অন্যযুগ/


বৃক্ষ মানৱ

পাপৰি বৰ্মন

মাষ্টৰনীয়ে‍ মাইচানাক ক’লে— ‘‘মানুহজনে ওৰেটো ৰাতি নোশোৱে নহয়। গোটেই ৰাতি ইচাট-বিচাট কৰি সময় কটায়।’’

‘‘কিয় ? দিনটো স্কুলত ব্যস্ত নাথাকে নেকি আজিকালি? নে বৌ, দাদাকো ফেইচবুক আৰু ৱাটছ্‌এপে পালে?’’

‘‘নহয় অ’, থাকে। আগেয়ে দিনটো স্কুলত, তাৰ পৰা আহি টিউশ্যন এটা কৰি আজৰি সময়ত বাগিচাতে ব্যস্ত থাকে। কিন্তু দুদিনমানৰ পৰা মানুহজন নোশোৱা হৈছে। ল’ৰা-ছোৱালীক পঢ়াবলৈও আজিকালি বাদ দিলে।’’

‘‘কিয়বা বৌ? কথাটো ৰচকী বুঢ়ীৰ কাণ চোৱাবাচোন। দাদাক কিবা অপায়-অমংগলে পাইছে বা? এনেয়েও দেখোন ডাঙৰ গছবোৰৰ লগত দাদাই কথা পাতি থাকে। সিদিনাখন সন্ধিয়া মই ঘৰলৈ আহোঁতে তুমি যে দাদাক চাহ খাবলৈ মাতিবলৈ কওঁতে মই মাতিবলৈ গৈ নিজে দেখিছোঁ সৌ তাহানিতে বাপধন কাইটিৰ বাৰীৰ পৰা অনা আমজোপাক সাবটি ধৰি দাদাই কৈ আছে, ‘‘তোক বৰ মৰম কৰি ডাঙৰ কৰিলোঁ। পানী কেঁচুৱাৰ দৰে আছিলি সৰুতে। এবাৰ যিহে হ’ল তোৰ। পানী, গোবৰ আৰু সাৰ বেছি হৈ নে কি তই পুলিতে মৰিবলৈকে ওলাইছিলি। পুলিতে তই  বচাৰ আশা বাপধন কাইটিয়েও এৰি দিছিল। একেবাৰে শুকাই লেৰেলি গৈছিলি। মোকতো বাপধন কাইটিয়ে ডাইৰেক্ট কৈছিল, ‘‘পুলি আৰু আছে ৰ। তোক দিম। তই দুখ নকৰিবি। মৰিবই এইটো পুলি। জেকা লাগিছে।’’ পিছে কাইটিক মিছা প্ৰমাণিত কৰি মই তোক বচালোঁ। তেতিয়া মই মেট্ৰিক দি উঠি ঘৰতে আছিলোঁ। পৰীক্ষাৰ পাছৰ বন্ধৰ সময়খিনিত তোৰ যতন লওঁতেই গ’ল।’’ ‘‘জানা বৌ, দাদাই আমজোপাক সাবটি ধৰি মৰম কৰি আছিল। আমজোপাক চুমা খোৱা মই নিজে দেখিছোঁ। হে হৰি, বিদ্যা দাদাক কিবা ভূত-প্ৰেতে ধৰিলে কিজানি। শুনিছোঁ, ডাঙৰ গছত বোলে দেও থাকে। আমজোপাতো আছে চাগে। কাটিব লাগিব গছজোপা। তোমাক কথাটো সিদিনা কৈছিলোঁও, বোলোঁ বৌ আমজোপা বৰ এজোপা হ’ল। ঠালে-ঠেঙুলিয়ে বাৰীখন হেঁচি ধৰিছে। আজিকালি হাইব্ৰিডৰ জামানা। এইজোপা আম কাটি হাইব্ৰিড এজোপাকে লগোৱা। পিছে তুমিনো মোৰ কথা ক’ত শুনা।’’ 

‘‘যাঃ, যা-তা নক’বিচোন এই হেন বিজ্ঞানৰ দিনত। মনে মনে থাক। মূৰটো নাখাবি মোৰ।’’ মাইচানা ঘৰলৈ যাব বাবে মাষ্টৰনীয়ে‍ দৌৰাদৌৰিকৈ‍ ভাতৰ যোগাৰ কৰি ৰান্ধি-বাঢ়ি দিলে। মাইচানাক পদূলিলৈ আগ বঢ়াই মাষ্টৰনীয়ে আমজোপালৈ অলপ পৰ চাই পঠিয়ালে। অস্তগামী বেলিটোৰ সোণোৱালী কিৰণ গছজোপাৰ ফাঁকে ফাঁকে আহি বাগিচাখনত সিঁচৰতি হৈ পৰিছিল। ‘‘মাইচানাজনী যে, তাই সৰু হৈয়ে আছে পাই। বুৰ্বকজনী ক’ৰবাৰ। কি যে কথাবোৰ কয়! ভূত-প্ৰেত!’’  মাষ্টৰনীয়ে তাইলৈ মনত পেলাই হাঁহিলে। 

সিদিনা ৰাতিৰ ভাত-পানী খাই পাকঘৰৰ কাম-কাজবোৰ অঁতাই মাষ্টৰনীয়ে মাষ্টৰৰ ভৰিৰ তলুৱাত তপত মিঠাতেল ঘঁহি দিলে, ‘‘আজি শুবলৈ চেষ্টা কৰকচোন। এনেকৈ টোপনি নহাটো চলি ডাক্তৰক দেখুৱাব লাগিব বুজিছেনে। নে প্ৰেছাৰ বাঢ়িল? বিপিনৰ ফাৰ্মাচি‍ত প্ৰেছাৰটো সদায় জুখিবচোন। হেৰি, শুনকচোন, ব’হাগ বিহুৰ বন্ধত গুৱাহাটীলৈ গৈ গোটেই দেহাটো দেখুৱাই আহিব। হ’বনে?’’

