অন্যযুগ/


স্বৰাজোত্তৰ কালৰ অসমীয়া চিনেমা-১৯

(পাৰ্বতিপ্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ)

নিজৰা ৰাজকুমাৰী

             

জোনালী নিশা তৰা লেখি লেখি

               হ’লো মই আত্মহাৰা

               হ’লো মই আত্মহাৰা

               সেয়েহে মনৰ মুক্ত নিজৰা

               শান্তি সুষমা ধাৰা…

               মধু মালতীৰ গন্ধ

               মুক্ত বায়ু ছন্দ …

          

মালবিকা বৰাই এই গীতটি গাইছিল মই যোৱা সংখ্যাৰ 'অন্যযুগ'ত লিখিবলৈ আৰম্ভ কৰা অহিৰ ভৈৰৱ নামৰ চিনেমাখনৰ বাবে৷   

'অহিৰ ভৈৰৱ' (২০০৭) চিনেমাখনৰ মূল বিষয়বস্তু হৈছে স্কিজ’ফ্ৰেনিয়া৷ কেনেকৈ স্কিজ’ফ্ৰেনিয়া বংশগতভাৱে এটা প্ৰজন্মৰপৰা আন এটা প্ৰজন্মলৈ যায়, আৰু সামাজিকভাৱে গ্ৰহণযোগ্য নোহোৱাৰ ফলত ৰোগীয়ে জীয়াতু ভূগিবলগা হয় তাৰেই উপস্থাপন অহিৰ ভৈৰৱ৷ চিনেমাখনৰ কাহিনী অনুসৰি ৰাভিক এজন প্ৰবাসী অসমীয়া আৰু ব্ৰিটেইনৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক৷ তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ ছেমিনাৰ এখনলৈ আহি জন্মভূমি অসমলৈও আহে৷ ইয়াতে ৰাভিকৰ মনীষাৰ সৈতে চিনাকি হয়৷ দুয়ো দুয়োৰে প্ৰেমত পৰে আৰু পাছলৈ বিবাহ হয়৷ কিন্তু ৰাভিকে জনা নাছিল যে মনীষা স্কিজ’ফ্ৰেনিয়া ৰোগী৷ এই কথা ৰাভিকক মনীষাৰ পৰিয়ালেও জনোৱা নাছিল৷ সময়ত মনীষা গৰ্ভৱতী হ’ল৷ ৰাভিকে মনীষাৰ সকলো ধৰণৰ চিকিৎসাৰ ব্যৱস্থা কৰিছিল যদিও তেওঁলোকৰ সন্তান নিকিতাও স্কিজ’ফ্ৰেনিয়াত আক্ৰান্ত হ’ল৷ অৱশ্যে প্ৰথম অৱস্থাতে খুব ভাল চিকিৎসাৰ ব্যৱস্থা কৰাৰ ফলত নিকিতা যথেষ্ট আৰোগ্যও হল৷ এইখিনি সময়তে নিকিতাৰ ৰিউবেন নামৰ যুৱকজনৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিল আৰু ৰিউবেনে নিকিতাক বিয়াৰ প্ৰস্তাৱ দিলে৷ নিকিতাৰ পিতৃয়ে কিন্তু তেওঁৰ শহুৰেকৰ দৰে স্কিজ’ফ্ৰেনিয়াৰ কথা লুকুৱাই নাৰাখি ৰিউবেনক সকলো জনালে৷ এসময়ত ৰিউবেনে পাহাৰীয়া ঠাইত স্কিজ’ফ্ৰেনিয়া ৰোগীৰ বাবে ৰিহেবিলিটেশ্বন চেণ্টাৰ স্থাপন কৰিলে আৰু তাত নিকিতাৰ সৈতে দুয়োৱে সেৱা আগবঢ়াবলৈ ধৰিলে৷ অহিৰ ভৈৰৱ শিক্ষামূলক চিনেমা হিচাবে বৃটিছ ফিল্ম ইনষ্টিটিউটৰ মিউজিয়ামত সংৰক্ষিত হৈ আছে৷ ২০০৮ চনৰ নিউইয়ৰ্ক ইণ্ডেপেনডেণ্ট ইণ্টাৰনেশ্বনেল ফিল্ম ফেষ্টিভেলত অহিৰ ভৈৰৱৰ বাবে শিৱপ্ৰসাদ ঠাকুৰে লাভ কৰিছিল শ্ৰেষ্ঠ পৰিচালকৰ বঁটা৷ অহিৰ ভৈৰৱৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছিল বিদ্যুৎ চক্ৰৱৰ্তী, পূৰৱী শৰ্মা, মৃদুলা বৰুৱা, কপিল বৰা আৰু জেৰিফা ৱাহিদে৷ অতিথি শিল্পী হিচাপে অভিনয় কৰিছিল শিৱপ্ৰসাদ ঠাকুৰ, অৱনী বৰা, ইলোৰা বৰুৱা, মাধুৰীমা চৌধুৰী, মুনমী চক্ৰৱৰ্তী, গীতা লহকৰ, কিৰিপ চলিহা আদিয়ে৷ চিনেমাখনৰ দৃশ্যগ্ৰহণ বিদেশত কৰা হৈছিল যদিও ৰাভিক অসমলৈ আহি মনীষা আৰু মনীষাৰ পৰিয়ালক লগ পোৱাৰ দৃশ্যসমূহ গুৱাহাটীৰ খাৰঘূলি, উজানবজাৰ পাৰ্ক, মেঘালয়ৰ বৰাপানী আদিত শ্বুটিং কৰা হৈছিল৷ মনীষাৰ পিতৃৰ চৰিত্ৰত অভিনয় কৰা আবৃত্তিকাৰ অৱনী বৰাই পৰিচালকে দিয়া চুটি চুটি সংলাপেৰে চিনেমাৰ কাহিনীৰ বিষয়ে বিশেষ একো নজনাকৈ এই দৃশ্যসমূহত অংশগ্ৰহণ কৰিছিল বুলি কথা প্ৰসঙ্গত এবাৰ মোক কৈছিল৷ চিনেমাখনৰ আন দুটি গীত আছিল—

