অন্যযুগ/


খেলা-ধূলা (Sports) আৰু দুঃসাহসিক খেল বা এড্‌ভেঞ্চাৰ স্প’ৰ্টছ্ (Adventure Sports)

 ° বুলজিৎ বুঢ়াগোহাঁই

 

আমি জানো যে সৰু কালৰে পৰা বহুতো ছাত্র-ছাত্রীয়ে বিভিন্ন খেলা-ধূলা যেনে- এথলেটিকছ, ক্রিকেট, কাবাডী, কাৰাটে, খো-খো, জুডো, জিমনাষ্টিক, চাইক্লিং, টেবুল টেনিছ, টাইকোৱান ডু, টেনিছডবানেটবল, বেডমিণ্টন, বাস্কেটবল, ফুটবল, ভলীবল, ভাৰোত্তোলন, হেণ্ডবল, কী, সাঁতোৰ, বক্সিং আদি কৰি ভাল পায়। কিন্তু কিছুমান ছাত্র-ছাত্রীয়ে নৱম-দশম শ্রেণী পালে পঢ়া-শুনা ক্ষতি হব বুলি নিজে অথবা অভিভাৱকৰ বাধাৰ বাবে খেলা-ধূলাবোৰ এৰি দিবলৈ বাধ্য হয়।

আমি ভাবোঁ, ছাত্র-ছাত্রীসকলে পঢ়া-শুনাত প্রধান গুৰুত্ব দি খেলা-ধূলাবোৰবোৰ চলাই নিয়া উচিত। কিয়নো খেলা-ধূলাই ছাত্র-ছাত্রীসকলক স্বাস্থ্য ভালে ৰখাত সহায় কৰে। আনহাতে, কিছুমান ছাত্র-ছাত্রীৰ বাবে খেলা-ধূলা কেৰিয়াৰ হব পাৰে। খেলা-ধূলাক কেৰিয়াৰ হিচাপে লব বিচৰা ছাত্র-ছাত্রীসকলে ফিজিকেল এডুকেশ্বন (Physical Education)-ত ডিপ্লমা, স্নাতক, স্নাতকোত্তৰ তথা পি. এইচ. ডি. পাঠ্যক্রম অধ্যয়ন  কৰিব পাৰে।

ফিজিকেল এডুকেশ্বনৰ পাঠ্যক্রম পঢ়িব পৰা শিক্ষা প্রতিষ্ঠান কেইখনমান হল : নেশ্যনেল স্পৰ্টছ ইউনিভাৰ্ছিটি, (www.nsu.ac.in), পুনে বিশ্ববিদ্যালয় (http://www.unipunedpe.in), দিল্লী বিশ্ববিদ্যালয় (www.du.ac.in), লক্ষ্মীবাই নেচনেল ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্বন (http://www.lnipe.edu.in), ইন্দিৰা গান্ধী ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্বন এণ্ড স্পৰ্টছ ছায়েন্স (www.igipess.du.ac.in), নেতাজী সুভাষ নেচনেল ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্বন  (http://www.nsnis.org), মতিলাল নেহৰু স্কুল অৱ স্পৰ্টছ (http://mnssrai.com), গুৰু নানকদেৱ বিশ্ববিদ্যালয় (https://online.gndu.ac.in), পাঞ্জাব বিশ্ববিদ্যালয় (http://puchd.ac.in), মাঙ্গালোৰ বিশ্ববিদ্যালয় (www.mangaloreuniversity.ac.in), বেনাৰাচ হিন্দু বিশ্ববিদ্যালয় (www.bhu.ac.in) আদি।

