অন্যযুগ/


সৰ্বকালৰ বিশ্বশ্ৰেষ্ঠ চলচ্চিত্ৰৰ তালিকা - ‘ছাইট এণ্ড ছাউণ্ড’ ২০২২

 বিনয় মোহন শইকীয়া

 


সমগ্ৰ বিশ্বৰ চলচ্চিত্ৰপ্ৰেমীৰ অনেক জল্পনা-কল্পনাৰ অন্ত পেলাই ২০২২ চনৰ ১ ডিচেম্বৰ তাৰিখে ছাইট এণ্ড ছাউণ্ড’-ৰ বহু প্ৰতীক্ষিত বিশ্বৰ সৰ্বকালৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ, ২০২২তালিকাখন প্ৰকাশ কৰা হল। এইবাৰৰ তালিকাখনে বহুকেইটা ক্ষেত্ৰত নতুনত্ব দাবী কৰাৰ লগতে বিশ্ব চলচ্চিত্ৰ জগতখনক আলোড়িত কৰিব পৰা ভিন্ন সমলৰো পয়োভৰ ঘটাইছে। তালিকাখন সম্পৰ্কে ইতিমধ্যে আন্তৰ্জাতিক ক্ষেত্ৰৰ প্ৰায়বোৰ আগশাৰীৰ কাকত-আলোচনীত বিভিন্ন পৰ্যালোচনা প্ৰকাশ পাইছে। তালিকাখনে আন্তৰ্জাতিক ক্ষেত্ৰত লাভ কৰা এই গুৰুত্বৰ কাৰণ নথকা নহয়। উল্লেখযোগ্য যে বিশ্বৰ ভিন্ন প্ৰান্তৰ অন্য কেতবোৰ অনুষ্ঠান-প্ৰতিষ্ঠানৰপৰাও সৰ্বকালৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ তালিকা সময়ে সময়ে প্ৰস্তত কৰি অহা হৈছে যদিও ছাইট এণ্ড ছাউণ্ডৰ এই তালিকাখনক সমগ্ৰ বিশ্বৰে চলচ্চিত্ৰৰ লগত জড়িত বিভিন্ন ব্যক্তি তথা চলচ্চিত্ৰ-প্ৰেমীসকলে আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি সদায় উচ্চ মান্যতা দি আহিছে। বিশ্বপ্ৰসিদ্ধ চলচ্চিত্ৰ আলোচক ৰজাৰ এবাৰ্টে ইয়াক তুলনামূলকভাৱে আটাইতকৈ সন্মানীয় শ্ৰেষ্ঠ চলচ্চিত্ৰৰ নিৰ্বাচনবুলি উল্লেখ কৰি কৈছে যে চলচ্চিত্ৰৰ ছিৰিয়াছ মানুহখিনিয়ে একমাত্ৰ ইয়াকে ছিৰিয়াছলি গ্ৰহণ কৰে’ (‘the only one most serious movie people take seriously.’)।

বিশ্ব চলচ্চিত্ৰৰ খবৰ ৰখা চলচ্চিত্ৰ অনুৰাগীৰ এই কথা জ্ঞাত যে ব্ৰিটিছ ফিল্ম ইনষ্টিটিউটৰ তত্ত্বাৱধানত প্ৰকাশ পাই অহা ছাইট এণ্ড ছাউণ্ডনামৰ আলোচনীখনে চলচ্চিত্ৰসম্পৰ্কীয় বিভিন্ন বা-বাতৰি তথা পৰ্যালোচনা নিয়মীয়াকৈ প্রকাশ কৰাৰ লগতে ১৯৫২ চনৰপৰা ইয়াৰ পৰিচালনাত অনুষ্ঠিত এক বিশেষ নিৰ্বাচনৰ জৰিয়তে প্ৰতি দহ বছৰৰ মূৰে মূৰে সৰ্বকালৰ বিশ্বশ্ৰেষ্ঠ চলচ্চিত্ৰৰ তালিকা এখন প্ৰকাশ কৰি আহিছে। চলচ্চিত্ৰৰ লগত জড়িত আন্তঃৰাষ্ট্ৰীয় স্তৰৰ সদস্যৰে গঠিত এটা গোটৰ ভোটৰ আধাৰত এই কাম সম্পন্ন কৰা হয়। ১৯৯২ চনলৈকে আমন্ত্ৰিত চলচ্চিত্ৰ-আলোচক আৰু নিৰ্দেশকৰ ভোটৰপৰা এখনেই তালিকা প্ৰস্তুত কৰা হৈছিল যদিও সেই বছৰৰপৰা চলচ্চিত্ৰ নিৰ্দেশকৰ বাবে সুকীয়া এখন তালিকাৰ কথা বিবেচনা কৰি এটা পৃথক নিৰ্বাচনৰ ব্যৱস্থা কৰি অহা হৈছে। 

