অন্যযুগ/


বি. এড. (B.Ed.) ডিগ্রী লাভ কৰাৰ পিছত কেৰিয়াৰৰ সুযোগ

° বুলজিৎ  বুঢ়াগোহাঁই

বি. এড. (B.Ed., Bachelor of Education) পাঠ্যক্ৰম হৈছে ভাৰতত আটাইতকৈ বেছি অধ্যয়ন কৰিব বিচৰা পাঠ্যক্ৰমবোৰৰ ভিতৰত এটা য’ত প্ৰতি বছৰে লাখ লাখ শিক্ষাৰ্থীয়ে নামভৰ্তি কৰে৷ বি. এড. পাঠ্যক্ৰম জনপ্ৰিয় হোৱাৰ এটা কাৰণ হৈছে ইয়াত নিয়োগৰ সুবিধা যথেষ্ট আছে৷ দেশৰ বিভিন্ন বিদ্যালয়ত শিক্ষকৰ আৱশ্যকতা আছে৷ প্ৰতি বছৰে নতুন নতুন বিদ্যালয় স্থাপন হৈছে আৰু শিক্ষকসকলে অৱসৰ গ্রহণ কৰিছে৷ গতিকে বি. এড. ডিগ্রীধাৰীসকলে নিযুক্তিৰ সুবিধা লাভ কৰে৷ যদিও ব্যক্তিগত খণ্ডত যথেষ্ট চাকৰি আছে, শিক্ষাদানৰ ক্ষেত্ৰত চৰকাৰী চাকৰিৰ চাহিদা সদায় বেছি৷ 

বি. এড. ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পাছত, প্ৰাৰ্থীসকলৰ উচ্চ অধ্যয়নৰ বাবে যোৱা বা চাকৰিৰ বাবে পোনপটীয়াকৈ আৱেদন কৰাৰ বিকল্প আছে। তেওঁলোকে উচ্চ অধ্যয়নৰ বাবে যাব লাগে নে চাকৰি সম্পূৰ্ণৰূপে প্ৰাৰ্থীৰ পছন্দৰ ওপৰত নিৰ্ভৰ কৰে। যদি প্ৰাৰ্থীজনে লগে লগে শিক্ষকতা বৃত্তিত প্ৰৱেশ কৰিব বিচাৰে, তেন্তে তেওঁ চাকৰিৰ সাক্ষাৎকাৰৰ বাবে পোনপটীয়াকৈ আৱেদন কৰিব পাৰে/ শিক্ষক নিয়োগ পৰীক্ষাত অৱত্তীৰ্ণ হ’ব পাৰে। বি. এড. ডিগ্রীধাৰীসকলে পাছত শিক্ষক হিচাপে যোগ্যতা লাভ কৰিবৰ বাবে কেন্দ্রীয় চৰকাৰ বা ৰাজ্য চৰকাৰৰ দ্বাৰা অনুষ্ঠিত শিক্ষকৰ যোগ্যতা নিৰ্ণায়ক পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগে৷ উদাহৰণস্বৰূপে, কেন্দ্রীয় চৰকাৰ ‘কেন্দ্ৰীয় শিক্ষকৰ যোগ্যতা নিৰ্ণায়ক পৰীক্ষা’ (CTET,https://ctet.nic.in)- প্ৰতি বছৰে প্ৰায় ২৪ লাখ প্ৰাৰ্থীয়ে অংশগ্ৰহণ কৰে৷ এই পৰীক্ষাত উত্তীৰ্ণ হোৱাসকলে কেন্দ্ৰীয় চৰকাৰী বিদ্যালয় (নৱোদয়, কেন্দ্ৰীয় বিদ্যালয় ইত্যাদি)-ত শিক্ষক পদৰ বাবে আৱেদন কৰিব পাৰে৷ ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষক পদৰ বাবে ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা ‘টেট’ (https://ssa.assam.gov.in) পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগে৷ বি. এড. ডিগ্ৰী থকা প্ৰাৰ্থীসকলে ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদ (National Council for Teacher Education, https://ncte.gov.in)-ৰ সংশোধিত নিয়ম অনুসৰি প্রাথমিক বিদ্যালয়ৰ শিক্ষকতা চাকৰিৰ বাবেও আৱেদন কৰিব পাৰে। চৰকাৰী খণ্ডত শিক্ষকতা কেৰিয়াৰ কৰিব নিবিচৰা প্ৰাৰ্থীসকলে ব্যক্তিগত বিদ্যালয়ত চাকৰিৰ সুযোগ লাভ কৰিব পাৰে বিভিন্ন পদত, যেনে— Teacher, Counsellor, Educational Administrator, Educational Researcher আদি৷

