অন্যযুগ/


চেলিন ছঙৰ পাষ্ট লাইভছ্

নিজৰা ৰাজকুমাৰী

 

 

শেষ নিশা চাৰি বজাত ৰেষ্টুৰেণ্ট এখনৰ ভিতৰত এহাল যুৱক-যুৱতীয়ে কথা পাতি আছে৷ কথা মানে সম্মুখৰ টেবুলত বহি থকা তিনিজন অচিনাকী লোকৰ মাজৰ সম্পৰ্কক লৈ অনুমান-অনুমান খেলা খেল এটা৷ 

 

-       তুমি কি ভাবাঁ– সিহঁতৰ মাজৰ সম্পৰ্কটো কি? 

 

-       নাজানো৷ 

 

-        এৰা, অনুমান কৰিবলৈ দিগদাৰ৷

 

-       মই ভাবো শ্বেতাঙ্গজন আৰু এছিয়ান ছোৱালীজনী কাপ’ল আৰু এছিয়ান যুৱকজন তাইৰ ভায়েক বা ককায়েক৷

 

-       ওঁহো, এছিয়ান দুজন কাপ’ল আৰু ইজন তেওঁলোকৰ আমেৰিকান বন্ধু৷ নাইবা, কিজানি এছিয়ান দুজন পৰ্যটক আৰু শ্বেতাঙ্গজন সিহঁতৰ টুৰিষ্ট গাইড৷ 

 

ধেমালি ধেমালিৰে আৰম্ভ হোৱা এই কথোপকথনৰ পৰা মুঠেও অনুমান কৰিব নোৱাৰি পৰৱৰ্তী সময়ত মুকলি হৈ পৰা এই দুজন এছিয়ান আৰু শ্বেতাঙ্গজনৰ মাজত থকা সম্পৰ্কৰ মেৰপাকৰ কথা৷ সঁচাকৈয়ে সম্পৰ্কৰ আঁতডাল মুকলি হৈ পৰিল জানো? ব্ৰহ্মাণ্ডৰ ৰহস্য ভেদিবলৈ চেষ্টা কৰি থকা মানৱ জাতিৰ সম্পৰ্কবোৰৰ ৰহস্য জানো আমাৰ সম্মুখত পৰিস্কাৰ হয়! চিনেমাখনৰ নাম পাষ্ট লাইভছ্৷ পৰিচালক চেলিন ছং৷ পাষ্ট লাইভছ্ ৩৬ বছৰীয়া দক্ষিণ কোৰিয়ান-কানাডিয়ান নাট্যকাৰ-পৰিচালক তথা চিত্ৰনাট্যকাৰ চেলিন ছঙৰ প্ৰথম পৰিচালিত চিনেমা৷ ইতিমধ্যে অহা মাৰ্চ মাহত অনুষ্ঠিত হ’বলগীয়া অস্কাৰত চিনেমাখনে শ্ৰেষ্ঠ চিনেমা আৰু শ্ৰেষ্ঠ মৌলিক চিত্ৰনাট্যৰ মনোনয়ন লাভ কৰিছে৷ ছানডেন্স চলচ্চিত্ৰ মহোৎসৱত প্ৰথম প্ৰদৰ্শনী অনুষ্ঠিত হোৱাৰ পাছত পাষ্ট লাইভছ্ক ২০২৩-ৰ জুন মাহত আমেৰিকাত মুক্তি দিয়া হৈছিল৷ তেতিয়াৰে পৰা দৰ্শক-সমালোচকৰ চৰ্চা লাভ কৰি আহিছে চিনেমাখনে৷ ব্যৱসায়িকভাৱেও সফল পাষ্ট লাইভছ্ নেশ্বনেল ব’ৰ্ড অৱ ৰিভিউৰ শীৰ্ষ দহখন চিনেমাৰ এখন হিচাবে পৰিগণিত হৈছে৷ চিনেমাখনৰ আৰু দুটিমান সংলাপ উল্লেখ কৰো—


-  তুমি কি একেবাৰে গুচি যাবা? আৰু কেতিয়াও উভতি নাহা?

-     ওহোঁ নাহো৷

-      কিয় গুচি যাবা?

-      কাৰণ কোৰিয়ানে সাহিত্যত ন’বেল বঁটা নাপায়৷

 