২০২২ চনৰ বিশ্বশ্ৰেষ্ঠ চলচ্চিত্ৰৰ তালিকাখন প্ৰস্তুতিৰ বাবে ২০১২ চনৰ তালিকাখনৰ ক্ষেত্ৰত গ্ৰহণ কৰা মূল নীতি-নিয়মকে কিছু সাল-সলনি কৰি গ্ৰহণ কৰা হৈছে৷ উল্লেখযোগ্য যে ২০১২ চনৰ তালিকাখনৰ বাবে প্ৰায় এবছৰৰ আগতেই ছাইট এণ্ড ছাউণ্ডৰ কৰ্মকৰ্তাসকলে সেইবাৰৰ বাবে প্ৰয়োজনীয় নিবাচনৰ নীতি-নিয়মসমূহৰ ক্ষেত্ৰত কিছু সাল-সলনি কৰাৰ পোষকতা কাৰছিলএই সময়ছোৱাত ইলেকট্ৰ’নিক মেডিয়াৰ বিশেষ জনপ্ৰিয়তাৰ ফলত অন্য বহু ক্ষেত্ৰৰ দৰে চলচ্চিত্ৰৰ ক্ষেত্ৰখনলৈকো অহা এক অভাৱনীয় পৰিৱৰ্তন আছিল ইয়াৰ মুখ্য কাৰণ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত প্ৰথম আৰু মুখ্য পৰিৱৰ্তনটো গ্ৰহণ কৰা হল যে পূৰ্বৰ নিৰ্বাচনসমূহৰ দৰে কেৱল আন্তৰ্জাতিক ক্ষেত্ৰত চলচ্চিত্ৰৰ সৈতে জড়িত জনাজাত লোকসকলৰ মাজতে ইয়াক সীমাৱদ্ধ কৰি নাৰাখি ইয়াক এখন বহল ক্ষেত্ৰলৈ লৈ যোৱা হব। তাৰ বাবে এই সিদ্ধান্তও লোৱা হল যে ইয়াত কেৱল ছপা মাধ্যমৰ আলোচকসকলকে নলৈ অনলাইন ব্যৱস্থাত চলচ্চিত্ৰ-আলোচকৰ ভূমিকা পালন কৰি অহা উল্লেখনীয় ব্যক্তিসকলকো অন্তভুক্ত কৰা হব। সেই সিদ্ধান্তমৰ্মে আলোনীখনৰ তৰফৰপৰা চলচ্চিত্ৰৰ আলোচক, প্ৰগ্ৰেমাৰ, শিক্ষাবিদ, বিতৰক, লেখক আৰু অন্য চলচ্চিত্ৰ-প্ৰেমীসকলক লৈ মুঠতে এক হাজাৰতকৈ অধিক লোকৰ সৈতে যোগাযোগ কৰা হল আৰু নিৰ্দিষ্ট নীতি-নিয়মৰ মাজেৰে শ্ৰেষ্ঠ চলচ্চিত্ৰৰ নিৰ্বাচনত অংশ লবৰ বাবে তেওঁলোকক আমন্ত্ৰণ জনোৱা হল। আলোচনীখনৰপৰা নিৰ্বাচিত নিৰ্বাচকমণ্ডলীলৈ প্ৰেৰণ কৰা আমন্ত্ৰণী-পত্ৰখনত এই কথা কোৱা হল যে চলচ্চিত্ৰ এখন শ্ৰেষ্ঠ চলচ্চিত্ৰবৰ বাবে কি কি চৰ্ত থাকিব লাগিব সেই কথা আমি পোনাৰ বাবে মুকলি কৰি ৰাখিছোঁ৷ আপুনি এনে দহখন চলচ্চিত্ৰ নিৰ্বাচন কৰি পঠিয়াব পাৰে, যি কেইখন আপোনাৰ মতে চলচ্চিত্ৰ ইতিহাসৰ বাবে গুৰুত্বপূৰ্ণ, অথবা, সেই দহখনে কলাগত দিশত সৰ্বোচ্চ স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে, অথবা, আপোনাৰ চলচ্চিত্ৰসম্পৰ্কে যি ধাৰণা, সেই ধাৰণাত এই চলচ্চিত্ৰ কেইখনে আটাইতকৈ বেছি প্ৰভাৱ পেলাবলৈ সমৰ্থ হৈছে।মন কৰিবলগীয়া যে নতুন ব্যৱস্থাটোত নিৰ্বাচকৰ অংশগ্ৰহণৰ ক্ষেত্ৰত পৰিৱৰ্তন আনিলেও নিৰ্বাচনৰ প্ৰক্ৰিয়াটো পূৰ্বৰ সৈতে একেই ৰখা হল। সেই মতে আলোচনীখনৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই নিৰ্বাচকসকলে যদিও চলচ্চিত্ৰসমূহক নিজৰ পছন্দ অনুসৰি প্ৰথমৰপৰা আৰম্ভ কৰি দশমলৈকে স্থান নিৰ্ধাৰণ কৰি দিয়ে, চুড়ান্ত তালিকা প্ৰস্তুত কৰা সময়ত সেই ক্ৰমক গ্ৰহণ কৰাৰ সলনি তাত অন্তৰ্ভুক্ত সকলো চলচ্চিত্ৰকে সমান, অৰ্থাৎ এটা ভোটৰ মৰ্যাদা প্ৰদান কৰা হয়। লগতে নিৰ্বাচকমণ্ডলীৰপৰা সৰ্বকালৰ শ্ৰেষ্ঠ তালিকাখন যদিও দহখন চলচ্চিত্ৰৰ বাবে আহ্বান কৰা হয়, চলচ্চিত্ৰসমূহে লাভ কৰা ভোটৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি পাছত ইয়াক দহখনৰপৰা এশখন বা ততোধিক সংখ্যালৈ সম্প্ৰসাৰণ কৰি অহা হৈছে।

