অন্যযুগ/


গণসংযোগ আৰু সাংবাদিকতাৰ পাঠ্যক্রম

° বুলজিৎ বুঢ়াগোহাঁই

   বৰ্তমান এটা জনপ্রিয় পাঠ্যক্রম হ’ল— গণসংযোগ আৰু সাংবাদিকতা পাঠ্যক্রম। এটা কথা উল্লেখ কৰা লোৱা ভাল হ’ব যে সাংবাদিক হোৱাৰ বাবে গণসংযোগ আৰু সাংবাদিকতাৰ পাঠ্যক্রম পঢ়িবই লাগিব বুলি কোনো ধৰা-বন্ধা কথা নাই গণসংযোগ আৰু সাংবাদিকতা পাঠ্যক্রম প্রথাগত পদ্ধতি অথবা দূৰ শিক্ষাৰ জৰিয়তে পঢ়িব পাৰি এতিয়া কথা হ’ল— যি পদ্ধতিৰে গণসংযোগ আৰু সাংবাদিকতা পাঠ্যক্রমৰ শিক্ষা গ্রহণ কৰক বা নকৰক কিয়, সাংবাদিক হ’ব বিচৰাগৰাকীয়ে প্রমাণ কৰি দেখুৱাব লাগিব যে তেওঁ তেনে ধৰণৰ কাম কৰিবৰ বাবে যোগ্য।
    এজন সফল সাংবাদিক হবলৈ কিছুমান দক্ষতা থকা দৰকাৰ, যেনে ভাল যোগাযোগ দক্ষতা থকা, বিভিন্ন ধৰণৰ বাতৰি উৎসৰ লগত সংস্পৰ্শ থকা, নেতৃত্বসুলভ গুণ থকা, সকলো ধৰণৰ ৰাজনৈতিক তথা সাম্প্রতিক ঘটনা প্রবাহৰ বিষয়ে সচেতন হোৱা, সঠিক আৰু চমুকৈ লিখাৰ দক্ষতা, প্রখৰ বুদ্ধি, উন্নত চিন্তাধাৰা, গভীৰ অধ্যয়ন, সাহসী বিশ্লেষণ ক্ষমতা, কষ্ট কৰাৰ মানসিকতা আদি
     বিভিন্ন বিভাগৰ জাৰ্নেলিজ্‌ম বা সাংবাদিকতাৰ পাঠ্যক্রম আছে এইবোৰৰ ভিতৰৰ কিছুমান হ’ল পলিটিকেল জাৰ্নেলিজ্‌, ছাইন্স জাৰ্নেলিজ্‌, বিজিনেচ জাৰ্নেলিজ্‌, স্প’ৰ্টছ জাৰ্নেলিজ্‌, ফট’ জাৰ্নেলিজ্‌, মাৰ্কেটিং জাৰ্নেলিজ্‌, ক্ৰাইম্ জাৰ্নেলিজ্‌, ইনভেষ্টিগেট জাৰ্নেলিজ্‌, ইক’ন’মিক্স জাৰ্নেলিজ্‌, লাইফ্‌ষ্টাইল জাৰ্নেলিজ্‌ম ইত্যাদি
    উচ্চতৰ মাধ্যমিক (কলা/বাণিজ্য/বিজ্ঞান) চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত সাংবাদিকতাৰ পাঠ্যক্রমত নামভৰ্তি কৰিব পাৰে। সাংবাদিকতাৰ চাৰ্টিফিকেট, ডিপ্লমা, স্নাতক, স্নাতকোত্তৰ আৰু পিএইচ.ডি. পাঠ্যক্রম অধ্যয়ন কৰিব পাৰি
    দেশৰ বিভিন্ন স্থানৰ লগতে অসমতো গণসংযোগ আৰু সাংবাদিকতা শিক্ষাগ্রহণ কৰিব পৰা বহুত শিক্ষানুষ্ঠান আছে গণসংযোগ আৰু সাংবাদিকতাৰ পাঠ্যক্রম তথা প্রশিক্ষণ আগবঢ়োৱা অসমৰ শিক্ষানুষ্ঠান কেইখনমান হ’ল— গুৱাহাটী বিশ্ববিদ্যালয় (http://www.gauhati.ac.in), তেজপুৰ বিশ্ববিদ্যালয় (www.tezu.ernet.in), অসম বিশ্ববিদ্যালয় (www.aus.ac.in), ডিব্রুগড় বিশ্ববিদ্যালয় (www.dibru.ac.in), অসম মহিলা বিশ্ববিদ্যাল (www.awu.ac.in), কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় (www.kkhsou.in), ° ভূপেন হাজৰিকাৰ গণসংযোগ আৰু সাংবাদিকতা কেন্দ্র, কটন  বিশ্ববিদ্যালয় (https://cottonuniversity.ac.in), Turning Point Institute of Media & Creative Skills,  অসম সাংবাদিকতা বিদ্যালয়, গুৱাহাটী আদি
   গুৱাহাটী বিশ্ববিদ্যালয়ত  Master of Arts in Mass Communication (MAMC) পাঠ্যক্রমত আসনৰ সংখ্যা ৩৬ লগতে M.Phil in Mass Communication আৰু PhD in Mass Communication পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা  আছে