অৱশ্যে, যদি শিক্ষাৰ্থীয়েসকলে অধিক দক্ষতা লাভ কৰিব বিচাৰে আৰু উচ্চ দৰমহাৰ চাকৰি পাব বিচাৰে, তেন্তে তেওঁ উচ্চ শিক্ষা গ্রহণ কৰিব পাৰে। অন্যহাতে অধ্যাপক বা গৱেষক হিচাপে কেৰিয়াৰ লাভ কৰিব বিচৰা প্ৰাৰ্থীসকলে স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পাছত শিক্ষাত ডক্টৰেট ডিগ্ৰী লাভ কৰিব পাৰে৷

শেষত ক’ব বিছাৰিছোঁ যে, বি. এড. ডিগ্ৰী লাভ কৰা পাছত উচ্চ শিক্ষা গ্রহণ কৰিব নে চাকৰি কৰিব, সেইটো সম্পূৰ্ণৰূপে প্ৰাৰ্থীসকলৰ পছন্দৰ ওপৰত নিৰ্ভৰ কৰিব৷ উদাহৰণস্বৰূপে, যদি প্ৰাৰ্থীয়ে শিক্ষাদানৰ ক্ষেত্ৰত অভিজ্ঞতা লাভ কৰিব বিচাৰে, তেন্তে তেওঁ পোনপটীয়াকৈ শিক্ষকতাৰ চাকৰিৰ ফালে যাব পাৰে। একেদৰে, যদি প্ৰাৰ্থীসকলে চৰকাৰী চাকৰি কৰিব বিচাৰে, তেওঁ পোনপটীয়াকৈ চৰকাৰী নিয়োগ প্ৰৱেশ পৰীক্ষাত অৱত্তীৰ্ণ হ’ব পাৰে। আনহাতে, যদি প্ৰাৰ্থীয়ে এটা নিৰ্দিষ্ট বিষয়ত অধিক দক্ষতা আৰু জ্ঞান লাভ কৰিব বিচাৰে বা গৱেষণা আধাৰিত চাকৰিৰ বাবে আৱেদন কৰিব বিচাৰে, তেন্তে উচ্চ শিক্ষা গ্রহণ কৰাটো ভাল।

 দেশৰ বিভিন্ন স্থানৰ লগতে অসমতো বি. এড. (B.Ed.) শিক্ষা গ্রহণ কৰিব পৰা শিক্ষানুষ্ঠান আছে৷

 বৰপেটা জিলাৰ আটাওৰ ৰহমান শিক্ষক শিক্ষা মহাবিদ্যালয় (http://www.arce-assam.org)-ত আসনৰ সংখ্যা ১০০, বজালী শিক্ষক প্রশিক্ষণ মহাবিদ্যালয় (http://www.bajalittcollege.in)-ত আসনৰ সংখ্যা ১০০, বৰনগৰ বি.এড. কলেজ (https://barnagar.org)-ত আসনৰ সংখ্যা ৫০, বৰপেটা বি.টি. কলেজ (http://www.barpetabtcollege.org)-ত আসনৰ সংখ্যা ১০০ আৰু জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট) (http://www.dietbarpeta.co.in)-ত আসনৰ সংখ্যা ৫০৷

বঙাইগাঁও জিলাৰ বঙাইগাঁও বি. এড. কলেজ (http://www.bongaigaonbedcollege.org)-ত আসনৰ সংখ্যা ৬০, জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট) (http://dietbongaigaon.in)-ত আসনৰ সংখ্যা ৫০ আৰু ৰেইমালি অকাডেমি মহাবিদ্যালয় (https://www.reimalieacademycollege.com/)-ত আসনৰ সংখ্যা ১০০ খন।

কাছাৰ জিলাৰ ড° শ্যামা প্ৰসাদ মূখাৰ্জী শিক্ষক শিক্ষা মহাবিদ্যালয় (https://www.spmcollege.edu.in)-ত আসনৰ সংখ্যা ১০০, শিলচৰ শিক্ষা মহাবিদ্যালয় (http://silcharcollegeofeducation.com)-ত আসনৰ সংখ্যা ১০০, শিক্ষক প্রশিক্ষণ মহাবিদ্যালয় (https://ttcollegesilchar.com)-ত আসনৰ সংখ্যা ৫০।

