অন্যযুগ/


স্বৰাজোত্তৰ কালৰ অসমীয়া চিনেমা-১৭

 (পাৰ্বতিপ্ৰসাদ, বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ)

নিজৰা ৰাজকুমাৰী



আকৌ জুবিন গাৰ্গ৷ এইসময়ত ‘অন্যযুগ’ৰ ধাৰাবাহিক লেখাটোত যিসমূহ চিনেমাৰ কথা লিখিব লগা হৈছে সেইসমূহত জুবিন গাৰ্গ জড়িত হৈ আছে৷ সমগ্ৰ অসমত জুবিন স্মৰণ চলি থাকোঁতে আমিও যেন এই লেখাৰে বাৰে-বাৰে জুবিনৰহে মূখামুখি হৈছোঁ৷ সংগীতা বৰঠাকুৰৰ সৈতে জুবিন গাৰ্গে ‘শেষ উপহাৰ’ (২০০১) নামৰ চিনেমাখনৰ বাবে গাইছিল— হিয়াৰ মৰম তোমাকে দিলোঁ/ আলফুলে সাৱটি সাৱটি ল’লোঁ/ মৰমী কোলাত জিৰণি ল’লোঁ/ দেহাৰে পৰশ পালোঁ/ তুমি মোৰেই সপোনৰ/ তুমি মোৰেই দিঠকৰ…/…চিনেমাখনৰ শীৰ্ষ গীতৰ সুৰকাৰ আৰু কণ্ঠশিল্পীও জুবিন গাৰ্গ— আমাৰ সপোন দুচকুতে তুলিকাৰে/ আঁকিছো এখন ছবি দেশৰ মানুহৰে/ বুকুৰ তেজেৰে লিখি যাম অঙ্গীকাৰ/ দি যাম জীৱনৰ শেষ উপহাৰ/ তেজৰ ফাকুৰে ধেমালি নেখেলো/ ধূলি আৰু মাটিয়ে জীৱন…/ ‘শেষ উপহাৰ’ৰ সঙ্গীত পৰিচালনা আছিল জে পি দাসৰ৷ সংযুক্ত মুক্তি বাহিনীৰ কথাৰে নিৰ্মিত চিনেমা ‘শেষ উপহাৰ’৷ আৰম্ভণিতে দেখা গৈছে ৰেল এখন আহি আছে, ষ্টেচনত ৰৈছে, বিষ্ণু খাৰঘৰীয়াই ৰূপায়ণ কৰা চৰিত্ৰটোৱে হাতত ব্ৰীফকে’ছ লৈ ৰেলত উঠিছে, যাত্ৰীসকলে ষ্টেচনলৈ অহা আত্মীয়ক হাতজোকাৰি বিদায় দিছে, সকলোৰে মুখত হাঁহি৷ এটি শিশুৱে ৰেলখনৰ সময়ক লৈও কিবা সুধিছে আৰু ৰেলত ব্ৰীফকে’ছটো ৰাখি বিষ্ণু খাৰঘৰীয়া ৰেলৰ পৰা নামি দিছে৷ অলপ পাছতে ৰেলখনত ঘটিছে বিস্ফোৰণ৷ চিনেমাখন মুক্তি দিয়া হৈছিল ২০০১ চনত৷ গোপাল বৰঠাকুৰে পৰিচালনা কৰা শেষ উপহাৰ প্ৰযোজনা কৰিছিল অতুল চন্দ্ৰ বৰুৱা, ৰাতুল চন্দ্ৰ বৰুৱা, দীপা গোস্বামী, মাধৱী গোস্বামী, প্ৰদীপ শৰ্মা, মেৰিনা কাশ্যপে৷ চিত্ৰনাট্য লিখিছিল প্ৰভাত গোস্বামীয়ে৷ অভিনয় কৰিছিল মৃদুলা বৰুৱা, শৈল বৰুৱা, মলয়া গোস্বামী, বিষ্ণু খাৰঘৰীয়া, যতীন বৰা, ইন্দ্ৰ বনিয়া, হীৰা নেওগ, দিলীপ হাজৰিকা, জয়া শীল আদিয়ে৷ 