 মানুহজনৰ সাৰ-সুৰ নাই। মাষ্টৰনীয়ে কপালত হাত বুলাই পাতল কম্বলখন গাত পেলাই দি মানুহজনৰ কাষতে শুই পৰিল। দুঘণ্টামানৰ পাছত মাষ্টৰে সাৰ পালে। মাজনিশা তেতিয়া, অমাৱস্যাৰ ৰাতি। মাষ্টৰ উঠি বিছনাতে বহিল। কোনে কান্দিছে? পুনৰ মাষ্টৰে কাণ পাতি শুনে, কান্দিছে, সেয়া শব্দ ভাহি আহিছে সৰু চহৰখনৰ পৰা। কু-উ-উ-ও-ও-ও, হয় আজিও কান্দিছে সিহঁতে। সেই শব্দবোৰে চহৰখনক শান্তিত থাকিবলৈ দিয়া নাই। কোনোবাই কাৰোবাক হত্যা কৰিবলৈ আগ বাঢ়িলে যেনেকৈ ভয়ত কান্দে, তেনেকৈ কান্দিছে। কান্দোনটো চেপা গেঙনিৰ দৰে।  সিহঁতক নিৰাপত্তা লাগে। সিহঁত মৰিব নোখোজে। নাই, মাষ্টৰে এনেকৈ বিছনাত শুই থাকিব নোৱাৰে। তেখেতে বচাব সিহঁতক। অকলেই বচাব। উফ্, আজিও মাষ্টৰক শুবলৈ নিদিয়ে সেই শব্দবোৰে। সিহঁতক নাকাটিবি অ’। সিহঁতক কটাতকৈ মোকে কাট অ’। তহঁতে কাটিলে সিহঁতে চুপ হৈ নাথাকে দেই। সিহঁতেও দুখ পাব নহয়। প্ৰতিবাদ কৰিব। প্ৰতিশোধ ল’ব। মাষ্টৰে মনতে বিৰ্‌বিৰায়। বৃহৎ বৃহৎ গছবোৰে খেদি খেদি গোটেই ওদালগুৰি চহৰখন বেঢ়ি ধৰিছে। এতিয়া সিহঁতে এই চহৰখনত আন্দোলন কৰিব। তেখেতে কাষতে শুই থকা পত্নীক জগালে,’‘হেৰা উঠাচোন, গছবোৰে চিঞৰি চিঞৰি খেদি আহিছে। গোটেই চহৰখনে মহটি‍য়াই নিব এতিয়া। সিহঁতৰ শিপাবোৰে আমাৰ সকলোৰে টেঁটুবোৰ চেপি ধৰি ৰক্ত পান কৰিব। তথাপি সিহঁত জীয়াই থাকিব। আমাৰ তেজ খাই জীয়াই থাকিব সিহঁত।’’

 ‘‘শুই থাকক, হেৰি। বৰ দিগদাৰিখন কৰি থাকে। শুই থাকক।’’ মাষ্টৰনী সঁচাকৈ বিৰক্ত হৈছিল। অনেক নিশাতে মাষ্টৰৰ বিছনাৰ পৰা উঠা-নমা কাৰ্যত তেওঁৰো টোপনি ভাল হোৱা নাছিল। দিনটোৰ ঘৰুৱা কামৰ ব্যস্ততাৰ লগতে মাষ্টৰৰ মানসিক অৱস্থাৰ চিন্তাই তেওঁক হেঁচা মাৰি ধৰিছিল। দিনটো স্কুলৰ ক্লাছ কৰি সন্ধিয়া চুবুৰীয়াৰ লৰা ছোৱালীবোৰক অংক আৰু বিজ্ঞানৰ এটা টিউশ্যন কৰি উঠি গছ-গছনি ফল-ফুলেৰে নিজে গঢ়া বাগিচাখনত মাষ্টৰ  ব্যস্ত আছিল। এনেকৈ মাষ্টৰে পত্নীৰ সৈতে শান্তিতে জীৱন কটাইছিল। হঠাৎ যে কি হ’ল মাষ্টৰৰ! নিজৰ ল’ৰা-ছোৱালীহালো পঢ়া-শুনাত মধ্যম আৰু স্বভাৱত শান্ত। পিছে যোৱা কিছুদিনৰ পৰা বাপেকৰ অৱস্থা দেখি সিহঁতেও আজিকালি একেবাৰে সাৰ-সুৰ নকৰা হ’ল।

 মাষ্টৰনীয়ে কান্দি কান্দি ৰচকী বুঢ়ীক ক’লে,

‘কাৰনো চকু পৰিল, এইহেন সুখৰ সংসাৰখনত। আপদে- বিপদে মানুহজনে দুখীয়া-চুবুৰীয়াকো সহায় কৰিছে। কয়, মৰিলে লগত লৈ নাযাওঁ নহয় টকা-পইছাবোৰ। বেছিকৈ ধন ঘটিলেও লগত নিব পৰা বস্তু নেকি? সকলোৱে পৃথিৱীলৈ যি গতিৰে আহে সেই গতিৰেই যায়গৈ। সিহঁতে বিপদত পৰিহে মোৰ ওচৰলৈ আহিছে। সিহঁতকে অলপ টকা পইচা দি সহায় নকৰিলে কাকনো কৰিম! তেনেহেন মানুহজনে দুদিনমানৰ পৰা বৰ অস্থিৰতাত থাকিবলৈ লৈছে। শান্তি নাই তেখেতৰ মনত। ঘাপ ঘাপ, ঢাপ ঢাপ টুক টুক, টাক টাক শব্দবোৰে বোলে তেখেতৰ কাণ দুখনত গুমগুমাই থাকে। স্কুলতো পঢ়ুৱাই থাকিলে ঘপহকৈ বোলে অকণমান কথাতে খং কৰে। আজিকালিতো গধূলি ঘৰত টিউশ্যন কৰিবলৈকো বাদ দিলে  তেখেতে।’’

‘‘হেৰি, শুনিছেনে? কিমাননো চিঞৰিম? আহক চাহ খাবলৈ। ক’ত জুপুকা লাগি বহি থাকে!  আমাৰ লগত বহকচোন। অলপ কথা পাতক। কোন আহিছে চাওকহিচোন।’’ মাষ্টৰক মাষ্টৰনীয়ে চিঞৰি চাহ খাবলৈ মাতে।

‘‘কিবা হৈছে মানুহজনৰ, বাই। বৰ অশান্তি হৈছে আমাৰ।’’  মাষ্টৰনীয়ে হুক্‌হুকাই কান্দে। ‘‘ডাক্তৰক দেখুওৱাৰ কথা ক’বহে পাৰোঁ। নগ’লেতো নিব নোৱাৰোঁ।’’

 ৰচকী বুঢ়ীয়ে মুখত ভৰোৱা খুন্দা তামোলখিনি পকটিয়াই পকটিয়াই ক’লে, ‘‘এইবোৰ দেও-ভূতৰহে কথা বুজিছ? ডাক্তৰৰ নাম সঁচ নল’বি। মাষ্টৰ বাবু কঁঠালগুৰি চ’কৰ গোলন্দি ৰেইলৱে দলঙৰ কাষেদি কোনোবা অমাৱস্যাৰ নিশা গৈছিল নেকি? তই শুনা নাই মাষ্টৰনী? এসময়ত তাত যে ৰে’লৰ দবা বাগৰি বহুত মানুহ মৰিছিল। সেইখিনিতো ভূতৰ ঠাই হৈ পৰিছিল। এতিয়াও ভূত ওলায় তাত। যাক এবাৰ লম্ভিছে নিস্তাৰ নাই তাৰ। তাত এতিয়াও দেও-ভূতে কান্দে। মই ৰৌতাৰ সেইজনা প্ৰভুৰ ওচৰলৈ গৈ কিবা এটা দিহা কৰিম ৰ। তই তেতিয়ালৈ নামঘৰত এখন শৰাই আৰু চাহ-জলপান খুৱাই শ্ৰীপ্ৰভুৰ চৰণত সেৱা এভাগি কৰি দায়-দোষ মৰিষণ কৰিবলৈ প্ৰাৰ্থনা কৰ।’’

