অন্যযুগ/


টিভি এফ পিচ্চাৰছ্‌

নিজৰা ৰাজকুমাৰী

 

I think it is possible for ordinary people to choose to be extraordinary - মাত্ৰ ৫২ বছৰীয়া পৃথিৱী বিখ্যাত ব্যৱসায়ী-ইনভেষ্টৰ ইলন মাস্কৰ কথাৰে আৰম্ভ হৈছিল টি ভি এফ পিচ্চাৰ্ছ্‌ নামৰ ৱেব ছিৰিজখনৰ এটা খণ্ড। কেৱল ইলন মাস্কেই নহয় ৱেব ছিৰিজখনৰ খণ্ডসমূহৰ আৰম্ভণিত দেখুৱা হৈছিল য়ুটিউবৰ প্ৰতিষ্ঠাপক, এপ’ল, ফেচবুক আদিৰ প্ৰতিষ্ঠাপকৰ উক্তি। স্পেচ এক্স, টেছলা, য়ুটিউব, এপ’ল, ফেচবুক আদিৰ লগত টি ভি এফ পিচ্চাৰ্ছৰ সম্পৰ্ক কি! সম্পৰ্ক নিশ্চয় আছে, আৰু এই সম্পৰ্কৰ বাবেই ৱেব ছিৰিজখনে মোক আপ্লুত কৰিলে। বন্ধুত্ব আৰু ষ্টার্টআপ অৰ্থাৎ কেইজনমান উদ্যমী-প্ৰতিভাৱান যুৱকৰ নিজাকৈ উদ্যোগ গঢ়াৰ, কাম কৰাৰ আগ্ৰহক লৈ নিৰ্মিত হৈছে টি ভি এফ পিচ্চাৰ্ছ৷ এক কথাত নিৰাপদ, ভালৰো ভাল কেৰিয়াৰৰ সলনি অনিশ্চিত ষ্টাৰ্টআপেৰে যেন উত্তাল সাগৰ এখনৰ মাজলৈহে নিজকে দলিয়াই দিলে তেওঁলোকে। ষ্টাৰ্টআপ মানেইতো অনিশ্চয়তা, অমানুষিক পৰিশ্ৰম, পদে পদে বিপদ, অভাৱ, চাপ, হতাশাৰ পৃথিৱী। এই অৱস্থা জানো আজিৰ অতিশয় সফল এপ’ল, টেছলা, য়ুটিউব, ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম্‌, এমাজন আদিৰ প্ৰতিষ্ঠাতাসকলেও পাৰ কৰি অহা নাই! চাৰিজন যুৱকে একেলগে সপোন দেখিলে লোকৰ কোম্পানিত কাম কৰাৰ সলনি নিজাকৈ এটা কোম্পানি খুলিব। তেওঁলোক নবীন, যোগীন্দৰ, জিতেন্দ্ৰ আৰু সৌৰভ মণ্ডল৷ নবীন দলটোৰ কেপ্তেইন। নিজৰ কোম্পানিৰ ফালৰ পৰা আগবঢ়োৱা চীনত কাম কৰাৰ লোভনীয় সুবিধা এৰি এয়াৰপ’ৰ্টৰ পৰা উভতি আহিছে নবীন। বিৱাহিত জিতেন্দ্ৰৰ বাবেও এই ষ্টাৰ্টআপে এক দুঃসাহস। এই দুঃসাহস কৰাৰ পাছত এসময়ত অতি নম্ৰ-শান্ত স্বভাৱৰ জিতেন্দ্ৰও অতিষ্ঠ হৈ উঠিছিল, হোষ্টেলত থকা ছাত্ৰ এজনৰ লেপটপ ইত্যাদি ক্ৰিকেট বেটেৰে কোবাই ভাঙি চিঞৰি উঠিছিল - প্ৰথমে মই মোৰ কামটোক লৈ পত্নীক পতিয়ন নিয়াম, তাৰ পাছত দেউতাক বুজাম, পৰিয়ালক বুজাম, তাৰ পাছত আকৌ ইয়াক! অভিনৱ চৰিত্ৰ সৌৰভ মণ্ডল নবীনহঁতৰ অনিচ্ছা সত্বেও দললৈ আহিছিল যদিও শেষলৈকে এই চৰিত্ৰটোৰ নমনীয়তা, সম্পৰ্ক আৰু কোম্পানিটোৰ প্ৰতি শ্ৰদ্ধা, অসীম ত্যাগ-পৰিশ্ৰমৰ কথাই আচৰিত কৰি তোলে। যেন এজাক ধুমুহাৰ মাজত সৌৰভ এক প্ৰশান্তি। নবীনে প্ৰেয়সীক সোধে- তোমাৰ পৰিচয় কি হোৱাটো বিচাৰাঁ- বিজনেছ কনছালটেণ্ট নে নবীনৰ প্ৰেয়সী! নিজা কোম্পানি খোলাৰ স্বাৰ্থত পৰিয়ালৰ পৰা দূৰত থকা নবীনে প্ৰেয়সীকো আঁতৰাই পঠায় লণ্ডনলৈ। 

