অন্যযুগ/


এনাটমী অৱ এ ফল

 নিজৰা ৰাজকুমাৰী

 

৪৫ বছৰীয়া জাষ্টিন ত্ৰিয়ে এগৰাকী ফৰাচী মহিলা চিনেমা পৰিচালক, চিত্ৰনাট্যকাৰ তথা সম্পাদক। জাষ্টিন পৰিচালিত এ'জ অৱ পেনিক (২০১৩), ইন বে'ড উইথ ভিক্টোৰিয়া (২০১৬), ছিবিল (Sibyl, ২০১৯) আদি চিনেমাসমূহে ইতিমধ্যে বিশ্বৰ দৰ্শকক আকৰ্ষিত কৰিছে, বিভিন্ন উল্লেখনীয় চলচ্চিত্ৰ মহোৎসৱত মনোনয়ন তথা বঁটাও লাভ কৰিছে। বহু চলচ্চিত্ৰপ্ৰেমীৰ বাবে জাষ্টিন ত্ৰিয়ে নামটো চিনাকি যদিও পৰিচালকগৰাকীয়ে এইবাৰ দৰ্শক-সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰিছে এনাটমী অৱ এ ফলৰ বাবে। এনাটমী অৱ এ ফল তেওঁৰ শেহতীয়া চিনেমা। ফ্ৰাঞ্চ আৰু বেলজিয়ামৰ সহ:প্ৰযোজনাত নিৰ্মিত জাষ্টিনৰ ছিবিলখনে ২০১৯-ৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত পাম ডিঅ'ৰৰ বাবে প্ৰতিযোগিতাত নামিছিল যদিও এই সন্মান তেওঁলৈ এনাটমী অৱ এ ফলেহে কঢ়িয়াই আনিলে। এনাটমী অৱ এ ফলৰ বাবে ৭৬ সংখ্যক কাঁন চলচ্চিত্ৰ মহোৎসৱত জাষ্টিন পৰিগণিত হ'ল পাম ডিঅ'ৰ প্ৰাপক তৃতীয়গৰাকী মহিলা পৰিচালক হিচাপে। ১৯৯৩ চনত নিউজিলেণ্ডৰ চলচ্চিত্ৰকাৰ জেইন কেম্পিয়নে দ্য পিয়ানো ছবিৰ বাবে মহিলা পৰিচালক হিচাপে প্ৰথম আৰু ২০২১-ত ফৰাচী পৰিচালক জুলিয়া ডুক'ৰ্নোৱে টিটান নামৰ চিনেমাখনৰ বাবে কাঁৰ পাম ডিঅ'ৰ লাভ কৰিছিল। জাষ্টিনে এনাটমী অৱ এ ফলৰ বাবে এইবছৰ শ্ৰেষ্ঠ মৌলিক চিত্ৰনাট্যৰ অস্কাৰ লাভ কৰিলে। অস্কাৰত শ্ৰেষ্ঠ পৰিচালকৰ মনোনয়ন লাভ কৰা তেওঁ প্ৰথম মহিলা ফৰাচী চলচ্চিত্ৰকাৰ। বঁটা-সন্মান-অভিলেখৰ জোৱাৰত উজলি থকা চিনেমাখনত আছে কি ? সাধাৰণ ভাৰতীয় দৰ্শকে বিচৰা ৰোমাঞ্চকৰ কাহিনীতো নায়েই, বৰঞ্চ সমাপ্তিও যেন সমাপ্তি নহৈ বহুধাবিভক্ত অন্য এক কাহিনীহে।

- তোমাক কিবা লাগিব নেকি?

- নাই , মই ঠিকেই আছো।—বিছনাত পৰি কান্দি থকা সদ্য পিতৃহাৰা, চকুৰে নেদেখা শিশুটিয়ে মাকক এনেকৈ উত্তৰ দিছিল যদিও দৃশ্যটোত তাৰ অন্তৰৰ কোলাহল বুজিব পাৰি। ইফালে শিশুটিৰ পিতৃৰ মৃত্যুৰ বাবে দোষাৰোপ কৰা হৈছে অৰ্থাৎ হত্যাৰ সন্দেহ কৰা হৈছে তাৰ মাকক। মাকৰ পাছতেই দেউতাকৰ মৃত্যুৰো একমাত্ৰ সাক্ষী এই কণমানিটোৱেই। বৰফত পৰি থকা এটা মৃতদেহ, তাৰ পাছৰ বিচাৰ প্ৰক্ৰিয়া, উকীলৰ প্ৰশ্ন, কোৰ্টৰূমত শেষ হৈও শেষ নোহোৱা এখন চিনেমা এনাটমী অৱ এ ফল। নি:সন্দেহে চিত্ৰনাট্য আৰু অভিনয় চিনেমাখনৰ অন্যতম উল্লেখনীয় দিশ।

