নিজৰা ৰাজকুমাৰী
: তুমি দৰমহা পোৱা
নাই! মানে তুমি ভোকত আছা!
: ওঁ। অলপ।
: হেভ চাম পেষ্ট্ৰি।
ৰেষ্টুৰেণ্টত, দেখাত এহাল মানুহৰ মাজত হোৱা নিচেই সাধাৰণ কথোপকথন এয়া। অথচ দুয়ো দুয়োৰে বিষয়ে
আন কথাতো বাদেই নাম পৰ্যন্ত নাজানে। মাথোঁ দুয়োৰে মাজৰ মিলটো হ’ল- দুয়ো নি:সঙ্গ।
পাছলৈ নি:সঙ্গতাই দুয়োকে কাষ চপাই আনিব খুজিছিল যদিও মানুহজনৰ সুৰাপ্ৰীতিয়ে এই
মিলনত বাধা দিলে। পিছে এসময়ত প্ৰেম সুৰাৰ উৰ্ধ্বলৈ উঠিল। সুৰাই কৰ্মক্ষেত্ৰত
সৃষ্টি কৰা বেমেজালি, অন্তহীন নি:সঙ্গতাই
হলাপ্পাৰ চকু মুকলি কৰিলে। তেওঁ প্ৰেয়সীক বিচাৰি আহিল। কিন্তু দুৰ্ভোগ ভূগিবলগীয়া
আছিল হলাপ্পাৰ। ট্ৰেইনৰ খুণ্ডাত অৰ্ধমৃত হৈ তেওঁ হস্পিটেল পালেগৈ। অৱশেষত অৱশ্যে
প্ৰেমৰেই জয় হ’ল। সুৰাৰ পৰিৱৰ্তে আঞ্জাক হলাপ্পাই জীৱনলৈ আদৰি
আনিবলৈ সৰাপাতবোৰৰ ওপৰেৰে খোজ দিলে।
ফিনলেণ্ডৰ
পৰিচালক-চিত্ৰনাট্যকাৰ আকি কাৰিছমাকিৰ শেহতীয়া চিনেমা ‘ফলেন লিভছ্’ৰ কাহিনী এয়া।
এই ৰোমাণ্টিক কমেডিখনে ২০২৩ৰ কাঁৰ ৭৬সংখ্যক চলচ্চিত্ৰ মহোৎসৱত পাম ডিঅ’ৰৰ বাবে প্ৰতিযোগিতাত
নামিছিল যদিও চিনেমাখন কাঁৰ জুৰী প্ৰাইজেৰেহে সন্মানিত হ’ল। ’ফলেন লিভছ্’ দুটি অকলশৰীয়া মানুহৰ মিলনৰ
ছবিয়েই নহয়, সম্পৰ্ক এটা গঢ় লৈ
উঠাৰ সময়ছোৱা, দুটি ভিন্ন
মানসিকতাৰ মানুহ একাত্ম হ’বলৈ যাওঁতে অহা মনোমালিন্যৰ বাধা, হেলচিংকিৰ দৰে ফিনলেণ্ডৰ জনাকীৰ্ণ মহানগৰখনত মানুহে ভোগা নি:সঙ্গতাৰো কাহিনী।
চৰিত্ৰ দুটিৰ বিষাদ-হতাশাৰ পৰিৱেশক ৰেডিঅ’ত বজা ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ
উত্তেজক অথচ বাতৰি পঢ়োঁতাগৰাকীৰ শীতল কণ্ঠই যিভাৱে তুলি ধৰিছে সেয়া নি:সন্দেহে
উপভোগ্য। পৰিচালকৰ এনে অনুভৱ বা সৃজনীশীলতাৰ বাবেই চিনেমা এখন আন বহু চিনেমাতকৈ
পৃথক হয়।
ফ্ৰেমত এটি পুৰণি
বন্ধ ঘৰৰ বগা দুৱাৰ আৰু হালধীয়া বেৰ । ৰেডিঅ’ৰ বাতৰিত ভাহি আহিছে ৰাছিয়াৰ
ইউক্ৰেইন আক্ৰমণৰ খবৰ, মিছাইল আক্ৰমণ-
যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ খবৰ। কোঠাত পৰিয়ালহীন-সঙ্গীহীন অকলশৰীয়া আঞ্জা। সঙ্গীততকৈ
বহুগুণে বেছি শক্তিশালী ৰূপত আঞ্জাৰ নি:সঙ্গতাক উপস্থাপন কৰিছে যুদ্ধৰ বাতৰিয়ে।
চিনেমাখনত কেইবাবাৰো ৰেডিঅ’ৰ বাতৰিক ব্যৱহাৰ কৰা হৈছে। প্ৰতিবাৰেই যুদ্ধৰ খবৰ।
তাতে ফিনলেণ্ড ৰাছিয়াৰ গাতে লগা দেশ। মাজে মাজে ভাব হয় ‘ফলেন লিভছ’ত এয়া দুখন দেশৰ যুদ্ধ নে এহাল মানুহৰ মানসিক যুদ্ধ নে জীৱন-জীৱিকাৰ যুদ্ধ!