              

 শেৱালি ফুলৰ সুবাসে যেতিয়া

                শাৰদী সন্ধিয়া উপচি পৰে

                শুকান শীতল মলয়াছাটিয়ে

                মন কিয় মোৰ উদাস কৰে………(কণ্ঠদান-শান্তা উজীৰ)৷ 

হেমন্ত গোস্বামীয়ে লিখিছিল– কণ কণ মৌমাখি উৰি ফুৰো জাক জাক/ ৰঙে ৰসে জীৱনৰ গঢ়ো আমি মৌচাক/ মৌচাক মৌচাক/ গুণ গুণ গুণ সুৰে গীত গাওঁ/ আমি গীত গাওঁ গীত গাওঁ/ 

আইদেউ সন্দিকৈ৷ অসমীয়া চিনেমাপ্ৰেমী আৰু চিনেমাজগতখনৰ কাৰণে এই নামটো কিমান শ্ৰদ্ধাৰ বা আগ্ৰহৰ সেয়া দোহৰাৰ প্ৰয়োজন নাই৷ ২০১০ চনৰ আৰম্ভণিভাগতে মুক্তি পাইছিল অৰূপ মান্নাৰ আইদেউ৷ প্ৰথমখন অসমীয়া চিনেমাৰ অভিনেত্ৰী আইদেউ সন্দিকৈৰ জীৱন আধাৰিত চিনেমাখনৰ কাহিনী আৰু চিত্ৰনাট্যও অৰূপ মান্নাৰ৷ আবেগিক আৰু চিনেমেটিক– দুয়োটা কাৰণৰ বাবেই আইদেউ মোৰ কাৰণে এখন বিশেষভাৱে উল্লেখযোগ্য চিনেমা৷ অৰূপ মান্নাই এটা সাক্ষাৎকাৰত কৈছিল যে এক দীঘলীয়া সময়ধৰি তেখেতে চিনেমাখনৰ বাবে আইদেউ সন্দিকৈৰ সৈতে কথাবতৰা পাতি থাকিছিল৷ কানাডা, লণ্ডন, ছিংগাপুৰ, ব্ৰাজিল, ঢাকা আদিৰ ১৮ টা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ যোৱা আইদেউ-য়ে মান্নালৈ আনি দিছিল অনেক সন্মান-সমাদৰ৷ চিনেমাখন ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাৰ ৰজত কমল বঁটাৰেও সন্মানিত৷ পৰিচালকে চিনেমাখনক চিনেমাৰ ভিতৰৰ চিনেমাবুলি কৈ নাম ৰাখিছিল– আইদেউ-বিহাইণ্ড দ্য স্ক্ৰীণ৷ আইদেউৰ দিনৰ চাদৰ-মেখেলা-ব্লাউজৰ পৰা শৰাই, বানবাটিৰ হুবহু ৰূপ বিচৰিব লগা হৈছিল৷ সেই সময়ৰ জাহাজ, গাড়ীলৈকে বিচাৰাটোও আছিল আমোদজনক৷ জয়মতীৰ পৰিচালক জ্যোতিপ্ৰসাদৰ কেমেৰাটোও তৈয়াৰ কৰি ল’ব লগা