সচৰাচৰ হিন্দী ৱেব ছিৰিজত দেখা অপৰাধ, হত্যাকাণ্ড, যৌনতাৰ কোনো দৃশ্য নোহোৱাকৈ টিভি এফ পিচ্চাৰ্ছে আমাক দিলে এক অনন্য অভিজ্ঞতা। সৰু সৰু কথাতে বা পৰাজয়তে হতাশ হোৱা মানুহৰ বাবে ৱেব ছিৰিজখন এটা পাঠ বুলিব পাৰি। নবীন, সৌৰভহঁতৰ দুৰৱস্থা দেখি এনে লাগে মানুহৰ মগজুৱে ইমান চাপ সহিব পাৰে জানো? পাৰে। নহ’লে পৃথিৱীত আৱিষ্কাৰবোৰ সম্ভৱ নহ’লহেঁতেন, মহাকাশলৈ নগ’লহেঁতেন নাইবা আম্বানি, আদানী, ইল’ন মাস্ক, মাৰ্ক জুকাৰবাৰ্গ, ষ্টিভ জবছ, বিল গেটছ্‌ দৰে নামবোৰ নাথাকিলহেঁতেন। 

চিনেমেটিক ভাষা আৰু সংলাপৰ দিশলৈ চালে টি ভি এফ পিচ্চাৰ্ছক খুব বেছি উচ্চস্তৰৰ ৱেব ছিৰিজ বুলিব নোৱাৰি, কিন্তু চৰিত্ৰকেইটাই আপোনাক অহৰহ উৎসাহিত কৰাটো খাটাং। সোতৰ বছৰীয়া ডাঞ্জান মাষ্টাৰ যিয়ে একেবাৰে নতুন প্ৰজন্মটোক প্ৰতিনিধিত্ব কৰে আৰু ইণ্টাৰনেটৰ জগতখনক বিস্ময়কৰভাৱে ব্যৱহাৰ কৰিব জানে। অনলাইন অহা মানেই যে আমি আমাৰ গোপনীয়তা হেৰুৱাওঁ সেয়া ডাঞ্জানৰ কৰ্ম-কাণ্ডই বুজাই দিয়ে। সি যোগীক কয়- অমুক ফাইলটো মোলৈ মেইল কৰিবা। নাহ, মেইল নকৰিলেও হ’ব, নিজৰ ফ’ল্ডাৰত থৈ দিবা তাৰপৰাই মই লৈ আনিব পাৰিম। মানে যোগীক বা অন্য কাৰোবাক হেক কৰাটো তাৰবাবে একেবাৰে সামান্য কথা। এই ডাঞ্জানৰ চতুৰালিৰ বাবে এবাৰ নবীনহঁত বিপদতো পৰিছিল। 