উল্লেখযোগ্য যে ছাইট এণ্ড ছাউণ্ডৰ বিশ্বৰ সৰ্বকালৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ, ২০২২তালিকাখন প্ৰস্তুতিৰ বাবে ২০১২ চনত গ্ৰহণ কৰা নীতি অনুসৰিয়ে বিভিন্ন ব্যক্তিবিশেষৰ সৈতে যোগাযোগ কৰি নিৰ্দিষ্ট নীতি-নিয়মৰ মাজেৰে শ্ৰেষ্ঠ চলচ্চিত্ৰৰ নিৰ্বাচনত অংশ লবৰ বাবে তেওঁলোকক আমন্ত্ৰণ জনোৱা হল যদিও ২০২২ চনৰ নিৰ্বাচকৰ সংখ্যাৰ ক্ষেত্ৰত ২০১২ চনৰ তুলনাত উল্লেখনীয়ভাৱে প্ৰসাৰ ঘটোৱা হল। ২০১২ চনত নিৰ্বাচন প্ৰক্ৰিয়াত ৮৪৬ জন নিৰ্বাচকৰ বিপৰীতে ২০২২ চনত ১৬২৯ জন নিৰ্বাচকে অংশগ্ৰহণ কৰিলে। চলচ্চিত্ৰ আলোচকৰ এই মুক্ত নিৰ্বাচৰ উপৰি সমগ্ৰ বিশ্বৰ কেৱল চলচ্চিত্ৰ নিৰ্দেশকৰদ্বাৰা নিৰ্বাচিত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ তালিকাখনৰ প্ৰস্তুতিত ২০১২ চনৰ ৩৫০ জনৰ বিপৰীতে এইবাৰ ৪৮০ জন নিৰ্দেশকে অংশ ললে। এই নিৰ্দেশকসকলৰ ভিতৰত মাৰ্টিন স্কৰছেছি, জোৱানা হগ, বং জুন হো, মিয়া হানছেন-লাভ, বেৰি জেনকিন্স, আদি বিশ্বপ্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতাসকলো আছে।

