ড° বুলজিৎ বুঢ়াগোহাঁই
ফটোগ্ৰাফিয়ে সঁচাকৈয়ে
ৰাজনীতিত গুৰুত্বপূৰ্ণ সহায়ক ভূমিকা ল’ব পাৰে, কিন্তু ইয়াক সাধাৰণতে ৰাজনীতিৰ ভিতৰত
প্ৰত্যক্ষ কেৰিয়াৰ পথ বুলি গণ্য কৰা নহয়৷ বৰঞ্চ বিশেষকৈ সংবাদ মাধ্যম, নথিপত্ৰ বা
জনসংযোগৰ প্ৰতি আগ্ৰহীসকলৰ বাবে ই ৰাজনীতিৰ সৈতে জড়িত অন্যতম শ্ৰেষ্ঠ কেৰিয়াৰ বিকল্প৷
ৰাজনীতিবিদসকলে সদায়
তেওঁলোকৰ অঞ্চল, ৰাজ্য আৰু ৰাষ্ট্ৰৰ লোকসকলৰ সেৱাত ব্যস্ত থাকে আৰু তেওঁলোকেও বিচাৰে
যে তেওঁলোকৰ জনসাধাৰণে তেওঁলোকৰ কাম-কাজ আৰু সাফল্যৰ বিষয়ে জনাটো বিচাৰে৷ ইয়াত ফটোগ্ৰাফিয়ে
এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ ফটোগ্ৰাফি হৈছে ডিজিটেল ৰূপত মুহূৰ্তবোৰ প্ৰদৰ্শন
আৰু সংৰক্ষণ কৰাৰ বাবে অন্যতম শক্তিশালী মাধ্যম৷
প্ৰতিদিনে ৰাজনীতিবিদ
আৰু ৰাজনৈতিক দলবোৰে বিভিন্ন ধৰণৰ ৰাজহুৱা কাৰ্যসূচী, ৰাজনৈতিক সমাৱেশ, পদযাত্ৰা আদিৰ
আয়োজন কৰে আৰু সেইবোৰ দেশৰ প্ৰিণ্ট মিডিয়া আৰু ইলেক্ট্ৰনিক সংবাদ মাধ্যমে
ব্যাপকভাৱে প্ৰচাৰ কৰে৷ সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজে ৰাজনীতিবিদ বা ৰাজনৈতিক দলসমূহৰ
উক্ত কাৰ্যসূচীৰ বিষয়ে জানে৷
এজন পেছাদাৰী ফটোগ্ৰাফাৰে
ৰাজনৈতিক দল আৰু ৰাজনীতিবিদসকলক পেছাদাৰী সেৱা আগবঢ়াব পাৰে৷ ডাঙৰ ডাঙৰ ৰাজনৈতিক দল
আৰু ডাঙৰ ৰাজনীতিবিদসকলে সদায় নিজৰ দলত পেছাদাৰী ফটোগ্ৰাফাৰ নিয়োগ কৰে আৰু পেছাদাৰী
ফটোগ্ৰাফাৰৰ কৰ্তব্য হ’ল উক্ত ৰাজনৈতিক দল বা ৰাজনীতিবিদজনে আয়োজন কৰা প্ৰতিটো ৰাজহুৱা
কাৰ্যসূচী বিভিন্ন দিশৰ পৰা সামৰি লোৱা৷ এই ফটোসমূহ ডিজিটেল সম্পত্তি আৰু ৰাজনৈতিক
দল বা ৰাজনীতিবিদজনৰ ছ’চিয়েল মিডিয়া টিমে ব্যৱহাৰ কৰে৷
ফটোগ্ৰাফিক বহুতে
হ’বি হিচাপে গ্রহণ কৰা দেখা যায়৷ কিন্তু ফটোগ্ৰাফিক কেৰিয়াৰ হিচাপেও ল’ব পাৰে৷ ফটোগ্ৰাফিৰ
কেৰিয়াৰ গঢ়িবলৈ পাঠ্যক্রম অধ্যয়ন কৰিবই লাগিব বুলি কথা নাই৷ কিন্তু এজন পেছাদাৰী ফটোগ্ৰাফাৰ
হিচাপে কাম কৰিবলৈ পেছাদাৰী ফটোগ্ৰাফি শিকিব লাগিব৷ দেশৰ বিভিন্ন স্থানৰ লগতে অসমতো
