প্ৰীতিৰেখা নেওগ
কামত ব্যস্ত হৈ থকা সত্তেও তাইৰ মনৰ ভয় আৰু আশংকাই নীৰৱে এক অস্বস্তিৰ ঢৌ সৃষ্টি কৰি তাইক বাৰে বাৰে অশান্ত কৰি তুলিছে৷ তাইক দেখি দীপাই চিন্তিত কণ্ঠৰে ক'লে - “আজি তোক দেখিবলৈ বৰ বেয়া লাগিছে৷ ডিঙিৰ হাড়বোৰো ওলাই আহি বাদুলিৰ দৰে দেখা গৈছে৷” শনিবাৰৰ দিনটোতো ভিক্টোৰিয়াৰ কামৰ পৰা এক মুহূৰ্তও আহৰি নাই৷ তাইৰ কতৰ্ব্যনিষ্ঠা আৰু ধাউতিৰ ওপৰত বিশ্বাস ৰাখি জিনাই সকলো দায়িত্ব তাইৰ হাতত অৰ্পণ কৰি অভিভাৱকৰ মিটিংখনলৈ নিচিন্তে যাব পাৰিছে৷ কোনো দিনে বিউটি পাৰ্লাৰত প্ৰৱেশ কৰি নোপোৱা প্ৰায় পঞ্চাছৰ ঊৰ্ধ্বৰ মহিলাগৰাকীয়ে চুলিত ৰং সানিবৰ বাবে ডাঙৰ আইনাৰ সন্মুখত বহি কৈছে, “মোৰ ছোৱালীজনী অষ্ট্ৰেলিয়াত থাকে, প্ৰথমবাৰ অকলে ইমান দূৰলৈ যাম, তাই বৰকৈ মোক কৈ আছে ইয়ালৈ আহিবলৈ৷” ভিক্টোৰিয়াই মহিলাগৰাকীক উদ্দেশ্যি কৈছে, “খুৰী আপুনি সদায় শাৰী পিন্ধে? ইমান দূৰলৈ যোৱাৰ কথা, চেলোৱাৰ পিন্ধিলে আপোনাৰ সুবিধা হব৷” উত্তৰত মহিলাগৰাকীৰ ভাষ্য “ইচ্ছা থাকিলেই জানো সকলো পোৱা যায়৷ মোৰ সদায় ইচ্ছা আছিল, কিন্তু তেখেতে ভাল নাপায়, এইবিলাকক অশ্লীল হিচাপেহে গণ্য কৰে৷” দীপা, আন এগৰাকী মহিলা, পেছাত ফাৰ্মাচিষ্ট, কথাৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব পৰা স্বাধীন মনা, শহুৰেক ICU-ত চিকিৎসাধীন হৈ থকাৰ সময়তে লুকাই চুৰকৈ ভায়েকৰ বিয়াৰ বাবে ফে’চিয়েল কৰাবলৈ আহিছে৷ ৰ’জি, ইটাভাটাত কৰ্মৰত নিম্নবৰ্গৰ এগৰাকী মহিলা, বাৰ বছৰ ধৰি স্বামী শাৰীৰিকভাৱে অক্ষম৷ প্ৰখৰ ৰদৰ তাপত শ্ৰমদান কৰা মহিলাগৰাকীয়ে মাহেকত এবাৰ হ’লেও সৌন্দৰ্য চৰ্চাৰ বাবে সুযোগ উলিয়ায়৷ ৰ’জিৰ মন্তব্য, “দেখাত ধুনীয়া নহ’লে আমাক মানুহে সন্মান নকৰে৷” কামৰ মাজতে সুৰুঙা বুজি ম’বাইলটো পৰীক্ষা কৰি ভিক্টোৰিয়া চিন্তিত হৈ পৰিছে৷ দীপাক ৱেক্সিং কৰাৰ মুহূৰ্তত দেউতাকে তাইৰ ওপৰত শাৰীৰিক প্ৰহাৰ কৰাৰ অনুভূতিয়ে তাইক শিহৰিত কৰি তুলিছে৷ প্ৰায় ২৪/২৫ বছৰীয়া খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বীৰ ভৰ যৌৱনত ভৰি দিয়া অন্য এক ধৰ্মীয় যুৱকৰ লগত সম্বন্ধ থকা ভিক্টোৰিয়া বৰ্তমান এখন লেডিজ বিউটি পাৰ্লাৰত কৰ্মৰত৷ কামত অতি পাৰ্গত ভিক্টোৰিয়া আজি প্ৰেমৰ সম্পৰ্কৰ বাবে দেউতাকে তাইৰ ওপৰত চলোৱা শাৰীৰিক আৰু মানসিক অত্যাচাৰৰ পৰা মুক্তি পাবৰ বাবে প্ৰেমিক প্ৰজিশ (Prajeesh)ৰ লগত পলাই যোৱাৰ প্ৰস্তুতি চলাইছে৷ কিন্তু বাস্তৱত ই সম্ভৱ হৈ উঠিবনে? ভিক্টোৰিয়াৰ এই সিদ্ধান্ত শুদ্ধনে? কৰিবনে প্ৰজিশে এই ক্ষেত্ৰত ভিক্টোৰিয়াক পূৰ্ণ সমৰ্থন? ভিক্টোৰিয়াৰ মন- মস্তিষ্কত একাধাৰে চলি থকা বিবেক আৰু আৱেগৰ যুদ্ধখনৰ লগতে প্ৰত্যেকগৰাকী মহিলাৰ জীৱনত বিভিন্ন ধৰণে প্ৰভাৱ বিস্তাৰ কৰা পিতৃতান্ত্ৰিক মতাদৰ্শৰ এক সূক্ষ্ম পৰ্যবেক্ষণৰ নিখুঁত প্ৰতিফলন দাঙি ধৰিবলৈ চেষ্টা কৰা চলচি্চত্ৰ নিৰ্মাতা Sivaranjini-ৰ সম্পাদনা আৰু পৰিচালনাৰে 2024 চনত নিৰ্মিত Kerala State Film Development Corporation ৰ দ্বাৰা প্ৰযোজিত মালায়ালাম ভাষাৰ ছবি “ভিক্টোৰিয়া” (Victoria)৷
বিষয়বস্তুৰ ফালৰ পৰা ছবিখন মুখ্য চৰিত্ৰ ভিক্টোৰিয়াক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে যদিও প্ৰকৃতাৰ্থত জাতি-ধৰ্ম -বৰ্ণ নির্বিশেষে প্ৰত্যেকগৰাকী মহিলাৰ অন্তৰত সংগোপনে দোদুল্যমান হৈ থকা আৱেগ-অনুভূতিৰ বহিঃপ্ৰকাশৰ উপযুক্ত মঞ্চ হিচাপে চহৰৰ মাজ মজিয়াৰ এখন বিউটি পাৰ্লাৰক নিৰ্বাচন কৰিছে৷ সন্মুখত নিৰ্দেশাত্মক উদ্দেশ্যৰে লিখি ৰখা ‘No Entry for Men’ ফলকখন কেৱল এক সাধাৰণ সতৰ্কীকৰণ নহয়; প্ৰকৃততে মহিলাৰ জীৱনত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত পুৰুষসকলে যুগে যুগে চলাই অহা পুৰুষতান্ত্ৰিক নিয়ন্ত্ৰণৰ শাৰীৰিক আৰু মানসিক প্ৰভাৱক বিদ্ৰুপাত্মক ৰূপত উন্মোচিত কৰিছে৷ বাহ্যিকভাৱে ইয়াক পুৰুষৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ এক নিৰ্দেশ হিচাপে দেখা গ’লেও, অন্তর্লীনভাৱে সেই বাস্তৱক সূচিত কৰিছে য’ত এগৰাকী মহিলাৰ ব্যক্তিগত সত্তা, ব্যক্তিগত পৰিসৰ, স্বাধীনতা আৰু সিদ্ধান্তৰ ওপৰত পুৰুষৰ প্ৰভাৱৰ উপস্থিতি নিত্য পৰিলক্ষিত হয়৷ ইয়াৰ উপৰিও সমাজত প্ৰচলিত শ্ৰেণী বিভাজন আৰু ধৰ্মীয় গোড়ামিৰ স্পষ্ট প্ৰতিচ্ছবি দাঙি ধৰিবলৈ সক্ষম হোৱা ছবিখনত অভিনয় কৰা প্ৰত্যেকগৰাকী মহিলাৰ নিখুঁত অভিনয়ে ছবিখনক অধিক বাস্তব সন্মত কৰি তুলিছে৷ মূল নায়িকা ভিক্টোৰিয়া কৰ্মস্থলীলৈ অহাৰ যাত্ৰাত লগ পোৱা বৃদ্ধ মহিলাগৰাকীযে দিয়া ধৰ্মীয় বিশ্বাস আৰু পূজনীয় দেৱ-দেৱীক উছৰ্গা কৰিবলৈ অনা মতা কুকুৰাটোৰ বিৱৰণক অন্ধবিশ্বাস, ধৰ্মীয় গোড়ামিৰ লগতে বন্দিত্ব আৰু মুক্ত জীৱনৰ সূচকৰূপে পৰিগণিত কৰিবলৈ চেষ্টা কৰা হৈছে৷ বৃদ্ধা মহিলাগৰাকীৰ অনুৰোধত দিনটোৰ বাবে উছৰ্গিত কুকুৰাটো পাৰ্লাৰৰ ভিতৰত ৰাখিব লগা হোৱাত বন্ধনমুক্ত হোৱাত পুনৰ বন্দী কৰাৰ দৃশ্যত যি কাল্পনিক দৃশ্যৰ সংযোগ কৰা হৈছে তাত ব্যৱহৃত প্ৰত্যেকটো উপাদানেই ভিক্টোৰিয়াৰ অৱচেতন মনত চলি থকা আৱেগ-অনুভুতিৰ মনোমালিন্যৰ বিষয়ে পৰোক্ষভাৱে পৰিচালকে তুলি ধৰিবলৈ চেষ্টা কৰিছে৷ ভিক্টোৰিয়াৰ মন-মস্তিষ্কৰ কাল্পনিক দৃশ্যাংশই কেনেকৈ পিতৃতান্ত্ৰিক ব্যৱস্থাই সৰ্পিল আকৃতিৰে আৱৰি ৰাখি কেকটাছৰ কাঁইটেৰে বিন্ধি নিজম নিতাল অন্ধকাৰত অকলশৰীয়া কৰি তুলিছে তাক পৰিশীলিত নাটকীয়তাৰে উপস্থাপন কৰিবলৈ সক্ষম হৈছে৷ স্কুলীয়া ছাত্ৰীৰ দ্বাৰা পৰিবেশিত গীতৰ কথাই ছবিৰ মূল বিষয়ৰ লগত সম্পৰ্ক বজাই ৰাখিছে৷ গীতৰ কথা :
“Trapped
by laws.
In a
cage built by many hands
In
the darkness, a ray of light.....
A
new world, a new pace
Prepare to fly, my wings.”
ভিক্টোৰিয়াৰ বান্ধৱীৰ আকস্মিক আগমনে তাইক যন্ত্ৰণাক কিঞ্চিত বহিঃপ্ৰকাশৰ সুবিধা দিছে৷ বান্ধৱীৰ অভিযোগ “What is the point in marrying early? Like me you'll have to beg your husband for a small sum.” অন্যহাতে ভিক্টোৰিয়াই নিজৰ কঠোৰ শ্ৰমদানেৰে যি দুটকা উপাৰ্জন কৰিছে, কষ্টোপাৰ্জিত সেয়াও কঠোৰ দেউতাকৰ হাতত জমা দিব লগা হয়৷ আকৌ মাত্ৰ দুবছৰীয়া প্ৰেমিকৰ বাবে সৰ্বস্ব ত্যাগ কৰিবলৈ সাজু ভিক্টোৰিয়াৰ প্ৰেমিক প্ৰজীশে তাইৰ মানসিক অৱস্থা ক্ষুদ্ৰমানো অনুধাৱন কৰা পৰিলক্ষিত নহয়৷ ভিক্টোৰিয়াৰ এই মানসিক অৱস্থাক আমি মনোবিজ্ঞানৰ ভাষাত লিমাৰেন্স (limerence) হিচাপে ব্যাখ্যা কৰিব পাৰোঁ, যাৰ পৰিণতি ভিক্টোৰিয়াই অনুধাৱন কৰি প্ৰেমিক প্ৰজিশৰ লগত সম্পৰ্ক বিচ্ছিন্ন কৰিছে৷
