অন্যযুগ/


বেংক প্ৰবেশ্যনেৰি অফিচাৰ (Bank Probationary Officer)

 ° বুলজিৎ বুঢ়াগোহাঁই

 

 বেংক প্ৰবেশ্যনেৰি অফিচাৰ পদত নিযুক্তিৰ বাবে Institute of Banking Personnel Selection (https://www.ibps.in/)-য়ে সমূহীয়া অন্‌লাইন পৰীক্ষা (common online examination) অনুষ্ঠিত কৰে। অন্‌লাইন পৰীক্ষা দুটা পৰ্যায়ত হয়। এটাক প্রাৰম্ভিক পৰীক্ষা (Preliminary Examination) আৰু আনটোক মূল পৰীক্ষা (Main Examination) বুলি কোৱা হয়। প্রাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ হোৱাসকলে মূল পৰীক্ষাত বহিব পাৰে। প্রাৰম্ভিক পৰীক্ষাৰ প্রশ্নকাকত সাধাৰণতে বস্তুনিষ্ঠ (objective) ধৰণৰ হয় আৰু মুঠ নম্বৰ ১০০ থাকে। ইয়াত English Language-ৰ ৩০ নম্বৰ, Quantitative Aptitude-ৰ ৩৫ নম্বৰ   আৰু Reasoning Ability - ৩৫ নম্বৰ  প্রশ্ন থাকে। মূল পৰীক্ষাৰ  প্রশ্নকাকত Reasoning & Computer Aptitude-ৰ ৬০ নম্বৰ, General/ Economy/ Banking Awareness-ৰ ৪০ নম্বৰ, English Language-ৰ ৪০ নম্বৰ, Data Analysis & Interpretation -ৰ ৬০ নম্বৰ থাকে  আৰু ইংৰাজীত চিঠি লিখা আৰু ৰচনাত ৫০ নম্বৰ থাকে ।

বেংক প্ৰবেশ্যনেৰি অফিচাৰ পদৰ বাবে ন্যূনতম শিক্ষাগত অৰ্হতা যিকোনো স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয় পৰা যিকোনো শাখাত স্নাতক হব লাগে।

প্ৰবেশ্যনেৰি অফিচাৰ পদৰ বাবে বয়সৰ সীমা ২০বছৰৰ পৰা ৩০ বছৰৰ ভিতৰত হব লাগে। চৰকাৰী নীতি অনুসৰি নিৰ্দিষ্ট শ্রেণীৰ ব্যক্তিৰ বাবে বিধি অনুসৰি বয়সৰ ৰেহাই সুবিধা আছে।

মূল পৰীক্ষাত উত্তীৰ্ণ হোৱাসকলৰ বাবে বেংকবোৰে সাক্ষাৎকাৰ আয়োজন কৰে আৰু সাক্ষাৎকাৰত উত্তীৰ্ণ হোৱা সকলে তলত উল্লেখ কৰা বেংকবোৰত প্ৰবেশ্যনেৰি অফিচাৰ নিযুক্তি সুবিধা লাভ কৰে ।  বেংক অৱ বৰডা (Bank of Baroda),কানাড়া বেংক (Canara Bank), ইণ্ডিয়ান অভাৰছীজ বেংক (Indian Overseas Bank), ইউকো বেংক (UCO Bank), বেংক অৱ ইণ্ডিয়া (Bank of India), চেণ্ট্রেল বেংক অৱ ইণ্ডিয়া (Central Bank of India), পাঞ্জাৱ নেচনলে বেংক (Punjab National Bank), ইউনিয়ন বেংক অৱ ইণ্ডিয়া (Union Bank of India),বেংক অৱ মহাৰাষ্ট্র (Bank of Maharashtra ),ইণ্ডিয়ান বেংক ( Indian Bank), পাঞ্জাৱ এণ্ড সিন্দ বেংক (Punjab & Sind Bank) ইত্যাদি । ইয়াৰ উপৰিও আন ৰাষ্ট্রীয় আৰু Regional Rural Bankয়ে Institute of Banking Personnel Selectionয়ে পতা অন্‌লাইন পৰীক্ষাৰ নম্বৰ ভিত্তিত নিযুক্তি দিয়ে। সবিশেষ তথ্য বাবে Institute of Banking Personnel Selection (IBPS)-ৰ ৱেবছাইট (http://www.ibpsexam.org)  চালে ভাল হয়।

 ভাৰতীয় ষ্টেট বেংক (https://www.sbi.co.in) আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকে (https://www.rbi.org.in) নিযুক্তিৰ বাবে নিজাকৈ পৰীক্ষা অনুষ্ঠিত কৰে বিতং তথ্যৰ বাবে বেংক দুটাৰ ৱেবছাইট চাব পাৰে। লগতে নিযুক্তিৰ বাবে আয়োজন কৰা পৰীক্ষাৰ বিষয়ে বাতৰি কাকতত বিজ্ঞাপন প্রকাশ হয়।