ফটোগ্ৰাফিৰ বিভিন্ন পাঠ্যক্রমত শিক্ষা গ্রহণ কৰিব পৰা শিক্ষানুষ্ঠান আছে৷ তাৰোপৰি, অভিজ্ঞ ফটোগ্ৰাফাৰৰ অধীনতো প্রশিক্ষণ
গ্রহণ কৰিব পাৰে৷ ঔদ্যোগিক প্রশিক্ষণ
প্রতিষ্ঠান বা আই.টি.আই.ত এবছৰীয়া ডিজিটেল ফটোগ্ৰাফাৰ (Digital Photographer) পাঠ্যক্রম
আছে৷ এই পাঠ্যক্রমৰ বাবে শিক্ষাগত অৰ্হতা হ’ল - হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ
হ’ব লাগে৷ আই.টি.আই.ত নামভৰ্তিৰ বাবে আবেদন অনলাইন যোগেদি কৰিব লাগে ৷ ইয়াৰ ৱেবছাইট
ঠিকনাটি হ’ল – https://itiassam.admissions.nic.in ৷ আবেদন কৰোতে এটা ই-মেইল আই.ডি.আৱশ্যক
হয়৷ গতিকে, প্রাৰ্থীসকলে এটা ই-মেইল আই.ডি. খোলা প্রয়োজন আছে৷ এই পাঠ্যক্রমত নামভৰ্তিৰ
হোৱা বৰ্ষৰ ১ আগষ্টত প্রাৰ্থীৰ বয়স ১৪ বছৰৰ কম হ’ব নালাগে৷ নম্বৰৰ ওপৰত ভিত্তি কৰি
নামভৰ্তি হয়৷
ফটোগ্ৰাফিৰ দক্ষতা
শিকাৰ পিছত ট্ৰাইপড, ফ্লেছলাইট, স্পীকাৰ, মাইক আৰু বিভিন্ন প্ৰকাৰৰ লেন্সৰ দৰে আনুষঙ্গিক
সামগ্ৰীৰ সৈতে এটা পেছাদাৰী কেমেৰা ক্ৰয় কৰিব লাগিব, আৰম্ভণিতে এটা কেমেৰা আৰু এখন
লেন্সেৰে আৰম্ভ কৰিব পাৰে আৰু লাহে লাহে আৱশ্যক অনুসৰি কেমেৰা কিট আপগ্ৰেড কৰিব লাগিব
আৰু পিছত প্ৰয়োজনীয় হাৰ্ডৱেৰ যোগ দিব লাগিব৷
এজন সফল ফটোগ্ৰাফাৰ
হবলৈ কিছুমান গুণ থকা দৰকাৰ, দক্ষতা থকা দৰকাৰ, যেনে – ফটোগ্ৰাফিৰ প্ৰতি আগ্ৰহ,এটা
সৃষ্টিশীল মন, কম্পিউটাৰ দক্ষতা, তাৎক্ষণিক ধাৰণা সৃষ্টি কৰিবলৈ সক্ষম হোৱা, ধৈৰ্য্য
আৰু একাগ্ৰতা, পৰিৱৰ্তিত প্ৰযুক্তিৰ সৈতে আপডেট হৈ থাকিবলৈ, পোহৰৰ কাৰিকৰী জ্ঞান, ফটোগ্ৰাফি
কৌশলৰ জ্ঞান, বিভিন্ন ধৰণৰ কেমেৰা আৰু লেন্স ব্যৱহাৰ কৰাৰ সামৰ্থ্য, ভাল যোগাযোগ দক্ষতা,
যিকোনো সময়ত ভ্ৰমণ আৰু কাম কৰাৰ ইচ্ছা, সময়সীমালৈকে কাম কৰাৰ ক্ষমতা আদি৷
ৰাজনৈতিক ফটোগ্ৰাফিৰসকলে
বিভিন্ন ধৰণে কাম কৰিব পাৰে৷ তলত কেইটামান কামৰ ধৰণৰ বিষয়ে আলোচনা কৰা হৈছে৷
ফ্ৰীলান্সাৰ ফটোগ্ৰাফাৰ
হিচাপে কাম কৰা : স্থানীয় ৰাজনীতিবিদৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ ৰাজনৈতিক বা ৰাজহুৱা
