে লাহে মুক্ত হৈ ঈশান স্বাভাৱিক জীৱন যাত্ৰালৈ ঘূৰি আহিবলৈ সক্ষম হয়৷

উল্লেখ্য যে, বোলছবিখনৰ মূখ্য চৰিত্ৰ ঈশান গতানুগতিক শৈক্ষিক ব্যৱস্থাত খাপ খাবলৈ অসুবিধা অনুভৱ কৰা হেজাৰ হেজাৰ শিশুৰ প্ৰতীক৷ চলচ্চিত্ৰখনৰ কাহিনীভাগৰ মাজেৰে পৰিচালিত হোৱা ঈশানৰ জীৱন যাত্ৰাই এটা কথাকে প্ৰতীয়মান কৰে যে প্ৰতিটো শিশুৱেই নিজৰ নিজৰ প্ৰতিভাৰে একক আৰু অনন্য৷ সেয়ে তেওঁলোকৰ মাজত থকা এনে একক প্ৰতিভাসমূহক চিনাক্ত কৰি তাৰ উপযুক্ত বিকাশৰ বাবে গুৰুত্ব দিয়া উচিত৷ চলচ্চিত্ৰখনে প্ৰদৰ্শন কৰা এই পথক যদি সাৰোগত কৰা হয়, তেন্তে নিশ্চিতভাৱে ই ভাৰতীয় শিক্ষাব্যৱস্থাত এক আমূল পৰিৱৰ্তন সাধন কৰিবলৈ সক্ষম হ’ব বুলি আমি আশাবাদী৷

অনুৰূপ চলচ্চিত্ৰৰ সৈতে তুলনা: ‘তাৰে জমিন পৰ’ ৰ দৰেই শিশুৰ শিক্ষাক বিষয়বস্তু হিচাপে লৈ নিৰ্মাণ কৰা অনেক চলচ্চিত্ৰ আছে৷ সেই আটাইবোৰ আমি উপভোগ কৰিবলৈ সক্ষম হোৱা নাই যদিও আমি উপভোগ কৰা তেনে দুখন চলচ্চিত্ৰ হ’ল নীল মাধৱ পাণ্ডাৰ দ্বাৰা পৰিচালিত ‘আই এম কালাম’ আৰু আমূল গুপ্তেৰ দ্বাৰা পৰিচালিত ‘ষ্টেনলি কা ডাব্বা’৷

আই এম কালাম বোলছবিত এগৰাকী ৰাজস্থানী দৰিদ্ৰ শিশুৰ কাহিনী বৰ্ণনা কৰা হৈছে, য’ত তেওঁ ভাৰতৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি ড॰এ.পি.জে আব্দুল কালামৰ দ্বাৰা অনুপ্ৰাণিত হৈ তেওঁৰ দৰে মহান হোৱাৰ সপোন দেখিছে৷ এক দৰিদ্ৰ শিশুৰ বাবে সপোন দেখাটো সহজ, কিন্তু তাক বাস্তৱায়িত কৰাটো কঠিন৷ এনে কঠিন প্ৰত্যাহ্বান ‘ছ’টু’ নাম সেই শিশুটোৰ জীৱনলৈও আহছে যদিও অৱশেষত সেই প্ৰত্যাহ্বানক নেওচি সি বিদ্যালয়ত নাম ভৰ্তি কৰিবলৈ সক্ষম হৈছে৷ বোলছবিখনৰ কাহিনীভাগে আমাক বুজাই গৈছে যে “সকলো শিশুৱে কেৱল জ্ঞানৰ সন্ধানতেই বিদ্যালয়লৈ নাযায়, কোনোৱে নিজৰ সপোনৰ পম খেদিও বিদ্যালয়ত ভৰি দিয়ে৷”

শিশুৰ শিক্ষাৰ সৈতে জড়িত আনখন বোলছবি হ’ল - ‘ষ্টেনলি কা ডাব্বা’৷ ‘ষ্টেনলি’ নামৰ এটা অনাথ অথচ প্ৰতিভাসম্পন্ন শিশুৰ বাস্তৱ জীৱন সংগ্ৰামৰ ভিত্তিৰ বোলছবিখনৰ কাহিনীভাগ নিৰ্মিত হৈছে৷ পিতৃ-মাতৃৰ মৃত্যুৰ পাছত নিজৰ খুড়াকৰ পৰা পোৱা অকথ্য নিৰ্যাতন সহ্য কৰিও ষ্টেনলিয়ে কিদৰে নিজৰ সপোনবোৰক বাস্তৱ ৰূপ দিয়াৰ বাবে যুঁজ দিছে, তাকেই কাহিনীভাগৰ মাজেৰে প্ৰতিফলিত কৰাৰ প্ৰয়াস কৰা হৈছে৷

