অন্যযুগ/


উইপ্লাশ্ব

 নিজৰা ৰাজকুমাৰী


 

The Obsession to be perfect  - নিখুঁত হ’বলৈ, চূড়ান্ত দক্ষতা অৰ্জন কৰিবলৈ আপুনি কিমান পৰিশ্ৰম কৰে? পৰিশ্ৰমৰ সলনি আমি বলিয়ালি শব্দটোও ব্যৱহাৰ কৰিব পাৰোঁ, যদিহে আমি ডেমিয়েন চেজেলৰ উইপ্লাশ্ব নামৰ চিনেমাখন চাই আছোঁ বা চাই উঠিছোঁ৷ সংগীতৰ প্ৰশিক্ষক টেৰেন্স ফ্লেচাৰৰ নিয়মানুবৰ্তিতাই মোক মুগ্ধ কৰিবলৈ ধৰোতেই দেখিলো ছাত্ৰসকলৰ প্ৰতি তেওঁৰ অত্যন্ত কঠোৰ ব্যৱহাৰ৷ অশ্লীল মাত-কথাৰতো সীমা-সংখ্যা নাই৷ অথচ চিনেমাখনত সংগীতেই সংগীত৷ সংগীত আৰু অভব্য আচৰণ-গালি-গালাজ! কিমান বিপৰীতমুখী কথা নহয়নে? কিন্তু নিখুঁত হ’বলৈ কঠোৰ পৰিশ্ৰমতো কৰিবই লাগিব৷ অপমান-অভিযোগ-ছাত্ৰৰদ্বাৰা নিৰ্যাতনৰ পাছতো টেৰেন্স ফ্লেচাৰ যেন এক আশ্চৰ্য৷ ফ্লেচাৰৰ কঠোৰ ব্যৱহাৰত হতাশগ্ৰস্ত হৈ ইতিমধ্যে এজন ছাত্ৰই আত্মহত্যা পৰ্যন্ত কৰিছে৷ নিজৰ ব্যৱহাৰৰ দোষতেই বিখ্যাত সংগীত দলৰ প্ৰশিক্ষকৰ চাকৰিও তেওঁ হেৰুৱাইছে৷ অনবদ্য অভিনয়েৰে এনে এটা উগ্ৰ, বাহিৰৰ পৰা দেখি একো অনুমান কৰিব নোৱাৰা জটিল চৰিত্ৰটোক বিশেষ কৰি তুলিছে প্ৰখ্যাত আমেৰিকান অভিনেতা জে কে ছিমনছ্‌-য়ে৷ দুই শতাধিক চিনেমা, টেলিভিশ্বনৰ অনুষ্ঠানত অভিনয় কৰা প্ৰায় সত্তৰ বছৰীয়া অভিনেতাজনে উইপ্লাশ্বৰ বাবে লাভ কৰিছে শ্ৰেষ্ঠ সহঅভিনেতাৰ অস্কাৰ, লগতে বাফটা, গোল্ডেন গ্লোবকে ধৰি প্ৰায় দুকুৰি পুৰস্কাৰ৷ যোৱাবছৰৰ অস্কাৰতো জে কে ছিমনছ্‌-য়ে বিয়িং দ্য ৰিকাৰ্ডোছ নামৰ চিনেমাখনত কৰা অভিনয়ৰ বাবে মনোনয়ন লাভ কৰিছিল৷ উইপ্লাশ্বৰ দৰ্শকৰ মনোযোগ কাঢ়ি ছিমনছ্‌ য়ে চিনেমাখনকে এক অন্য মাত্ৰা দিলে৷

জাজ ড্ৰামাৰ এণ্ড্ৰিউ নেইমান বিখ্যাত ছেফাৰ কনজাৰভেটৰিৰ ড্ৰামাৰ৷ সংগীতৰ অন্য ছাত্ৰসকলৰ তুলনাত যেন সি কিছু ভিন্ন৷ নেইমানৰ লক্ষ্য-উদ্দেশ্য কেবল গ্ৰুপটোত বজাই থকাটোৱে নহয়, সি সংগীতৰ ক্ষেত্ৰখনত আনে নকৰা কিছু কাম কৰি যাব খোজে৷ পিছে ছেফাৰ কনজাৰভেটৰিৰ কণ্ডাক্টৰ টেৰেন্স ফ্লেচাৰৰ লগত তাৰ অহৰহ প্ৰত্যক্ষভাৱে নাইবা পৰোক্ষভাবে এখন যুদ্ধ চলি থাকে৷ নেইমানলৈ চাই ফ্লেচাৰে ডিঙিৰ শিৰ ফুলাই চিঞৰে— I'm gonna gouge out your motherfucking eyes মাজে মাজে ভীষণ অসহায় হৈ পৰে নেইমান৷ “এয়াই কেৰিয়াৰৰ টাৰ্ণিংপইন্ট”-বুলি বা “এইবাৰ ছেফাৰ কনজাৰভেটৰিৰ ক’ৰ টীমত স্থান পোৱাটো নিশ্চিত” বুলি যি মুহূৰ্ততে সি সকাহৰ হাঁহি এটা মাৰিছে, ঠিক তাৰ কেইটামান মুহূৰ্তৰ পাছতে সকলো খেলিমেলি হৈ গৈছে৷ আঙুলি চিঙি যোৱাকৈ নেইমানে বাদ্যযন্ত্ৰ বজাইছে, যন্ত্ৰণা কমাবলৈ ওচৰত ৰাখি লৈছে বৰফভৰ্তি পাত্ৰ৷ অনুশীলনৰ নামত দিনৰাতি একাকাৰ কৰি দিছে৷ অনুষ্ঠান কৰিবলৈ গৈ কাণেৰে তেজবোৱাকৈ দুৰ্ঘটনা ঘটি গৈছে, তথাপিও সি বজাইছে৷ অথচ সফলতা নাহে হে নাহে, টেৰেন্স ফ্লেচাৰ সন্তুষ্ট নহয় হে নহয়৷ দলৰ সকলোৰে সমূখত ফ্লেচাৰে নেইমানৰ গালত চৰিওৱাৰ উপৰি চিঞৰি উঠিছে – “you are a worthless, friendless, faggot lipped piece of shit”, কেতিয়াবা কৈছে-- “you never earned anything. You are a self-righteous prick.”৷ অশালীন ভাষা অবিহনে ফ্লেচাৰ যেন আধৰুৱা৷


কম বয়সীয়া পৰিচালক ডেমিয়েন চেজেলে ‘উইপ্লাশ্ব’ নামৰ এখন চুটি ছবি নিৰ্মাণ কৰিছিল৷ এই চুটি ছবিখনকে আধাৰ কৰি পৰৱৰ্তী সময়ত চেজেলে নিৰ্মাণ কৰিলে পূৰ্ণ দৈৰ্ঘ্যৰ চিনেমা ‘উইপ্লাশ্ব’৷ ২০১৪ চনৰ আৰম্ভণিতে চানডান্স চলচ্চিত্ৰ মহোৎসৱত ‘উইপ্লাশ্ব’ৰ প্ৰথম দৰ্শনী অনুষ্ঠিত হ’ল আৰু পুৰস্কৃতও হ’ল৷ মুক্তিৰ পাছতেই দৰ্শক-সমালোচকৰ দ্বাৰা সমাদৃত হোৱাৰ লগতে উইপ্লাশ্ব ব্যৱসায়িকভাৱেও সফল হ’ল৷ অস্কাৰকে ধৰি বিভিন্ন সন্মানীয় প্ৰতিযোগিতাত শ্ৰেষ্ঠ চিনেমা, শ্ৰেষ্ঠ সম্পাদনা, শ্ৰেষ্ঠ চিত্ৰনাট্য, চাউণ্ড মিক্সিং, আদিকে ধৰি বহুকেইটা শিতানত চিনেমাখন মনোনীত তথা পুৰস্কৃত হ’ল৷ শ্ৰেষ্ঠ সহঅভিনেতাৰ সন্মানৰ লগতে ‘উইপ্লাশ্ব’লৈ শ্ৰেষ্ঠ সম্পাদনা আৰু চাউণ্ড মিক্সিঙৰো অস্কাৰ আহিল৷ লগতে ক্ৰিটিকছ্‌ চয়ছ, গোল্ডেন গ্লোব, স্ক্ৰীণ এক্টৰছ্‌ গীল্ড আদিৰ বঁটা-সন্মানেৰেও চিনেমাখন সমৃদ্ধ হ’ল৷ চলচ্চিত্ৰ ৰসিকৰ মনত থাকি গ’ল ডেমিয়েন চেজেলৰ পৰিচালনা তথা জে কে ছিমনছ্‌ (ফ্লেচাৰ) আৰু টেলাৰ (এণ্ড্ৰিউ নেইমান)-ৰ অভিনয়৷

প্ৰশিক্ষক টেৰেন্স ফ্লেচাৰৰ স্বভাৱৰ পৰিৱৰ্তন হ’ল নে? ছাত্ৰক হতাশগ্ৰস্ত কৰি আত্মহত্যালৈও আগবঢ়াই নিয়া উগ্ৰ ফ্লেচাৰৰ চৰিত্ৰৰ পৰিৱৰ্তন সম্ভৱনে? আৰু ইতিহাসৰ শ্ৰেষ্ঠতম ড্ৰামাৰসকলৰ এজন বাৰ্ণাৰ্ড ৰিচ্চৰ দৰে কালজয়ী সংগীত দি থৈ যাব খোজা এণ্ড্ৰিউ নেইমানৰ কি হ’ল? ‘উইপ্লাশ্ব’ৰ বুদ্ধিদীপ্ত সমাপ্তিক পাহৰিব নোৱাৰিম৷ ৰাজহুৱা মঞ্চত আনে বুজিব নোৱাৰাকৈ ছাত্ৰ আৰু শিক্ষকৰ প্ৰচণ্ড মানসিক যুদ্ধ চলি আছে৷ যুদ্ধক্ষেত্ৰ এৰি এবাৰ নেইমান উঠিও গৈছিল৷ কিন্তু সি হাৰিব নোখোজে৷ মঞ্চৰ সেই তীব্ৰতা মাথোঁ অনুভৱহে কৰিব পাৰি৷ দুয়োৰে দ্বন্দ্বই চুড়ান্ত পৰ্যায় পোৱাৰ পাছত নেইমাৰৰ সুৰে ভিন্ন গতি লৈছে৷ ফ্লেচাৰ শান্ত হৈ আহিছে৷ এটাও সংলাপ নথকা এই দীঘলীয়া দৃশ্যক মই চলচ্চিত্ৰ মাধ্যমটোৰ প্ৰতি পৰিচালক-চিত্ৰনাট্যকাৰৰ চূড়ান্ত শ্ৰদ্ধা প্ৰদৰ্শন বুলি ক’ম৷ অভিনেতাৰ চকু-মুখ আৰু কেমেৰাৰ ভাষা যেতিয়া ইমান শক্তিশালী তেতিয়া জানো বচনৰ প্ৰয়োজন আছে!

***


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