তিনিবিধ সুস্বাদু ডিজাৰ্ট
ডিৰ্জাট মূল আহাৰ গ্ৰহণৰ পাছত পৰিৱেশন কৰা মিঠা ৰেচিপি।
গৰমত মা-মচলাৰে আলহীক এসাঁজ অপ্যায়ন কৰাৰ পাছত শৰীৰ
ঠাণ্ডা কৰা ডিৰ্জাট পৰিৱেশন কৰিলে আলহীও সুখী; দিওঁতাগৰাকীৰো সন্তুষ্টি।
১৷ ইটালীয়ান কফি পেনা ক’টা
কফি | ১০ টকীয়া পেকেট (যিকোনো কফি) |
চেনি | ৩ টেবুল-চামুচ (খোৱা অনুপাতে) |
জিলেটিন | ডেৰ চাহ-চামুচ (নিৰামিষ) |
আমূল তাজা গাখীৰৰ পেকেট | ২০০ মি:লি: (সৰু পেকেট) |
মিল্কি বাৰ চকলেট | ৫ টকীয়া, অলপ মাত্ৰ |
ডেইৰি মিল্ক্ চকলেট | ৫ টকীয়া, অলপ মাত্ৰ |
চকলেট ছিৰাপ | সজাবৰ জোখত |
প্ৰণালী: প্ৰথমে লিকুইড গাখীৰৰ পেকেটটো কাটি ডাঙৰ কাপত লৈ ২ টেবুল-চামুচ বেলেগ কাপত
বেলেগে থ’ব। ডাঙৰ কাপটোৰ গাখীৰখিনিত কফি পেকেটটো দি ভালকৈ মিলি যোৱাকৈ ফেটি ল’ব। আনটোৰখিনিত জিলেটিন মিলাই লৈ
ঘোটক৷ ছছ্পেন পাতক আৰু তাতে ক্ৰীম, চেনি, কফি
মিহলোৱা গাখীৰ ৫ মিনিট থৈ ওপৰৰ ফেন কাঢ়ি পেলাব৷ তাৰ পাছত জিলেটিন মিহলোৱা গাখীৰখিনি দিব, যাতে পুনৰ ফেন নাকাটে৷ লাহে লাহে
লৰাই দিব ৷ ২
মিনিটমানতে জিলেটিন মিহলি হ'লে গধুৰ গধুৰ বা ডাঠ নিচিনা লগিব৷ নমাই ৰাখিব। যিকোনো ডাঙৰ বাটি নাইবা সৰু বাটিত ভাগই লৈ ঢালি দিব৷ অলপ ঠাণ্ডা হ’লে১-২ঘণ্টা ফ্ৰীজত থৈ উলিয়াই আনি
চকলেট ছিৰাপ দি
লগতে ওপৰত চকলেট ক্ৰাশ্ব্ কৰি দিব৷ অতি কম সময়ত, কম কষ্টতে, কম খৰচতে জিভাত লাগি যোৱা সুন্দৰ ডিৰ্জাট এবিধৰ জুতি পাব।
২৷ কেৰামেল
পুডিং
আমূল ক্ৰীম | ২০০ মি:লি: (সৰু পেকেট) |
আমূল গাখীৰ | ২০০ মি:লি: (সৰু পেকেট) |
চেনি | ২ টেবুল-চামুচ (খোৱা অনুপাতে) |
নিৰামিষ জিলেটিন | ১ টেবুল-চামুচ (বিকল্প কণী দুটা) |
চেনি | ৩ টেবুল-চামুচ |
পানী | ১০ টোপ |
প্ৰণালী: প্ৰথমতে কেৰামেলখিনি বনাই ল’লোঁ৷ কেৰামেলৰ বাবে কম জুইত নন্ষ্টিক পেনত চেনি দি আঙুলিৰে তিনিবাৰমান পানী ছটিয়াব৷ লাহে লাহে গলি যাব আৰু
ৰঙচুৱা ৰং আহিব। নমাই দিব। মন কৰিব যে কেৰামেলখিনি যাতে
জ্বলি নেযায়৷ ন’হলে
তিতা হ’ব। এটা ষ্টীলৰ বাটিত কেৰামেলখিনি ঢালি বাটিটো ঘূৰাই দিব আৰু ছে’ট হ’বলৈ দিব।
এতিয়া পেকেটৰ পৰা ২ টেবুল-চামুচ গাখীৰ বেলেগে লৈ তাতে জেলিটিনখিনি গুলি ল’ব৷ ছছ্পেনত গাখীৰ, ক্ৰীম, চেনি
মিলাই উতল আহিবলৈ দিব৷ চেনি গলি অলপ ডাঠ যেন অহাত জিলেটিন
মিলাই লোৱা গাখীৰ দিয়া লগে লগে কেইছেকেণ্ডমানতে হেতাখনেৰে
লৰাই থাকোঁতে গধুৰ যেন হয়৷ নমাই কেৰামেল দিয়া বাটিটোত ঢালি প্ৰথমে ৰুম টেম্প’প্ৰেছাৰত থৈ ফ্ৰীজত ২ ঘণ্টা থ’ব৷ প্লেট বা দিশ্বত কে’কৰ দৰে ওলোটাই দিলেই হ’ব৷ বেলেগে পুনৰ পৰিৱেশন কৰাৰ প্ৰয়োজন নেথাকে৷ কেৰামেলৰ ৰং বৰ সুন্দৰকৈ ওলায়৷ কাটি পৰিৱেশন কৰিব।
৩৷ ফ্ৰুট্
কাষ্টাৰ্ড
কাষ্টাৰ্ড পাউদাৰ | ২ টেবুল-চামুচ |
চেনি | ৩ টেবুল-চামুচ (খোৱা অনুপাতে) |
লিকুইড গাখীৰ | আধা লিটাৰ |
যিকোনো মন পছন্দৰ ফ্ৰুট্ | আপেল, আঙুৰ ২বিধ, ডালিম, কাজু,
পিস্তা ইত্যাদি |
প্ৰণালী: আধা লিটাৰ গাখীৰৰ পৰা প্ৰথমে কাপেৰে আধা কাপ গাখীৰ কাঢ়ি লৈ তাতে কাষ্টাৰ্ড
পাউদাৰখিনিৰে ঘোল বনাব৷ ছছ্পেনত
গাখীৰ উতলাই চেনি দিব৷ চেনি গলি যোৱাত তাতে কাষ্টাৰ্ডৰ
ঘোলখিনি জুই কমাই একেলেথাৰিয়ে লৰাই থাকিব৷ ক্ৰমে ডাঠ হৈ আহে আৰু কাষ্টাৰ্ডৰ ৰং
ক্ৰীমি যেন হয়। প্ৰায় ১০ মিনিটমান ভালদৰে লৰাই নমাই থ’ব৷ ঠাণ্ডা
হ’লে নিজৰ পছন্দ ফ্ৰুট্
কাটি কাষ্টাৰ্ডৰ লগত মিলাই দিব৷ বনাবলৈ অতি সহজ আৰু সাধাৰণ
উপকৰণৰ দৰকাৰ হয়৷ ফ্ৰেশ্ব্ খাবও পাৰে, ফ্ৰীজত থৈও পৰিৱেশন
কৰিব পাৰে৷
তৰু চেতিয়া
ফুকন
সেউজপুৰ, ডিব্ৰুগড়-৭৮৬০০১
ভ্ৰাম্যভাষ: ৯৪৩৫২৮৪২৭৮