  তেজপুৰ বিশ্ববিদ্যালয়ত MA in Mass Communication & Journalism (MA MCJ) পাঠ্যক্রমত আসনৰ সংখ্যা ৩৯ খন আৰু MA in Communication for Development (MA C4D) পাঠ্যক্রমত আসনৰ সংখ্যা ১৩ লগতে PhD পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা  আছে
    অসম বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ পাঠ্যক্রমত আসনৰ সংখ্যা ৪৬ আৰু সাংবাদিকতাৰ প’ষ্ট গ্ৰেজুৱেট ডিপ্ল’মা পাঠ্যক্রমত আসনৰ সংখ্যা ১৫। লগতে M.Phil, PhD  আৰু D.Litt  পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা  আছে
    ডিব্রুগড়  বিশ্ববিদ্যালয়ত  MA in Mass Communication পাঠ্যক্রমত আসনৰ সংখ্যা ৫০
    অসমৰ বাহিৰৰ কেইখনমান শিক্ষানুষ্ঠান হ’ল— ইণ্ডিয়ান ইন্‌ষ্টিটিউট অৱ মাছ কমিউনিকেছন (www.iimc.nic.in), ছিমবায়’ছিছ ইন্‌ষ্টিটিউট অৱ মিডিয়া এণ্ড কমিউনিকেছন (www.simc.edu), পুনে বিশ্ববিদ্যালয় (www.unipune.ac.in), কলকতা বিশ্ববিদ্যালয় (www.caluniv.ac.in), বেনাৰস হিন্দু বিশ্ববিদ্যালয় (www.bhu.ac.in), ইন্দিৰা গান্ধী ৰাষ্ট্রীয় মুকলি বিশ্ববিদ্যালয় (http://rcguwahati.ignou.ac.in), এছিয়ান কলেজ অৱ জাৰ্নেলিজ্‌ম (www.asianmedia.org ), ইণ্ডিয়ান ইন্‌ষ্টিটিউট অৱ জাৰ্নেলিজ্‌ম এণ্ড নিউ মেডিয়া (http://www.iijnm.org), ছফিয়া ইন্‌ষ্টিটিউট অৱ ছ’চিয়েল কমিউনিকেছন (http://www.scmsophia.com), লেডি শ্রীৰাম কলেজ (http://lsr.edu.in), খ্রীষ্ট বিশ্ববিদ্যালয় (www.christuniversity.in), ইন্দ্রপ্রস্থ কলেজ ফৰ ৱমেন (http://ipcollege.ac.in), জেভিয়াৰ ইন্‌ষ্টিটিউট অৱ কমিউনিকেছন (www.xaviercomm.org), হায়দৰাবাদ বিশ্ববিদ্যালয় (www.commuoh.in), মনোৰমা স্কুল অৱ কমিউনিকেছন (www.manoramajschool.com), এমিটি স্কুল অৱ কমিউনিকেছন (https://amityonline.com), মুদ্রা ইন্‌ষ্টিটিউট অৱ কমিউনিকেছন (www.mica.ac.in), ভাৰতীয় বিদ্যা ভৱন (http://bhavansvc.org) আৰু লগতে উল্লেখ কৰা ভাল হ’ব যে পঞ্জাৱ কৃষি বিশ্ববিদ্যালয় (www.pau.edu)-ত মাথোঁ বিজ্ঞানৰ স্নাতকৰ বাবে সাংবাদিকতাৰ দুবছৰৰ বাবে পাঠ্যক্রম আগবঢ়োৱা হয়।
   এই শিক্ষানুষ্ঠানবোৰৰত গণসংযোগ আৰু সাংবাদিকতাৰ পাঠ্যক্রমত নামভৰ্তি কৰিব বাবে প্রয়োজন হোৱা সবিশেষ তথ্য জানিবৰ বাবে শিক্ষানুষ্ঠানবোৰৰ ৱেবছাইটত চাব পাৰে লগতে নাম ভৰ্তি বাবে বিজ্ঞাপন বাতৰি কাকতত প্রকাশ হয়
   গণসংযোগ আৰু সাংবাদিকতা পাঠ্যক্রম সমাপ্ত কৰাৰ পাছত ছপা আৰু ইলেক্ট্রনিক— দুইটা মাধ্যমতে চাকৰি পায় সাংবাদিকতা পাঠ্যক্রম শেষ কৰাৰ পাছত চৰকাৰী-বেচৰকাৰী সংবাদ সংস্থা, ভিন্ন প্রতিষ্ঠানৰ জনসংযোগ বিভাগ, বাতৰি কাকত, আলোচনী, ৰেডিঅ’, টি.ভি. চেনেল আদিত চাকৰি পায়  মহাবিদ্যালয়/বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে কেৰিয়াৰ আৰম্ভ কৰিব  পাৰে

ভ্ৰাম্যভাষ: ৯৪৩৫১৮৮৬৩০

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