অন্যযুগ/


স্বৰাজোত্তৰ কালৰ অসমীয়া চিনেমা-২০

 (পাৰ্বতিপ্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ)

নিজৰা ৰাজকুমাৰী



জুবিনৰ সেই দৰদী কণ্ঠ কাণত বাজে— জেতুকা পাতৰ দৰে/ মোক বুলাই দিয়ানে……দিয়ানে! ২০১১ চনত মুক্তি পালে যদুমণি দত্তৰ চিনেমা ‘জেতুকা পাতৰ দৰে’৷ বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈ সমাদৃত হোৱাৰ লগতে বহু সাধাৰণ দৰ্শকেও ভাল পাইছিল চিনেমাখন৷ নুৰুল চুলতানে প্ৰযোজনা কৰা ‘জেতুকা পাতৰ দৰে’-ৰ চিত্ৰনাট্য আৰু সংলাপ লিখিছিল মুনীন বৰুৱাই৷ চিনেমাখনে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত আঞ্চলিক ভাষাৰ ছবিৰ শিতানত শ্ৰেষ্ঠ ছবিৰ ৰজত কমল সন্মান লাভ কৰিছিল৷ জুবিন গাৰ্গ আৰু শান্তা উজীৰে কণ্ঠদান কৰা তথা দিগন্ত ভাৰতীয়ে লিখা এটি বেছ জনপ্ৰিয় গীত আছিল— পুৱাৰ হাঁহিত চেঁচা বতাহজাকে/ দৰদী দৰদী হৃদয়ৰ খবৰ আনে/ তোমাৰ ওঁঠৰ মনৰ বাতৰিয়ে/ বৰণি বৰণি এহেজাৰ ঢৌ তোলে/ জেতুকা পাতৰ দৰে/ মোক বুলাই দিয়ানে…দিয়ানে/ থুনুক-থানাক সেই ল’ৰালি কোমল/ কতনা খেলাৰ ক্ষণ/ আজিও জীপাল/ জেতুকা পাতৰ ৰঙা ৰঙা বোল/ অকণি হাতত/ মিঠা মিঠা আদৰে দোলা দি গ’ল/ এধানি মনত/৷ বাঁহৰ কাঠীৰে বোৱা দুৱাৰ, মাটিলিপা বেৰ, খেৰেৰে বোৱা চালৰ গাঁৱৰ ঘৰৰ বাৰাণ্ডাত ৰাধাৰূপী আইমী বৰুৱা আৰু ৰাগ ঐনিতমৰ হাতত দুপিয়লা চাহ– এই পৰিৱেশত গীতটি আৰম্ভ হৈছিল৷ চিনেমাখনৰ সংগীত দিছিল পলাশ গগৈয়ে৷ চৈয়দ আব্দুল মালিকৰ একে নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত ‘জেতুকা পাতৰ দৰে’ৰ সংলাপসমূহো ভালপাইছিলোঁ৷ এটি দৃশ্যত অভিনেতা বিষ্ণু খাৰঘৰীয়াৰ মুখত দিয়া সংলাপ আছিল— মাছ খালে যদি বৰকলিতাৰ জাত নাযায়, মাছৰ কাৰবাৰ কৰিলে জাত যায় কেনেকৈ? আন এটি চৰিত্ৰৰ মুখত শুনিছোঁ— সেইটোনো কি নতুন কথাটো হ’ল ! সদায় আমাৰ মাজৰ পঢ়া-শুনা জনাবোৰেইতো আমাক ঠগি আহিছে৷ কথাটো ভাবি চোৱাচোন–আমাৰ মানুহবোৰনো কি, বোলে এগাল বাচে এগাল খায় সেয়ে আমাৰ চিৰা, এঠেং আছে এঠেং নাই সেয়ে আমাৰ পীৰা, এটিং আছে এটিং নাই সেয়ে আমাৰ নাও, দিনে-ৰাতিয়ে খৰিয়াল নুগুচে সেয়ে আমাৰ গাওঁ৷ চিনেমাখনত অভিনয় কৰিছিল বিষ্ণু খাৰঘৰীয়া, আইমী বৰুৱা, ৰাগ ঐনিতম, কপিল বৰা, অৰুণ হাজৰিকা, ভ্ৰান্তি মেধি, গুণ মহন্ত, বিকি, দিলীপ ৰঞ্জন দত্ত, জয়ন্ত ভাগৱতী, পবিত্ৰ বৰুৱা, পদ্মৰাগ গোস্বামী আদিয়ে৷ এইখন চিনেমাৰ বাবে হেমন্ত দত্তই ৰাজ্যিক চলচ্চিত্ৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ গীতিকাৰৰ পুৰস্কাৰ পাইছিল৷ অনিন্দিতা পালে গোৱা হেমন্ত দত্তই লিখা গীত এটি আছিল— বিফল চকুপানীৰে নহে শেষ/ আৰম্ভিলা যিখন নাটৰ/ সফল পৰিণতিৰে হ’ব শেষ আমাৰ এই ভাওনা/ নোপোৱাৰ উচুপনি/ হীনতাৰ অনুভূতি/ অচিৰে গুচামেই নিজে আপোনাৰ/ সফল পৰিণতিৰে হ’ব শেষ আমাৰ এই ভাওনা৷