পূৰ্বে উল্লেখ কৰা হৈছে যে ছাইট এণ্ড ছাউণ্ডৰ ২০২২ চনৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ তালিকাখনে বিশ্বৰ চলচ্চিত্ৰ জগতখনক আচৰিত কৰি দিয়াৰ লগতে চলচ্চিত্ৰপ্ৰমীক আলোড়িত কৰিব পৰা বিষয়ো অন্তৰ্ভুক্ত কৰিবলৈ সমৰ্থ হৈছে। ইয়াৰ প্ৰথম কাৰণটো হৈছে যে ১৯৬২ চনৰপৰা পাঁচটা দশক জুৰি একেৰাহে সৰ্বশ্ৰেষ্ঠ চলচ্চিত্ৰ হিচাবে নিৰ্বাচিত অৰ্ছন ৱেলছৰ চিটিজেন কেইনআৰু ২০১২ চনত চিটিজেন কেইনৰ স্থান গ্ৰহণ কৰি সৰ্বশ্ৰেষ্ঠ চলচ্চিত্ৰৰ মৰ্যাদা লাভ কৰা হিচ্চককৰ ধ্ৰুপদী সৃষ্টি ভাৰ্তিগোক অপসাৰিত কৰি ২০২২ চনৰ তালিকাত সৰ্বশ্ৰেষ্ঠ চলচ্চিত্ৰ হিচাবে পৰিগণিত হৈছে আন্তৰ্জাতিক ক্ষেত্ৰত তুলনামূলকভাৱে কম চৰ্চিত এখন চলচ্চিত্ৰ। চলচ্চিত্ৰখন হৈছে বেলজিয়ামৰ চলচ্চিত্ৰ নিৰ্মাতা ছাঁটাল একাৰমেনৰ ১৯৭৫ চনত মুক্তি লাভ কৰা জান ডিলমেন, ২৩, কে ডু কমাৰ্ছ, ১০৮০ কব্ৰুছেল’ (জান ডিলমেন, ২৩ কমাৰ্ছ কুৱে, ১০৮০ ক্ৰুছেলছ)। ছাইট এণ্ড ছাউণ্ডৰ ২০১২ চনৰ নিৰ্বাচত ৩৬ সংখ্যক স্থানত থকা এই চলচ্চিত্ৰখনে একেকোবে প্ৰথম স্থানলৈ উন্নীত হোৱাৰ খবৰটোৰ সমানেই অন্য এটা কাৰণতো ই আলোড়নৰ সৃষ্টি কৰিছে। সেয়া হৈছে এগৰাকী মহিলা চলচ্চিত্ৰ নিৰ্মাতাৰ চলচ্চিত্ৰ লাভ কৰা এই বিৰল স্বীকৃতি।