অসমৰ ডিব্রুগড় বিশ্ববিদ্যালয় (www.dibru.ac.in)-ত ফিজিকেল এডুকেশ্বন (Physical Education)- দুবছৰীয়া স্নাতক পাঠ্যক্রমত আসনৰ সংখ্যা ১০০ খন। এইখিনিতে এটা কথা উল্লেখ কৰা ভাল হব যে লক্ষ্মীবাই নেশ্বনেল ইনষ্টিটিউট্ অৱ ফিজিকেল এডুকেশ্বন (http://www.lnipe.edu.in)- এটা শাখা অসমতো আছে। অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্বন (http://www.aipeguwahati.in)-ত তিনিবছৰীয়া B. P. E. S. (Bachelor of Physical Education and Sports) আৰু দুবছৰীয়া B. P. Ed. (Bachelor of Physical Education) পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে। শ্রীশ্রীঅনিৰুদ্ধদেৱ ক্রীড়া বিশ্ববিদ্যালয় (http://www.sasu.ac.in)-ত ফিজিকেল এডুকেশ্বন (Physical Education)-ৰ চাৰ্টিফিকেট, ডিপ্লমা আৰু স্নাতক পাঠ্যক্রম  অধ্যয়ন  কৰিব পাৰে।

খেলা-ধূলাৰ আনুষংগিক কেৰিয়াৰবোৰ হল- খেলুৱৈ, খেলৰ প্রশিক্ষক, প্রবক্তা, ফিটনেছ ইনষ্ট্রাক্টৰ, ৰেফাৰী, আম্পায়াৰ, অনাতাঁৰ-দূৰদৰ্শনৰ কমেণ্টেটৰ, ক্রীড়াৰ সাংবাদিক, ক্রীড়াৰ ফটো সাংবাদিক আদি ।

দুঃসাহসিক খেল বা এডভেঞ্চাৰ স্পৰ্টছ্ (Adventure Sports ) :

দুঃসাহসিক খেল বা এডভেঞ্চাৰ  স্পৰ্টচ (Adventure Sports)-ক ছাত্র-ছাত্রীসকলে কেৰিয়াৰ হিচাপে নিৰ্বাচন কৰিব পাৰে এডভেঞ্চাৰ স্পৰ্টচক তিনিটা ভাগত বিভক্ত কৰিব পাৰিযেনে - এয়াৰ স্পৰ্টছ্ (Air Sports), লেণ্ড স্পৰ্টছ্ ( Land Sports)  আৰু  ৱাটাৰ স্পৰ্টছ্ (Water  Sports)

এয়াৰ স্পৰ্টছবোৰ হল- Base Jumping, Bungee Jumping, Hand gliding, Paragliding, Ski Jumping, Sky Diving, Sky Surfing আদি 

লেণ্ড স্পৰ্টছবোৰ হল - Adventure Racing, Aggressive Skating ,External Skiing, Forestry Skiing, Land and Ice Yachting, Mountain Biking, Mountain Boarding, Outdoor Climbing, Rock Climbing, Sand Boarding, Skateboarding, Snowboarding, Speed Biking, Trekking আদি ।

ৱাটাৰ স্পৰ্টছবোৰ হল -  Barefoot Water Skiing, Canoeing, Cliff diving, Jet Skiing, Kayaking, Powerboat Racing, Scuba Diving, Snorkeling, Speed Sailing, White water Rafting, Wind Surfing আদি ।

এডভেঞ্চাৰ  স্পৰ্টচক  কেৰিয়াৰ হিচাপে গঢ়িব বিচৰা ব্যক্তিসকলৰ কিছুমান গুণ থকা দৰকাৰ, যেনেসাহসী, শাৰীৰিক আৰু  মানসিক  সৱলতা, পৰিশ্রম,  দৃঢ়তা, নিয়মানুৱৰ্তিতা, নেতৃত্ব সুলভ গুণ, দলগত উদ্যম, বিপদৰ সম্ভাৱনা প্রতিহত কৰাৰ ক্ষমতা,  যোগাযোগৰ দক্ষতা, বিভিন্ন শ্রেণী মানুহৰ কৃষ্টি আৰু পৰম্পৰাৰ সম্পৰ্কে জ্ঞান, প্রাথমিক চিকিৎসা সম্পৰ্কে জ্ঞান, কোনো এক নিৰ্দিষ্ট খেলৰ বিস্তৃত কাৰিকৰী জ্ঞান ইত্যাদি

