অন্যযুগ/


এন্ধাৰ-পোহৰ

জ্যোতিস্মিতা শৰ্মা

পাহাৰবোৰৰ প্ৰেমত পৰিছিলোঁ হয়তো প্ৰতিদিনে আবেলি দেউতাই নতুনকৈ লোৱা বাজাজ ছুপাৰ স্কুটাৰখনত উঠি পাহাৰ কাটি সজা ৰঙা মাটিৰ ৰাস্তাৰে চাহবাগিচাৰ ফালে নগলে মনটো ভালেই নলগা হ পাহাৰৰ ভাঁজে ভাঁজে আমি উঠি গৈ থাকোঁ চাহগছবোৰ নেদেখালৈকে ঝুম খেতিৰ সংজ্ঞাই কিতাপৰ পাতৰ পৰা ওলাই আহি যেন দুচকুৰ সন্মুখত পাহাৰৰ বুকুত থিতাপি লৈছিল দেউতাই চাহপাতৰ গছবোৰলৈ আঙুলিয়াই কৈছিল, চোৱা এনেদৰে পাহাৰত খাঁজ কাটি কাটি কৰা খেতিকে ঝুম খেতি বোলে ওপৰৰ শাৰীটোত পানী দিলেই তাৰ পৰা বাগৰি অহা পানীয়ে তলৰ গছবোৰকো জীপাল কৰে সেইকেইজোপা চাহগছ যাৰ হাতৰ পৰশত লহপহীয়া হৈ উঠিছে, সেইজন খুৰাৰে ছোৱালী ৰশ্মি আৰু মই একেখন স্কুলতে তৃতীয় শ্ৰেণীত পঢ়োঁ আচলতে দেউতাৰ চাকৰি সূত্ৰে আমি থাকিবলৈ লোৱা এই নতুন পাহাৰীয়া অঞ্চলটোত আজি-কালিৰ দৰে স্কুল বুলি অইন কোনো সুবিধাই নাছিল তিনি-চাৰিখনমান জনজাতীয় গাঁৱৰ মাজত এখনেই চৰকাৰী বিদ্যালয় ৰশ্মিহঁতৰ ওচৰৰ আন কোনো ছোৱালী আমাৰ স্কুললৈ নাহিছিল বাবে তাই সদায়ে অকলশৰে থাকিছিল, কোনেও তাইৰ লগনলৈছিল আমি দেউতাৰ স্কুটাৰেৰে ফুৰিবলৈ যাওঁতে ৰশ্মিয়ে দেখা পাই এদিন মাতি নিছিল চাহগছৰ পাত ছিঙি ছিঙি, সৰু সৰুকৈ টুকুৰা কৰি তাই কেনেকৈ ৰদত শুকুৱায়, মোক মাতি নি দেখুৱাইছিল সেই শুকোৱা পাতবোৰ সিজাই হেনো সিহঁতে চাহো খায় বাগানৰ মালিক সেইফালে গলে সিহঁতে হেনো এই পাতৰ টুকুৰাবোৰ লুকুৱাই থয়

আনদিনাৰ দৰে আজিও চাৰ্জ লাইটটো মোৰ হাতত দি তাই বাহিৰত ৰৈ থাকিল চাৰ্জ লাইটটো চাৰ্জ দিবলৈ মাৰ হাতত দিয়েই আমি দুয়ো স্কুললৈ দৌৰোঁ ৰশ্মি আজিকালি ভালকৈ থাকে মোক আগতকৈও বেছি ভাল পায় মই যিহেতু বছৰৰ মাজতহে সেইখন স্কুলত নামভৰ্তি কৰাইছিলোঁ, মোৰ কোনো বান্ধৱী নাছিল আৰু চুচুক-চামাককৈ শুকুওৱা চাহপাত দেখুওৱা ছোৱালীজনীয়েই মোৰ অন্তৰঙ্গ হৈ পৰিছিল

লেজাৰৰ সময়ত শ্ৰেণীৰ লৰা-ছোৱালীবোৰ ছেদেলি-ভেদেলি হৈ পৰে ৰশ্মিয়ে মোক এৰি বগৰী বুটলিবলৈ যায় ছোৱালীৰ আৰু এটা জাক আন এফালে যায়, আৰ ঘৰে তাৰ ঘৰে মধুৰিআম , বগৰী যতে যি পায়, খাই আহে ৰাবোৰৰ বেছিভাগেই বল খেলে কিছুমান লৰা-ছোৱালীয়ে দোকানলৈ গৈ চানা, বিস্কুট আদি কিনি খায় মোক যিহেতু এটকাও হাতত দি নপঠিয়ায়, আৰু ঠাইটুকুৰাও নতুন, ৰাস্তা-ঘাটো চিনি নাপাওঁ, গতিকে মায়ে দিয়া টিফিনৰ ৰুটি বা ব্ৰেড খোৱাৰ বাহিৰে মোৰ আন কোনো উপায় নাছিল সেইদিনা কিন্তু ৰশ্মি বগৰী খাবলৈ নগ, মোৰ কাষতে উচুপি উচুপি বহি থাকিল মোৰ ভাগৰ ৰুটি আৰু আলুভাজি দিছিলোঁ, তাকো নাখালে অংকৰ ছাৰে বেটেৰে কোবোৱা হাতখন বুকুৰ মাজত লৈ ফেঁকুৰি থাকিল তাই

