অন্যযুগ/


চগা জীৱন

প্ৰাঞ্জল জ্যোতি দত্ত

 

গামোচাৰে হাতী বন্ধা মুখৰ কথা নহয়। সেই বুলিয়েই জানো

বৰণ কৰি লব পাৰি পৰুৱা মৰণ। চোঁচৰাই নুফুৰিলে দেখোন

জীৱনটোৱেই ফুটত নুঠে। উজাই লব জানিলে উশাহ-

গেঁথনি এটায়ো দিব পাৰে জী থকাৰ সম্বাদ

 

নুমি নুমি কাৰ্ছিনৰ চাকিত দেওলগা কথাবোৰ

চগা হৈ পৰে- জ্বলি ছাই হৈ নাযায়

 

ইঠাই সিঠাইকৈ বগুৱা বাই ফুৰে

থাউনি নোপোৱা এখন হাট

 

হুকুম লৈ হাকিম আহে ৰঙা চকু পকাই

শিয়াল দৌৰত খহি পৰে পাতলি ছিগা চুৰিয়াৰ আগ

 

দ চোকা হৈ আহিয়েই থাকে

কোনেও ভাঙিব নোৱাৰে

পোৰা বেঙেনাৰ পিঠিত লিখা

সাঁথৰৰ তিনিটা শাৰী

 

চুঁচৰি বাগৰি ফুৰোঁতেই ভগনীয়া হাটৰ ভাগে ভৰি

লেকেচিয়াই গৈ থাকে বেলি নপৰা বাট

বটিয়াত থোকা-থোকে বিষ,

 

ৰৈ দিলেই মুখতে মখনাটো

শুকাই যোৱা ডিঙিৰ পৰা সৰি পৰে গেঁথনি

জী আছো !

 

জী আছো !

 

জ্বৰ-মাৰ দিয়া পোহাৰীবোৰে আকৌ জবকা মাৰে

 

জুইত জীয়ন নললে জীৱনেই বা কি !

ফুটাই নপঢ়িলেও সকলোৱে বুজি পায় হাটৰ পাঠ

বুজি পায়- গামোচাৰে হাতী বন্ধা মুখৰ কথা নহয়

 

মুখৰ কথা নহয় চগা হৈ জী থকাটোও

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