অনুষ্ঠানবোৰৰ ছবি তুলি তেওঁলোকৰ টিমৰ সৈতে শ্বেয়াৰ কৰিব পাৰে৷ যদি তেওঁলোকে ছবি ভাল
পায়, তেন্তে ফ্ৰীলান্সাৰ হিচাপে ছবি বিক্ৰী কৰিব পাৰে৷ বাতৰি কাকত, আলোচনী
আদিত ৰাজনৈতিক দলবোৰে
বিভিন্ন ধৰণৰ ৰাজহুৱা কাৰ্যসূচীৰ ছবি বিক্ৰী কৰিব পাৰে৷ লগতে টিভি চেনেলসমূহলৈও ছবিবোৰ
বিক্ৰী কৰিব পাৰে, যি চেনেলসমূহে এনে ধৰণৰ ছবি ব্যৱহাৰ কৰে৷ য়ুটি্উব চেনেল, ৰাজনৈতিক
ইনষ্টাগ্ৰাম একাউণ্ট, ফেচবুক গ্ৰুপ আদিৰ দৰে অনলাইন ডিজিটেল প্লেটফৰ্মতো ছবি বিক্ৰী কৰিব
পাৰে৷ এজন ফ্ৰীলান্সাৰ ফটোগ্ৰাফাৰ হিচাপে কাম কৰাৰ ফলত বিভিন্ন অনলাইন আৰু অফলাইন গ্ৰাহকৰ
পৰা কাম পাবলৈ সুযোগ থাকে৷ এজন ফ্ৰীলান্সাৰ ফটোগ্ৰাফাৰ হিচাপে কাম কৰোতে ব্যক্তিগত
সময় উপভোগ কৰাৰ লগতে নিজৰ সময়সূচী অনুসৰি কামৰ পৰিকল্পনা কৰাৰ সুবিধাও থাকে৷ ইয়াৰ
লগতে সকলো ৰাজনৈতিক দলৰ পৰা যিকোনো সময়ত নিযুক্ত হোৱাৰ সম্ভাৱনা থাকে৷ ফ্ৰীলেঞ্চাৰ
ফটোগ্ৰাফাৰসকলে এটি দল গঠন কৰিব পাৰে আৰু দল হিচাপে সেৱা আগবঢ়াব পাৰে৷ নিৰ্বাচনৰ সময়ছোৱাত
ৰাজনৈতিক দলসমূহে সকলো ধৰণৰ ৰাজনৈতিক অনুষ্ঠান, সভা আদিত ছবি উঠাবলৈ প্ৰফেচনেল ফটোগ্ৰাফাৰৰ
দলৰ প্ৰয়োজন হয়৷ এনে অৱস্থাত ভাল উপাৰ্জন কৰিব পাৰে৷
এটা নিৰ্দিষ্ট ৰাজনৈতিক
দলৰ ফটোগ্ৰাফাৰ হিচাপে কাম কৰা : উচ্চমানৰ ফটোৱে এটা ৰাজনৈতিক দলৰ স্থায়ী ফটোগ্ৰাফাৰ
হ’বলৈ সুযোগ দিব পাৰে৷ ডাঙৰ ৰাজনৈতিক দলসমূহে সদায়ে প্ৰফেছনেল ফটোগ্ৰাফাৰ নিযুক্তি
দিয়ে তেওঁলোকৰ সকলো প্ৰকাৰৰ ৰাজনৈতিক অনুষ্ঠান, ৰেলী, সভা আদি কভাৰ কৰিবলৈ৷ কামৰ গুণগত
মানে ৰাজনৈতিক ফটোগ্ৰাফাৰক দলটোৰ ডাঙৰ ৰাষ্ট্ৰীয় অনুষ্ঠান (যেনে ৰাষ্ট্ৰীয় সন্মিলন,
নিৰ্বাচনী ৰেলী আদি) কভাৰ কৰাৰ সুযোগ দিব পাৰে৷ এইবোৰ ইভেণ্টে ফটোগ্ৰাফাৰক বেছি দৃশ্যমানতা
আৰু বেছি উপাৰ্জনৰ সুযোগ দিয়ে৷ দলটোৰ ৰাজনীতিবিদসকলে তেওঁলোকৰ ব্যক্তিগত অনুষ্ঠান
(যেনে জন্মদিন, পৰিয়ালৰ অনুষ্ঠান, ৰাজহুৱা সাক্ষাৎকাৰ আদি)ৰ বাবেও ফটোগ্ৰাফাৰ বিচাৰে৷
কামৰ গুণে ফটোগ্ৰাফাৰক এইবোৰ অতিৰিক্ত কামৰ সুযোগ দিয়ে, য’ত ফটোগ্ৰাফাৰসকলে ইচ্ছামতে