 বুঢ়ী যায়গৈ। মাষ্টৰ য’তে আছিল ত’তে জুপুকা লাগি বহি থাকে। তেওঁ ৰচকী বুঢ়ীকো নামাতে। বুঢ়ীয়ে তেওঁ গম নোপোৱাকৈ পিছপিনৰ পৰা মাটিলৈ তিনিবাৰ থুৱাই এফাকি মন্ত্ৰ গাই  আঁতৰি যায়গৈ। মাষ্টৰনীয়ে পুতেক-জীয়েকহালৰ পঢ়া টেবুলৰ ওচৰ চাপি সিহঁতক পঢ়িবলৈ কৈ নিজে ম’বাইলটো হাতত লৈ এবাৰ মাইচানালৈ, এবাৰ মাকলৈ মেছেজ টাইপ কৰি থাকে।

‘‘এখেতৰ গা-মন বেয়া। মন বেয়া বাবে গাটোও বেয়া হ’ল। নিশা নোশোৱে যে।’’

সিপিনৰ পৰা উত্তৰ আহে, ‘‘কৈছোঁ নহয়, পলম নকৰ, ডাক্তৰক দেখুৱা। নহ’লে  বেয়া বস্তুৱে পালে নেকি? ক’ব নোৱাৰি বুজিছ!’’

অধৈৰ্য আৰু অশান্তিৰ মাজত সময়বোৰে দিক হেৰুৱায়। মাষ্টৰৰ মনটো যে সুস্থ নহয়, এই কথা অন্ততঃ মাষ্টৰনীয়ে বুজি পায়।

ল’ৰা-ছোৱালীহাল আৰু মাষ্টৰ ভাগে ভাগে স্কুললৈ ওলাই যোৱাৰ পাছত মাষ্টৰনীয়ে পদূলিত থিয় হৈ ৰাস্তালৈ চাই আছিল। অলপ অলপ বোকা হোৱা কেঁচা ৰাস্তাটোৰে ভৰিৰ খোজ পিছলাই গাখীৰৰ বেপাৰীটোৱে চাইকেলখন ঠেলি ঠেলি অহা দেখি তেওঁ গাখীৰ লোৱা পাত্ৰটো পাকঘৰৰ পৰা আনিবলৈ ঘৰৰ ভিতৰলৈ সোমাই গ’ল। আজি সন্ধিয়ালৈ মাষ্টৰনীয়ে নামঘৰত এখন শৰাই দিব। তাতে নামঘৰীয়া ভকত আৰু চুবুৰিৰ মানুহখিনিক চাহ, পায়স, লুচি অৰু মিঠাই খুৱাব বুলি ভাবি থৈছে।

‘‘অলপ বেছিকৈ গাখীৰ দিবলৈ কৈছিলোঁ নহয় আজি। কি হ’ল? নিদিয় নেকি?’’

গাখীৰৰ বেপাৰীয়ে হাঁহিটো মাৰি কয়, ‘‘আনিছোঁ বাইদেউ, আনিছোঁ।’’ 

‘‘ইয়ে গোটেইসোপা পনীয়াচোন। বেছিভাগ পানীয়েই দিলি কিজানি।”

গাখীৰৰ বেপাৰীটোৱে‍ দাঁতকেইটা উলিয়াই চুপটি মৰাৰ সুৰেৰে হাঁহিটো মাৰি ক’লে, ‘‘পানী দিলেও পিঅ’ৰ পানী দিওঁ বাইদেউ, পিউৰিট্ ফিল্টাৰৰ পানী।’’ মাষ্টৰনীয়ে তাৰ কথা শুনি খঙত ভোৰ্‌ভোৰাই ঘৰৰ ভিতৰলৈ সোমাই গ’ল।

‘‘অ’ আই! এইসোপা সঁচাকৈয়ে পনীয়া গাখীৰ, এইসোপাৰে চাহেই হ’বনে, পায়সেই হ’ব বাৰু।’’ পনীয়া গাখীৰখিনি এলুমিনিয়ামৰ চচপেনটোত থৈ চুবুৰিলৈ ভাল গাখীৰ বিচাৰি মাষ্টৰনী ওলাই গ’ল।

 মাষ্টৰনীৰ এই চুবুৰিটোত সোতৰ বছৰ হ’ল। পুৰণি বোৱাৰী হোৱা হেতুকে তেওঁ সন্ধিয়া মাজে মাজে সৰু চহৰখনলৈও ওলাই গৈ ঘৰখনৰ প্ৰয়োজনীয় বজাৰখিনিও কৰি আনে। মাষ্টৰনীৰ আজিও মনত পৰে, তেওঁৰ শহুৰেকে বৰকৈ ওলাই-মেলি ঘূৰি ফুৰা বোৱাৰীক বেয়া পাইছিল। শহুৰেক জীয়াই থকালৈকে মাষ্টৰনীয়ে তেখেতৰ কথা আখৰে আখৰে পালন কৰিছিল।

তেওঁ কইনা হৈ অহাৰ দুদিনমানৰ পাছত শহুৰ দেউতাকে ন-বোৱাৰীয়েকৰ কথা আলহীৰ আগত কৈ থকা সকলোৱে পাকঘৰৰ পৰা শুনিছিল।

 ‘‘বোৱাৰী বি.এ. পাছ। চাকৰি কৰাৰ মন এটা তাইৰো আছে। পিছে আমাৰ ঘৰৰ অৱস্থা চাই চাকৰিনো কিয় কৰিব লাগে, নহয়নে? ময়ো বোৱাৰীবোৰ এনেকৈ দং দংকৈ ওলাই-মেলি ফুৰিলে বৰ এটা ভাল নাপাওঁ।’’

