অন্যযুগ/


চিনি নোপোৱা দূৰত …

গীতিমণি হাতীমূৰীয়া

অহৰহ বুৰ গৈ আছোঁ কোলাহলত
অথচ আমি নীৰৱতাৰেই নিসংগ
 
হাঁহি বিলোৱা মানুহবোৰো হঠাৎ
ঈশ্বৰৰ সতে গুচি যায়
 
ব্যস্ততাত খামুচি ধৰি মানুহবোৰে
 নিজকে বিচাৰি নাপায় 
 
আমি আকাশলৈ চাব নাজানো
শুনিবলৈ পাহৰি পেলাওঁ  চৰাইৰ কাকলি
চাবলৈ ফুলৰ পাহি
পখিলাৰ মিতিৰালি
 
কি জিনিবলৈ কি হাবিয়াস কৰোঁ আমি !
 
সুখী হ'বলৈকে যে দুখৰ প্ৰয়োজন
পোহৰক নাম দিবৰ ববেই যে আন্ধাৰৰ আয়োজন
তাকো পাহৰি যাওঁ
 
আচলতে বিশ্বাসী এক অন্ধকাৰৰ মাজত আমি
বাৰে বাৰে নগ্ন
নগ্নতাৰ সতে বাস 
 
সেয়ে বিশ্বাস নামৰ সাঁকোডাল আমাৰ পৰা
বহু আঁতৰত
চিনি নোপোৱা দূৰত  
শ্ৰব্য ৰূপ

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