অন্যযুগ/


পশু চিকিৎসা বিজ্ঞান

° বুলজিৎ বুঢ়াগোহাঁই

 পশু চিকিৎসা বিজ্ঞান (Veterinary Science) পঢ়ি ছাত্র-ছাত্রীসকলে উন্নত কেৰিয়াৰ গঢ়িব পাৰে। ইয়াৰ বাবে ছাত্র-ছাত্রীসকলে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত জীৱ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু পদাৰ্থ বিজ্ঞান বিষয়সহ উত্তীৰ্ণ হোৱাৰ পাছত পশু চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্রমত নামভৰ্তি কৰিব পাৰে। ইয়াৰ উপৰি পশু চিকিৎসা বিজ্ঞানত চাৰ্টিফিকেইট,  ডিপ্ল’মা, স্নাতকোত্তৰ আৰু পিএইছ.ডি. পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে।

 পশু চিকিৎসা বিজ্ঞানৰ যোগেদি কেৰিয়াৰ গঢ়িব খোজাসকলৰ কিছুমান গুণ থকা দৰকাৰ, যেনেজীৱবিজ্ঞান বিষয়টিৰ প্রতি আকৰ্ষণ থাকিব লাগিব, জীৱ-জন্তুৰ প্রতি মৰম থাকিব  লাগিব, জীৱ-জন্তুৰ আচৰণ বুজি পোৱাৰ ক্ষমতা থাকিব লাগিব, অনুসন্ধিৎসু মন, সূক্ষ্মদৰ্শী, ভাল যোগাযোগ দক্ষতা, সকলো শ্রেণীৰ মানুহৰ লগত কাম কৰাৰ দক্ষতা,   কষ্টসহিষ্ণুতা, কৰ্তব্যপৰায়ণতা,  নিষ্ঠাৱান, দায়িত্ববোধ আদি।

দেশৰ বিভিন্ন স্থানৰ লগতে অসমতো পশু চিকিৎসা বিজ্ঞান’-ত শিক্ষা গ্রহণ কৰিব পৰা শিক্ষানুষ্ঠান আছে। অসম কৃষি বিশ্ববিদ্যালয় (http://www.aau.ac.in)-ৰ অধীনস্থ গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় আৰু লখিমপুৰ পশু চিকিৎসা মহাবিদ্যালয়’- পশু চিকিৎসা বিজ্ঞান আৰু পশু পালন’-ৰ স্নাতক পাঠ্যক্রম (Bachelor of Veterinary Science and Animal Husbandry, B.V.Sc. & A.H.) অধ্যয়ন কৰাৰ সুবিধা আছে। খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়’-ত স্নাতক পাঠ্যক্রমত আসনৰ সংখ্যা ১১০ খন আৰু লখিমপুৰ পশু চিকিৎসা মহাবিদ্যালয়’-ত স্নাতক পাঠ্যক্রমত আসনৰ সংখ্যা ৩৩ খন।  অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়’-ত পশু চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ আৰু পিএইছ.ডি. পাঠ্যক্রম অধ্যয়ন কৰাৰ সুবিধা আছে।