 শহুৰেকৰ কথাখিনিয়ে‍ মনত দিয়া আঘাতৰ বাবে মাষ্টৰনীৰ সিদিনা ৰাতি টোপনি ধৰা নাছিল। কিবা এটা দুখ আৰু পৰাধীনতাই মানুহজনীক শান্তি দিয়া নাছিল। কেনেকৈনো কটাব গোটেই জীৱন ঘৰখনৰ চাৰিসীমাৰ মাজত আবদ্ধ হৈ! শহুৰ দেউতায়েই যেতিয়া ওলাই ফুৰা বোৱাৰীক বেয়া পায়, পুতেকে তাইক কিবা স্বাধীনতা দিব পাৰিব জানো! তেনেতে এজাক শান্ত বতাহে তেওঁৰ কাণৰ কাষতে পৰি থকা চুলিখিনি কঁপাই তুলিছিল। বতাহজাক ক’ৰ পৰা আহিছিল, তাৰে উমান লওঁতেই সেই প্ৰশান্ত বতাহজাকলৈ তেওঁৰ মোহ সোমাইছিল। বতাহজাক গাত মেৰিয়াই লৈ তেওঁ এটি দীঘলীয়া উশাহ টানি লৈছিল আৰু বতাহজাকৰ উৎসলৈ চাই পঠিয়াইছিল। বাৰান্দাখনত জ্বলি থকা হালধীয়া লাইটোৰ পোহৰত দেখিছিল তাৰে কাষত থকা ফুল আৰু ফল-মূলৰ বাগিচাখন। বাঁহৰ  জেওৰা আছিল বাগিচৰ গোটেই সীমাটোত। তাৰ পৰা অহা বতাহজাকলৈ তেওঁৰ এটি সাংঘাতিক তাড়না সোমাইছিল। পূৰ্ণযৌৱনা গোটেই দেহটোত বতাহজাকে চুই দিয়াৰ পাছত জাগি উঠা সেই শিহৰণলৈ মনত পৰিলে তেওঁৰ আজিও মনটো ভাল লাগি যায়। ঠিক যেন মানুহজনে চোওঁ নোচোওঁকৈ সঁহাৰিৰ বাবে আগ বঢ়াই দিয়া কম্পিত ওঁঠযুগলৰ দৰে বাগিচাখনৰ বতাহজাক। তেওঁৰ শৰীৰটো জিকাৰ খাই উঠিছিল।

 ‘‘হয়, মানুহজনে চুলে তেওঁক। বিছনাত লেতুসেতু হৈ মানুহজনীয়ে চকুহাল মুদি সেউজীয়া বতাহজাকৰ চাদৰ এখন গাত মেৰিয়াই লৈছিল। তেওঁৰ যে সিদিনা সঁচাকৈয়ে বৰ লাজ লাগিছিল।’’ পিছদিনা মানুহজনে টিপ্পনী কৰিছিল, ‘‘লাজ লগাই দিম তোমাক। কালিৰ দৰে।’’

মানুহজনীয়ে কৈছিল, ‘‘ময়ো চাদৰখন মেৰিয়াই ল’ম, কালিৰ দৰে।’’

মানুহজনে আচৰিত হৈছিল, ‘‘ক’তা, ক’ত তোমাৰ চাদৰ?’’

‘‘সৌ বতাহজাক। বাগিচাৰ সেউজীয়া পাতবোৰ লৰাই বতাহজাক বলি আছে। বলি আছে। অনুভৱ কৰক। সুন্দৰ স্পৰ্শ।’’ শেষলৈ মানুহজনীৰ মাতটো থোকাথুকি হৈছিল।

মানুহজনে বুজিছিল, ‘‘কান্দিছা ?’’

‘‘ওঁ।’’

‘‘ঘৰলৈ মনত পৰিছে?’’

‘‘ঘৰলৈতো গোটেই জীৱন মনত পৰি থাকিব। মাকৰ ঘৰৰ কথা কোনেনো পাহৰে। কিন্তু যদি পিতায়ে ঘৰত থকা বোৱাৰী ভাল পায়, তেন্তে মইতো এই বতাহজাকৰ লগতে জীৱন কটাব লাগিব। যেতিয়া আপুনি মোৰ কাষত নাথাকিব তেতিয়া বতাহজাক থাকিব। বাগিচাখন থাকিব। ফুলবোৰ আৰু গছবোৰ থাকিব। ইহঁত দুঠেঙীয়া জীৱ নহয় যে ঘূৰি ফুৰিব। নাৰীৰ দৰে নহয় যে শিপাৰ দৰে গজি উঠি আহিব। মই সৰুৰে‍ পৰাই গছ হোৱাৰ সপোন দেখিছিলোঁ।’’

‘‘ঠিক আছে, আজিৰ পৰা সুখ-দুখৰ অভিমানৰ কথা মোক ক’বা। মই শুনিম। মোক দুখৰ কথা কোৱা মানুহৰ আকাল নাই। কিন্তু সেই মানুহবোৰে শুভ কাম, ভাল কামৰ কথা মোক ক’বলৈ পাহৰি যায় জানা?’’

 ‘‘কাজিয়া, সমস্যা, দুখৰ কথা শুনি আপুনি সিহঁতক সাহস দিয়ে বাবে দুখৰ দিনত আপোনাক সিহঁতে মনত পেলায়। আপুনি ভাগ্যৱানহে। নিজৰ হাজাৰ ব্যস্ততা আৰু সমস্যাৰ মাজতো মানুহক সহায় কৰে। সেয়ে সিহঁতে আপোনাৰ পৰা সেই সাহসৰ ছাঁকণ বিচাৰে। আপুনি হয়তো নাজানে আপুনিও এজোপা ডাঙৰ গছ। ছাঁ দি আৱৰি ৰখা, সমস্যাৰ সমাধান কৰা বটবৃক্ষ। মোকো ছাঁ দিব। এছাটি বতাহ দিব।’’ মানুহজনীৰ মাতটো কঁপে। চকু চল্‌চলীয়া হৈ পৰে।

‘‘আচ্ছা, কথা সেইটোহে। তুমি পিছে এতিয়া কাৰ আশ্ৰয়ত থাকিবা? বতাহৰ নে মোৰ?’’

‘‘আপোনাৰ। বৃক্ষ আৰু বতাহজাকক প্ৰতিপালন কৰা প্ৰধান মানুহজন আপুনিয়েই।’’

‘‘হ’ব। এই বতাহজাকৰ গৰাকীহঁতক ভালকৈ প্ৰতিপালন কৰাৰ দায়িত্ব আজিৰ পৰা মোৰ।’’

মানুহজনীয়ে সঁহাৰি জনাইছিল, ‘‘মোৰো।’’ তেতিয়াৰ পৰাই চুবুৰিৰ মানুহে জানিছিল, ন কইনাক ঘৰৰ ভিতৰত নাপালে বাগিচাতে পোৱা যায়। তেনেকৈয়ে ন-কইনা পুৰণি হৈ চুবুৰিৰ সকলোৰে মৰমৰ মাষ্টৰনী হ’ল।

মাষ্টৰনীৰ আজিও মনত পৰে মানুহজনক দেখা জীৱনৰ প্ৰথম সময়কণ। মানুহজনক সাক্ষাৎ কৰিবলৈ কপাহী গুলপীয়া মেখেলা-চাদৰযোৰ গাত মেৰিয়াই পাকঘৰতে পিতাকৰ মাতষাৰলৈ তেওঁ ৰৈ আছিল।