এডভেঞ্চাৰ স্পৰ্টছ (Adventure Sports )-ৰ চাৰ্টিফিকেট আৰু ডিপ্লমা পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা আছে। এই পাঠ্যক্রমবোৰ পঢ়িব বাবে সাধাৰণে ছাত্র-ছাত্রীসকলে উচ্চতৰ মাধ্যমিকৰ যিকোনো শাখাত চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হব লাগে। যিকোনো শাখাত স্নাতক পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলে অগ্ৰাধিকাৰ পায়।

এডভেঞ্চাৰ  স্পৰ্টছ্ (Adventure Sports )-  বিভিন্ন পাঠ্যক্রমত  শিক্ষা তথা প্ৰশিক্ষণ লব পৰা কেইখনমান শিক্ষানুষ্ঠান হল - অটল বিহাৰী বাজপায়ী ইনষ্টিটিউট অৱ মাউণ্টেনিয়াৰিং এণ্ড এলাইড স্পৰ্টছ্ (https://abvimas.org), জৱাহৰ ইনষ্টিটিউট অৱ মাউণ্টেনিয়াৰিং এণ্ড ৱিণ্টাৰ স্পৰ্টছ্, (http://www.jawaharinstitutepahalgam.com), নেশ্যনেল ইনষ্টিটিউট  অৱ  ৱাটাৰস্পৰ্টছ্, গোৱা  (www.niws.nic.in), নেহৰু ইনষ্টিটিউট অৱ মাউণ্টেনিয়াৰিং (www.nimindia.net), হিমালয়ান মাউণ্টেনিয়াৰিং  ইনষ্টিটিউট,  দার্জিলিং  ( http://hmidarjeeling.com), ইণ্ডিয়ান ইনষ্টিটিউট অৱ স্কিইং এণ্ড মাউণ্টেনিয়াৰিং (http://www.iismgulmarg.in) আদি  এই শিক্ষানুষ্ঠানবোৰত এডভেঞ্চাৰ  স্পৰ্টছৰ বিভিন্ন পাঠ্যক্রমত নামভৰ্তিৰ সবিশেষ জানিবৰ বাবে শিক্ষাৰ্থীসকলে শিক্ষানুষ্ঠানবোৰৰ ৱেবচাইট চাব পাৰে।

শিক্ষাগত অৰ্হতা তথা অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি বিভিন্ন সংগঠনত নিযুক্তি লাভৰ সুবিধা আছে। যেনে ক্রীড়া- বিষয়ক ক্লাৱ, বিনোদন কেন্দ্র, ভ্রমণ এজেঞ্চি, লিডে ৰিজৰ্ট আদি। ইয়াৰ উপৰি নিজাবৱীয়াকৈ ক্রীড়া বিষয়ক ক্লাৱ খুলি স্ব-নিয়োজনৰ ব্যৱস্থা গ্রহণ কৰিব পাৰে।

নিযুক্তি লাভ কৰিব পৰা বিভিন্ন পদবোৰ হ– Adventure Camp Counsellor, Adventure Sports Athlete, Adventure Sports Instructor, Adventure Sports Photographer, Adventure Tour Guide, Adventure Tourism Facilitator, Extreme Sports Specialist, Summer Camp Counsellor, Trekking and Mountain Guide, Water and Aero Sports Specialist, Wildlife and Travel Photographer আদি ।

ঠিকনা :

° বুলজিৎ বুঢ়াগোহাঁই

কেৰিয়াৰ পৰামৰ্শদাতা তথা

মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডনবস্কবিশ্ববিদ্যালয়

ফোন: ৯৪৩৫১৮৮৬৩০

ই-মেইল: buljit@gmail.com

www.buljit.com

বি. দ্র. : কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে, তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন নম্বৰ ৯৪৩৫১৮৮৬৩০-ত যোগাযোগ কৰিব পাৰে।

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