এই বেংক প্ৰবেশ্যনেৰি অফিচাৰ নিযুক্তিৰ বাবে আয়োজন কৰা পৰীক্ষাত উত্তীৰ্ণ হবলৈ কচিং লোৱাটো প্রয়োজনীয় বুলি বহুতৰে মনত এক ভুল ধাৰণা থকা দেখা যায়। কিন্তু এই পৰীক্ষাত উত্তীৰ্ণ হবৰ বাবে কচিং লবই লাগিব বুলি কোনো কথা নাই। ছাত্র-ছাত্রী সকলে নিয়মীয়াকৈ অধ্যয়নৰ উপৰিও পুৰণি প্রশ্নকাকতসমূহ কম আৰু নিৰ্ধাৰিত সময়ৰ ভিতৰত সমাধান কৰিবলৈ চেষ্টা কৰিলেও উত্তীৰ্ণ হোৱাত সহায় হব। ছাত্র-ছাত্রীসকলে ইণ্টাৰনেটৰ পৰা সহায় লোৱাৰ উপৰি এই পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্র-ছাত্রীসকলৰ পৰা দিহা-পৰামৰ্শ গ্রহণ কৰিলেও উপকৃত হব।

সাক্ষাৎকাত সাধাৰণতে সাধাৰণ জ্ঞানৰ পৰীক্ষা লোৱা হয়। সাধাৰণ জ্ঞান দুই প্রকাৰত ভাগ কৰিব পৰা যায়। পৰম্পৰাগত সাধাৰণ জ্ঞান (Traditional General Knowledge) আৰু সাম্প্রতিক ঘটনা প্রৱাহ (Current Affairs)সাধাৰণ জ্ঞান যিহেতু একেদিনাই গোটোৱা সম্ভৱ নহয় ইয়াৰ বাবে ছাত্র-ছাত্রীসকলৰ দীঘলীয়া প্রস্তুতিৰ প্রয়োজন। পৰম্পৰাগত সাধাৰণ জ্ঞান আহৰণ কৰিবলৈ বিদ্যালয়ৰ প্রথম শ্রেণীৰ পৰা দশম শ্রেণীলৈকে সকলো বিষয়ৰ পাঠ্যপুথি আৰু এই সকলোবোৰ বিষয়ৰ আনুষংগিক প্রসংগ পুথি অধ্যয়ন কৰিব লাগিব। সাম্প্রতিক ঘটনা প্রৱাহৰ জ্ঞান আহৰণ কৰিবৰ বাবে দৈনিক বাতৰি কাকত তথা বভিন্ন আলোচনী নিয়মীয়াকৈ পঢ়াৰ অভ্যাস গঢ়ি তুলিব লাগিব। কাৰণ, দৈনিক বাতৰি কাকত এখনৰ প্রথম পৃষ্ঠাৰ পৰা শেষৰ পৃষ্ঠালৈ জানিবলগীয়া বহুত কথা থাকে। সেইদৰে নিয়মীয়াকৈ ৰেডিঅৰ বাতৰি অনুষ্ঠান শুনি আৰু টেলিভিছনৰ বাতৰি অনুষ্ঠানবোৰৰ পৰা আহৰণ কৰা জ্ঞানবোৰ লিপিবদ্ধ কৰি ৰাখিব লাগে। তদুপৰি, সাংখ্যিক হিচাপ-নিকাচৰ সক্ষমতা (Numerical Ability), বিচাৰ-বুদ্ধিৰ ক্ষমতা (Reasoningআদি বিষয়সমূহৰ অনুশীলনো স্কুলীয়া দিনৰ পৰাই আৰম্ভ কৰাটো দৰকাৰ।

     ছাত্র-ছাত্রীসকলে দীঘলীয়া সময়ৰ প্রস্তুতিৰ লগতে নিয়মীয়া অনুশীলন অব্যাহত ৰাখি এই পৰীক্ষাৰ বাবে প্রস্তুতি চলালে আমাৰ ৰাজ্যৰ পৰাও বেংক প্ৰবেশ্যনেৰি অফিচাৰ পদত নিযুক্তিৰ বাবে আয়োজন কৰা পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্র-ছাত্রীৰ সংখ্যা বৃদ্ধি হব বুলি আশা কৰিব পাৰি ।

 

° বুলজিৎ বুঢ়াগোহাঁই

কেৰিয়াৰ পৰামৰ্শদাতা  তথা

সহকাৰী অধ্যাপক,যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডনবস্ক বিশ্ববিদ্যালয়

ফোন : ৯৪৩৫১৮৮৬৩০

ই-মেইল: buljit@gmail.com

www.buljit.com

 

 

 

বি.দ্র. কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে ,তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন(৯৪৩৫১৮৮৬৩০)ত যোগাযোগ কৰিব পাৰে ।

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