দৰং জিলাৰ শিক্ষক শিক্ষণ মহাবিদ্যালয় (http://ctemangaldai.co.in)-ত আসনৰ সংখ্যা ৫০, ডিমৰীয়া বি. এড. কলেজ (http://www.deomornoibedcollege.org)-ত আসনৰ সংখ্যা ১০০, আৰ.চি. চহৰীয়া শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় (http://rcsttc.in )-ত আসনৰ সংখ্যা ১০০ আৰু ছিপাঝাৰ বি.এড. কলেজ (http://www.sipajharbedcollege.org.in)-ত আসনৰ সংখ্যা ১০০ খন৷

ধেমাজি জিলাৰ ধেমাজি স্নাকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয় (http://www.dhemajipgtcollege.org)-ত আসনৰ সংখ্যা ৬০, জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট) (http://www.dietdhemaji.in) আসনৰ সংখ্যা ৫০ খন৷

ধুবুৰী জিলাৰ ধুবুৰী স্নাতকোত্তৰ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় (http://dhubripgttcollege.com)-ত আসনৰ সংখ্যা ১০০৷

ডিব্ৰুগড় জিলাৰ চন্দ্রকান্ত হাজৰিকা মহাবিদ্যালয় (http://ckhbedcollege.org)-ত আসনৰ সংখ্যা ১০০, শিক্ষা বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয় (https://dibru.ac.in/)-ত আসনৰ সংখ্যা ৫০, জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট) (http://www.dietdibrugarh.in)-ত আসনৰ সংখ্যা ৫০, নামৰূপ শিক্ষক শিক্ষা মহাবিদ্যালয় (https://www.ctenamrup.com)-ত আসনৰ সংখ্যা ৫০, পাৰিজাত অকাডেমি শিক্ষক শিক্ষা প্ৰতিষ্ঠান (http://www.parijatacademy.co.in)-ত আসনৰ সংখ্যা ১০০৷

গোৱালপাৰা জিলাৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট) (http://www.goalpara.gov.in/diet/)-ত আসনৰ সংখ্যা ৫০ আৰু চৰকাৰী বি.টি. কলেজ (http://www.ctegoalpara.in)-ত আসনৰ সংখ্যা ১০০৷

গোলাঘাট জিলাৰ শিক্ষক শিক্ষা মহাবিদ্যালয় (http://www.ctegolaghat.in)-ত আসনৰ সংখ্যা ১০০৷

হাইলাকান্দি জিলাৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট) (https://diethailakandi.in)-ত আসনৰ সংখ্যা ৫০, ° শশীভূষণ শিক্ষা প্ৰতিষ্ঠান, (https://www.sbiehailakandi.co.in)-ত আসনৰ সংখ্যা ৫০ খন, এচ.কে. ৰয় সোঁৱৰণী শিক্ষাৰ প্ৰতিষ্ঠান (https://www.skrmie.ac.in/homepage.php)-ত আসনৰ সংখ্যা ১০০।

যোৰহাট জিলাৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট) (http://www.dietjorhat.in)-ত আসনৰ সংখ্যা ৫০, স্নাকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয় (http://www.iasejorhat.in)-ত আসনৰ সংখ্যা ৫০ খন, কমলা বেজবৰুৱা সোঁৱৰণী শিক্ষক শিক্ষা মহাবিদ্যালয় (http://www.kbmcollege.co.in)-ত আসনৰ সংখ্যা ৫০, নেইম্ছ শিক্ষক প্রশিক্ষণ মহাবিদ্যালয় (http://ncte.neimscollege.com)-ত আসনৰ সংখ্যা ৫০।