২০০২-ৰ শেষৰ মাহটোত আহিল জাহ্নু বৰুৱাৰ ‘কণিকাৰ ৰামধেনু’৷ ককা আৰু নাতিল’ৰাৰ মৰমৰ কাহিনীৰ লগতে দহ/এঘাৰ বছৰীয়া ল’ৰা কুকৈৰ ভয়াৱহ শৈশৱৰো কাহিনী ‘কণিকাৰ ৰামধেনু’৷ চিনেমাখনৰ আৰম্ভণিত ক’ৰ্টৰ বাৰাণ্ডাত পুলিচৰ লগত বহি থাকে হেণ্ডকাফ লগোৱা কণমানি কুকৈ, সেই কণমানিটোকো পুলিচে কয়— ক’ত পলাব, এক্কে মাৰে চিধা কৰি দিম৷ যিটো গেৰেজত কাম কৰিছিল তাৰ মালিকক মৰিয়াই মৰাৰ অভিযোগ কুকৈৰ মূৰত৷ ইয়াৰ পাছত জুভেনাইল হ’মতো কুকৈ সন্মুখীন হয় নানান অভাৱনীয় পৰিস্থিতিৰ৷ অথচ কুকৈৰ মনৰ জগতখনৰ কথা জানে কোনে! পিছে এই পৃথিৱী বিশ্ব বড়োৰ দৰে ভাল মানুহৰো বাসস্থান৷ ‘কণিকাৰ ৰামধেনু’ৰ শেষত বিশ্ব বড়োৱেই হয়গৈ কুকৈৰ আশ্ৰয়, আস্থা সকলো৷ এই নতুন সম্পৰ্ক ককা আৰু নাতিল’ৰাৰ৷ হিউ-এন বৰুৱাই লিখা আৰু জাহ্নু বৰুৱা আৰু ৰীতা বৰুৱা দাসে কণ্ঠ দিয়া এই গীত ককা-নাতিল’ৰাই আনন্দত গোৱা—

নাতি— ডাঙৰ মানুহ হৈ মই ডাঙৰ কাম কৰিমগৈ/ গৱৰহ গৱৰহ/ ডাঙৰ কাম কৰি ককাক দেশ বিদেশ ফুৰামগৈ/ গৱৰহ গৱৰহ

ককা— কুকৈৰ কথা কৈ মই গৌৰৱ কৰি ফুৰিমগৈ/ গৱৰহ গৱৰহ/ অৱশেষত আমাৰ কুকৈ সাগৰ পাৰ হ’বগৈ/ গৱৰহ গৱৰহ…

কণিকাৰ ৰামধেনুত পুলক বেনাৰ্জীয়ে গাইছিল---শংকৰে বোলে বাণী/ ভকতক মাতি আনি/ হায় হৰি নাৰায়ণ/ নাৰায়ণ অ/ 

বিশ্ব বড়োৰ চৰিত্ৰত অভিনয় কৰিছে বিষ্ণু খাৰঘৰীয়াই৷ চিনেমাখন সম্প্ৰতি য়ুটিউবত উপলব্ধ৷ ৰজত কমল বঁটাৰে সন্মানিত ‘কণিকাৰ ৰামধেনু’৷ চিত্ৰনাট্য ৰচনা জাহ্নু বৰুৱাৰ৷ সংলাপ আৰু সম্পাদনা হিউ-ৱেন বৰুৱাৰ৷ পি ৰাজনে চিত্ৰগ্ৰহণ কৰা ‘কণিকাৰ ৰামধেনু’ৰ কলা নিৰ্দেশনা ফটিক বৰুৱাৰ৷ সংগীত ৱাই এছ্ মুল্কী আৰু ৰীতা বৰুৱা দাস৷ অভিনয় কৰিছিল মলয়া গোস্বামী, বিষ্ণু খাৰঘৰীয়া, ৰণিক, দীনেশ দাস, প্ৰাঞ্জনা দত্ত আদিয়ে৷ 