চলচ্চিত্ৰৰ
ভাষাৰ কথা ক’বলৈ গলে পৰিচালক Sivaranjini য়ে ছবিখনত এখন মহিলা বিউটি পাৰ্লাৰত নিয়মিত
ঘটি থকা ঘটনাৱলীৰ এক জীৱন্ত অংশ অতি নিখুঁতভাৱে দাঙি ধৰিবলৈ সক্ষম হৈছে৷ উল্লেখনীয়
যে ভিক্টোৰিয়াৰ চৰিত্ৰত অভিনয় কৰা Meenakshi Jayan-য়ে চাংহাই আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ
মহোৎসৱৰ Golden Goblet for Best Actress
in Asia New Talent শিতানৰ খিতাপ পাবলৈ সক্ষম হৈছে৷ ছবিখনক জীৱন্ত ৰূপ প্ৰদান কৰিবৰ
বাবে পটভূমিত প্ৰাকৃতিকভাৱে প্ৰচলিত শব্দৰ বাদে কৃত্ৰিম শব্দৰ সংযোজন অতি সূক্ষ্ম ৰূপতহে
ব্যৱহাৰ কৰা হৈছে৷ পোহৰৰ সংযোগ মন কৰিবলগীয়া, অভিনেতাৰ মনোভাৱৰ লগত পোহৰৰ
সামঞ্জস্য অতি লক্ষণীয়৷ ভিক্টোৰিয়াই সৰুকালৰ বান্ধৱীৰ সন্মুখত হিয়া উজাৰি কন্দাৰ
ক্ষণত অকস্মাৎ বিজুলী বিচ্ছিন্ন হোৱা ঘটনাই ভিক্টোৰিয়াৰ বিষাদময় অন্তৰৰ বহিঃপ্ৰকাশ
যে অন্ধকাৰতহে সম্ভৱ তাৰ সঠিক ইংগিত প্ৰদান কৰিছে৷ এনে পোহৰৰ উপযুক্ত সংযোগ আন বহুকেইটা
দৃশ্যটো প্ৰয়োগ কৰা দেখা গৈছে৷ আনন্দ ৰবি (Anand Ravi)-ৰ তথ্যচিত্ৰধৰ্মী চিত্ৰগ্ৰহণে
ছবিখনক অধিক মাত্ৰাত জীৱন্ত ৰূপ প্ৰদান কৰিছে৷ সীমিত সময়, সীমিত অভিনেতা-অভিনেত্ৰীৰ
লগতে সীমিত খৰচত এনে এখন ফলপ্ৰসূ, মনোগ্ৰাহী কৰি প্ৰস্তুত কৰিব পৰাটো অতি লক্ষণীয়
আৰু প্ৰশংসাৰ বিষয়৷ পৰিচালকৰ মূল লক্ষ্য হৈছে একবিংশ শতিকাতো জাতি, ধৰ্ম আৰু লিংগ
বৈষম্যই কেনেকৈ সমাজক পৰিচালিত কৰাৰ লগতে মহিলাসকলৰ ব্যক্তিগত স্বাধীনতাৰ লগতে ব্যক্তিগত
আত্মপ্ৰকাশত কেনেকৈ অহৰহ হস্তক্ষেপ আৰু দমন কৰি আহিছে তাক অনুধাৱন কৰোৱা৷ প্ৰত্যেক
মহিলাই যাতে আত্মসত্তাক উপলব্ধি কৰে আৰু নিজৰ সত্তাক অটুট ৰখাত বাহাল থাকে তাকেই ছবিৰ
দ্বাৰা আহ্বান কৰা যেন বোধ হয়৷
***
ঠিকনা :
অংশকালীন অধ্যাপক, ইংৰাজী বিভাগ, দিখৌমুখ মহাবিদ্যালয়৷
দিখৌমুখ, শিৱসাগৰ৷
অসম - ৭৮৫৬৬৪
সদস্য, অসম চলচিত্ৰ
সমাজ৷
ফোন নং:
৯১০১৪১৮৭৪৪
ইমেইল:
pritineog10@gmail.com