পিতাকে মাতিছিল, ‘‘আই, আহ আই। তোৰ সৈতে চিনাকি হ’বলৈ আলহী আহিছে।’’

তেওঁ লাজুকী খোজেৰে আগ বাঢ়িছিল, যাতে দহজনে লক্ষ্মী ছোৱালী বুলি কয়। আলহীয়ে ছোৱালীলৈ চাই নমস্কাৰ জনাইছিল। প্ৰতিনমস্কাৰ জনাই এটি লাজুকীয়া হাঁহিৰে তেওঁ তলমূৰ কৰিছিল। পিতাক সমাজখনৰ বহুত আগবঢ়া মানুহ। এক প্ৰকাৰৰ সমাজসেৱক। সেয়ে তেওঁৰ আলহীবোৰো প্ৰায়ে সমাজৰ প্ৰতিষ্ঠিত ব্যক্তি। এইবাৰৰ আলহীৰ কথা পিছে সুকীয়া। আলহীৰ বিষয়ে পিতাকে তেওঁক কৈছিল, ‘‘এওঁ স্কুলৰ বিজ্ঞানৰ শিক্ষক। এওঁৰ স্নাতকৰ গুৰু বিষয় উদ্ভিদ বিজ্ঞান। গছ-পুলিৰ বিষয়ে যদি আগ্ৰহ জন্মে এওঁক সুধি ল’ব পাৰিবি।’’

পিতাকে আলহীলৈ চাই কৈছিল , ‘‘ঠিক আছে, তোমালোকে কথা পাতা। মই বাৰীৰ কামত ধৰোঁগৈ। এনেও পিছপিনৰ বাৰীখনত ওলোৱা-সোমোৱা কৰিলেহে মোৰ মনটো ভাল লাগে। বাৰীখনত লাও, জিকা, ভেণ্ডি লগাইছোঁ। নিতৌ শাক-পাচলি কিনি খোৱাৰ জঞ্জালখন আমাৰ নাই। শুনিছোঁ, তোমাৰো বোলে বৰ নিচা গছ-বনত। আহিবা বাৰীলৈ এপাক।’’

‘‘হ’ব, খুৰাদেউ। যাম, যাম।’’

দুয়ো অলপ সময় নীৰৱে থকাৰ পাছত আলহীয়ে মাত লগাইছিল, ‘‘জানেইতো মাষ্টৰ মানুহ। চিধা-চাধা মানুহ। ধুন-পেছ নাই। বাহিৰা টকা-পইচা বুলিও একো নাই। জীৱনটো সততাৰে যাপন কৰিছোঁ। মাহেকৰ দৰমহাকেইটা, পিতাইৰ ভেঁটিটো আৰু নিজৰ বুলিবলৈ এখন সেউজীয়া বাগিচাই মূলধন।’’

‘‘অ’, হয় নেকি?’’ এক লাজকুৰীয়া, অচিনাকি হাঁহিয়ে মুখখনৰ বগা ৰংটো গুলপীয়া কাপোৰযোৰৰ সৈতে একাকাৰ কৰি দিছিল।

‘‘আপুনি গোটেই মানুহজনী গুলপীয়া হৈছে। আচলতে মোৰ মতে গুলপীয়াৰ লগত সেউজীয়া ৰংহে‍ মিলে। আপোনাৰ কাপোৰযোৰ সেউজীয়া হ’ব লাগিছিল।’’

সিদিনা তেওঁৰ লাজত মূৰ্ছা যোৱাৰ দৰে হৈছিল। ভৰিৰ বুঢ়া আঙুলিৰ নখটোৱে গুলপীয়া, সেউজীয়া ৰঙৰ হিচাপ কৰি আছিল। কোনটো ৰঙে তেওঁক শুৱাব?

তাহানিৰ কথাখিনি মনতে সামৰি থৈ মাষ্টৰনীয়ে সন্ধিয়াৰ জলপানৰ ব্যৱস্থা কৰিবলৈ আৰম্ভ কৰিলে। মাষ্টৰ তেতিয়াও বাগিচাতে আছে৷

‘‘হেৰি, আহক আকৌ। গা-পা ধুই আহকগৈ যাওক। নামঘৰীয়া ভকতসকল আহি নামঘৰ পাবহিয়েই।’’

‘‘মানুহজনক সলনি কৰিব নোৱাৰিছোঁ আৰু’’ মাষ্টৰনীয়ে মুখৰ ভিতৰতে ভোৰ্‌ভোৰাই থাকে।

ঘৰত থকা সময়খিনিত মাষ্টৰে এই বাগিচাখনতে ইপাৰে-সিপাৰে মানুহ আছেনে চাই কত যে দুষ্টামি নকৰিছিল তেওঁৰ লগত! কেতিয়াবা গালখনত টপক্‌কৈ‍ চুমা এটি খাই দিছিল। কেতিয়াবা আমজোপাৰ আঁৰলৈ টানি নি সাবটি ধৰিছিল। এই সেউজীয়া বাগিচাখনে আবেলিৰ সময়কণত মাষ্টৰ-মাষ্টৰনীৰ বাবে ৰৈ থকা এটি সুন্দৰ মুহূৰ্ত যদিও মাষ্টৰনীয়ে এনেয়ে সদায় বাধা দিছিল, ‘‘কোনোবাই দেখিব হে, এৰকচোন।’’ আচলতে কিন্তু এইখন বাগিচাৰ যত্ন ল’বলৈ দুয়ো আবেলিলৈ ৰৈ আছিল। মাষ্টৰৰ উদ্ভিদ বিজ্ঞানৰ জ্ঞান বাগিচাখনৰ কামত আহক বা নাহক, দুয়োৰে হাতৰ পৰশে সঁচাকৈ কাম দিছিল। এই বাগিচাখনৰ একো বিঘিনি নোহোৱাকৈ মাষ্টৰে ভনীয়েক মাইচানাক বিয়া দি উলিয়াই দিবও পাৰিছিল। চোতালত মাটি কম আছিল। দেউতাকে কৈছিল, ‘‘দুজোপামান গছ আৰু ফুলপুলি কাটি চোতালখন বহল কৰোঁ দে। বিয়াত চোতালখনত ৰাইজ বহিবলৈ নুজুৰিব আৰু হোম জ্বলাবলৈ ঠায়ো তাকৰ হ’ব। ছোৱালীক বিয়া দিয়াৰ কথা। দৰাঘৰৰ মানুহ সন্তুষ্ট হ’ব লাগিব।’’ 