আঞ্জাই কাম কৰা ছুপাৰ মাৰ্কেটখনৰ পৰা ম্যাদ উকলা খাদ্যৰ পেকেট ঘৰলৈ নিয়াৰ অপৰাধত
তাইৰ চাকৰি গৈছে, ইয়াৰ পাছৰ
কৰ্মস্থলীৰ পৰা ড্ৰাগছৰ ব্যৱসায়ৰ অপৰাধত তাইৰ বছেই আটক হৈছে। জীৱিকাৰ যুঁজত
বিধ্বস্ত ভোকাতুৰ আঞ্জাৰ জীৱনলৈ হলাপ্পা আহিছে যদিও সি যেন তাইৰ জীৱনত কেৱল
অপেক্ষাৰহে নামান্তৰ। কেৱল সুৰাৰ বাবেই ইটোৰ পাছত সিটো কাম হেৰুৱায় সি। হলাপ্পাই
তাইৰ নম্বৰ হেৰুৱাই পেলোৱাৰ পাছত সিহঁতে এদিন চিনেমা চোৱা হলটোৰ বাহিৰত আঞ্জালৈ সি
প্ৰতিদিনে অপেক্ষা কৰাৰ দৃশ্য, হলাপ্পা ৰৈ থকা
ঠাইত ঘূৰণীয়াকৈ দ’ম হৈ যোৱা চিগাৰেটৰ টুকুৰা আদিৰ দৃশ্যত সংলাপৰ প্ৰয়োজন
শেষ কৰি দিছিল পৰিচালক বা চিত্ৰনাট্যকাৰে। অপেক্ষা, প্ৰেম, একাকিত্বক ’ফলেন লিভছে’ অৰ্থপূৰ্ণভাৱে উপস্থাপন কৰিছে।
তদুপৰি চিনেমাখনত ব্যৱহৃত গীতসমূহৰ কথাংশও উপভোগ্য, পৰিৱেশ আৰু চৰিত্ৰৰ মানসিক অৱস্থাক প্ৰতিনিধিত্ব কৰিব পৰা। এটা টু শ্বটত
আঞ্জাৰ ফ্লেটৰ ছ’ফাত দূৰে দূৰে বহা হলাপ্পা আৰু আঞ্জা। আঞ্জাৰ
চকু-মুখত আগেয়ে নেদেখা হাঁহি-সন্তুষ্টিৰ ৰেশ। আঞ্জা-হলাপ্পা, লাইট আৰু দেৱালৰ পেইণ্টিংখনৰ সৈতে দৃশ্যটোৱেই মন জুৰোৱা পেইণ্টিং হৈ পৰিছে।
প্ৰথমবাৰলৈ দুয়োৰে মাজত একেলগে বহুকেইটা বাক্যৰ বিনিময় হৈছে। সুখী আঞ্জাই কৈছে—
"মই মিউজিক লগাওঁ, তুমি ইচ্ছা কৰিলে
চিগাৰেট হুপিব পাৰাঁ।” ঠিক এইখিনিতেই আঞ্জাৰ সুখৰো সমাপ্তি ঘটিছে। তাই গানৰ বাবে
ৰেডিঅ’টোলৈ আগ বঢ়োৱা আঙুলিত যুদ্ধৰ খবৰহে উঠি আহিছে। বিৰক্ত আঞ্জা ফ্ৰেমৰ বাহিৰ হৈছে
আৰু হলাপ্পাই নিজৰ জেকেটৰ পকেট খুচৰি সুৰাৰ বটল উলিয়াই আনিছে। আৰু সুৰাই ধ্বংস কৰা
পৰিয়ালৰ ছোৱালী আঞ্জাই এজন সুৰাপায়ীক সঙ্গী হিচাপে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে।
ইফালে সুৰাক এৰি হলাপ্পা এক মুহূৰ্তও থাকিব নোৱাৰে। গতিকে সেই ৰাতিয়েই মিলনৰ
পূৰ্বেই দুয়োৰে বিচ্ছেদ ঘটিছে। অৱশ্যে সেই বিচ্ছেদ স্থায়ী নহ’ল, স্থায়ী হ’ল প্ৰেমহে। শেষ দৃশ্যত হস্পিটেলৰ নাৰ্ছ এগৰাকীয়ে দিয়া
তাইৰ প্ৰাক্তন স্বামীৰ কাপোৰ এসাজ পিন্ধি হস্পিটেলৰ পৰা পেং লৈ ওলাই আহিছে
হলাপ্পা। বাহিৰত কুকুৰটোৰে সৈতে উজ্জ্বল মুখৰ আঞ্জা। নতুন জীৱন এটালৈ দুয়ো সৰাপাত
গচকি গৈ থাকোঁতে হলাপ্পাই সুধিছে কুকুৰটোৰ নাম কি! অথচ তেতিয়ালৈকে সি নাজানে তাৰ
প্ৰেয়সীৰ নামো।
‘ফলেন লিভছ’ আকি কাৰিছমাকিৰ কুৰি সংখ্যক
পূৰ্ণদৈৰ্ঘৰ চিনেমা। ড্ৰিফটিং ক্লাউডছ্, দ্য মেন উইদাউট এ
পাষ্ট, দ্য আদাৰ ছাইড অৱ হোপ আদি সমাদৃত চিনেমাৰ পৰিচালক
কাৰিছমাকিৰ চলচ্চিত্ৰীয় ভাষাৰ এটা নিজা ষ্টাইল আছে। তদুপৰি তেওঁ বিশ্বৰ
উল্লেখযোগ্য চলচ্চিত্ৰ মহোৎসৱসমূহৰ বাবেও এজন বিশেষ পৰিচালক, যাৰ চিনেমাৰ একাংশ নিজা দৰ্শক আছে। ’ফলেন লিভছ’ অসাধাৰণভাৱে ক’ব খোজা এটা সাধাৰণ
কাহিনী। ব্যক্তিগতভাৱে মই ভাবোঁ কাহিনীটোতকৈ চিনেমা এখনত পৰিচালকে একান্ত নিজা
শৈলীৰে এই “ক’ব খোজা” অংশখিনিহে বেছি গুৰুত্বপূৰ্ণ।