শিল্পোদ্যোগী, প্ৰযোজক, পৰিচালক, চিত্ৰনাট্যকাৰ, অভিনেতা অৰুনাভ কুমাৰৰ স্বপ্নৰ ফল এই ৱেব ছিৰিজখনৰ প্ৰথম ভাগ মুক্তি দিয়া হৈছিল ২০১৫ চনত। প্ৰথমটো ছিজনৰ পৰিচালক আছিল অমিত গোলানী। দীৰ্ঘবিৰতিৰ অন্তত টি ভি এফ পিচ্চাৰ্ছৰ দ্বিতীয় ভাগটো মুক্তি দিয়া হয় ২০২২-ৰ ডিচেম্বৰত জি-৫ -ত। দুয়োটা ছিজনৰ মুঠ খণ্ডৰ সংখ্যা ১০। দ্বিতীয় ভাগটোত জিতেন্দ্ৰৰ আঁতৰাই পেলোৱা হয় আৰু নবীন, সৌৰভ, যোগীন্দৰৰ কান্ধতে ছিৰিজখনৰ সফলতাৰ ভাৰ অৰ্পণ কৰা হয়। বিজনেছ ৰিয়েলিটি টেলিভিশ্বন ছিৰিজ শ্বাৰ্ক টেংক ইণ্ডিয়াই যেন টি ভি এফ পিচ্চাৰছৰ দ্বিতীয় ছিজনটোলৈ দৰ্শকৰ আগ্ৰহ বঢ়াই তুলিছিল। একেই মানুহ, একেই কষ্ট, একেই ভাগ্য অথবা দুৰ্ভাগ্য- অথচ তেওঁলোক সাধাৰণতকৈ বেলেগ কাৰণ উজুটি খাই হাড়-মূৰ ভাঙিলেও তেওঁলোকে গৈ থাকিবলৈ বা সপোন দেখিবলৈ নেৰে। বিনিয়োগকাৰীৰ অভাৱে অনা নিৰাপত্তাহীনতা, প্ৰজেক্ট এটা সময়মতে শেষ কৰাৰ প্ৰচণ্ড চাপ আদিয়ে অহৰহ পিষ্ট কৰি ৰাখিলেও অসন্তুষ্ট টীম এটাক চলাই নিবলৈ তেওঁলোক সক্ষম। নবীন, সৌৰভহঁতৰ যুদ্ধ কুৰুক্ষেত্ৰতকৈ কম নহয়। জিকি জিকি হাৰি যোৱাজনক প্ৰতিস্থাপক বুলি নকয়, সহ-প্ৰতিষ্ঠাপক বুলি কয় - শেষলৈকে হাৰিব নোখোজা দলটোক বিভিন্নজনে বিভিন্নধৰণে উৎসাহিত আৰু নিৰুৎসাহিত কৰে। যদিও মই ওপৰত উল্লেখ কৰি আহিছো যে ছিৰিজখনৰ সংলাপ মনপৰশা নহয়, তথাপিও কিছুমান সংলাপ মনত ৰৈ যোৱা। বিষয় আৰু পৰিস্থিতি অনুসৰি ছিৰিজখনৰ সংলাপ আৰু অধিক বুদ্ধিদীপ্ত হোৱাৰ থল আছিল৷ ছিৰিজখনলৈ অনা হৈছিল বাস্তৱৰ কেইবাজনো শিল্পোদ্যোগীক। 

ছুগাৰ কছমেটিকছৰ প্ৰতিষ্ঠাতা বিনীতা সিং, জনপ্ৰিয় ইউটিউবাৰ ৰণবীৰ আদিকো দেখা গৈছিল৷ ছিৰিজখনৰ দ্বিতীয়ভাগ মুক্তিৰ পাছত টাইমছ্‌ অব ইণ্ডিয়াই লিখিছিল- “Pitchers 2 is a worthy sequel, thanks to its true-to-life characters and themes of start-up business challenges”। দুয়োটা ছিজনৰ মাজত সময়ৰ ব্যৱধান বেছি হোৱাৰ পাছতো দৰ্শকে আদৰি লৈছিল পিচ্চাৰ্ছক। কোনো কোনো ক্ষেত্ৰত চিনেমাকো পিছ পেলাই বৃহৎ সংখ্যক দৰ্শকৰ মন-মগজু অধিকাৰ কৰিবলৈ সক্ষম হোৱা ৱেব ছিৰিজসমূহৰ মাজত টিভি এফ পিচ্চাৰ্ছো মোৰ মনত ৰৈ যাব। লেখাটো আৰম্ভ কৰিছিলোঁ ইলন মাস্কৰ উক্তিৰে, শেষ কৰিব খুজিছোঁ ছিৰিজখনৰ প্ৰথমভাগৰ প্ৰথমটো খণ্ডৰ আৰম্ভণি ঘটোৱা ফেচবুকৰ প্ৰতিষ্ঠাতা মাৰ্ক জুকাৰবাৰ্গৰ উক্তিৰে- “The biggest risk is not taking any risk. In a world that is changing really quickly, the only strategy that is guaranteed to fail is not taking any risks” । নতুন প্ৰজন্মৰ বাবে টি ভি এফ পিচ্চাৰ্ছ এখন অতি উৎসাহজনক ৱেব ছিৰিজ।

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