মাষ্টৰনী দৌৰি আহিছিল, ‘‘নালাগে কাটিব, মানুহজনৰ বুকুখন শুদা হ’ব। মুঠেও নাকাটিব দেই পিতাই। লাগিলে মানুহ কম কমকৈ বহুৱাই জলপান খুৱাম দৰাঘৰীয়াক। কাটিব লাগিলে তেখেতে কমখন দুখ পাবনে? তেনেকুৱা গছ পুনৰ তেখেতৰ জীৱনকালত ইমান ডাঙৰ হ’বগৈনে? আমি সকলোৱে আজৰি সময় কটোৱা এইখন মধুবন কেতিয়াও নাকাটিব, পিতাই।’’

 মাইচানায়ো বৌৱেকৰ লগত সুৰ মিলাইছিল, ‘‘কিয় চোতালত নুজুৰিব মানুহ? জুৰিব। গছ কাটিব লাগিলে মই বিয়াই নহওঁ যা, পিতাই।’’ শেষৰ কথাখিনিত মাইচানাই কান্দিয়ে পেলাইছিল।

এনেকুৱা মৰম, এনেকুৱা সম্পৰ্ক এঘৰ মানুহৰ আটাইবোৰ প্ৰাণীৰে এখন সেউজীয়া বাগিচাৰ সৈতে।

মাইচানাই বিয়াৰ পাছতো মাকৰ ঘৰত ভৰি দিয়েই বাগিচাখনত থকা ফুলবোৰলৈ চকু দিছিল। বাগিচাখনত ফুলি থকা গোলাপ ফুলকেইটাৰ লগত তাই কথা পাতে, ‘‘মই নাই যে, তহঁতে দাদা-বৌৰ পৰা যত্ন-স্নেহ পাই আছতো?’’ তাৰ পাছত তাই দৌৰ মাৰে ককায়েকে ৰোৱা আম, কৰদৈ, লিচু, মধুৰী আদি গছেৰে ভৰা বাৰীখনৰ মূৰলৈ। বাৰীখনৰ সন্মুখত বিভিন্ন ফুল আৰু শেষৰ পিনে ফলৰ বাগিচা।

‘‘এই অশোক ফুলজোপা যোৱাবাৰ য’ত আছিল এইবাৰো তাতে আছে, নহয়নে বৌ?’’ মাইচানাই গছজোপা হাতেৰে চুই চায়।

‘‘ধেৎ পাগলী, একে ঠাইতে নাথাকি ক’লৈ যাব? গছবোৰৰ ভৰি নাই নহয়! আহ এতিয়া, কিবা এটা খাই লহি আহ।’’

এনেকৈ সিহঁত ভালে থকাৰ কথা আছিল। ভগৱানক বিচৰা মতে সিহঁতৰ এহাল ল’ৰা-ছোৱালীও হৈছিল। সুন্দৰকৈ সংসাৰখন আগ বাঢ়ি গৈ আছিল। মাইচানাৰো দিনবোৰ ভালে-কুশলে গৈছিল। হঠাৎ দুদিনমানৰ পৰা মাষ্টৰৰহে গা-মন বেয়া হ’ল। মাইচানায়ো ককায়েকক লৈ চিন্তাৰ পাৰ নোপোৱা হ’ল। কথাবোৰ আলোচনা কৰোঁতে কৰোঁতে শেষত তাই বৌৱেকক বুজাবলৈ আৰম্ভ কৰিলে যে ডাঙৰ গছবোৰত বোলে ভূতে বাহ লয়। তায়ো হেনো এইবোৰ শুনা কথাহে।

ৰাতি মাষ্টৰে বিছনাত ইচাট-বিচাট কৰি থাকিল। মাষ্টৰনীয়ে ল’ৰা-ছোৱালীহালক শুবলৈ পঠিয়াই মাষ্টৰৰ মূৰত হাত বুলাই সুধি গৈ থাকিল। ক’ৰবাত পূজাত উছৰ্গা কৰা ৰঙা জবাত ভৰি পেলাইছিল নেকি? ক’ৰবাৰ কিবা দেও-ভূত আদি দেখিছিল নেকি? বুঢ়া ডাঙৰীয়া? প্ৰেতাত্মা?

মাষ্টৰে বিৰ্‌বিৰাই কৈ উঠে, ‘‘তুমি শুনা নাই, সিহঁতে ৰাউচি জুৰি কান্দিছে। চহৰখনত ফ’ৰ লে’ন হ’ব বুলিয়ে সিহঁতক এনেকৈ হত্যা কৰিব লাগেনে। সিহঁতে নাকান্দিবনে?’’

মাষ্টৰনীয়ে চাদৰৰ আঁচলেৰে চকুহাল মোহাৰি ল’লে। আজি ৰাতিটো যাওক, ‘‘কৃষ্ণ প্ৰভু। মানুহজনক একো নকৰিবা। কাইলৈ পুৱালৈ ৰচকী বুঢ়ীক আহিবলৈ দিয়া৷ তাৰ পাছত সকলো ঠিক হৈ যাব।’’

মাষ্টৰে কৈ গৈ থাকিল, ‘‘চৰকাৰে গছবোৰৰ কথা এবাৰো মুঠেই নাভাবিলে।’’

‘‘আৰে চৰকাৰৰ গছ, চৰকাৰে কাটে, শেষ কৰে, জ্বলাই দিয়ে, যি কৰে কৰক। বাদ দিয়কহে। কিয় ভাবি মৰিছে এইবোৰ কথা। আমাৰ নিজৰ ইমান সুন্দৰ বাগিচা এখন আছে।’’ অবুজন মানুহজনক বুজাবলৈ মাষ্টৰনীয়ে কিছু কঠোৰ ভংগীৰেই কৈ উঠে। শেহলৈ মাষ্টৰনীয়ে খং আৰু হতাশাত ফোঁপায়।

‘‘নহয় অ’, সি‍হঁতো জানো জীৱ নহয়? জীৱক ধ্বংস কৰিলে, মাৰি পেলালে মনত কষ্ট নাপামনে বাৰু? চাই থাকা, সিহঁতে এতিয়া পোটক ল’ব আমাৰ ওপৰত। চাবা, গোটেই চহৰখনক সিহঁতে ক্ৰমে ঘেৰি ধৰিব। মাটিৰ পৰা ৰস নাপালে সিহঁতে আমাৰেই তেজ খাব। টেঁটু চেপি তেজ পিব আমাৰ।’’

 মাষ্টৰনীয়ে মানুহজনৰ মুখখন চাদৰৰ আঁচলেৰে মচি দিলে, ‘‘হেৰি নহয়, চৰকাৰে অকল গছেই কটা নাই নহয়। কত অফিচ, ঘৰ আৰু আনকি দোকানবোৰোচোন ভঙা গ’ল। একো নহয়, শোৱকচোন। মই মূৰটো পিটিকি দিছোঁ। শুবলৈ চেষ্টা কৰকচোন।’’