সহপাঠীৰ প্ৰশ্নৰ উত্তৰ দি থকা চটফটীয়া কিশোৰীজনীৰ কথাত এনে এক ভাব আছিল যেন তাইৰ বাবে জীৱন একেবাৰে পোন-সহজ৷ আচলতে সেয়া জটিলতা দেখা বয়সো নহয়৷ কিন্তু তাইৰ বন্ধু হে জঙ-ৰ বাবে জানো নায়’ঙাই দেশ এৰা কথাটো ইমান সহজ আছিল! নায়’ঙা বা নোৰাৰ বিদায় হৈ পৰিছিল হে জঙৰ বাবে নিৰৱ প্ৰেম আৰু অন্তহীন প্ৰতীক্ষাৰ অন্য নাম৷ সেই শান্ত, মৌন প্ৰেমৰ চোক ইমানেই বেছি আছিল যে পাষ্ট লাইভছৰ দৰ্শকৰ মন ৰেপি ৰেপি শেষলৈ দুচকু পানীৰে ভৰাই পেলাইছিল৷ পাষ্ট লাইভছক কেৱল জঙৰ প্ৰায় একপক্ষীয় শৈশৱৰ প্ৰেমৰ শক্তিশালী উপস্থাপন বুলি কৈ থ’ব নোৱাৰি৷ ভালপোৱাৰ, আবেগৰ ইমান তৰপ আৰু তৰহেৰে চিনেমাখন সিক্ত হৈ উঠিছে যে চলচ্চিত্ৰীয় অভিজ্ঞতাৰ লগতে কাহিনীৰ মাদকতাই আমাক অন্য এক জগতলৈ লৈ গৈছিল৷ দক্ষিণ কোৰিয়াত একেলগে শৈশৱ কটোৱা দুই সহপাঠী নোৰা আৰু জঙৰ দেশ সলনি হৈছিল, দুয়ো ডাঙৰ হৈ নিজৰ নিজৰ কৰ্মক্ষেত্ৰত ব্যস্ত হৈ পৰিছিল৷ জঙে কিন্তু নোৰাক পাহৰা নাছিল আৰু তাৰ অশেষ প্ৰচেষ্টাৰ পাছত দুখন ভিন্ন দেশত থাকিও ভিডিঅকলৰ জড়িয়তে দুয়োৰে মাজত সংযোগ স্থাপন হৈছিল৷ জং আছিল ছিউলত আৰু নোৰা নিউইয়ৰ্কত৷ এই বন্ধুত্বক লৈ নোৰা কিন্তু জঙৰ সমান আগ্ৰহী নাছিল৷ সিহঁতৰ কথা-বতৰাত যতি পৰিছিল, কাৰণ নোৰাই নিজৰ লেখক জীৱনত অধিক ব্যস্ত হ’ব বিচাৰিছিল৷ সময়ত আৰ্থাৰ নামৰ যুৱক এজনৰ লগত নোৰাৰ বিয়া হৈ গৈছিল৷ জঙৰ জীৱনলৈও এজনী প্ৰেয়সী আহিছিল৷ এনেকৈয়ে পুনৰ বাৰটা বছৰ পাৰ হৈ গৈছিল৷ মাজত এযুগৰ অন্তৰাল লৈ নোৰাৰ জীৱনলৈ পুনৰ ঘূৰি আহিছিল জং৷ ঘূৰি অহা নহয়, আচলতে নোৰাক এটা মুহূৰ্তৰ বাবেও সি হৃদয়ৰ পৰা আঁতৰোৱা নাছিল৷ কেৱল নোৰাৰ বাবেই সি ছিউলৰ পৰা নিউয়ৰ্কলৈ আহিছিল৷ শৈশৱত এৰাএৰি হোৱা দুই বন্ধু মুখামুখি হৈছিল প্ৰায় মধ্যবয়সত৷ জঙৰ জীৱনযোৰা এই মৌন-সুতীব্ৰ প্ৰেমৰ স্বৰূপ উপলব্ধি কৰাবলৈ পৰিচালক আৰু অভিনয় শিল্পীসকলে যি পৰ্যায়লৈ সৃষ্টিশীলতাক তুলি ধৰিলে সেয়া অনন্য৷ কেমেৰাই দেখুৱালে কম, কিন্তু ক’লে অনেক মোহলগা বা দুখলগা কথা৷ এয়া নিঃসন্দেহে চিত্ৰনাট্যৰ সাফল্য৷

 

নোৰাই লেখকসকলৰ এটা আলোচনাত কৈছিল – কোৰিয়ানত ইন-ইয়ন বুলি কথা এটা আছে, যাৰ অৰ্থ ভাগ্য৷ যদিহে কোনোবা দুজন অচিনাকি ব্যক্তিয়ে বাটত খোজকাঢ়ি যাওঁতে কাপোৰৰ লগত কাপোৰৰ স্পৰ্শও হয় তেন্তে জানিব লাগিব তেওঁলোক দুজনৰ পূৰ্বজন্মৰ কিবা সংযোগ আছে৷ কুৰি বছৰৰ পাছতো নোৰাৰ প্ৰতি জঙৰ প্ৰচণ্ড আগ্ৰহে তেন্তে কি সূচায়! নোৰাৰ স্বামী আৰ্থাৰক ঘৰত এৰি নোৰাই জঙক পদূলিলৈকে আগ বঢ়াই দিবলৈ আহিছিল৷ বিদায় বেলাত গাড়ীত উঠিবলৈ লোৱা জঙে নোৰাক কৈছিল– আকৌ লগ পাম তেন্তে৷ ছিউলৰ পৰা পুনৰ নিউয়ৰ্কলৈ অহাটো জঙৰ বাবে সহজ নহয়৷ মনলৈ আহিছিল আকৌ লগ পাম তেন্তে বুলি জঙে নোৰাক কোৱা কথাষাৰেৰে যেন জঙে সিহঁতৰ পাছৰ জন্মকহে ইঙ্গিত কৰিছিল৷ পাষ্ট লাইভছ্ পৰিচালক-চিত্ৰনাট্যকাৰ চেলিন চঙৰ আংশিকভাৱে আত্মজৈৱনিক কাহিনী৷ কিছুমান সঁচা ঘটনাৰ পৰাই তেওঁ চিনেমাখনৰ বহুকেইটা দৃশ্যৰ নিৰ্মাণ কৰিছে৷ ইংৰাজী আৰু কোৰিয়ান ভাষাৰ চিনেমাখনৰ দৈৰ্ঘ্য ১০৬ মিনিট৷ ইতিমধ্যেই চৰ্চালৈ অহা চিনেমাখনে এই বছৰৰ অস্কাৰতো নিশ্চয় সন্মান কঢ়িয়াবলৈ সক্ষম হব৷

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