২০০৩ চনত মুক্তি পালে আন এখন বিশেষভাৱে উল্লেখযোগ্য অসমীয়া চিনেমাই৷ মঞ্জু বৰাৰ ‘আকাশীতৰাৰ কথাৰে’৷ এইখন চিনেমাতো বিষ্ণু খাৰঘৰীয়াই অভিনয় কৰিছিল৷ অপৰ্ণা দত্ত চৌধুৰী, অনুপ হাজৰিকা, প্ৰাঞ্জল শইকীয়া, অংকুৰ বিষয়া আদিয়ে অভিনয় কৰা ‘আকাশীতৰাৰ কথাৰে’-ৰ কাহিনী আৰু চিত্ৰনাট্যও পৰিচালক মঞ্জু বৰাৰ৷ আকাশীতৰাৰ কথাৰে মুক্তিৰ সময়ত মই মহাবিদ্যালয়ৰ ছাত্ৰী, সেই সময়ত চিনেমাখনৰ বিষয়ে খবৰ কাকতৰ জৰিয়তে প্ৰচাৰ হোৱা বাতৰিসমূহহে পঢ়িবলৈ পাইছিলোঁ, চিনেমাখন চাবলৈ পোৱা নাছিলোঁ৷ ৰজত কমল পোৱাৰ পাছত চিনেমাখনে সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰা দেখিবলৈ পাইছিলোঁ৷ তদুপৰি চিনেমাখনে অসমলৈ আন এক সফলতাও কঢ়িয়াই আনিছিল, সেয়া হ’ল— কণ্ঠশিল্পী তৰালি শৰ্মালৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ নেপথ্য গায়িকাৰ সন্মান৷ তৰালি শৰ্মাই গাইছিল মহাপুৰুষ মাধৱদেৱৰ নামঘোষাৰ কিমতে ভকতি কৰিবো তোমাত হৰি এ/ মই মূঢ়মতি নাজানো তাৰ উপায় ৰাম ৰাম/…৷ সমাজত নাৰীৰ স্থান কি? নাৰীৰ মনোজগত সম্পৰ্কে বা নাৰীয়ে জীৱনৰ পৰা বিচাৰে কি, সমাজে কোনোবাদিনা এই বিষয়ে কথা পাতিবলৈ বাট মুকলি কৰি দিবনে– এনে অজস্ৰ প্ৰশ্নই অতীতৰ পৰা আজিলৈকে নাৰীক খেদি ফুৰে৷ বিৱাহ মানে জানো কেৱল বন্দিত্ব, নে নাৰীৰ সপোনবোৰৰ সমাধি! জনগোষ্ঠীয় লোককথা-পূজা-পাতল, ধৰ্মীয় আচাৰত নাৰীৰ স্থান সদায় উচ্চ বুলিয়েই দেখি আহিছো৷ আকাশীতৰা নামৰ চৰিত্ৰটোৱো এইবিষয়ক গৱেষণাৰ লগত জড়িত৷ অথচ তেওঁৰ নিজৰ জীৱনৰ লগতেই ঘটে অঘটন৷ বিবাহ আকাশীতৰাৰ বাবে হৈ পৰে দাসত্বৰ অন্য এক ৰূপ৷ আজি পৰ্যন্ত ‘আকাশীতৰাৰ কথাৰে’ মই চাবলৈ পোৱা নাই৷ গতিকে চিনেমাখন সম্পৰ্কত বিশেষ কিবা ক’বলৈ মই অপাৰগ৷ ইয়াৰ পাছৰ বছৰতে আহিল ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত জিলিকি উঠা আন এখন বিশেষ চিনেমা সঞ্জীৱ সভাপণ্ডিতৰ ‘জুয়ে পোৰা সোণ’৷

 

(ক্ৰমশঃ)



অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