দাম কৰিব পাৰে৷ দীৰ্ঘদিন ধৰি এটা দলৰ বাবে কাম কৰিলে ফটোগ্ৰাফাৰগৰাকী দলটোৰ বিশ্বস্ত
কৰ্মী হৈ পৰিব পাৰে৷ ইয়াৰ জৰিয়তে ফটোগ্ৰাফাৰগৰাকীয়ে ৰাজনৈতিক নেটৱৰ্কিং গঠন কৰিব পাৰে,
যিয়ে ভৱিষ্যতত আৰু বহু সুযোগ উন্মুক্ত কৰিব পাৰে৷ এটা ৰাজনৈতিক দলৰ স্থায়ী ফটোগ্ৰাফাৰ
হ’বৰ বাবে স্থানীয় দলীয় নেতাৰ সৈতে সংযোগ স্থাপন কৰা সৰু সৰু অনুষ্ঠানবোৰ ফ্ৰী বা কম
দামত কভাৰ কৰি দক্ষতা দেখুৱাব লাগিব৷
দলটোৰ গুৰুত্বপূৰ্ণ অনুষ্ঠানবোৰৰ উচ্চমানৰ ছবি সংগ্ৰহ কৰি এটা প্ৰফেশ্বনেল পৰ্টফ’লিঅ’
তৈয়াৰ কৰিব লাগে ৷ অনুষ্ঠানৰ পিছত সোনকালে এডিট কৰি ছ’চিয়েল মিডিয়া টিমক ছবি জমা দিব
লাগে যাতে দলীয় নেতাই
কামৰ গতি আৰু গুণৰ প্ৰশংসা কৰে ৷
ছপা মাধ্যমত ৰাজনৈতিক
ফটোগ্ৰাফাৰ হিচাপে কাম কৰা : ৰাজনৈতিক ফটোগ্ৰাফাৰ হিচাপে বাতৰি কাকত আৰু আলোচনীৰ বাবে কাম
কৰিব পাৰে৷ নিৰ্বাচনৰ সময়ত নিৰ্বাচনৰ সময়ছোৱাত সকলো ধৰণৰ আলোচনী আৰু সংবাদপত্ৰৰ পেছাদাৰী ফটোগ্ৰাফাৰ
প্ৰয়োজন হয়৷ ফটোগ্ৰাফাৰসকলে ছপা মাধ্যমত তিনিটা ধৰণে কাম কৰিব পাৰে, যেনে -দৰমহাভিত্তিক
নিযুক্তি (স্থায়ী চাকৰি), চুক্তিভিত্তিক কাম (নিৰ্দিষ্ট প্ৰকল্প বা নিৰ্বাচনী কভাৰেজ)
আৰু ফ্ৰীলান্সাৰ হিচাপে ছবি বিক্ৰী কৰা৷ ছপা মাধ্যমত কাম কৰিবৰ বাবে ৰাজনৈতিক অনুষ্ঠান,
ৰেলী, প্ৰেছ কনফাৰেন্সৰ ছবি সংগ্ৰহ কৰি বাতৰি কাকত বা আলোচনীত প্ৰথমে ফ্ৰী বা কম দামত
ছবি দিব লাগে ৷
অনলাইনযোগে ফটো বিক্ৰী
কৰা : এজন পেছাদাৰী ফটোগ্ৰাফাৰ হিচাপে, অনলাইন প্লেটফৰ্মসমূহত নিজে তোলা উচ্চমানৰ ফটো
বিক্ৰী কৰি উপাৰ্জন কৰিব পাৰে৷ বিশ্বৰ নামী সংবাদপত্ৰ, আলোচনী, ৱেবছাইট আৰু ডিজিটেল
মিডিয়াই এই প্লেটফৰ্মসমূহৰ পৰা প্ৰয়োজন অনুসৰি ফটো ক্ৰয় কৰে৷ এনে কিছুমান জনপ্ৰিয় অনলাইন
ষ্টক ফটোগ্ৰাফি ৱেবছাইট হ’ল—Shutterstock (https://www.shutterstock.com/),
Getty Images(https://www.gettyimages.in/),
Adobe Stock(https://stock.adobe.com),
Alamy(https://www.alamy.com/),
iStock(https://www.istockphoto.com/).
