অন্যযুগ/


বুকুত এখন অৰণ্য লৈ ফুৰিছোঁ

প্রাঞ্জল কুমাৰ লাহন

 

বুকুত এখন অৰণ্য লৈ ফুৰিছোঁ

কোনেও নেদেখাকৈ

কোনেও নজনাকৈ

 

সেই কথা আনকি

অৰণ্যৰ গান গোৱা চৰাইবোৰকো কোৱা নাই

অৰণ্যৰ ৰঙ-বিৰঙী পখিলাবোৰকো কোৱা নাই

অৰণ্যৰ জীৱ-জন্তু কিম্বা বিৰিখকো কোৱা নাই

 

মোৰ বুকুৰ অৰণ্যলৈ সোমাই আহিবলৈ

কাকো কোনো অনুমতি নালাগে

 

মাথো বিচাৰিব জানিব লাগে

বুকুৰ অৰণ্যত সোমাবলৈ

ভালপোৱাৰ সুৰুকীয়া বাট...

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