 বৰ বেয়া লাগিছিল মনটো ৰশ্মিৰ হাতৰ পৰা তেজ ওলোৱা দেখি ময়ো কান্দিছিলোঁ ৰ্ডত পূৰণৰ নেওতা  লিখোঁতে ৰশ্মিৰ এদিনো ভুল হোৱা নাই আনকি বিজ্ঞানৰ শ্ৰেণীতো বৰ্ডত যি কৰিবলৈ দিয়ে, তাই সকলো পাৰে এই অংকৰ ছাৰজনক দেখিলেই খং উঠে মোৰ, ইম্মান খঙাল আনকি উত্তৰ দিওঁতে কেইছেকেণ্ডমান দেৰি হলেই গুঁজৰি উঠে

‘‘ৰশ্মি, তোমাৰ ঘৰত যে ইলেক্ট্ৰিক লাইট নাই, ছাৰক কিয় নকলা?’’

কোনো উত্তৰ নাহিল ঘনে ঘনে উশাহ লৈ তাই কেৱল চকুপানী মচি থাকিল সেইদিনা ময়ো টিফিন খাব পৰা নাছিলোঁ বুকুখন হেঁচা মাৰি ধৰিছিল

— ‘‘মাইনা, টিফিন কিয় নাখালা? আজিও হবলা বল খেলা চাই থাকোঁতেই বেল মাৰিলে, হয়নে? আজি দেউতাক আহিবলৈ দিয়া, চাই থাকা মই কি কৰোঁ।’’

— ‘‘নহয় অ মা ৰশ্মিহঁতৰ ঘৰত লাইট নাই যে, তাই অংকৰ হমৱৰ্ক কৰিব নোৱাৰিলে আজি জানা মা, ছাৰৰ মাৰ খাই তাইৰ হাতৰ পৰা তেজ ওলাই গৈছে।‘’

— ‘‘ অহ্ , হয় নেকি?’’

— ‘‘কিন্তু মা, তাই পঢ়াত ভাল জানানে?’’

— ‘‘ভাল হলেও হমৱৰ্ক নকৰিলেতো খং উঠিবই ছাৰৰ তোমালোকক পঢ়াবলৈ শিকাবলৈকেতো ছাৰসকল স্কুলত আছে গুৰুৰ কথা সদায় মানি চলিব লাগে।’’

— ‘‘সিহঁতৰ ঘৰত লাইট নথকা বাবেহে তাই কৰিব নোৱাৰিলে, নহলে মা ৰশ্মিয়ে ছাৰৰ কথা নুশুনাকৈ নাথাকে।’’

— ‘‘ সেইটো অৱশ্যে হয় তাই বৰ অমায়িক ছোৱালী।’’

— ‘‘ মা আমাৰ দেখোন দুটা চাৰ্জ লাইট আছে আৰু লাইট গলেহে আমাক চাৰ্জ লাইট লাগে এটা নহলে ৰশ্মিক দি দিওঁ দিয়া।’’

— ‘‘ কিন্তু ৰশ্মিহতৰতো ইলেক্ট্ৰিচিটিৰ সংযোগেই নাই দেহা, এইটো নিলেও চাৰ্জ দিব নোৱাৰিব নহয়।’’

পাছদিনা স্কুলৰ পৰা যাওঁতে দেউতাই ৰশ্মিক মাতি পঠিয়ালে ৰশ্মিয়ে দেউতাক আহি কলে যে সিহঁতৰ ওচৰ-পাঁজৰৰ সকলো মানুহে দিনটো কাম কৰি যথেষ্ট কষ্ট হয় বাবে সন্ধিয়াতেই ভাত খাই শুই পৰে

— ‘‘তই কি কৰ তেতিয়া?’’

— ‘‘আন্ধাৰত মোৰ অকলে অকলে ভয় লাগে টোপনি নাহিলেও মই মাৰ কাষতে বাগৰি থাকোঁ।’’

— ‘‘ নপঢ় কিয়?’’

— ‘‘পোহৰ নাই যে মামা।’’

— ‘‘চাকি বা লেম্প? একো নাই?’’

— ‘‘ কেৰাচিন নাই, মাইক আৰু বাকীত কেৰাচিন নিদিওঁ বুলি কৈছে দোকানীয়ে।’’

মাক দেখিছিলোঁ চাদৰৰ আঁচলেৰে চকুযুৰি মচি লৈছিল দেউতাও উঠি গল একো নামাতি মোৰ হে সেমেনা সেমেনি লাগিল, কি কওঁ তাইক ভাবিয়ে নাপালোঁ এনেতে দেউতাই ভিতৰৰ পৰা আহি ৰশ্মিক চাৰ্জ লাইটটো দি বুজাই দিলে যে প্ৰয়োজন হলে স্কুললৈ যাওঁতে আমাৰ ঘৰতে তাই লাইটটো চাৰ্জত দিব আৰু উভতি যাওঁতে আকৌ লৈ যাব তপত চকুলো বাগৰি অহা ৰশ্মিৰ চকু দুটা কমলাবুলীয়া সূৰুযৰ পোহৰত জিলিকি উঠিছিল

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