হৈছিল৷ চিনেমাখনত তথ্যসমূহ সুন্দৰকৈ ৰাখিও পৰিচালকে পূৰামাত্ৰাই পৰিচালকৰ সৃষ্টিশীল স্বাধীনতাক ব্যৱহাৰ কৰিছিল, যিয়ে চিনেমাখনক মনোগ্ৰাহী কৰি তুলিলে৷ আইদেউ মুক্তিৰ সময়লৈ আইদেউ সন্দিকৈ জীৱিত অৱস্থাত নাথাকিল যদিও বাস্তৱৰ আইদেউ সন্দিকৈক চিৰদিনলৈ ধৰি ৰাখিলে অৰূপ মান্নাই৷ 

 ২০১০ চনত মুক্তি যদিও অলপ দেৰিকৈহে চাইছিলো হীৰেন বৰাৰ বসুন্ধৰা- দ্য আৰ্থ৷ এইখনৰ চিত্ৰনাট্য ৰচনা কৰিছিল হীৰেন বৰা আৰু সাগৰ সংগম চৰকাৰে৷ এয়া আছিল অসমৰ চিনাকি সমস্যা হাতী আৰু মানুহৰ সংঘাতৰ কথা৷ বসুন্ধৰা- দ্য আৰ্থো ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাৰ ৰজত কমল বঁটাৰে সন্মানিত হৈছিল৷ অভিনয় কৰিছিল বৰষাৰাণী বিষয়া, বিষ্ণু খাৰঘৰীয়া, ভ্ৰান্তি মেধি, ভগবৎ প্ৰীতম আদিয়ে৷ সংলাপ লিখিছিল হীৰেন বৰা, সাগৰ সংগম চৰকাৰ আৰু ড° বিৰিঞ্চি কুমাৰ মেধিয়ে৷ সঙ্গীত দিছিল তৰালি শৰ্মাই৷ চিনেমাখনৰ বাবে তৰালি শৰ্মাই গাইছিল—

    অবসুন্ধৰা

     জীৱন কৰিলা পৰিপূৰ্ণ

     সকলো পাহৰি তোমাক বিদাৰি

     আদৰি আনিলো দৈন্য

     কোমল ছায়াৰে শীতল কৰিলা ...

 

(ক্ৰমশঃ)

টোকা : যোৱা সংখ্যাৰ 'স্বৰাজোত্তৰ কালৰ অসমীয়া চিনেমা-১৮'-ত দীনবন্ধু চিনেমাখনৰ সংলাপ ° ভবেন্দ্ৰনাথ শইকীয়াই লিখা বুলি প্ৰকাশ পাইছে। প্ৰকৃততে ° শইকীয়াই ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে লিখা একে নামৰ  নাটকখনৰ সংলাপসমূহহে চিনেমাখনতো ব্যৱহাৰ কৰা হৈছিল। এই সম্পাদনা ত্ৰুটিৰ বাবে দুখ প্ৰকাশ কৰি সদাশয় পঢ়ুৱৈ সমাজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিছোঁ।


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