উল্লেখ্য যে এই দুয়োখন চলচ্চিত্ৰই নিজা কাহিনীৰ বাবে দৰ্শক আৰু সমালোচকসকলৰ দ্বাৰা উচ্চ প্ৰশংসিত যদিও তুলনামূলক দৃষ্টিৰে চাবলৈ গ’লে ‘তাৰে জমিন পৰ’ বোলছবিৰ কাহিনীভাগ দুয়োখনৰ তুলনাত অধিক সবল৷ তদুপৰি অভিনয়ৰ ক্ষেত্ৰতো মূল চৰিত্ৰত অভিনয় কৰা শিশুশিল্পী দৰ্শিল চাফাৰীৰ অভিনয় একক আৰু অনন্য৷ ‘তাৰে জমিন পৰ’ বোলছবিখনত প্ৰকাশিত আবেগৰ গভীৰতাই দৰ্শকক আন দুখন বোলছবিতকৈ অধিক প্ৰভাৱিত কৰিছে৷ তদুপৰি উক্ত বোলছবিখনে তুলি ধৰা প্ৰচলিত শিক্ষাব্যৱস্থাৰ প্ৰতি এক সমালোচনামূলক আৰু সংস্কাৰীমনোভাৱৰ বাবে ই আন বোলছবিৰ পৰা এক পৃথক আসন লাভ কৰিবলৈ সক্ষম হৈছে৷

দৰ্শক আৰু পৰামৰ্শ: তাৰে জমিন পৰ’ শীৰ্ষক বোলছবিখন সকলো শ্ৰেণীৰ দৰ্শকৰ বাবেই উপযোগী৷ বিশেষতঃ শিশু, অভিভাৱক, শিক্ষক তথা শিক্ষা ব্যৱস্থাৰ সৈতে জড়িত মনোবিজ্ঞানীসকলে এই বোলছবিখনৰ পৰা বহু তথ্য আহৰণ কৰিব লগা আছে৷ বোলছবিখনৰ যি আৱেগিক অনুৰণন, সি প্ৰতিগৰাকী শিক্ষক আৰু অভিভাৱকৰ হৃদয় স্পৰ্শ কৰব পাৰিব বুলি আশা কৰিব পাৰি৷

শিশু উপযোগী বোলছবি হিচাপে প্ৰতিগৰাকী সচেতন অভিভাৱকে নিজৰ শিশুক এই বোলছবিখন উপভোগ কৰিবলৈ পৰামৰ্শ দিব পাৰে৷ তদুপৰি বিদ্যালয়সমূহেও শিশু দিৱসৰ দৰে বিশেষ দিনত শিক্ষাৰ্থীসকলৰ সুবিধা হোৱাকৈ এই বোলছবিখনৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰিব পাৰে৷

আমিৰ খানৰ দ্বাৰা পৰিচালিত ‘তাৰে জমিন পৰ’ এখন গভীৰভাৱে আৱেগিক সামাজিকভাৱে গুৰুত্বপূৰ্ণ বোলছবি৷ বোলছবিখনে প্ৰচলিত শিক্ষাব্যৱস্থাত থকা আসোঁৱাহসমূহ উজাগৰ কৰাৰ লগতে শিশুৰ প্ৰতি শিক্ষক আৰু অভিভাৱকসকলৰ থাকিবলগা দায়িত্ব আৰু দায়বদ্ধতাৰ সম্পৰ্কেও আলোকপাত কৰিছে৷ এক ব্যতিক্ৰমী চিন্তাৰে পৰিচালিত হোৱা এই বোলছবিখন সামাজিক দায়বদ্ধতাৰ দিশটোৰ পৰা ভাৰতীয় বোলছবিৰ জগতখনত চিৰদিনৰ বাবে এক ‘মাইলৰ খুঁটি’ হৈ ৰ’ব৷

       বোলছবিখনৰ কাহিনী, অভিনয়, দৃশ্যগ্ৰহণ, শব্দ আৰু সংগীত, চিত্ৰনাট্য আদি সকলো দিশলৈ লক্ষ্য কৰি আমি ১০ ৰ ভিতৰত ৯ সূচকাংক প্ৰদান কৰিম৷

***

লেখকৰ ঠিকনা:

গৱেষক, অসমীয়া বিভাগ

কুমাৰ ভাস্কৰবৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