পশু চিকিৎসা বিজ্ঞান’-ৰ বিভিন্ন পাঠ্যক্রমত নামভৰ্তি কৰিব পৰা অসমৰ বাহিৰৰ কেইখনমান শিক্ষানুষ্ঠান হ আনন্দ এগ্রিকালচাৰেল য়ুনিভাৰ্চিটি (www.aau.in ), ইণ্ডিয়ান ভেটেৰিনেৰি ৰিচাৰ্চ ইনষ্টিটিউট (www.ivri.nic.in), কেৰেলা ভেটেৰিনেৰি এণ্ড এনিমেল ছায়েন্স য়ুনিভাৰ্চিটি (http://www.kvasu.ac.in), কৰ্ণাটক ভেটেৰিনেৰি, এনিমেল এণ্ড ফিছাৰী ছায়েন্স য়ুনিভাৰ্চিটি (http://kvafsu.edu.in), গুৰু অংগদ দেৱ ভেটেৰিনেৰি এণ্ড এনিমেল ছায়েন্স য়ুনিভাৰ্চিটি (http://www.gadvasu.in), চৌধাৰী চৰণ সিং হাৰিয়ানা এগ্রিকালচাৰেল য়ুনিভাৰ্চিটি (https://www.hau.ac.in), তামিলনাডু ভেটেৰিনেৰি এণ্ড এনিমেল ছায়েন্স য়ুনিভাৰ্চিটি (http://www.tanuvas.ac.in), বিৰছা এগ্রিকালচাৰেল য়ুনিভাৰ্চিটি (www.bauranchi.org), ৱেষ্ট বেংগল য়ুনিভাৰ্চিটি অৱ এনিমেল এণ্ড ফিছাৰী ছায়েন্স (http://wbuafscl.ac.in), মহাৰাষ্ট্র এনিমেল এণ্ড ফিছাৰী ছায়েন্স য়ুনিভাৰ্চিটি (www.mafsu.in), ৰাজীৱ গান্ধী ইনষ্টিটিউট অৱ ভেটেৰিনেৰি এডুকেচন এণ্ড ৰিচাৰ্চ ( www.ragacovas.com), লালা লাজপট ৰায় য়ুনিভাৰ্চিটি অৱ ভেটেৰিনেৰি এণ্ড এনিমেল ছায়েন্স (www.luvas.edu.in), শ্রী ভেঙ্কটেশ্বৰ ভেটেৰিনেৰি য়ুনিভাৰ্চিটি (http://www.svvu.edu.in), হিমাচল প্রদেশ এগ্রিকালচাৰ য়ুনিভাৰ্চিটি ( www.hillagric.ac.in) আদি। ৰাষ্ট্রীয় বৃত্তিমূলক আৰু গৱেষণা প্ৰশিক্ষণ পৰিষদে(http://ncvrtindia.org) ভেটেৰিনেৰিৰ বিভিন্ন বৃত্তিমূলক প্ৰশিক্ষণ প্ৰদান কৰে। এই শিক্ষানুষ্ঠানসমূহৰ বিভিন্ন পাঠ্যক্রমত নামভৰ্তিৰ বাবে প্রয়োজন হোৱা ন্যূনতম নম্বৰ তথা শিক্ষাগতৰ অৰ্হতা শিক্ষানুষ্ঠান অনুযায়ী বিভিন্ন হয়। এই শিক্ষানুষ্ঠানবোৰত বিভিন্ন পাঠ্যক্রমত নামভৰ্তি কৰিবৰ বাবে প্রয়োজন হোৱা সবিশেষ তথ্য জানিবৰ বাবে শিক্ষানুষ্ঠানবোৰৰ ৱেবছাইটত চাব পাৰে।

পশু চিকিৎসা বিজ্ঞানত শিক্ষা গ্রহণ কৰিবৰ বাবে নামভর্তি কৰাৰ পূর্বে শিক্ষানুষ্ঠানখন ভেটেৰিনেৰি কাউঞ্চিল অৱ ইণ্ডিয়া (Veterinary Council of India, http://vci.dadf.gov.in)-ৰ স্বীকৃতিপ্রাপ্ত হয় নে নহয় জানি লব লাগিব।

পশু চিকিৎসা বিজ্ঞানৰ শিক্ষাগত অৰ্হতা আৰু অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি চৰকাৰী আৰু বেচৰকাৰী বিভিন্ন খণ্ড, যেনে— Animal Food companies, Animal Welfare Societies, Animals Farms, Dairy Farms, Defence forces, Piggery Farms, Poultry Farms, breeding farms, Dairy Research Institutes, Feed processing industry, Government Projects, Veterinary Hospitals, Media and Print, Pharmaceuticals, Research Companies,  Veterinary  Clinics,  Veterinary  instruments/equipment industry, Zoos & Wild life Research, Zoos & Wildlife centres, Government Animal Husbandry Departments, Sheep and rabbit farms, Wildlife sanctuaries, Zoological parks আদিত নিযুক্তি লাভ কৰিব পাৰে। মহাবিদ্যালয়/ বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে কেৰিয়াৰ আৰম্ভ কৰিব পাৰে। ভেটেৰিনেৰি ছায়েন্স গৱেষণাও এটা কেৰিয়াৰ হব পাৰে। সাংবাদিক হিচাপে কেৰিয়াৰ আৰম্ভ কৰিব পাৰে। ইয়াৰ উপৰি পশু স্বাস্থ্য সেৱা ক্লিনিক খুলি স্ব-নিয়োজনৰ ব্যৱস্থা কৰিব পাৰে।

লেখকৰ ঠিকনা:
সহকাৰী অধ্যাপক, যান্ত্রিক অভিযান্ত্রিক বিভাগ
অসম ডনবস্ক বিশ্ববিদ্যালয়
ভ্ৰাম্যভাষ: ৯৪৩৫১৮৮৬৩০
ই-মেইল: buljit@gmail.com

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