কামৰূপ জিলাৰ অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় (http://www.aspmghy.com)-ত আসনৰ সংখ্যা ১০০, বাইহাটা চাৰিআলি বি.এড. কলেজ (http://www.baihatacharialib-ed.org.in/)-ত আসনৰ সংখ্যা ১০০, শিক্ষা মহাবিদ্যালয় (http://www.collegeofeducation.org)-ত আসনৰ সংখ্যা ১০০, দক্ষিণ গুৱাহাটী বি.এড. কলেজ (http://www.dgbed.org)-ত আসনৰ সংখ্যা ১০০, জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট) (http://www.dietkamrup.in)-আসনৰ সংখ্যা ৫০, ড° অনিতা বৰুৱা শৰ্মা শিক্ষা মহাবিদ্যালয় (http://www.drabscollege.com)-ত আসনৰ সংখ্যা ১০০, চৰকাৰী বাণীকান্ত শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় (http://www.iaseguwahati.in)-ত আসনৰ সংখ্যা ৫০, কে.আৰ.ডি. শিক্ষা মহাবিদ্যালয় (http://krdcollege.in)-ত আসনৰ সংখ্যা ১০০, জাতীয় শিক্ষক শিক্ষা প্রতিষ্ঠান (https://www.nifte.org.in/)-ত আসনৰ সংখ্যা ১০০, প্ৰাগ্জ্যোতিষ বি. এড. কলেজ পছৰীয়া (http://www.pragjyotishbedcollegepacharia.com)-ত আসনৰ সংখ্যা ১০০, প্রভিন্স কলেজ (http://www.provincecollege.in)-ত আসনৰ সংখ্যা ১০০, ৰঙিয়া শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় (http://rangiattcollege.in)-ত আসনৰ সংখ্যা ১০০, শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় মিৰ্জা (http://www.ttcollegemirza.com)-ত আসনৰ সংখ্যা ১০০, পশ্চিম গুৱাহাটী শিক্ষা মহাবিদ্যালয় (http://www.wgce.org)-ত আসনৰ সংখ্যা ১০০।

কাৰ্বি আংলং জিলাৰ Diphu B.Ed. College (http://diphubedcollege.org)-ত আসনৰ সংখ্যা ১০০, জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট) (http://www.dietkarbianglong.in)-ত আসনৰ সংখ্যা ৫০৷

 

 

 কৰিমগঞ্জ জিলাৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট)( http://www.dietkarimganj.in)-ত আসনৰ সংখ্যা ৫০, জি.চি. পল শিক্ষা মহাবিদ্যালয় (http://www.gcpaulcollegeofeducation.org)-ত আসনৰ সংখ্যা ১০০, পাথৰকান্দি শিক্ষা মহাবিদ্যালয় (https://patharkandibedcollege.org)-ত আসনৰ সংখ্যা ১০০, বিবেকানন্দ শিক্ষা মহাবিদ্যালয় (https://www.vced.org/)-ত আসনৰ সংখ্যা ৫০৷

কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও বি.এড. কলেজ (http://gossaigaonbedcollege.org)-ত আসনৰ সংখ্যা ১০০, চৰকাৰী  শিক্ষক শিক্ষা মহাবিদ্যালয় (https://www.govtctekokrajhar.ac.in)-ত আসনৰ সংখ্যা ১০০৷

লখিমপুৰ জিলাৰ বিহপুৰীয়া স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয় (http://bpgtc.in)-ত আসনৰ সংখ্যা ৫০, শিক্ষক শিক্ষা মহাবিদ্যালয়, ঢকুৱাখনা (https://ctedhakuakhana.org.in)-ত আসনৰ সংখ্যা ১০০, জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট) (https://dietazad.co.in)-ত আসনৰ সংখ্যা ৫০, লখিমপুৰ স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয় (http://www.lpgtcollege.org)-ত আসনৰ সংখ্যা ৫০৷

মৰিগাঁও জিলাৰ শিক্ষা মহাবিদ্যালয়, মৰিগাঁও (https://www.collegeofeducationmorigaon.org)-ত আসনৰ সংখ্যা ১০০, জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট) (http://www.dietmorigaon.in)-ত আসনৰ সংখ্যা ১০০৷

নগাঁও জিলাৰ শিক্ষা মহাবিদ্যালয় (https://www.collegeofeducation.co.in)-ত আসনৰ সংখ্যা ১০০, হাম-এক ৰুৰেল কলেজ অৱ এডুকেশন (http://hamakeducation.com)-ত আসনৰ সংখ্যা ১০০, কলিয়াবৰ শিক্ষা মহাবিদ্যালয় (http://www.kaliaborcollegeofeducation.org.in)-ত আসনৰ সংখ্যা ১০০, কৃষ্ণ বৰা বি.এড. কলেজ, নগাঁও (http://kbbedcollege.org)-ত আসনৰ সংখ্যা ১০০, নাজীৰ আজমল সোঁৱৰণী শিক্ষা মহাবিদ্যালয় (https://namce.ajmalgroupofcolleges.org)-ত আসনৰ সংখ্যা ১০০, নগাঁও শিক্ষণ মহাবিদ্যালয় (http://www.collegeofeducation.com)-ত আসনৰ সংখ্যা ৫০৷

