(পাৰ্বতিপ্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ)
নিজৰা ৰাজকুমাৰী
এই সময় জুবিনময়৷ কাণত আৰু বুকুত বাজি আছে জুবিনৰ গীত আৰু মাত৷ দোকান-পোহাৰ, মানুহৰ ঘৰৰ পৰা ভাহি আহিছে জুবিনৰ কণ্ঠ৷ জুবিনৰ নতুন-পুৰণি গীতবোৰ মানুহে এনেদৰে শুনি আছে– যেন জুবিনবিহীন দুখৰ সময়খিনিক গীতৰ চকুলোৰে নিচুকোৱাহে হৈছে৷ জুবিনে গোৱা বুলি পাহৰি যোৱা বহু পুৰণি গীতো এইকেদিন য’ত-ত’ত নেৰানেপেৰাকৈ শুনি আছো৷ সমগ্ৰ অসম আজি জুবিনৰ সংঙ্গীতেৰে সিক্ত৷ ন-কৈ উলিয়াই লৈছোঁ জুবিনে বিভিন্ন চিনেমাৰ বাবে কণ্ঠদান কৰা গীতবোৰ৷ যোৱা সংখ্যাৰ ‘অন্যযুগ’ত মোৰ ধাৰাবাহিক লেখাটোৰ শেষত যিখন চিনেমাৰ কথা কৈছিলোঁ সেইখন আছিল অসমীয়া ছুপাৰহিট চিনেমা অশোক কুমাৰ বিষয়াৰ ‘যৌৱনে আমনি কৰে’ (মুক্তি- ১৯৯৮)৷ এইখন চিনেমাৰ বাবে হেমন্ত দত্তৰ কথাৰে জুবিন গাৰ্গে গাইছিল— বুকু দুৰু দুৰু/ লাগে কিয় বাৰু/ ইছাটি বিছাটি গা/ এটি পৰশেৰে ভেটা ভাঙি প্ৰেমে/ কলিজা চুলে মোৰ চা চা চা/ নাছিলো ভবা সপোনতো মই/ তুমি মই দুয়ো মিলি যাম/ শুনা অ’ আকাশ/ শুনা অ’ বতাহ/ শুনা বৈ থকা নৈ/ নুবুজাকৈ হঠাতে/ মৌমিঠা চুমাৰে ক’লে যে হিয়াৰ কথা/…
১৯৯৮ চনত নিৰ্মিত আন এখন চিনেমা জাহ্নু বৰুৱাৰ ‘কুশল।’ কুশল কোঁৱৰৰ চৰিত্ৰটিত অভিনয় কৰিছিল সঞ্জীৱ সভাপণ্ডিতে৷ এই চিনেমাখন সম্পৰ্কত চিনেমা সমালোচক মনোজ বৰপূজাৰীয়ে কোৱা কিছু কথা ইয়াত তুলি দিলোঁ— নাটকীয়তাৰ অৱদমিত প্ৰকাশেই ইয়াত অভিনয়ৰ কৌশল৷ আনকি কেমেৰাও খুব কমেইহে বৰ্হিদৃশ্যলৈ গৈছে৷ ফলস্বৰূপে ছবিখন দৃশ্যাবদ্ধ নাটকৰ পৰা বেছি দূৰলৈ যোৱা নাছিল৷ অন্যায়ভাৱে ত্ৰুটিযুক্ত বিচাৰেৰে কুশল কোঁৱৰক ফাঁচি দিয়ালৈকে কেতবোৰ ডিটেইলছৰ প্ৰয়োজনক চিত্ৰনাট্যত গুৰুত্ব দিয়া নাছিল পৰিচালকে৷… সাধাৰণতে জাহ্নু বৰুৱাৰ ছবিত শীৰ্ষবিন্দুৰ ( climax) এটা নাটকীয়তা থাকে, কিন্তু ‘কুশল’ত তেওঁ এই পৰিচিত বৈশিষ্ট্য পৰিত্যাগ কৰে, লগতে তেওঁৰ ছবিত প্ৰায়ে প্ৰয়োজনাধিক হৈ পৰা কমিক ৰিলিফৰ পৰাও ছবিখন বহুখিনি আঁতৰি আছিল৷
১৯৯৯ চনত আহিল মঞ্জু বৰাই স্বাধীনভাৱে নিৰ্মাণ কৰা তেখেতৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘৰ চিনেমা ‘বৈভৱ’ (ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা-স্পেচিয়েল মেনশ্যন)৷ ‘বৈভৱ’ৰ চিনেমাট’গ্ৰাফাৰ মৃণালকান্তি দাস আৰু সম্পাদনা এ শ্ৰীকৰ প্ৰসাদ— যি দুজনৰ নাম চলচ্চিত্ৰকাৰ হিচাপে নিজৰ যাত্ৰাৰ কথা কওঁতে মঞ্জু বৰাই কৃতজ্ঞতাৰে উল্লেখ কৰি আহিছে৷ ‘বৈভৱে’ৰে মঞ্জু বৰাই অসমীয়া চিনেমাৰ জগতখনলৈ সম্ভাৱনাৰ বাৰ্তা কঢ়িয়াই আনিছিল৷ ১৯৯৯ চনত গৌতম বৰাই নিৰ্মাণ কৰিছিল ক’পিং উইথ কেটাছট্ৰফী৷ জনপ্ৰিয় ধাৰাৰ চিনেমা অশোক কুমাৰ বিষয়াৰ ‘বুকুৰ মাজত জ্বলে’ মুক্তি পাইছিল ১৯৯৯ চনৰ শেষৰ ফালে৷ চিনেমাখনৰ সঙ্গীত দিছিল চাৰু গোঁহাই, জিতুল