২০০৯ চনত আহিছিল মঞ্জু বৰা আৰু ৰাজেন বৰাই প্ৰযোজনা কৰা চিনেমা ‘আই ক’ত নাই’৷ অৰুণ গোস্বামীৰ কাহিনীৰে নিৰ্মিত চিনেমাখন পৰিচালনা কৰাৰ লগতে চিত্ৰনাট্য ৰচনা কৰিছিল মঞ্জু বৰাই৷ সংলাপ কাহিনীকাৰ অৰুণ গোস্বামীয়েই লিখিছিল৷ কলা নিৰ্দেশনা ফটিক বৰুৱাৰ৷ চলচ্চিত্ৰৰ জগতখনত অসমৰ যশস্বী মহিলা পৰিচালকগৰাকীক তেখেতৰ কৰ্মৰাজিৰ বাবে সদায়েই সন্মানৰ চকুৰে চাই আহিছোঁ৷

“…আই ক’ত নাই নিৰ্মাণৰ সময়ত দুটামান বিশেষ অসুবিধাৰ সন্মূখীন হৈছিলোঁ৷ কাহিনীটোৰ মূল চৰিত্ৰ এটি ছমহীয়া শিশু৷ মাকৰ বুকুৰ গাখীৰ খাই থকা৷ এই শিশুটিক বিচাৰি উলিওৱা তাকো মাতৃৰ সৈতে, যি অভিনয় কৰিব পাৰিব একেবাৰে অদ্ভূত প্ৰত্যাশা৷ মাতৃগৰাকী যে পেছাদাৰী শিল্পী নহ’ব সেই কথা প্ৰথমৰ পৰাই মই মানি লৈছিলোঁ৷ কিন্তু তথাপিও কেমেৰাৰ আগত প্ৰত্যয় নিয়াব পৰাকৈ এটি গাখীৰ খাই থকা শিশু মাতৃৰে সৈতে বিচাৰি উলিওৱাটো আমাৰ ছবিখনৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় আৰু লগতে প্ৰত্যাহ্বানমূলক কাম আছিল৷ যি কি নহওক বৈঠালাংছুতে কাৰ্বি লাংপি নদীৰ পাৰত এগৰাকী কাৰ্বি তিৰোতা কেঁচুৱাসহ আমাৰ কলা নিৰ্দেশক ফটিক বৰুৱাই বিচাৰি উলিয়ালে৷…” — পৰিচালক মঞ্জু বৰাই কোৱা এই কথাখিনি পঢ়িছিলোঁ চিনেমাসমালোচক উৎপল দত্তৰ এখন গ্ৰন্থত৷ তাতে পৰিচালকগৰাকীয়ে উল্লেখ কৰা কথা এষাৰ ইয়াত তুলি দিয়া লোভ সামৰিব নোৱাৰিলোঁ— “মাক ললিতা, এগৰাকী সাধাৰণ কাৰ্বি তিৰোতা, ৩৫ মি:মি: কেমেৰাৰ লেন্সত বন্দী হ’ল, শিল্পী হ’লনে নাই নাজানো৷ কিন্তু মোৰ ছবিৰ সেই নগা মাকজনীৰ চৰিত্ৰটো হৈ যেতিয়া চিনেমাৰ ৰূপালী পৰ্দাত ললিতাৰ মুখখন জিলিকি উঠিল আৱেগত মোৰ চকুপানী ওলাইছিল৷ কিমান সীমাৱদ্ধতাৰ মাজত, প্ৰতিকূল পৰিৱেশত আমি কাম কৰো আৰু কত কোনোদিনে চিনি নোপোৱা ভিন্নলোকৰ নিৰৱ সহযোগত আমাৰ দৰে ছবি কৰাৰ দুঃসাহসী কামবোৰ ফলৱতী হয়!” 

গোৱা, কলকাতা, চেন্নাই, দিল্লী, মুম্বাই আদিৰ কেইবাখনো সন্মানীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈ দৰ্শকক আকৃষ্ট কৰাৰ লগতে ‘আই ক’ত নাই’ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাৰ ৰাষ্ট্ৰীয় সংহতি শিতানত নাৰ্গিছ দত্ত বঁটাৰে সন্মানিত হৈছিল৷ সীমা বিবাদৰ সৰ্বনাশী জুইত বহুত কিবাকিবি জাহ গ’লেও আইৰ মৰম জানো জাহ যাব পাৰে৷ মাতৃ মানে কেৱল মাতৃয়েই, যিয়ে কোনো দেশ-ৰাজ্য-ধৰ্ম-ভাষাৰ সীমা নামানে৷ এয়াই ‘আই ক’ত নাই’৷ ‘আই ক’ত নাই’ মুক্তিৰ সময়ত চিনেমাহলবোৰ বন্ধ হৈ হৈ অসমত হলৰ সংখ্যা দুখলগাকৈ কমি গৈছিল৷ সেয়েহে প্ৰযোজকৰ হাতলৈ একো ঘূৰি অহা নাছিল৷ চিনেমাখনে ৰাষ্ট্ৰীয় বঁটা লাভ কৰাৰ পাছত দূৰদৰ্শনৰ ৰাষ্ট্ৰীয় চ্চেনেলত সম্প্ৰচাৰ হৈহে কিছু ধন লাভ কৰিছিল৷ নাগালেণ্ডৰ অতি দুৰ্গম ঠাইতো চিনেমাখনৰ দৃশ্যগ্ৰহণ কৰা হৈছিল৷ হাজাৰ বাধা, প্ৰতিকূলতাক নেওচি মঞ্জু বৰাই চলচ্চিত্ৰ নিৰ্মাণ কৰিয়েই আছে৷ চিনেমা তেওঁৰ প্ৰেম৷

 


 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