অন্যযুগ/


কেৰিয়াৰ হিচাপে বনাঞ্চল পৰিচালনা (Forest Management)

 ° বুলজিৎ  বুঢ়াগোহাঁই

 

       বনাঞ্চল পৰিচালনা (Forest Management) এটা আকৰ্ষণীয় কেৰিয়াৰ। বনাঞ্চল পৰিচালনাত বিভিন্ন পাঠ্যক্রম অধ্যয়ন কৰিব পাৰি। এজন সফল বনাঞ্চল পৰিচালক হবলৈ হলে প্ৰাৰ্থীগৰাকীৰ কিছুমান গুণ থকা দৰকাৰ, যেনে প্রকৃতিপ্রেমী, সাহসী, অনুসন্ধিৎসু মন, সূক্ষ্মদৰ্শী, নিষ্ঠাবান, সাৱধানী, কষ্টসহিষ্ণুতা, সুন্দৰ নিৰীক্ষণ ক্ষমতা, দায়িত্ববোধ আদি । বনাঞ্চল পৰিচালনাপাঠ্যক্রম অধ্যয়ন তথা প্ৰশিক্ষণ গ্রহণ কৰিব পৰা এখন উল্লেখযোগ্য   শিক্ষানুষ্ঠান হইণ্ডিয়ান ইনষ্টিটিউট অব্ ফৰেষ্ট মেনেজমেণ্ট ,ভূপাল (http://iifm.ac.in )ইয়াত  ষ্ট গ্ৰেজুৱেট ডিপ্লমা ইন ফৰেষ্ট মেনেজমেণ্ট (Post Graduate Diploma in Forest Management) পাঠ্যক্রমত আসনৰ সংখ্যা ১৫০ খন।  এই পাঠ্যক্রমত নামভৰ্তিৰ বাবে শিক্ষাগত অৰ্হতা হপ্রাৰ্থীজন স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাত কমেও ৫০% নম্বৰ বা সমতুল্য চিজিপিএৰ সৈতে স্নাতক ডিগ্ৰীধাৰী হব লাগে। অনসূচিত জাতি , জনজাতি  আৰু বিশেষভাৱে সক্ষম প্রাৰ্থীৰ বাবে ৫% নম্বৰ ৰেহাই থাকে।                    

দূৰ শিক্ষা যোগেদিও বনাঞ্চল পৰিচালনাপাঠ্যক্রম অধ্যয়ন কৰিব পৰা এখন উল্লেখযোগ্য শিক্ষানুষ্ঠান হল - ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়(www.ignou.ac.in) এই শিক্ষানুষ্ঠান দুখনত বনাঞ্চল পৰিচালনাৰ বিভিন্ন পাঠ্যক্রমত নাম ভৰ্তিৰ বাবে প্রয়োজন হোৱা শিক্ষাগত অৰ্হতা তথা নাম ভৰ্তি প্রক্রিয়া বিভিন্ন । সবিশেষতথ্য জানিবৰ বাবে আগ্ৰহী শিক্ষাৰ্থীয়ে শিক্ষানুষ্ঠান দুখনৰ ৱেবছাইটত চাব পাৰে। বনাঞ্চল পৰিচালনাৰ বিভিন্ন পাঠ্যক্রম অধ্যয়ন কৰি চৰকাৰী তথা বেচৰকাৰী খণ্ডৰ   বিভিন্ন বিভাগত বিভিন্ন পদত নিযুক্তি লাভ কৰিব পাৰে, যেনে - Forestry, Environment, Micro Finance, Banking, Eco-tourism, Corporate Social Responsibility আদি। বনাঞ্চলৰ লগত জড়িত ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় পৰ্যায়ৰ NGOবোৰেও নিযুক্তি দিয়ে। ফৰেষ্ট মহাবিদ্যালয়/বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে কেৰিয়াৰ আৰম্ভ কৰিব পাৰে। 

 

° বুলজিৎ বুঢ়াগোহাঁই

কেৰিয়াৰ পৰামৰ্শদাতা   তথা

মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডনবস্কবিশ্ববিদ্যালয়

ফোন: ৯৪৩৫১৮৮৬৩০

ই-মেইল: buljit@gmail.com

www.buljit.com 

বি.দ্র. কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে, তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন(৯৪৩৫১৮৮৬৩০)ত যোগাযোগ কৰিব পাৰে ।

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