মহিলা চলচ্চিত্ৰ নিৰ্মাতা একাৰমেনৰ চলচ্চিত্ৰখনে প্ৰথম স্থান লাভ কৰাটো মহিলা চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে ২০২২ চনৰ তালিকাখনত থকা একমাত্ৰ উৎসাহজনক বিষয় নহয়৷ ২০১২ চনৰ তালিকাখনত ১০০ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ভিতৰত কেৱল দুগৰাকী মহিলা চলচ্চিত্ৰ নিৰ্মাতাৰ চলচ্চিত্ৰই স্থান লাভ কৰাৰ বিপৰীতে ২০২২ চনৰ তালিকাত এই সংখ্যা হৈছে ১১, তাৰ ভিতৰত আকৌ প্ৰথম দহখন চলচ্চিত্ৰৰ ভিতৰতে দুগৰাকী মহিলা চলচ্চিত্ৰ নিৰ্মাতাৰ এই অন্তৰ্ভুক্তি বিশেষভাৱে মন কৰিবলগীয়া ঘটনা হিচাপে পৰিগণিত হৈছে। উল্লেখযোগ্য যে প্ৰথম স্থানত থকা একাৰমেনৰ চলচ্চিত্ৰখনৰ লগতে ক্লেয়াৰ ডেনিছৰ বিউ ট্ৰেভেইলখনে পূৰ্বৰ ৭৮ সংখ্যক স্থানৰপৰা সপ্তম স্থানলৈ উন্নীত হোৱা সুখবৰটোও আছে। তালিকাত স্থান পোৱা এই মহিলা চলচ্চিত্ৰ নিৰ্মাতাসকলৰ ভিতৰত আছে এগ্লিছ ৱৰ্ডা, জেইন কেম্পিয়ন, চেলিনা ছায়াম্মা, ভেৰা চিটিলভা, আৰু জুলি ডেছ; শেষৰগৰাকী হৈছে এই তালিকাত অন্তৰ্ভুক্ত হোৱা প্ৰথমগৰাকী কৃষ্ণাংগ মহিলা নিৰ্মাতা।

ইয়াৰ উপৰি ২০২২ চনৰ তালিকাত পূৰ্বৰ তালিকাত থকা কেইবাখনো চলচ্চিত্ৰ অপসাৰিত হৈছে আৰু তাৰ ঠাইত নতুন চলচ্চিত্ৰৰ প্ৰৱেশ ঘটিছে। প্ৰায় দুই ডজন অপসাৰিত চলচ্চিত্ৰৰ ভিতৰৰে কেইখনমান উল্লেখযোগ্য চলচ্চিত্ৰ হৈছে, ‘দ্যা গডফাদাৰ পাৰ্ট টু’, ‘ৰেজিং বুল’, ‘ৱাইল্ড ষ্ট্ৰবেৰিজ’, ‘লৰেন্স অব আৰাবিয়া’, ‘উন ছিয়েন আণ্ডালো’, আদি। নতুন অন্তৰ্ভুক্তি ঘটা চলচ্চিত্ৰৰ ভিতৰত আছে ডু দ্যা ৰাইট থিং’, ‘পট্ৰেইট অব এ লেডি অন ফায়াৰ’, ‘মুনলাইট’, ‘ছুংকিং এক্সপ্ৰেছ', ‘পেৰাছাইট’, ‘গেট আউট’, আদি। ভাৰতীয় চলচ্চিত্ৰৰ বাবে অৱশ্যে বিশেষ সুখবৰ তালিকাখনে বহন কৰা নাই। ২০১২ চনৰ দৰে ২০২২ চনতো এই তালিকাত অন্তৰ্ভুক্ত একমাত্ৰ ভাৰতীয় চলচ্চিত্ৰখন হৈছে, ‘পথেৰ পাঁচালি’ (৩৫ সংখ্যক স্থান, ২০১২ চনত এই স্থান আছিল ৪২)।