সোনোৱাল, ভূপেন উজীৰ, জয়ন্ত দাস আৰু অশোক কুমাৰ বিষয়াই৷ কবিতা কৃষ্ণমূৰ্তিয়ে গাইছিল— বুকুৰ মাজত জ্বলে কলিজাৰ সোণ/ মনৰ আকাশৰে তুমি মোৰ জোন/ দূৰে দূৰে থাকিও ইমান কাষত/ আছা যে লুকাই তুমি হিয়াৰ মাজত/ সপোনত ঘনে ঘনে ভূমুকি মাৰা/ কিয় আহি মনে মনে আমনি কৰা/…৷ জুবিন গাৰ্গ আৰু মহালক্ষ্মী আয়াৰে গাইছিল— তুমিয়ে দিলাহি মিঠাকৈ চেনাই/ অ’ মৰমৰ বতৰা/ বোৱালা বুকুৰে মাজতে/ পিৰীতিৰ নাচনী নিজৰা/ অ’ প্ৰিয়া তুমিয়ে ক’লা/ ফুলিছে মৰমবোৰ ফুলক না/ তুমিয়ে দিলাহি/ ৷ ‘বুকুৰ মাজত জ্বলে’-ৰ বাবে অপূৰ্ব বেজবৰুৱাই লিখা গীত এটি হেমা সৰদেশায়েও গাইছিল৷ গীতসমূহত উদিত নাৰায়ণ, মিতালী চৌধুৰী, শান্তা উজীৰেও কণ্ঠদান কৰিছিল৷ চিনেমাখনত অভিনয় কৰিছিল নিকুমণি বৰুৱা, বৰষাৰাণী বিষয়া, নিপন গোস্বামী, হিৰণ্য ডেকা, অংকুৰ বিষয়া, মৃদুল ভূঞা আদিয়ে৷ ২০০০ চনত হেমন্ত দাসে নিৰ্মাণ কৰিছিল তথ্যচিত্ৰ কৈহাটীৰ ঢুলীয়া৷ বিষয় আছিল কামৰূপীয়া ঢুলীয়া মোহন ভাইৰা৷ এইটো বছৰতে আহিল জাহ্নু বৰুৱাৰ চিত্ৰনাট্য-সংলাপ আৰু পৰিচালনাৰে ‘পখী’৷ ‘পখী’ ইণ্ডিয়ান পেনোৰামাত প্ৰদৰ্শিত হোৱাৰ লগতে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাৰ ৰজত কমল লাভ কৰিছিল৷ ‘পখী’ত অভিনয় কৰিছিল বিষ্ণু খাৰঘৰীয়া, বীণা পটঙ্গীয়া, ৰাজীৱ ক্ৰ’ আদিয়ে৷
২০০০ চনতেই অংকন ফিল্মছ নিবেদিত মুন্না আহমেদৰ ‘জোন জ্বলে কপালত’ মুক্তি পালে৷ কাহিনী-চিত্ৰনাট্য আৰু সংলাপ শম্ভ গুপ্তৰ৷ অভিনয় কৰিছিল নিপন গোস্বামী, বৰষাৰাণী বিষয়া, তৃষা শইকীয়া, দেৱজিত মজুমদাৰ, লিপিকা বৰা মেধি, দ্বিজেন্দ্ৰ মোহন শৰ্মা আদিয়ে৷ সম্প্ৰতি চিনেমাখন য়ুটিউবত উপলব্ধ৷ এইখন চিনেমাৰ বাবে বুবুল শৰ্মাৰ কথাৰে জুবিন গাৰ্গ আৰু তৰালি শৰ্মাই গাইছিল— ৰূপহী ৰঙে দৈ/ ক’তেনো আছা ৰৈ/ বুকুতে বান্ধি লৈ চেনেহ ভৰা নৈ/ মৰম একাঁজলি লৈ আহাঁ তুমি কাষলৈ/ কিনো মোহনীয়া/ সাতো বৰণীয়া/…৷ ‘জোন জ্বলে কপালত’-ৰ বাবে জুবিন গাৰ্গে (তৰালি শৰ্মা, কৃষ্ণমণি নাথৰ সৈতে) কণ্ঠদান কৰা আন এটি গীত আছিল— মাটিৰে সৰগ ৰচোঁ এই সোণালী ধৰাত/ হাঁহি হাঁহি চকুলো মচি/ আইৰ মৰমী পঁজাত/ জীৱনৰে যত আশা/ দিলে আহি দেখা/ দুখৰে দিন হ’ব বিলীন/ নাইযে একো বাধা…৷ জয়ন্ত দাসে সঙ্গীত দিয়া চিনেমাখনৰ গীতসমূহত মহালক্ষ্মী আয়াৰ, বাবুল সুপ্ৰিয়, ছান, জয়ন্ত দাস, আদিয়েও কণ্ঠদান কৰিছিল৷
২০০১ চন৷ এই সময়খিনিৰ আগে পাছে কেইবাখনো মনোৰঞ্জনধৰ্মী
চিনেমাই মুক্তি পালে৷ আমি অভিনেতা হিচাপে চিনি পোৱা তৌফিক ৰহমানে চিত্ৰনাট্য ৰচনা কৰি
পৰিচালনা কৰিলে ‘এই মৰম তোমাৰ বাবে’৷ সেৱাব্ৰত বৰুৱাৰ কাহিনীৰে নিৰ্মিত ‘এই মৰম তোমাৰ
বাবে’-ত অভিনয় কৰিছিল যতীন বৰা, প্ৰস্তুতি পৰাশৰ, বিজু ফুকন, মৃদুলা বৰুৱা, তৌফিক ৰহমান,
হিৰণ্য দাস আদিয়ে৷ সঙ্গীত দিছিল ভূপেন উজীৰে৷
(ক্ৰমশঃ)