নলবাৰী জিলাৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট) (http://www.dietnalbari.in)-ত আসনৰ সংখ্যা ৫০, ড° সৰ্বপল্লী ৰাধাকৃষ্ণন শিক্ষক প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান (http://www.dsrttri.com)-ত আসনৰ সংখ্যা ৫০, শোধাৰাণী দোলাৰাম পাঠক শিক্ষক শিক্ষা মহাবিদ্যালয় (http://www.ctethu.in)-ত আসনৰ সংখ্যা ১০০।

শিৱসাগৰ জিলাৰ শিৱসাগৰ শিক্ষক শিক্ষা মহাবিদ্যালয় (https://sibcte.in)-ত আসনৰ সংখ্যা ৫০৷

শোণিতপুৰ জিলাৰ বিশ্বনাথ শিক্ষা মহাবিদ্যালয় (https://bedbnc.org)-ত আসনৰ সংখ্যা ১০০, জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট) (https://www.dietbiswanath.in)-ত আসনৰ সংখ্যা ৫০, শিক্ষক শিক্ষা মহাবিদ্যালয়, তেজপুৰ(https://www.ctetezpur.com)-ত আসনৰ সংখ্যা ১০০, তেজপুৰ বিশ্ববিদ্যালয় (http://www.tezu.ernet.in)-ত আসনৰ সংখ্যা ৫০৷

তিনিচুকীয়া জিলাৰ শিক্ষক শিক্ষা মহাবিদ্যালয় (http://www.ctetinsukia.com/)-ত আসনৰ সংখ্যা ৫০, ডিগবৈ বি.এড. কলেজ (http://www.bedcollegedigboi.com)-ত আসনৰ সংখ্যা ১০০৷

এই শিক্ষানুষ্ঠানবোৰত নামভৰ্তি কৰিবৰ বাবে প্রয়োজন হোৱা সবিশেষ তথ্য জানিবৰ বাবে শিক্ষানুষ্ঠানবোৰৰ ৱেবছাইটত চাব পাৰে৷ বি. এড. পাঠ্যক্ৰমত নামভর্তি কৰাৰ পূর্বে শিক্ষানুষ্ঠানসমূহৰ বৈধতা/ ডিগ্রীৰ মর্যাদা/ ব্যৱস্থা/ স্বীকৃতিপ্রাপ্তিৰ মর্যাদা আদিৰ সবিশেষ ‘ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদ’ ( https://ncte.gov.in)-ৰ ৱেবছাইটৰ জানি ল’ব লাগে৷ লগতে ‘ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ’ (https://scert.assam.gov.in)-ৰ ৱেবছাইট চাব পাৰে৷

বি. এড. (B.Ed.) ডিগ্রী লাভ কৰাৰ পাছত শিক্ষকতাৰ যোগেদি কেৰিয়াৰ গঢ়িব খোজাসকলৰ কিছুমান গুণ থকা বা আয়ত্ত কৰা দৰকাৰ, যেনে— নিয়মানুৱৰ্তিতা, দায়িত্ববোধ, সুন্দৰ নিৰীক্ষণ ক্ষমতা, ভাল পৰ্য্যবেক্ষক, সঠিকভাৱে লিখিব পৰা দক্ষতা, অনুসন্ধিৎসু মন, দলগতভাৱে কাম কৰা দক্ষতা থকা, যোগাযোগৰ দক্ষতা থকা, বিষয়টি প্রতি প্রকৃত আগ্ৰহ আদি৷

 

বি.দ্র. : ‘ৰাষ্ট্ৰীয় শিক্ষানীতি, ২০১৯’ প্রয়োগ হ’লে এই লেখাটোত উল্লেখ কৰা বি. এড. পাঠ্যক্ৰমৰ  কিছুমান কথা সলনি হ’ব৷

 

° বুলজিৎ বুঢ়াগোহাঁই

কেৰিয়াৰ পৰামৰ্শদাতা  তথা

সহকাৰী অধ্যাপক,যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডনবস্ক’ বিশ্ববিদ্যালয়

ভ্ৰাম্যভাষ: ৯৪৩৫১৮৮৬৩০

ই-মেইল: buljit@gmail.com

www.buljit.com

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