সি যি হওক, ২০২২ চন সৰ্বকালৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ তালিকাখনলৈ অহা এই উল্লেখনীয় পৰিৱৰ্তনৰ ক্ষেত্ৰত ইয়াৰ প্ৰসাৰিত নিৰ্বাচকমণ্ডলী যে অন্যতম কাৰণ তাত কোনো সন্দেহ নাই। লগতে বৰ্তমান সময়ত নতুন পুৰণি প্ৰায় সকলো চলচ্চিত্ৰকে বিভিন্ন মাধ্যমত তুলনামূলকভাৱে সহজে লাভ কৰিব পৰা পৰিৱেশেও ইয়াত নিশ্চয় বিশেষ অৰিহণা যোগাইছে। আৰু চলচ্চিত্ৰৰ ক্ষেত্ৰখনত বিস্তৃত অধ্যয়নো ইয়াৰ এক কাৰক হব। এই কথা ঠিক যে চলচ্চিত্ৰকে ধৰি ভিন্ন বিষয়ৰ এনেধৰণৰ শ্ৰেষ্ঠ তালিকাবোৰ সাধাৰণতে অনেক সমালোচনাৰ সন্মুখীন হয় যদিও সেই সেই বিষয়ৰ অনুৰাগীসকলৰ বাবে যে ই এক প্ৰয়োজনীয় দিক-নিদেৰ্শনা হব পাৰে তাত কোনো সন্দেহ নাই। তেনে প্ৰেক্ষাপটতে  অনুগামীসকলৰ বাবে ছাইট এণ্ড ছাউণ্ডৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ তালিকাখনো নিশ্চয় প্ৰাসংগিক হৈ ৰব ।

টোকা :

ক) ২০২২ চনৰ তালিকাৰ ক্ৰম অনুসাৰে আলোচকৰ প্ৰথম ১০খন শ্ৰেষ্ঠ চলচ্চিত্ৰ- ১) জান ডিলমেন, ২৩, কে ডু কমাৰ্ছ, ১০৮০ কব্ৰুছেল, ২) ভাটিগো, ৩) চিটিজেন কেইন, ৪) টকিঅষ্টৰি, ৫) ইন দ্যা মুড অব লাভ, ৬) ২০০১: এ স্পেচ আডচি, ৭) বিড ট্ৰেভেইল, ৮) মালহলেণ্ড ড্ৰাইভ, ৯) মেন উইথ দ্যা মুভি কেমেৰা, ১০) ছিঙিং ই দ্যা ৰেইন।

খ) নিৰ্দেশকৰ প্ৰথম ১০খন শ্ৰেষ্ঠ চলচ্চিত্ৰ = ১১) ২০০১: এ স্পেচ অডিচি, ২) চিটিজেন কেইন, ৩) দ্যা গডফাদাৰ, ৪) টকিঅষ্টৰি, ৫) জান ডিলমেন, ২৩, কে ডু কমাৰ্ছ, ১০৮০ কব্ৰুছেল, ৬) ভাটিগো, ৭) ৮১%, ৮) মিৰৰ, ৯) পাৰ্ছনা, ১০) ইন দ্যা মুড অব লাভ।

গ) স্বামীহীনা এগৰাকী মহিলা, যি স্কুলত পঢ়ি থকা এটি সন্তানৰ মাতৃ, সেই মহিলাগৰাকীৰ দৈনন্দিন ধৰা-বন্ধা কৰ্মৰাজিৰ তিনিদিনৰ পৰিক্ৰমা আৰু হঠাতে অহা এটা অপ্ৰত্যাশিত মোৰ লৈ নিৰ্মাণ কৰা হৈছে একাৰমেনৰ চলচ্চিত্ৰখন। চলচ্চিত্ৰখনে আৰম্ভণি সময়ত আলোচকৰ উচ্চ প্ৰশংসা লাভ কৰাৰ লগতে পৰৱৰ্তী সময়ত ধ্ৰুপদী চলচ্চিত্ৰৰ মৰ্যাদা লাভ কৰিবলৈ সমৰ্থ হৈছে। মন্থৰ গতি চলচ্চিত্ৰ’'ৰ উদাহৰণ আৰু নাৰীবাদী চলচ্চিত্ৰৰ পৰিচয়েৰে জনাজাত চলচ্চিত্ৰখনে ভিলেইজ ভইচনামৰ সংস্থাটোৱে চলোৱা চলচ্চিত্ৰ আলোচকৰ এটা নিৰ্বাচনত কুৰি শতিকাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ তালিকাত ঊনবিংশ স্থান লাভ কৰিছিল।

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