Reuters Images (https://www.reuters.com/pictures/)
আদি ৷ এই প্লেটফৰ্মসমূহত নিজকে ফটোগ্ৰাফাৰ হিচাপে পঞ্জীয়ন কৰি, উচ্চ ৰিজলিউশ্যনৰ ছবি
আপলোড কৰিব লাগে৷ ছবি বিক্ৰী হ’লে ৰয়েল্টিৰ ৰূপত অর্থ প্ৰদান কৰে৷ বিশেষকৈ ৰাজনৈতিক
অনুষ্ঠান, প্ৰতিবাদ, চৰকাৰী কাৰ্যসূচী আদি সম্পৰ্কীয় তথ্যসমৃদ্ধ ছবি এইবিলাক প্লেটফৰ্মত
অধিক চাহিদা আছে৷ ইয়াৰ যোগেদি ফটোগ্ৰাফাৰসকলে লাভ কৰা সুযোগ কিছুমান হ’ল -আন্তর্জাতিক
গ্ৰাহক লাভ, নিজৰ কামৰ স্বীকৃতি, পছন্দ অনুসৰি সময় নিৰ্ধাৰণ কৰি কাম কৰাৰ সুবিধা আদি৷
তদুপৰি, য়ুটিউব, ইনষ্টাগ্ৰাম, ফেচবুক পৃষ্ঠাৰ জৰিয়তো ফটো বিক্ৰী আৰু নিজৰ পেচাদাৰী
পৰিচয় গঢ়ি তোলা সম্ভৱ৷
ৰাজনৈতিক ফটোগ্ৰাফি
হৈছে এক গুৰুত্বপূৰ্ণ কিন্তু পৰোক্ষ ৰাজনৈতিক কেৰিয়াৰ পথ, যিয়ে ৰাজনীতিৰ সৈতে জড়িত
হৈ থকাৰ সুযোগ দিয়ে যদিও প্ৰত্যক্ষভাৱে ৰাজনীতিবিদ হ’বলৈ নালাগে৷ ইয়াৰ জৰিয়তে এজনে
ৰাজনৈতিক প্ৰক্ৰিয়া আৰু ঘটনাৱলীৰ দৃশ্য দলিল ৰূপে সংৰক্ষণ কৰাৰ গুৰুত্বপূৰ্ণ দায়িত্ব
পালন কৰে৷
আজিৰ ডিজিটেল যুগত
ৰাজনৈতিক ফটোগ্ৰাফিৰ চাহিদা আগতকৈ বহুগুণে বাঢ়িছে৷ স্থায়ী চাকৰিৰ পৰা ফ্ৰীলান্সিং,
ষ্টক ফটোগ্ৰাফি বিক্ৰীৰ পৰা অনলাইন প্লেটফৰ্মত কাম কৰালৈকে - এই ক্ষেত্ৰত কেৰিয়াৰ
গঢ়াৰ অসংখ্য সম্ভাৱনা আছে৷ বিশেষকৈ নিৰ্বাচনী সময়ত এই পেচাৰ চাহিদা আকাশচুম্বী হয়৷
যিসকলে ৰাজনীতিৰ
প্ৰতি আগ্ৰহী কিন্তু প্ৰত্যক্ষভাৱে ৰাজনীতিত নামি নোযোৱাকৈ ৰাজনৈতিক প্ৰক্ৰিয়াত অংশগ্ৰহণ
কৰিব বিচাৰে, তেওঁলোকৰ বাবে ৰাজনৈতিক ফটোগ্ৰাফি এটা আদৰ্শ কেৰিয়াৰ বিকল্প হ’ব পাৰে৷
প্ৰয়োজন কেৱল একাগ্ৰতা, ধৈৰ্য্য আৰু শিকাৰ স্পৃহা৷
ড° বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা তথা
মুৰব্বী, যান্ত্রিক
অভিযান্ত্রিক বিভাগ, অসম ডন বস্ক’ বিশ্ববিদ্যালয়
ফোন: ৯৪৩৫১৮৮৬৩০
ই-মেইল: buljit@gmail.com
বি.দ্র. কেৰিয়াৰ
বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে, তেন্তে প্ৰত্যেক শনিবাৰে
বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন(৯৪৩৫১৮৮৬৩০)ত যোগাযোগ কৰিব পাৰে ৷