বৰফাবৃত এক নিৰ্জন পাহাৰীয়া অঞ্চলত থাকিবলৈ লোৱা ঔপন্যাসিক ছান্দ্ৰাৰ পৰিয়ালত মাথোঁ গিৰীয়েক ছেমুৱেল আৰু শিশু পুত্ৰ ডেনিয়েল। এগৰাকী ছাত্ৰীয়ে ছান্দ্ৰাৰ সাক্ষাৎকাৰ লৈ থাকোঁতেই ছেমুৱেলে ইমানেই জোৰেৰে মিউজিক বজায় যে ছান্দ্ৰাই ছাত্ৰীগৰাকীক বিদায় দিবলৈ বাধ্য হয়। তাৰ পাছতেই ঘৰটোৰ তলত উদ্ধাৰ হয় ছেমুৱেলৰ ৰক্তাক্ত মৃতদেহ। এয়া আত্মহত্যা নে হত্যা? এই প্ৰশ্নৰ উত্তৰ বিচাৰি থাকোঁতেই নিজৰ কামক গুৰুত্ব দিয়া এগৰাকী স্বাভিমানী নাৰী, পত্নী, মাতৃ, বন্ধুৰ তৰপবোৰৰ মাজেৰে কাহিনী আগ বাঢ়ে। স্বামী-স্ত্ৰীৰ মাজৰ কাজিয়া, বিশেষ নভবাকৈ কৈ দিয়া কথা কিছুমানেও যে ক'ৰ্টত কি ৰূপ ল'ব পাৰে সেয়া সঁচাই আচৰিত। ইফালে দুৰ্ঘটনাত দৃষ্টিশক্তি হেৰুওৱা ডেনিয়েলৰ বাবেও বিচাৰ প্ৰক্ৰিয়াৰ সময়খিনি অতি আচহুৱা। কাঁ চলচ্চিত্ৰ মহোৎসৱত প্ৰথম দৰ্শনী অনুষ্ঠিত হোৱা চিনেমাখন বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, পেৰুৰ লিমা চলচ্চিত্ৰ মহোৎসৱ আদিতো সমাদৃত হৈছিল। দ্য হলিউড ৰিপ'ৰ্টাৰে লিখিছে — A director and actress in peak form. Sandra Huller is brilliant, sensational. An exciting step forward for a filmmaker who seems primed for greater international recognition. এনাটমী অৱ এ ফলৰ কাহিনী আৰু সমাপ্তিক লৈ বহু ভাৰতীয় দৰ্শক নাৰাজ। বহুতৰ বাবে ছান্দ্ৰা কেৱল এক স্বাৰ্থপৰ নাৰীৰ প্ৰতীক। ছান্দ্ৰাই কেৱল সৎ-অসৎ পথেৰে নিজৰ উন্নতি কৰিব বিচাৰে। পিছে এগৰাকী মহিলা পৰিচালক আৰু লেখকে ( এনাটমী অৱ এ ফলৰ চিত্ৰনাট্য জাষ্টিন ত্ৰিয়েই নিজৰ পুৰুষ সঙ্গী আৰ্থাৰ হাৰাৰীৰ সৈতে লিখিছে) সমস্ত আৱেগ আৰু সৃষ্টিশীলতাৰে তুলি ধৰা নাৰী চৰিত্ৰটোৱে ক'ব বিচাৰিছে– নাৰীয়ে মনে বিচৰা জগতখন গঢ়ি তোলোঁতে হোৱা সমাজৰ ঈৰ্ষা-অশান্তিৰ কথাও। অনিশ্চয়তা, অস্থিৰতাই জোকাৰি থকা চিনেমাখনৰ সোৱাদ ল'বলৈ আচলতে দৰ্শকজনৰো প্ৰস্তুতিৰ প্ৰয়োজন। ১৫২ মিনিট দৈৰ্ঘ্যৰ এনাটমী অৱ এ ফলৰ ভাষা ফৰাচী আৰু ইংৰাজী।


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