 ‘‘গছবোৰৰ জীৱ আছে। তুমি পঢ়া নাই কিতাপত? সিহঁত লিভিং থিং। সিহঁতক কাটিলে সিহঁতে কান্দে জানা!  মই সদায়েই শুনো। মাজনিশা বৰকৈ কান্দে সিহঁতে।’’

 মাষ্টৰৰ মূৰটো পিটিকি পিটিকি মাষ্টৰনীয়ে নিজেও টোপনি যাবলৈ চেষ্টা কৰিলে। মাষ্টৰনীৰ জাপ খোৱা চকুতো অধীৰ আশাই উচ্‌পিচাই থাকে।  কাইলৈ ৰচকী বাই আহিব বেজৰ হতুৱাই জাৰি অনা কেঁচা গৰুৰ গাখীৰ আৰু ক’লা কাপোৰৰ জাপত তামৰ মাদলি লৈ। ৰচকী বুঢ়ীৰ দিহামতে কামখিনি কৰিলে সকলো ঠিক হৈ যাব। এনেয়ে মাষ্টৰনীয়ে এইবোৰ বিশ্বাস নকৰে। কিন্তু মাষ্টৰৰ অৱস্থাটোৰ বাবে তেওঁক এতিয়া যিয়ে যিহকে‍ কৈছে, তাকে কৰিবলৈ লৈছে।

দোভাগ নিশা দূৰৈত শিয়ালৰ হোৱা শুনা গ’ল। মাজনিশা দূৰণিত জাৰণিৰ পৰা ফেঁচাৰ নিউ নিউ চিঞৰো ভাহি আহিল। নামতহে ওদালগুৰিখন চহৰ, গোটেইখন এতিয়াও গাঁৱৰ দৰে সুন্দৰ সেউজীয়া গছেৰে আৱৰি আছে। মাষ্টৰহঁতৰ দৰে সকলো নগৰবাসীৰ বাবেই চিৰপৰিচিত ওদালগুৰি নগৰখন সেউজীয়া গছেৰে আজি অত দিনে জীপাল হৈ আছিল। কিন্তু এতিয়া ফ’ৰ লে’নৰ পথ নিৰ্মাণৰ বাবে অহা চৰকাৰী নিৰ্দেশটোৰ বাবে ডাঙৰ ডাঙৰ গছবোৰ নিৰ্দয়ভাৱে কাটি পেলোৱা হৈছে। মূল পথটোত ডাঙৰ ডাঙৰ গছবোৰে মৰি থকা হাতীবোৰৰ দৰে পেট পেলাই শুকান শিপাবোৰৰ সৈতে আকাশৰ সমান্তৰালকৈ পৰি আছে। দৃশ্যটো দেখিলে হাহাকাৰ নকৰা মানুহ নাই। জেঠ মাহৰ তীব্ৰ ৰ’দৰ তাপত গছ নোহোৱা আলকাতৰাৰ ৰাস্তাটোত যেন ডাউ ডাউকৈ জুইহে জ্বলিছে‍। সেই জুইকুৰাৰ মাজেৰে মাষ্টৰ গৈ থাকে। আস, কি মৰ্মান্তিক, বেদনাদায়ক। উচাপ খাই, জিকাৰ মাৰি মাষ্টৰ সাৰ পাই উঠে। তেওঁ বিছনাৰ পৰা নামি পৰে। ভৰিত হাৱাই চেণ্ডেলযোৰ আধা পিন্ধাকৈয়ে তেওঁ চোঁচৰাই নিয়ে। বহু বিনিদ্ৰ নিশাৰ চিন হিচাপে চকুহালি ৰঙা পৰি আছিল। বাৰান্দাৰ বেতৰ চকীখনত যেনে-তেনে বহি লৈ মাষ্টৰে কাণত সোপা মাৰি ধৰিলে। টাক টাক, টুক টুক, ঘাপ ঘাপ। নিজৰ বাগিচাখন চাবলৈ তেওঁ চকু দুটা ডাঙৰকৈ মেলি দিলে। তেওঁৰ অবৰ্তমানত যদি তেওঁৰ বাগিচাখনো এনেকৈ নিঃশেষ হৈ যায়! বুকুখন বিষায় তেওঁৰ। এইবোৰো একে গছ, ইহঁত অৰু সিহঁতৰ একেটিয়েই প্ৰাণ। তেওঁৰ মনত পৰি গ’ল সৌ তাহানিতে বৰপেটা জিলাৰ ভিতৰুৱা গাঁও এখনৰ পৰা ককাদেউতাকৰ হাতত ধৰি অহা দেউতাক-বৰদেউতাকহঁতৰ কাহিনীটো। সাত দিন যাত্ৰাৰ অন্তত তেওঁলোকে অবিভক্ত দৰঙৰ এইখন ঠাইত পাম পাতি বহিছিলহি। ককাদেউতাকে পাম পতা দিনৰ পৰা দেউতাক,  দেউতাকৰ পাছত তেওঁৰ দিনলৈ যি পৰিৱৰ্তন হৈছে, এইবোৰ এযুগৰ কথা। এই যুগতে সিহঁতে দেখিলে বড়ো জনজাতিৰ যুদ্ধখন। নিজৰ ভাই-ককাইৰ পৰা আঁতৰি গৈ পৰস্পৰক ঘৃণা কৰাৰ যুদ্ধ। ঘৃণাৰ জুয়ে ছাৰখাৰ কৰা ওদালগুৰিৰ কত কাহিনী! কি হোৱা নাছিল তেতিয়া? তথাপি সিহঁতে সন্ধিয়া একেলগে চহৰত থকা ডাঙৰ গছজোপাৰ তলত বহিছিল। দৈমাৰী-বড়োহঁতক বুজাইছিল, আমি ভাই-ককাই। তৰুণ বড়োক আৰ্মিয়ে গুলীয়াই হত্যা কৰাৰ দিনাও সিহঁতে সেইজোপা গছৰ তলত বহিয়ে কান্দিছিল। বন্ধু, তই অবাটে যাব নালাগিছিল। সেই গছবোৰৰ তলতে সিহঁতে ভাল মানুহ, ঈশ্বৰৰ সন্তান হ’ম বুলি আলোচনা কৰিছিল।

 সাক্ষী হৈ আছে ডাঙৰ ডাঙৰ গছবোৰ। এটা যুগৰ। কি হোৱা নাই ওদালগুৰিত!  বড়ো আন্দোলন, আদিবাসীৰ যুঁজ। সকলোৰে সাক্ষী এই বৃহৎ গছবোৰে নহয় জানো! এইজোপা বাটৰুৱাক ছাঁ দিয়া গছ। সেইজোপা সিহঁতৰ আড্ডাথলীৰ গছ। সৌজোপা বড়ো, ৰাভা, নেপালী, আদিবাসী মানুহবোৰে নিজৰ বাৰীৰ লাও-কোমোৰা, কণী-গাখীৰ ইত্যাদি বেচি দুপইচা ঘৰলৈ নিবলৈ সাহস দিব পৰা গছ।

 কত সাধুকথা বুকুত সাবটি লৈ থকা কত উপকাৰী গছ! মাষ্টৰে এবাৰ মাষ্টৰনীৰ ওচৰলৈ গৈ চালে। ক’ব নেকি আজিও তেওঁৰ টোপনি নহাৰ কথাটো! নাই নকয়, শোৱক তেওঁ। কিন্তু চৌপাশৰ গছবোৰৰ নিদাৰুণ মৃত্যু দেখি মাষ্টৰনীয়ে নিৰুদ্বেগে শুব পৰা স্বভাৱটোত মাষ্টৰৰ খং উঠিল। ‘‘কি আচৰিত, ইমানকৈ কৈ আছোঁ। গছবোৰ কাটি শেষ কৰিলে। অথচ কোনো কাণসাৰেই নাই তেওঁৰ। নিতালে শুই আছে।’’

 মাষ্টৰে নিজৰ বাগিচাখনলৈ গৈ তাত থকা প্ৰতিজোপা গছৰ ওচৰত ক্ষমা বিচাৰিলে, ‘‘তহঁতৰ সহোদৰ ভাই-ককাইহঁতক মই বচাব নোৱাৰিলোঁ। গোটেই চহৰখনত মৃত গছে ভিৰ কৰিছে। মানুহে ফ’ৰ লে’ন হ’ব বুলি গছবোৰ কাটি শেষ কৰিলে। তহঁতৰ সহোদৰক বচাব নোৱৰাৰ বাবে ক্ষমা কৰি দে। মোক ক্ষমা কৰি দে।’’  বাগিচাত জ্বলি থকা নিয়ন লাইটটোৰ পোহৰত মাষ্টৰে এজোপা এজোপা গছ আৰু ফুলক চুই চুই উচুপি উচুপি কান্দিলে। হঠাৎ মাষ্টৰে চকুহাল মচি ক’লে, ‘‘মই  এতিয়া চহৰখনলৈ গৈ চাই আহোঁ ৰ। কাটি পেলোৱা গছবোৰে এতিয়া কি কৰি আছে চাওঁগৈ ৰ?’’

 কথাষাৰ কৈ মাষ্টৰে মাজনিশাৰ জনশূন্য চহৰখনলৈ খোজ কাঢ়ি গৈ থাকিল। মাষ্টৰে গৈ দেখিলেগৈ বৃহৎ বৃহৎ গছবোৰে ধৰ্ণা দিছে। সেই ধৰ্ণাত মাষ্টৰেও যোগ দিলে। ভৰিৰ হাৱাই চেণ্ডেলযোৰ চোঁচৰাই চোঁচৰাই চহৰৰ মাজমজিয়ালৈ গৈ মাষ্টৰে সেই বৃহৎ বৃহৎ গছবোৰৰ লগত এক হৈ গ’ল। সেই সময়ছোৱাতে ধাৰাল শিল এটাৰে গাৰ এছোৱা ফালি নিজৰ দেহৰ তেজেৰে বুকুত লিখি ল’লে... কংক্ৰিটৰ মহানগৰী নালাগে আমাক। আমাক লাগে ছাঁ দিয়া গছ, দেহা শাঁত পেলোৱা গছ, উশাহৰ অম্লজান দিয়া গছ।

লাহে লাহে মাষ্টৰে লৰচৰ কৰিব নোৱৰা হ’ল।  হাউলি পৰিল মানুহজন। বনুৱাই কাটি বগৰাই থোৱা গছ এজোপাৰ শিপাৰ ঠেঙুলি এটা বুকুত সাবটি তেওঁ কৈ উঠিল, ‘‘মই এজোপা গছ। মই জীৱ। এই বিশ্ব চৰাচৰত মোৰো জীয়াই থকাৰ অধিকাৰ আছে।’’

মাষ্টৰৰ মুখেৰে অদ্ভুত গেঙনি এটা ওলাই আহিল। মাজনিশা কন্দা গছবোৰৰ দৰে। ভয়াৰ্ত শব্দ। দেও লগা গছৰ দৰে শব্দ। তেখেতে বৃহৎ গছবোৰৰ লগত এতিয়া মাজনিশা কান্দি কান্দি চহৰখনৰ মানুহবোৰৰ নেলু চেপি চেপি ৰক্ত পান কৰে। কংক্ৰিটৰ চহৰত ৰক্তৰ বাদে সিহঁতৰ শোষণ কৰিবলৈ মাটি পানী একো নাছিল। সিহঁতৰ পূৰ্বৰ বসবাসৰ সকলো ঠাই এতিয়া গাড়ী মটৰ আৰু ৰাস্তাৰে ভৰ্তি হৈ কংক্ৰিটৰ চহৰ হৈ গৈছিল।

মাষ্টৰো এজোপা গছ হৈ গল, মাজনিশা কন্দা গছ। আজিও ওদালগুৰি চহৰত মাজনিশা সেই গছজোপাই কন্দা কিছুমানে শুনে। কান্দোনটো ভয়াৰ্ত আত্মাৰ গেঙনিৰ দৰে। এতিয়াও ওদালগুৰি চহৰৰ মানুহে কয়, মাজনিশা সেই বাটে নাযাবি ঐ বাটৰুৱা, তাত অতৃপ্ত আত্মাৰ বৃক্ষজোপাৰ কান্দোন যিয়ে শুনে তাৰে বুকুখনক কিহবাই মাজনিশা হেঁচা মাৰি ধৰে। বৃক্ষজোপাৰ শুকান শিপাবোৰে বুকুৰ পৰা তেজ শুহি শুহি খাই বোলে মানুহক তিল তিলকৈ মাৰে। মুখেৰে তেজ বঁতিয়াই বঁতিয়াই দেও লগা মানুহবোৰ মৰে। ডাক্তৰী ঔষধৰো বোলে ইয়াত একো কাম নাই। হেৰৌ কথাটো শুনিছনে, পৰকালৰ কথা নহয়, এইটো এইছোৱা সময়ৰ, এইটো যুগৰে কথা। মানুহৰ হঠকাৰিতাৰ কাহিনী। মাষ্টৰ বোলা মানুহজনে এতিয়া সততেই মাজনিশা এজোপা বৃহৎ বৃক্ষ হৈ ফ’ৰ লে’নত ঘূৰি ফুৰে।

পাপৰি বৰ্মন, ডিষ্ট্ৰিক্ট ডাটা মেনেজাৰ এণ্ড নডেল অফিচাৰ

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, দ্বিতীয় মহলা, জিলা উপায়ুক্তৰ কাৰ্যালয়

নলবাৰী-৭৮১৩৩৫, অসম। ফোন : ৯১০১৩৬৬৪০১

গল্পটোৰ শ্ৰব্য ৰূপ

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